Issue: Vol. IV, No. 4, February-April, 2026
হাফলঙত এদিন
জিলিৰ টিলিঙা বাজে ৰাতি দুপৰতো যেন
প্ৰাৰ্থনাৰ এশাৰী মন্ত্ৰ বাৰে বাৰে
ঢেঁকীয়া পাহাৰটোৰ গাত গা লগাই আকাশ অপাৰ
মই বিচাৰি ফুৰিছোঁ কোলাহলমুখৰ এখন চহৰ
ক’তো নোপোৱা
ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ ৰিঙিয়াই ৰিঙিয়াই এখন জীয়া নৈ
জাতিঙ্গাৰ সীমনাত ৰৈ
এটা চৰায়ো নেদেখিলোঁ
মোৰ সপোনবোৰ হুৰাই দিবলৈ
গান এটাও নুশুনিলোঁ
বতাহো দেখোন ইমান নিমাত
মাইবাঙৰ গান গোৱা ল’ৰাটোৰ নাম নুসুধিলোঁ
ভৈয়ামত দেখা অলেখ সপোন তাত নিমাত নিতাল
তুমি আহিবা এদিন
দুশাৰী পাহাৰৰ ছাঁতে আঁউজি লিখিব পাৰিবা
জিঁজিঁয়াই থকা জিলিৰ এফাকি গান।
কবিতা
আকাশত বা বতাহত য’তেই আছে স্মৃতিৰ বৰঘৰ
তাৰ কাষতে কিজানি এটা ঠিকনা থাকে
প্রতি বাৰিষাত হেঁচা পৰে
বাঢ়নী পানীও শুকায়
আকউ কৰ্কৰীয়া হয় পথাৰ
চলি থাকে চ’ত আৰু শাওণৰ অৰিয়া-অৰি
বাৰটি মাহ
তুমিয়েতো কৈছিলা এদিন
সেয়েতো জীৱন আৰু কিবাকিবি
আ-কাৰ ই-কাৰ একোৱে পাহৰা নাই একা
কোৰ্হাল কোলাহল হৈ যেতিয়া কুলুকুলু মৌনতা
থমকি ৰয়হি
অচিনাকি বন্ধুৰ দৰে মোৰ কাষৰত
কোৱাঁচোন কোৱাঁ হে অমাতৰ মাত কোনে এৰি থৈ যায় তোমাক
জীৱনৰ জ্বালা যেনেকৈ বাঢ়ি গৈ আছে দিনে দিনে
তেনেকৈয়ে চিত্রলেখা স্মৃতিয়ে আদৰে বাৰিষা লিখি লিখি
প্ৰেমৰ ছলাহী কবিতা
মানুহবোৰে আচলতে ঠিকেই কৈছিল কিজানি
ভুল হৈছিল মাথোন মোৰ
চুক কোণ একোৱে নিচিনো দেখোন এতিয়াও
তাতে থিতাতে ওখ থিতাতে চাপৰ অচিনাকি বাট
এপিনে সোমায় আনপিনে ওলায়গৈ ধুবুৰী
ইয়াত বিশ্বাস বুলি একো কথা নাই
বুজিব নোৱাৰিলোঁ তোক জীৱন, আজীৱন।