তৃপ্তি দাসৰ দুটা কবিতা

কালিলৈকে মই জীয়াই আছিলোঁ

জীৱনৰ প্ৰেমত পৰি 
আমি এটা ঘৰ সাজিছিলোঁ 
সৰুকৈ 
দুইৰ পৰা তিনি 
তিনিৰ পৰা চাৰি
সৰু ঘৰটোত আমি চাৰিও চৰাইৰ দৰে আছিলোঁ
মৰম- চেনেহেৰে 

আমি বজাৰৰ পৰা 
কিনি আনিছিলোঁ প্ৰয়োজন
অভাৱৰ স’তেও অভ্যস্ত আমাৰ জীৱন
 আমাৰ ঘৰলৈ 
আলহী হৈ আহিছিল-- সুখ 

ঘৰখন পোহৰাবলৈ 
আমি দুয়ো শলিতা হৈ জ্বলিছিলোঁ 
সন্তানহঁতক মই বাঢ়ি দিছিলোঁ
সুখৰ ভাত 

ঠিক কেতিয়াৰ পৰা 
মই পৰিধান কৰোঁ 
দুখৰ সাজ 
কেতিয়াৰ পৰা 
জীৱন নৈয়ে সলায় ভাঁজ 
মোৰ মনত পৰা নাই 

এই জীৱনে মোক যুঁজিবলৈ শিকায়
 কিছুমান সপোন মৰহিলেও 
জীৱন অথলে নাযায়

নিশা গভীৰ হ’লে 
অৰণ্য এখনৰ মাজেৰে গৈ থকা যেন লাগে 
টোপনিৰ অবিহনে নিশাবোৰ যে ইমান ভয়াবহ
আগেয়ে জনাই নাছিলোঁ 

আমন-জিমন পৰত 
পুৰণি পেৰাটো খোলোঁ
তাত সযতনে সামৰি থৈছোঁ সোঁৱৰণী
এনেকৈয়ে মই 
সময় কটাওঁ
 
হে মোৰ আত্মীয়
মোৰ ভাগত নপৰা ভালপোৱাৰ বাবে 
তোমালোকক দোষাৰোপ কৰা নাই 

কালিলৈকে মই জীয়াই আছিলোঁ
শূন্য এটি বৃত্তৰ মাজত আজি মই 
মৃত্যুক আঁকোৱালি লৈছোঁ 
মোৰ যে মৃত্যু হৈছে 
এই কথা 
মোৰ বাদে কোনেও নাজানে 
আনকি মোৰ সন্তানহঁতেও 
মৃত্যুৰ পাছতো উশাহ লৈ থকাৰ যাতনাৰ কথা 
হে সময় মোক সোধা

পোহৰমুখী

 " ৰ'দ থকালৈকেহে ছাঁ 
 আন্ধাৰত নিজেই নিজৰ ভৰসা ।"    --- আই

আমি হ'লোঁ
জলঙনিয়ে জগাই দিয়া জীৱ
ভাতৰ চৰুৰ তলৰ জুইকুৰা 
আমাৰ বাবে  আনন্দ 
মূৰৰ ওপৰত পানী নসৰকা চালি এখন
পিতাইৰ হাতৰ 
ভৰা মোনাখন
আমাৰ সপোন 
আইৰ  আদেশ--
"খলাবমা বাট এৰি আন  বাট ধৰ ।
 ডেউকা মেলি  আকাশত উৰাৰ  অনুশীলন কৰ ।" 

পানীপোতাৰ পানীত 
কাগজৰ নাও চলোৱা  দিনবোৰ সোণালী
আখৰ চিনা দিনবোৰ পোহৰমুখী 
পানী-পৰঠুৱা এই জীৱন 
তথাপি পানীৰ  প্ৰেমিক 
বুকুত বৈ থাকে নৈ   

অনাখৰী আইৰ কথাবোৰ 
 আখৰে আখৰে সঁচা
তহানি আয়ে কোৱা কথাবোৰ 
এতিয়া যেনিবা বেদৰ বাণী

তৃপ্তি দাস সাম্প্ৰতিক সময়ৰ এগৰাকী অসমীয়া কবি। তেওঁৰ এখন কাব্য-সংকলন প্ৰকাশ পাইছে। তেওঁৰ যোগাযোগৰ ইমেইল tripti02.tsk@gmail.com

Click here to read English translation of the poems

2 thoughts on “তৃপ্তি দাসৰ দুটা কবিতা

  1. দুয়োটা কবিতাই অন্তৰ স্পৰ্শ কৰিছে | কৰবাত যেন মোৰ কথাকেই কৈছে, তেনে লাগিল | তেখেতৰ কলম চিৰ প্ৰবাহমান হওক… আৰু পঢ়িবলৈ পোৱাৰ আশাৰে

Leave a Reply

Your email address will not be published. Required fields are marked *