Issue: Vol. IV, No. 3, November-January, 2025-26
শঙ্কৰদেৱ
সাঁচিপাতৰ পৰা উঠি আহিছে শঙ্কৰদেৱ
অসমীয়া জাতিক দিবলৈ সুকীয়া পথেৰে
আধ্যাত্মিক পৰিচয়
কীৰ্তন-ঘোষা, ভাগৱত, অমিয়া বৰগীত, ভাওনা
ভক্তি ৰসৰ মাজেৰে ইতিহাস খোদিত সুৰ
নিগৰাই আপুৰুগীয়া
নৈখনৰ ৰূপালী ঢৌবোৰত সাহিত্য-সংস্কৃতি
নীলা আকাশত জীৱনীশক্তি
হে সৰ্বগুণাকৰ
এজোপা বটবৃক্ষৰ এখন আকাশ
এই বসুন্ধৰাত সোণত সুৱগা
চাৰি পুৰুষাৰ্থ বৌদ্ধিক
সংকীৰ্ণতাৰ সংস্কাৰ সোঁতৰ বিপৰীতে
ঘূণে ধৰা সমাজ অন্ধকূপ উদ্ধাৰি
সোণৰ হাতেৰে মনৰ পাতত
লিখিছা গুণমালা
হাৰ্টথ্ৰব জুবিন গাৰ্গ
শুকুলা ডাৱৰৰ চিৰিয়েদি তুমি দেখিবা
সকলো স্বপ্নবিভোৰ, স্তব্ধ হৈ যোৱা সকলো
দেখিবা উজাগৰী মায়াবী নিশা ভিৰৰ মাজত ভিৰ
যিভাবে তোমাক ভিৰ কৰিছিল
সকলো মানুহৰ উচুপনি দেখিবা
মন্দিৰ মছজিদ সত্ৰ নামঘৰ তোমাৰ নামৰ জয়ধ্বনি
মায়াবিনী সুৰ তুলি অবিনাশী কণ্ঠৰ প্ৰতিধ্বনি প্ৰবাহ
আবেলিত ভেজা দি সাগৰতলিত তুমি শুই পৰিছা
আকাশখন বুকুত লৈ
নক্ষত্ৰৰ টোপনিত চৰাইবোৰ চমকি উঠিছে
সাগৰে নেজানিলে তোমাৰ মন-সাগৰৰ গভীৰতা
বতাহে শুনিছে তোমাৰ হামিং হিয়া চুই যোৱা হাঁহি
সেই সময় থমকি ৰওক সমগ্ৰ জাতিৰ মহান সত্ত্বা
গান হৈ সুৰ হৈ হৃদয়স্পৰ্শী আশ্বৰ্য
এবাৰ শুনা মানুহৰ হৃদয়ৰ কৰুণাৰ আৰ্তি
অন্তহীন প্ৰেম আৰু প্ৰেৰণা উত্তৰ পূৰুষৰ
ঢৌ যেতিয়া আহে তোমাৰ বুকুলৈ গান আৰু কবিতাৰ ছন্দত
তোমাৰ ঠিকনা সকলোৰে হৃদয়ে হৃদয়ে
ৰ’দৰ নৈখনৰ পোহৰত তোমাৰ অকপট সত্তা
তোমাৰ কোনো জাতি নাই
তোমাৰ কোনো ধৰ্ম নাই
ঈশ্বৰ আৰু চয়তানৰ ঊৰ্ধ্বত চমৎকাৰ কাৰুকাৰ্য
নিভাঁজ নিৰ্মোহ শব্দৰে শিপাই থকা বাস্তৱ চিত্ৰণ
শোকাকুল মহানগৰৰ জনসমুদ্ৰত তোমাৰ নক্সা
তোমাৰ যাদুকৰী সুৰৰ আঁচল ধৰি নামি আহে
পৰিৱৰ্তনৰ নতুন জোৱাৰ
তুমি কোৱা বহু কথাই স্বতস্ফূৰ্ট
সিঁচি দিয়া সুৰৰ কোবাল গতিত
ধুমুহাৰ স’তে সুবিশাল জন-সমুদ্ৰত
জীৱন প্ৰেম সময়
যুগ নায়ক তুমি এটি মহৎ কবিতা
তুমি সাগৰক কোৱাৰ দৰে নদীক ক’লোঁ
তুমি আকাশতে দিলা প্ৰেমৰ আঁচল উৰুৱাই