প্ৰকল্প ৰঞ্জন ভাগৱতী
Issue: Vol. IV, No. 4, February-April, 2026

১৯৫১ চনটো ভাৰতৰ ইতিহাসত কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ৷ প্ৰথমতে, এইটো বছৰৰে অক্টোবৰ মাহত স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়৷ উক্ত নিৰ্বাচনত ১৭ কোটিৰো অধিক ভোটাৰে ১৯৪৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে৷ দ্বিতীয়তে, এইটো বছৰতে ভাৰত চৰকাৰে ছোভিয়েট ৰাছিয়াৰ আৰ্হিত সন্তুলিত অৰ্থনৈতিক বিকাশৰ লক্ষ্যৰে প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰে৷ তৃতীয়তে, এইটো বছৰতে স্বাধীন ভাৰতৰ প্ৰথমটো লোকপিয়ল সম্পন্ন হয়৷ উক্ত লোকপিয়ল অনুসৰি ১৯৫১ চনত দেশৰ জনসংখ্যা হৈছিল প্ৰায় ৩৬ কোটি৷ প্ৰায় দুশ বছৰীয়া গোলামীৰপৰা মুক্তি লাভ কৰি ভাৰতবৰ্ষই এখন গণৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ দিশত এইবোৰ আছিল একো-একোটা গুৰুত্বপূৰ্ণ পদক্ষেপ৷ আধুনিক ভাৰতৰ নৱনিৰ্মাণৰ সময়খিনিতে ১৯৫১ চনত অসমীয়া ভাষাত ৩২ পৃষ্ঠাৰ এখন কবিতা-সংকলন প্ৰকাশ পাইছিল৷ সেইখন হ’ল নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ (১৯৫১)৷ সংকলনটোত স্থান পোৱা কবিতাৰ সংখ্যা আছিল মাত্ৰ ষোলটা৷ বেটুপাত অংকন কৰিছিল স্বয়ং কবিয়ে৷ কিতাপখনৰ আৰম্ভণিতে লেবানিজ কবি খলিল জিব্ৰান আৰু বাঙালী কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ পংক্তি উদ্ধৃত কৰা হৈছে৷ জিব্ৰানৰ প্ৰফেট(১৯২৩)ৰ অন্তৰ্গত ‘অন হাউছেছ’ কবিতাৰ এইকেইটা শাৰী উদ্ধৃত কৰা হৈছিল: “…পৰা হ’লে মই তোমালোকৰ ঘৰ-বাৰীবোৰ হাতত লৈ পৰ্বতে-ভৈয়ামে সিঁচি দিলোঁহেঁতেন… কিন্তু এতিয়াও তাৰ সময় অহা নাই৷ তোমালোকৰ পূৰ্বপুৰুষসকল কোনো এটি ভয়ত থূপ খাইছিল৷ সেই ভয় আৰু বহুত দিন থাকিব৷” (মূল: “Would that I could gather your houses into my hand, and like a sower scatter them in forest and meadow… But these things are not yet to be. In their fear your forefathers gathered you too near together. And that fear shall endure a little longer.”) আনহাতে ৰবীন্দ্ৰনাথৰ বলাকা (১৯১৬) কাব্যৰপৰা উদ্ধৃত কবিতাৰ পংক্তিটি আছিল: “চিত্তেৰ কঠিন চেষ্টা বস্তুৰূপে/ স্তূপে স্তূপে/ উঠিতেছে ভৰি–/ সেই তো নগৰী৷” খলিল জিব্ৰানৰ মূল কবিতাত ঘৰ শান্তিৰ আশ্ৰয় আৰু কিন্তু লগতে বন্দীত্বৰ কাৰাগাৰ হোৱাৰো সম্ভাৱনা৷ কবিতাটোত একে সময়তে বস্তুগত প্ৰয়োজনীয়তা আৰু আধ্যাত্মিক স্বাধীনতাৰ সমন্বয়ৰ কথা কোৱা হৈছে৷ আনহাতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাত মুক্তক ছন্দৰ প্ৰয়োগ আৰু কবিৰ পৰিণত বয়সৰ চিন্তা প্ৰকাশ পাইছে৷
১৯২২ চনত টি. এছ. এলিয়টৰ কাব্য দ্য ৱে’ষ্ট লেণ্ড প্ৰকাশ পাইছিল৷ আধুনিক ইংৰাজী কবিতাক গঢ় দিয়াত দ্য ৱে’ষ্ট লেণ্ডৰ ভূমিকা আছিল অপৰিসীম৷ আধুনিক অসমীয়া কবিতাক গঢ় দিয়াৰ ক্ষেত্ৰত নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ সংকলনে একেধৰণৰ ভূমিকাই পালন কৰিছিল৷ ২০২৬ চনত হে অৰণ্য হে মহানগৰ প্ৰকাশৰ পঁইসত্তৰ বছৰ হৈছে। একেটা বছৰ কবিৰো জন্ম শতবৰ্ষ৷ আধুনিক অসমীয়া কবিতাৰ বাবে এয়া নিশ্চয়কৈ আনন্দৰ কথা৷
পিটাৰ গেই তেওঁৰ মডাৰ্নিজম গ্ৰন্থত কোৱা অনুসৰি আধুনিকতাবাদ ইউৰোপৰ ডাঙৰ মহানগৰবোৰত প্ৰস্ফুটিত হৈছিল৷ নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ প্ৰকাশৰ সময়ত গুৱাহাটী আছিল আধুনিক জীৱন যাপনৰ বাবে উন্মুখ এখন সৰু নগৰ৷ গুৱাহাটীৰ মানচিত্ৰত সৰল গ্ৰাম্য জীৱন আৰু অপৰূপ প্ৰকৃতি তেতিয়াও বিদ্যমান আছিল৷ তেওঁৰ কবিতাৰ মহানগৰখন গুৱাহাটী নাছিল৷ সেইখন আছিল কলিকতা৷ কবি-উপলব্ধিত ধৰা দিয়া কলিকতা হ’ল মৃত্যু-স্নাতা এখন অন্ধকাৰ মহানগৰ; য’ত হাজাৰ নেতিৰ মাজতো মানুহৰ জীৱন বৰ্তি থাকে অমৃত পুত্ৰ হৈ৷ আধুনিক জীৱনৰ অনিশ্চয়তা আৰু উৎকণ্ঠা মহানগৰৰ অবিচ্ছিন্ন অংগ–
“পথ আৰু উপপথ গলি আৰু এভিনিউ
বোবা যন্ত্ৰণাত অন্ধকাৰ
পিচল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়”
কবি-উপলব্ধিত এই মহানগৰ একেসময়তে ‘প্ৰাণ, স্বপ্ন, মৃত্যু আৰু বঞ্চনা’ৰ মহানগৰ৷ তথাপি কবি আশাবাদী৷ প্ৰাণগঙ্গাৰ জোৱাৰে মৰা চহৰৰ ভঙা বন্দৰ এদিন উটুৱাই লৈ যাব–
“মৰা চহৰৰ ভঙা বন্দৰ
প্ৰাণগঙ্গাৰ জোৱাৰে এদিন উটুৱাই লৈ যক–
এই অভিশাপ কিয় দিয়া, ভগীৰথ!
নেলাগে নেলাগে থক,
শুই আছে যদি শুই থক এই
খিদিৰপুৰৰ ডক৷”
ইতিহাসৰ ছাঁ-পোহৰত ৰহস্যময় এখন মহানগৰ হিচাপে দিল্লী মহানগৰেও সংকলনটিৰ কবিতাত ভুমুকি মাৰিছে–
“দিল্লীৰ সন্ধান চলে৷ কালে কালে সভ্যতাৰ
উত্থানে-পতনে৷ তথাপি অধৰা সেই
আত্মা নগৰীৰ৷ দিল্লীযে আজিও দূৰ৷
দিল্লী?… ‘দূৰ অস্ত্’৷”
কলিকতা আছিল ইংৰাজী ভাষাৰ জৰিয়তে অহা ইউৰোপীয় আধুনিকতাৰ পৰশ পোৱা দেশৰ প্ৰথমখন গুৰুত্বপূৰ্ণ মহানগৰ৷ ইফালে দিল্লী হ’ল প্ৰাচীন ইতিহাস বুকুত সাবটি আধুনিক মহানগৰলৈ ৰূপান্তৰিত হোৱা দেশৰ ৰাজধানী মহানগৰ৷ দুয়োখন মহানগৰৰে লয় আৰু ছন্দ অতীত ইতিহাস-চেতনা আৰু আধুনিক পৌৰ-বোধৰ দ্বাৰা চালিত–
“অবাস্তৱ মই আৰু
অবাস্তৱ অৰ্বাচীন বিৰাট নগৰী৷
হেজাৰ জীৱন বলি৷ জীৱনৰ৷ জীৱিকাৰ৷
হে নগৰী, বুৰঞ্জীৰ ক্ষণিক অতিথি!”
মহানগৰৰ ক্ষয়িষ্ণুতাৰ মাজতে নতুন সৃষ্টিৰো জাগৰণ চলি থাকে অবিৰত–
“তাৰ ছন্দ ভঙাৰ গম্বুজ জাগে চহৰতলিৰ উজাগৰ জোনাকত
আছে, সাৰে আছে,
ৰাতি সাৰে আছে, মই সাৰে আছোঁ৷
আকাশ জোনাক কোনোৱেতো শোৱা নাই
আৰু সাৰে আছে কুন্তীৰ উৎকণ্ঠা
জতুভৱনত জুই জ্বলে… এই জ্বলে
মমবাতি শিখা নিদ্ৰাবিহীন
সৃষ্টিৰ জাগৰণ”
আধুনিক কবিসকল প্ৰকৃতিৰ সৌন্দৰ্যৰ উপাসক নহয়৷ আধুনিক কবি ঈশ্বৰৰ উপাসকো নহয়৷ ‘The Black Girl in Search of God’ কবিতাত ঈশ্বৰৰ উপস্থিতি শ্লেষাত্মক৷ তেওঁৰ মুখত দামী চুৰট আৰু জেনেছিছৰ সেই প্ৰখ্যাত উক্তি– “পোহৰ পোহৰ হক” (জেনেছিছৰ ‘Let there be light’)৷ কবিতাটোত প্ৰকৃতি যন্ত্ৰণাদগ্ধ– “বসন্তৰ/ অৰণ্যৰ/ ফুল আৰু তেজ আৰু সেউজীয়াৰ অন্ধকাৰ/ সময়ৰ/ মৃত্যু আৰু নীলকণ্ঠ আকাশৰ/ বিষ…”৷ আধুনিক কবি ইতিহাস-সচেতন৷ আধুনিক কবিয়ে ইতিহাসৰ প্ৰশস্তিৰ পৰিৱৰ্তে তাৰ নৱমূল্যায়নৰ জৰিয়তে বৰ্তমানৰ জটিলতা আৰু সংকটক বুজাৰ প্ৰয়াস কৰে৷ নৱকান্তৰ সংকলনখনত ইতিহাস-চেতনা অতিকৈ সজীৱ৷ ‘দিল্লী হনুজ্ দূৰ অস্ত্’ কবিতাত প্ৰখৰ ইতিহাস-চেতনা দেখিবলৈ পোৱা যায়৷ ‘দিল্লী হনুজ্ দূৰ অস্ত্’ এক ইতিহাসপ্ৰসিদ্ধ উক্তি৷ কিন্তু কবিতাত ইয়াৰ প্ৰতীকী তাৎপৰ্য গভীৰ৷ দিল্লীৰ আত্মাৰ আৱিষ্কাৰৰ প্ৰয়াস যুগে যুগে চলি আহিছে৷ কুৰুক্ষেত্ৰৰ সময়ৰ পৰা মোগল আৰু ইংৰাজৰ দিনলৈকে দিল্লীৰ সন্ধান চলি থাকে৷ কিন্তু দিল্লী যেন বুজি পোৱাৰপৰা এতিয়াও বহু দূৰত৷ ইতিহাসৰ দেহ ভগ্নস্তূপ হৈ পৰি থাকে, ইতিহাসৰ আত্মা হাঁহি হাঁহি গুচি যায়–
“…দিল্লী আৰু ইতিহাস
দুয়োৰে আত্মাই
দুদিন ধেমালি কৰি হাঁহি হাঁহি গুচি যায়
পৰি থাকে ভগ্নস্তূপ মৃতকল্প নগৰীৰ
আৰু থাকে মানুহৰ তেজৰ স্বাক্ষৰ৷
দিল্লী? বহুদূৰ?”
সময় প্ৰৱাহত দিল্লী কেৱল এখন মহানগৰ নহয়, ই আকাংক্ষা আৰু ক্ষমতাৰো প্ৰতীক৷ দিল্লী বহু দূৰ কথাষাৰে কেৱল ভৌগোলিক দূৰত্বৰ কথা বুজোৱা নাই৷ ই একেসময়তে আকাংক্ষা আৰু প্ৰাপ্তিৰ মাজৰ দূৰত্বকো সূচাইছে৷ মানুহৰ আকাংক্ষা অন্তহীন আৰু বিপৰীতে প্ৰাপ্তি অতি নগণ্য৷
আধুনিক কাব্য-কৌশল, বিবিধ পৰোক্ষ সুচনা, প্ৰতীক আৰু চিত্ৰকল্পই হে অৰণ্য হে মহানগৰৰ কবিতালৈ অলপ জটিলতা আনিছে যদিও কবিতাবোৰৰ বিৰুদ্ধে দুৰ্বোধ্যতাৰ অভিযোগ নাই৷ কিয়নো নৱকান্ত বৰুৱাৰ কাব্য-চেতনা মানুহ আৰু সমাজৰপৰা বিচ্ছিন্ন নাছিল৷ তেওঁৰ কবিতাৰ ভাষা আছিল সৰ্বসাধাৰণৰ মুখৰ ভাষা–
“ফটা তম্বুৰ তলৰ জীৰ্ণ তম্বুৰাটোৰ
প্ৰাণৰ ছালাম লোৱা
এটকা দুঅনা
ছঅনা ৰঙৰ দাম
এক ছিঙ্গেল চাহ…
আধাতোলা মিকছাৰ
বাকী কেই অনা?”
স্পন্দিত গদ্য আৰু মুক্তক ছন্দৰ লগতে পৰম্পৰাগত ছন্দৰো সহজ উপস্থিতিৰ বাবে নৱকান্তৰ কবিতা প্ৰবুদ্ধ পঢ়ুৱৈৰ ওচৰত সৰহ সময় আচহুৱা হৈ নাথাকে৷ ‘হাজাৰ নক্ষত্ৰ য’ত’ শীৰ্ষক কবিতাত অন্ত্যমিল ছন্দৰ বুদ্ধিদীপ্ত প্ৰয়োগ কবিতাটো ফুটাই পঢ়িব বিচৰা পঢ়ুৱৈৰ বাবে এক পৰম প্ৰাপ্তি–
“জ্যোতিৰ নিচান উৰে৷ কি ইংগিত তৰাই তৰাই,
নিৰুদ্দেশ ধূমকেতু অকস্মাৎ ঘূৰি আহে বাট হেৰুৱাই,”

‘মোহনদাস কৰমচাঁদ গান্ধী’ কবিতাত ভাষাৰ প্ৰয়োগ শ্লেষাত্মক৷ গান্ধীজীৰ দৰে ব্যক্তি ইতিহাসত এবাৰেই জন্ম হয়৷ কবিতাৰ কথকে এই কথা জানে৷ কবিতাটোৰ প্ৰথম স্তৱকৰ নিম্নোক্ত শাৰীকেইটা বিৰোধাভাসমূলক–
“আকৌ এবাৰ আহিবানে তুমি
এই কথা ক’বলই :
এবাৰেই আহি একেবাৰে গ’লা
আৰু তুমি ঘূৰি নাহা!”
উদ্ধৃত প্ৰথম দুটা শাৰীত গান্ধীজীক কথকে জনোৱা অনুৰোধৰ যৌক্তিকতা দ্বিতীয় শাৰী দুটাই নাকচ কৰিছে৷ কবিতাটোৰ অন্তিম স্তৱকত শ্লেষ চৰমত উঠিছে–
“প্ৰমোদ উদ্যান সাজি ৰাজঘাট
বাৰাকপুৰত
জীয়াই ৰাখিছোঁ আমি তোমাৰ
মৰণ!”
‘প্ৰমোদ উদ্যান’ আৰু ‘মৰণ’ দুটা পৰস্পৰৰ বিপৰীত চিন্তা৷ শেষৰ স্তৱকত দুয়োটা চিন্তাৰ সন্নিধিয়ে কবিতাটোলৈ এক সুকীয়া মাত্ৰা আনিছে৷
সি যি হওক, আজিৰপৰা পঁইসত্তৰ বছৰ আগতে হে অৰণ্য হে মহানগৰ সংকলনটিয়ে অসমীয়া পঢ়ুৱৈৰ মাজত কি ধৰণৰ আলোড়নৰ সৃষ্টি কৰিছিল, তাক আজি কেৱল অনুমানহে কৰিব পাৰি৷ কিয়নো সেই সময়ত সংকলনখনৰ কবিতাত প্ৰকাশ পোৱা নতুনত্বখিনি অসমীয়া কবিতাৰ ঐতিহ্যত এনেকৈ চিনিব নোৱৰাকৈ জাহ গ’ল যে সেইবোৰে আজিৰ প্ৰজন্মৰ পঢ়ুৱৈৰ অন্তৰত আলোড়ন নোতোলে৷ সেইবোৰ অসমীয়া ভাষাৰ আপোন বস্তু যেনেই লাগে৷ অসমীয়া কবিতাৰ ইতিহাসত সংকলনটিৰ নাম সদায় জাকতজিলিকা হৈ থাকিব৷