Issue: Vol. IV, No. 3, November-January, 2025-26
কলম
সকলোৱে কয়
তৰোৱালতকৈ কলম শক্তিশালী
আমি ভাবোঁ
আগ্নেয়াস্ত্ৰতকৈয়ো ঊৰ্ধ্বত হ’ব পাৰে কলম
কলম শত্ৰুৱেও ব্যৱহাৰ কৰিব পাৰে
পাৰে মিত্ৰয়ো
শত্ৰুৰ স্থিতি
অকল সীমান্তৰ বাহিৰতেই নহয়
শত্ৰু গৃহতো জন্মিব পাৰে
কলম লোৱা শত্ৰু ভিতৰত থাকিলে
গৃহ যুদ্ধখন হয় প্ৰবল
তৰোৱালৰ যুদ্ধত বাৰুদৰ যুদ্ধত শক্তিৰ ক্ষয়
কলমৰ যুদ্ধত সভ্যতা সংস্কৃতিৰ অৱক্ষয়
কলম লোৱা মহাসৈনিকবোৰ খালি পাত্ৰ হ’লে বেয়া
কাৰণ সততেই ভাল সিদ্ধান্তবোৰ তল পৰে
হালধীয়া অৰ্ণৱত জোৱাৰ উঠা মানে
চতুৰ্থ স্তম্ভত ফাট মেলা
তুমি কাৰ সৈনিক
তুমি কাৰ সৈনিক?
মই মানৱতাৰ সৈনিক!
কি কৰিবা মানুহৰ ৰাষ্ট্ৰত পৰিলে শীত?
জগাম উমাল বেলিক!
তোমাৰ কথা বেলিয়ে শুনিব?
নিশ্চয় শুনিব!
বেলিৰ জন্ম মানুহৰ বাবেই
বেলি নামি অহা নদীৰ ধাৰতেই
ভাহে আমাৰ স্বপ্ন
যি কেতিয়াবা সূতপুত্ৰ
কেতিয়াবা মহাকাব্যিক গাথাৰে
অদ্বিতীয় দাতা