চন্দ্ৰকুমাৰ আগৰৱালা
সংসাৰ চক্ৰৰ ঘানিত লগাই কি ৰং চাইছা মোৰ? বিষয় পাকৰ পাকঘূৰণি খাই— পৰিলোঁ ভ্ৰমত ঘোৰ। কি হবনো হেৰি, ঘানিয়ে ঘানিয়ে গুটী সৰিয়হ পেৰি? তেলিয়ে পেৰিব, জগত যোগাব— কিয় মোক ধৰা বেৰি? দিয়াঁ মোক এৰি, চাওঁগৈ ঘূৰি ফুলা সৰিয়হ ডৰা— সেয়ে আজিলৈকে থৈছে মোক মুহি— পখিলা পাখিৰে ভৰা-- তাহানিৰ সেই সপোন দিনৰ লৰালি কালৰে পৰা।