নীলম গগৈ
Issue: Vol. IV, No. 2, August-October, 2025

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাক যুদ্ধোত্তৰ যুগ বুলি অভিহিত কৰা হয়। যুদ্ধোত্তৰ যুগ অৰ্থাৎ ১৯৪৫-৫০-ৰ পিছৰ সাহিত্য আন্দোলনক উত্তৰ আধুনিক আন্দোলন হিচাপে নিশ্চিত কৰিব পাৰি৷ আধুনিক যুগৰ পিঠিত খোজ পেলাই আগবঢ়া উত্তৰ আধুনিক সাহিত্যই আধুনিক সাহিত্যৰ ওপৰত প্ৰশ্ন তুলিলেও সম্পূৰ্ণ ৰূপে আধুনিক সাহিত্যৰ বৈশিষ্ট্যক নস্যাৎ নকৰে। বিশেষকৈ কবিতাই উত্তৰ আধুনিক সময়ছোৱাতো আধুনিক কবিতাৰ চৰিত্ৰ কঢ়িয়াই ফুৰে। বৰ্তমান সময়ত অসমীয়া কবিতাক সম্পূৰ্ণ উত্তৰ আধুনিক বুলি ক’ব নোৱাৰি। অসমীয়া কবিতাই এতিয়াও আধুনিক চৰিত্ৰ কঢ়িয়াই ফুৰিছে। কবিতাৰ আধুনিক চৰিত্ৰসমূহ কি কি বুলি উত্থাপিত হোৱা প্ৰশ্নৰ উত্তৰ দিবলৈ, আমাৰ হাতত নথি হিচাপে ডাঙি ধৰিবলৈ টি. এছ. এলিয়টে আমাক যুগুতাই দিছে এজৰা পাউণ্ডৰ সাহিত্য ৰচনাৰ সংগ্ৰহ (Literary Essays of Ezra Pound, edited with an Introduction by T. S. Eliot)।
‘আৰম্ভণি’ত এলিয়টে লিখিছে, পাউণ্ডে তেওঁৰ সাহিত্য সমালোচনাই তাৎক্ষণিক গুৰুত্ব নোপোৱাৰ বাবে কেতিয়াও গুৰুত্ব দিয়া নাছিল, কিন্তু এলিয়টে সেই সমালোচনাবোৰক ঐতিহাসিক দৃষ্টিভংগীৰে বিবেচনা কৰি নতুন প্ৰজন্মৰ হাতত তুলি ধৰিব বিচাৰিছিল যাতে তেওঁলোকে আধুনিক কবিতাৰ বিকাশৰ বিষয়ে বুজি পায়। ইয়াৰ উপৰি তেওঁ লিখিছে যে পাউণ্ডৰ সাহিত্য সমালোচনা আধুনিক সমালোচনাসমূহৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ আৰু গভীৰ। গ্ৰন্থখনৰ জৰিয়তে এলিয়টে দেখুৱাব বিচাৰিছে যে (১) পাউণ্ডে সাহিত্য আৰু বিশেষকৈ কবিতা লিখাৰ কলা সম্পৰ্কে যি কথা কৈছে সি চিৰকালৰ বাবে প্ৰাসংগিক আৰু ব্যৱহাৰযোগ্য, (২) পাউণ্ডে লিখাৰ সময়ত এনে সমালোচনাৰ অধিক গুৰুত্ব অছিল, (৩) আৰু আমাৰ মনোযোগ কেৱল কেইজনমান বিশেষ লেখকৰ ক্ষেত্ৰতে নহয়, সম্পূৰ্ণ কাব্যজগতখনলৈ আনিব পাৰিছিল, যিটো ভৱিষ্যতৰ কোনো সমালোচকে উপেক্ষা কৰিব নোৱাৰিব, আৰু অৱশেষত (৪) পাউণ্ডে এনে কিছু লেখকক গুৰুত্ব দিছিল যাৰ প্ৰতি তেওঁৰ কোনো সঁহাৰি থাকিব বুলি সাধাৰণতে কোনেও ভবা নাছিল বা তেওঁলোকক খুব কম লোকেহে চিনি পাইছিল।
পাউণ্ডৰ মতে কবিতাৰ নতুন শৈলীৰ ক্ষেত্ৰত তেওঁ এইচ. বি. ৰিচাৰ্ড অলডিংটনৰ সৈতে তিনিটা সিদ্ধান্তত একমত হৈছিল। সেইকেইটা হৈছে—
(১) বিষয়বাচক বা বস্তুবাচক হওক, বস্তুৰ প্ৰত্যক্ষ ৰূপৰ উপস্থাপন,
(২) উপস্থাপনত অপ্ৰয়োজনীয় শব্দৰ ব্যৱহাৰ নকৰা,
(৩) ছন্দলয়ৰ ক্ষেত্ৰত: কোনো নিদিৰ্ষ্ট তাল বা ছন্দত নহয় বৰং সংগীতৰ স্বাভাৱিক প্ৰৱাহৰ অনুক্ৰমত ৰচনা কৰা।
উপৰিউক্ত তিনিওটা কথাতে দুয়ো একমত হৈ এটা গোট সৃষ্টি কৰিছিল। সেই গোটত পিছলৈ বহু লোকে যোগদান কৰিছিল যদিও দ্বিতীয় সিদ্ধান্তটো মানি লোৱা নাছিল। সেই সময়ত বিস্তাৰ লাভ কৰা কবিতাৰ verse libre (স্বচ্ছ্ন্দ ছ্ন্দ বা মুক্ত ছ্ন্দ) ৰূপ অৰ্থাৎ শব্দৰ লগত খেলা কৰি দীঘলীয়া কথাৰে ৰচনা কৰা কাব্যধাৰা তাৰ মূল কাৰণ আছিল। সেই কাব্যধাৰাৰ মাজতো কিছু খুঁত দেখিবলৈ পোৱা গৈছিল। পূৰ্বৰ কবিয়ে যিদৰে অন্ত্যধ্বনি বা ছন্দ মিলাবলৈ জোৰ কৰি শব্দবোৰ সংযোজন কৰিছিল ঠিক তেনেদৰে verse libre-ৰ নতুন শৈলীত কবিতা লিখিবলৈ গৈ বাক্যবোৰে সংগীতৰ সুৰ বা লয় সৃষ্টি কৰিছে নে নাই সেই কথা পাঠকলৈ এৰি দিছিল। পাউণ্ডে তেনে কবিতাত শব্দৰ জীৰ্ণতা আৰু সাধাৰণত্ব লক্ষ্য কৰিছিল। কবিতাৰ গাঠনিৰ প্ৰতিও যেন কবি উদাসীন সেই কথাও আৱিষ্কাৰ কৰিছিল। অৱশ্যে সামগ্ৰিকভাৱে সেই সময়ত কবিতাৰ পথাৰখনলৈ পৰিৱৰ্তন আহিছিল আৰু ইয়াৰ ফলতে যদি দুই-এটা ভাল কবিতাৰ সৃষ্টি হৈছিল তেন্তে তেনে পৰিৱৰ্তন ন্যায়সংগত বুলি পাউণ্ডে বিশ্বাস কৰিছিল।
পাউণ্ডৰ মতে সমালোচনা কোনো সীমা নিৰ্ধাৰণ কৰা বা নিষেধাজ্ঞা জাৰী কৰা আহিলা নহয়। সমালোচনাই সাহিত্যক নতুন গতি প্ৰদান কৰে, অলস পাঠককো সচেতন কৰি তুলে। ভাল সমালোচনা লেখা এটাৰ কিছুমান সিঁচৰতি বাক্যাংশত নিমজ্জিত হৈ থাকে আৰু যদি কোনো জ্যেষ্ঠ সমালোচকে নতুন লেখকক আগবঢ়াই নিব খুজে তেন্তে ই কিছুমান নিয়ম (rules of thumb) হ’ব পাৰে। পাউণ্ডে যেতিয়া তেনে কিছু বাক্যাংশ সংগ্ৰহ কৰি সমালোচনা কৰিবলৈ লৈছিল তেতিয়াই তেওঁ চিত্ৰকল্প(imagisme)ৰ সম্পৰ্কে মত দিছিল। এই বিষয়ে তেওঁ টি. ই. হিউমৰ পাচঁটা কবিতা লৈ প্ৰস্তুত কৰা এটা টোকাটো ১৯১২ চনত পাউণ্ডক Repostes শীৰ্ষক সংকলনৰ শেষত প্ৰকাশ পাইছিল। পিছত ১৯১৩ চনত মাৰ্চ মাহত Poetry আলোচনীত পুনৰ প্ৰকাশ কৰিছিল।
পাউণ্ডৰ মতে মানুহৰ বৌদ্ধিক আৰু মানসিক জটিলতাৰ তাৎক্ষণিক উপস্থাপন হৈছে চিত্ৰকল্প, যি সময়, পৰিস্থিতি আদিৰ পৰা তাৎক্ষণিক মুক্তি দিয়ে। চিত্ৰকল্পৰ এনে আকস্মিক বিকাশ সাধাৰণতে মহৎ শিল্পকৰ্মৰ সান্নিধ্যত অনুভৱ কৰা হয়। শতসহস্ৰ শব্দ লিখাতকৈ জীৱনত তেনে এটা চিত্ৰকল্প সৃষ্টি কৰাই যথেষ্ট। সেয়ে নতুনকৈ কবিতা লিখিবলৈ আৰম্ভ কৰা কবিসকলৰ বাবে “নকৰিবলগীয়া বস্তুৰ” (A Few Don’ts) এখন তালিকা প্ৰস্তুত কৰিব লাগে বুলি তেওঁ অনুভৱ কৰে আৰু নিজে সেই দায়িত্ব মূৰ পাতি লয়। পাউণ্ডৰ মতে কবিয়ে আৰম্ভণিতে গুৰুত্ব দিব লগা তিনিটা মূল কথা হৈছে—প্ৰত্যক্ষ উপস্থাপন, স্বল্প শব্দ, আৰু বাক্যৰ সংগীতময় ক্ৰম, কিন্তু সেইকেইটাকে সৃষ্টিৰ কঠোৰ নিয়ম হিচপে ল’বলৈ তেওঁ বাধা দিছে, কিয়নো কোনো বস্তুৱেই একক আৰু একমাত্ৰ হ’ব নোৱাৰে।
কবিতাৰ ভাষাৰ ক্ষেত্ৰত পাউণ্ডে কৈছে যে কাব্যসৃষ্টিত অতিৰিক্ত শব্দ ব্যৱহাৰ কৰিব নালাগে বা এনে কোনো বিশেষণ ব্যৱহাৰ কৰিব নালাগে যি বিশেষ একো উন্মোচন নকৰে। উদাহৰণস্বৰূপে শান্তিৰ এখন ম্লান পৰা পথাৰ (dim lands of peace) বুলি চিত্ৰকল্প সৃষ্টি কৰিব নালাগে। এনে বাক্যাংশই চিত্ৰখন ম্লান কৰি তোলাৰ লগতে পাঠকৰ মনত বিমূৰ্ত ধাৰণাক এটা ভুল মূৰ্ত ৰূপৰ লগত সংযোজিত কৰে। কবিতাত এনেকুৱা ভুল সাধাৰণতে তেতিয়া হয় যেতিয়া কবিয়ে প্ৰকৃতিৰ বস্তুবোৰ নিজেই একো একোটা প্ৰতীক বুলি অনুভৱ নকৰে। তেওঁ লগতে এইটোও কৈছে যে যিটো কথা ইতিমধ্যে কোনো ভাল গদ্যত কোৱা হৈছে তাক আকৌ সাধাৰণ শব্দৰে পদ্য ৰূপত ক’ব নালাগে। কেতিয়াও ভাবিব নালাগে যে কবিয়ে জটিল দৰ্শন একোটা জটিলতাৰপৰ মুক্ত কৰি, সহজ কৰি কবিতাৰ ৰূপ দি কোনো বুদ্ধিমান ব্যক্তিক ঠগিব পাৰিব। আজি যিটো বৌদ্ধিক মহলৰ বাবে নতুন নহয়, কাইলৈ সেইটো সাধাৰণ লোকৰ বাবেও পুৰণি হৈ পৰিব। যিমান পাৰি সিমান মহান ব্যক্তিসকলৰ পৰা জ্ঞান আহৰণ কৰিব লাগে, শিকিব লাগে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কেৱল নিজৰ প্ৰিয় এজন বা দুজন সাহিত্যিকৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁলোকৰ শব্দ-ভঁৰালৰ পৰা শব্দবোৰ আনি নিজকে চহকী কৰিব লাগে।
কবিতাৰ সুৰ আৰু ছন্দৰ বিষয়ে পাউণ্ডে কৈছে যে ন শিকাৰুসকলে কবিতাৰ অনুপ্ৰাস, অলংকাৰ, ধ্বনিমিল, দীৰ্ঘ স্বৰ আৰু বিলম্বিত স্বৰৰ অন্ত্যমিল, সৰল আৰু বহুৰৈখিক মিল আদি, এজন সংগীতজ্ঞই সংগীতৰ সুৰ, তাল, লয় আদি সকলো সূক্ষ্ম কৌশল জনাৰ দৰে জানিব লাগে, কিন্তু সেই বুলি এইবিলাকত বহু সময় খৰচ কৰিব নালাগে, যিহেতু শিল্পীয়ে এইবিলাক খুব বেছি ব্যৱহাৰ নকৰে। কোনো এখন চিত্ৰ গদ্যত উপস্থাপন কৰিবলৈ সহজ নহয় কাৰণে কবিতাৰ ৰূপত লিখিব পৰা হ’ব বুলি ভাবিব নালাগে। চিত্ৰকল্প বৰ্ণনামূলকো হ’ব নালাগে, চিত্ৰকৰ এজনে এজন কবিতকৈ বেছি ভালকৈ চিত্ৰ এখন বৰ্ণনা কৰিব পাৰে। যেতিয়া শ্বেইক্সপীয়েৰে কৈছে “ইটাবৰণীয়া চোলা পিন্ধা ৰাতিপুৱা” (Dawn in russet mantle clad), তেতিয়া তেওঁ এনে এখন চিত্ৰ বৰ্ণনা কৰিছে যিখন চিত্ৰকৰে ৰং-তুলিকাৰে উপস্থাপন কৰিব নোৱাৰে। এই শাৰীটোত কোনেও একো ব্যাখ্যা কৰিব নোৱৰা এখন চিত্ৰ উপস্থাপন কৰা হৈছে৷
পাউণ্ডে কবিক বিজ্ঞানীৰ দৰে ভাৱিবলৈ কৈছে, বিজ্ঞাপনদাতাৰ দৰে নহয়। এজন বিজ্ঞানীয়ে নিজকে বিজ্ঞানী বুলি তেতিয়ালৈকে নকয় যেতিয়ালৈকে তেওঁ একো আৱিষ্কাৰ নকৰে আৰু আৱিষ্কাৰৰ অগলৈকে তেওঁ ইতিমধ্যে আৱিষ্কাৰ হোৱা কথাবোৰৰ পৰা শিকি থাকে। কাৰোৰে পৰা আনকি বন্ধু মহলৰপৰাও তেওঁ হাত চাপৰি আশা নকৰে। কবিক পাউণ্ডে শাৰীবোৰ ছন্দত টুকুৰা-টুকুৰ কৰিব নালাগে বুলি কৈছে। পিছৰ শাৰীটোৱে কবিতাৰ লয় হেৰুৱাই পেলাব লগাকৈ কোনো শাৰী হঠাতে শেষ কৰিবও নালাগে। কবিয়েও এজন ভাল সংগীতজ্ঞৰ দৰে আচৰণ কৰিব লাগে, সেইবুলি ছ্ন্দ গঠন এনেকুৱা হ’ব নালাগে যাতে ই শব্দৰ ৰূপ, প্ৰাকৃতিক ধ্বনি বা অৰ্থক নষ্ট কৰে। সংগীতজ্ঞ এজনে অৰ্কেষ্ট্ৰাৰ শব্দৰ তীব্ৰতা, কোমলতা আদি মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু এজন কবিয়ে তেনে কৰিব নোৱাৰে। আকৌ অন্ত্যমিল ছন্দৰ ক্ষেত্ৰত পাউণ্ডে কৈছে, ইয়াৰ ব্যৱহাৰ কোনো আচৰিতজনক বা অদ্ভূত হ’ব নালাগে। পাঠকৰ কল্পনাশক্তিক আলোড়িত কৰা কবিতাৰ অন্য ভাষালৈ তৰ্জমা কৰিলেও কোনো হীন-দেঢ়ি নঘটে, কিন্তু শ্ৰুতিমধুৰ কৰি লিখা কবিতা কেৱল তাৰ মূল ভাষাতহে শ্ৰুতিধুৰ হৈ থাকে। মূল বিষয়টো বুজিবলৈ ডাণ্টেৰ স্পষ্টতা, মিল্টনৰ অলংকাৰযুক্ত কবিতা পঢ়িব লাগে বুলি কৈছে। ইয়াৰ উপৰি Sappho, Catullus, Villon, Heine আদি পঢ়িবলৈ কৈছে আৰু যদিহে তেওঁলোকৰ ভাষাটো বুজিবলৈ কষ্ট হয় তেন্তে Chaucerৰ ভাষাটো আয়ত্ত কৰিবলৈ কৈছে। ভাল গদ্যই কেতিয়াও একো ক্ষতি নকৰে, বৰ্ং অনুশীলন কৰাত সহায় কৰে।
যদিহে ন শিকাৰু সকলে অনুবাদৰ কাম কৰিছে তেন্তে ই এক ভাল অনুশীলন হ’ব পাৰে বুলি পাউণ্ডে লিখিছে, কিন্তু লগতে উল্লেখ কৰিছে যে পুনৰ লিখনত মূল বিষয়টোৱে যাতে অৰ্থ সলনি নকৰে সেই বিষয়ে গুৰুত্ব দিব লাগে। যদিহে কবিয়ে কোনো ৰূপগত গঠন অনুসৰণ কৰিব বিচাৰে তেন্তে ক’ব বিচৰা কথাখিনি স্পষ্টকৈ ক’ব লাগে, কেৱল ঠাই ভৰ্তিৰ বাবে শব্দ প্ৰয়োগ কৰিব নালাগে। এটা অনুভৱক ব্যাখ্যা কৰিবলৈ গৈ আন এটা অনুভৱৰ শব্দৰে ব্যাখ্যা কৰিব নালাগে। এনেকুৱা ভুল সাধাৰণতে শব্দ অন্বেষণৰ প্ৰতি থকা অলসতাৰ ফলত হয়। পাউণ্ডে উল্লেখ কৰা মতে, প্ৰত্যক্ষ উপস্থাপন, স্বল্প শব্দ, আৰু বাক্যৰ সংগীতময় ক্ৰম এই তিনিওটা সহজ নিয়ম অনুসৰণ কৰিলে ইতিমধ্যে ভাল বুলি গণ্য কৰা বহু কবিতাই মান্যতা হেৰুৱাব আৰু কবিক বহুল সৃষ্টিৰ পৰা ৰক্ষা কৰিব।
নীলম গগৈ এগৰাকী কবি আৰু লেখক। ভাল হোৱাটো পাপ কমৰেড তেওঁৰ শেহতীয়া কবিতা-সংকলন।