ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী
আজি-কালি বহু কবিতা পঢ়িলে ভাব হয়, কবিতাৰ বিষয়ৰ সৈতে যেন কবিৰ কোনো আত্মীয়তা নাই। কোনো অভিজ্ঞতা নাই। কোনো আকুলতা বা অস্থিৰতা নাই। তেওঁলোকে মাথোঁ নিৰ্ভুলভাবে জানে ক’ত কিদৰে কি শব্দ, কি অলঙ্কাৰ ব্যৱহাৰ কৰিব লাগে। এয়া যেন মৃতকৰ বাবে মনত কোনো দুখ অনুভৱ নকৰাকৈ দিয়া এটা শোক-বাৰ্তা ।
![](https://poetrywithoutfear.com/wp-content/uploads/2022/06/phanindra-kumar-dev-choudhury-1024x536.jpg)
এক এজন পঢ়ুৱৈয়ে সুদীৰ্ঘকাল ধৰি কবিতা পঢ়ি থাকিলে সময়ৰ লগে লগে কবিতাৰ ৰূপৰ কেনে পৰিৱৰ্তন হৈছে, সেই সম্পৰ্কে এটা ধাৰণা গঢ় লৈ উঠে। পঢ়িব পৰা হোৱাৰ পৰাই, মোটামুটি প্ৰায় তিনি কুৰি বছৰ কবিতা পঢ়ি আহিছোঁ, বুজিবলৈ, কবিতাৰ আনন্দ ল'বলৈ চেষ্টা কৰি আহিছোঁ। এই পঠনে নিশ্চয় মোক কবিতাৰ বিশেষজ্ঞ কৰি তোলা নাই, কিন্তু পঢ়ুৱৈৰ দৃষ্টিৰে কবিতাই মোক কি দিছে বা কি দিয়া নাই, সেই সম্পৰ্কে কোৱাৰ এটা অধিকাৰ প্ৰদান কৰিছে। কোনোবা বিশেষজ্ঞই কয় কবিতা এনেকৈহে লিখিব লাগে, কোনোবাই ভাবে তেনেকৈ নহয়, এনেকৈহে। এইবোৰ একো একোটা ধাৰণাহে, কোনো চৰম সত্য নহয়। এটা বৰ্গক্ষেত্ৰ হ'বলৈ চাৰিওটা বাহুৰ দৈৰ্ঘ্য সমান হ'ব লাগিব। কিন্তু এনে হ'লেহে কবিতা হ'ব বা ভাল কবিতা হ'ব বুলি এটা নিৰ্দিষ্ট সংজ্ঞা নাই; ধাৰণাহে আছে। সুদীৰ্ঘ দিন কবিতা পঢ়ি থাকিলে পঢ়ুৱৈৰ মনতো তেনে কিছু ধাৰণাৰ জন্ম হয়। মোৰো হৈছে। যেতিয়াই আজিৰ অসমীয়া কবিতাৰ কথা মনলৈ আহে, কেইটামান ধাৰণাই মোৰ মনত প্ৰবলভাবে ক্ৰিয়া কৰে আৰু মই ভাবিবলৈ বাধ্য হওঁ যে অসমীয়া কবিতাৰ এটা পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে। ব্যতিক্ৰম নিশ্চয় আছে, কিন্তু সামগ্ৰিকভাবে চাবলৈ গ'লে দৃষ্টিগোচৰ নোহোৱাকৈ নাথাকে যে কবিতাই কবিক আত্মসন্তুষ্টি প্ৰদান কৰিলেও, ই পঢ়ুৱৈৰ সৈতে সম্পৰ্ক স্থাপনত আৰু কবিতাৰ উদ্দেশ্য সাৰ্থকভাবে পালন কৰাত বহুখিনি ব্যৰ্থ হৈছে । কবিতা যেন পঢ়ুৱৈৰ বাবে নহয়, কবি আৰু কবিতা লিখিবলৈ উৎসুক নতুন প্ৰজন্মৰ বাবেহে। কবিতাৰ জগতত কবিতা নিলিখা পঢ়ুৱৈ অনাহুত। কবি সন্মিলনত কবিতা নিলিখা পঢ়ুৱৈৰ উপস্থিতি প্ৰায় শূন্য, তেনে পঢ়ুৱৈ কবিতাৰ পুথিৰো ক্ৰেতা নহয়। তেওঁলোকৰ বাবে কবিতাৰ প্ৰয়োজন নাই নেকি? নে অকল কবিৰ বাবেহে কবিতা? ই অকল কবিৰ প্ৰয়োজনহে পুৰণ কৰে নেকি? কবিতাৰ জগতখন যেন হৈ পৰিছে এখন মানুহৰ পৰা বিচ্ছিন্ন বেলেগ জগত। সাধাৰণ পঢ়ুৱৈক স্পৰ্শ কৰাৰ শক্তি যেন কবিতাই হেৰুৱাই পেলাইছে। কিহৰ অভাৱ হৈছে কবিতাত? কবিতা অপ্ৰয়োজনীয়ভাবে দুৰ্বোধ্য হৈছে নেকি? কবিতাই পঢ়ুৱৈক স্পৰ্শ নকৰে নেকি? কবিতাৰ প্ৰকাশভঙ্গীয়ে নতুনত্ব হেৰুৱাইছে নেকি? কবিতা পঢ়ি পঢ়ি মোৰ ধাৰণা হৈছে যে এচাম কবিয়ে দুৰ্বোধ্য শব্দ আৰু জটিল প্ৰকাশভঙ্গীৰ মোহত নিজকে হেৰুৱাই পেলাইছে, আন এচামে প্ৰখ্যাত প্ৰিয় কবিক অনুকৰণ কৰি তেওঁলোকৰ শব্দ, চিত্ৰকল্প, প্ৰতীক, প্ৰকাশভঙ্গীৰ জৰিয়তে কবিতা নিৰ্মাণ কৰিছে। দুৰ্বোধ্যতাই যদি পঢ়ুৱৈক কবিতাৰ পৰা দূৰলৈ ঠেলি দিছে, অনুকৰণ-নিৰ্ভৰ প্ৰকাশ-ভঙ্গীয়ে সৃষ্টি কৰা একঘেঁয়ামিয়ে আন এচামক বিৰক্ত কৰিছে। পঢ়ুৱৈৰ মনত প্ৰশ্ন উঠে--কবিতাত আমি ক'ত? দুই এটা উদাহৰণেৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰোঁ। যুগ যুগ ধৰি প্ৰকৃতিয়ে কবিক কবিতা ৰচনাৰ বাবে প্ৰেৰণা যোগাই আহিছে। প্ৰকৃতিক লৈ মনোৰম শব্দ, চিত্ৰকল্প, অলঙ্কাৰ, ছন্দৰে এটা সুন্দৰ কবিতা লিখিব পাৰি, কিন্তু প্ৰকৃতিক তেজ-মঙহ, শ্বাস-প্ৰশ্বাসেৰে জীৱন্ত এটা সত্তাৰ ৰূপত যদি নিজৰ ভিতৰত অনুভৱ কৰা নাযায়, কবিতা লিখাৰ সময়ত প্ৰকৃতিক যদি নিজৰ ভিতৰত ধাৰণ কৰা নহয়, তেনেহ'লে সেই কবিতা সুন্দৰ চিত্ৰকল্প, প্ৰতীক, অলঙ্কাৰ সত্ত্বেও হৈ ৰয় নিষ্প্ৰাণ। কবিতাক ৰূপহে দিয়া হয় শব্দৰে। কিন্তু নিৰ্মিত হ'ব লাগিব জীৱন আৰু উপলব্ধিৰ পৰা। কোনো দিনে পাহাৰ এখন নেদেখাকৈ, বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি পাহাৰৰ বিষয়ে সৰ্বশ্ৰেষ্ঠ নিবন্ধ বা ৰচনা এখন লিখাটো সম্ভৱ, কিন্তু সকলো অধ্যয়নৰ পিছতো পাহাৰৰ ওপৰত এটা সাৰ্থক কবিতা লিখাটো সম্ভৱ নহয়, যদিহে গ্ৰন্থৰ লগতে কবিয়ে ‘পাহাৰ'ক নপঢ়ে, পাহাৰৰ সৈতে যদি এক আত্মীয়তা গঢ়ি নুঠে। পাহাৰক অনুভৱ আৰু উপলব্ধিৰে নিজৰ ভিতৰত প্ৰথমতে নিৰ্মাণ কৰিব লাগিব, তাৰ পিছতহে পাহাৰক লৈ এটা সাৰ্থক কবিতা ৰচনা কৰাটো সম্ভৱ। আজি-কালি বহু কবিতা পঢ়িলে ভাব হয়, কবিতাৰ বিষয়ৰ সৈতে যেন কবিৰ কোনো আত্মীয়তা নাই। কোনো অভিজ্ঞতা নাই। কোনো আকুলতা বা অস্থিৰতা নাই। তেওঁলোকে মাথোঁ নিৰ্ভুলভাবে জানে ক'ত কিদৰে কি শব্দ, কি অলঙ্কাৰ ব্যৱহাৰ কৰিব লাগে। এয়া যেন মৃতকৰ বাবে মনত কোনো দুখ অনুভৱ নকৰাকৈ দিয়া এটা শোক-বাৰ্তা । আন্তৰিকতা নোহোৱাকৈ ‘সুপ্ৰভাত', ‘শুভৰাত্ৰি' আদি শব্দৰে সৌজন্য-ৰক্ষা । তিনি কবিতা ৰচনাৰ প্ৰক্ৰিয়াটো কবিৰ বাবেও এক আভ্যন্তৰীণ ৰূপান্তৰ। সেয়েহে সজ মূল্যবোধৰ কবিতা ৰচনা কৰা কবিগৰাকীক আমি এগৰাকী সজ ব্যক্তি বুলি কল্পনা কৰোঁ। কিন্তু সজ মূল্যবোধৰ বিষয়ে সুন্দৰ নিবন্ধ এটা লিখা লেখকগৰাকীক আমি সজ মূল্যবোধৰ ওপৰত জ্ঞানৰ অধিকাৰী ব্যক্তি বুলিহে গণ্য কৰোঁ। কবিতা ৰচনা কবিৰ বাবে অন্তৰৰ এক দহন, অস্থিৰতাৰ মাজেৰে এক যাত্ৰা। কবিতা কবিৰ মনৰ সেই সৃষ্টিশীল সময়ৰ গতিশীলতাৰ এক ‘ই-চি-জি'। কবিয়ে যেনেকৈ অন্তৰৰ এক দহনৰ মাজেৰে গৈ এটা কবিতা ৰচনা কৰে, কবিতাটো পঢ়িলে পঢ়ুৱৈগৰাকীয়েও ধীৰে ধীৰে সেই দহনৰ মাজেৰে যাব লাগিব, পঢ়ুৱৈৰ চিন্তা আৰু অনুভৱো হৈ পৰিব লাগিব গতিশীল, তেওৰঁ অনুভৱ হ'ব লাগিব যে কবিতাটো পঢ়াৰ পিছত তেওঁৰ মনৰ ভিতৰত কিবা এটা সলনি হৈ গৈছে । এনে এক প্ৰক্ৰিয়াৰে পঢ়ুৱৈক লৈ যোৱাত যদি কবি বিফল হৈছে, তেনেহ'লে চমকপ্ৰদ চিত্ৰকল্প, অলঙ্কাৰ আদিয়েও এটা কবিতাক সাৰ্থক কবিতা কৰিব নোৱাৰে। এমিলি ডিকিনছনে চিঠি এখনত কবিতা পঢ়াৰ অভিজ্ঞতাৰ কথা এইদৰে লিখিছিল--“মই যদি এখন কিতাপ পঢ়ি থাকোঁ আৰু পঢ়ি থাকোতে যদি মোৰ শৰীৰটো এনেদৰে ঠাণ্ডা হৈ যায় যে কোনো জুয়ে তপতাব নোৱাৰে, মই জানো মই কবিতা পঢ়িছোঁ। পঢ়ি থাকোতে মই যদি অনুভৱ কৰোঁ যে মোৰ মূৰৰ উপৰিভাগ কোনোবাই উৰুৱাই লৈ গৈছে, মই জানো সেয়া কবিতা।'' গদ্যৰ সৈতে কবিতাৰ পাৰ্থক্য তাৰ শাৰীৰিক অৱয়ব বা ছন্দ, সাঙ্গীতিক লয়, চিত্ৰকল্প, প্ৰতীক, শাৰীবোৰ কেনেদৰে ভাঙিছে তাৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে পঢুৱৈৰ ওপৰত তাৰ প্ৰভাৱৰ ওপৰত--how it makes me feel, what it does to me? কবিতাৰ শেষ বিচাৰ সেয়েহে হ'ব লাগে পঢ়ুৱৈৰ ওপৰত তাৰ প্ৰভাৱৰ ওপৰত। পঢ়ুৱৈকে যদি দূৰলৈ আঁতৰাই পঠোৱা হয়, পঢ়ুৱৈৰ ওপৰত তাৰ প্ৰভাৱ কিদৰে সম্ভৱ। কবিতা তেতিয়া ৰূপান্তৰিত হয় আত্মৰতিলৈ। আত্মৰতিয়ে কবিক আত্মসন্তুষ্টি প্ৰদান কৰিলেও সেই কবিতাৰ সামাজিক মূল্য শূন্য। কবিতাৰ প্ৰয়োজন কবিক পৰিচয় বা খ্যাতি প্ৰদান কৰা নহয়, কবিতাৰ প্ৰয়োজনে পূৰ্ণতা পায় কবিতা পঢ়ুৱৈৰ বাবেও হ'লেহে। কবিতা ৰচনা কৰিবৰ বাবে দুৰ্বোধ্যতা আৰু সৰলতাৰ ভাৰসাম্য ৰক্ষাৰ দক্ষতাৰো কবি অধিকাৰী হ'ব লাগিব। এই ভাৰসাম্য ৰক্ষা জীৱনৰ লক্ষ্য নিৰ্ধাৰণৰ লেখিয়া। লক্ষ্য এনে অসম্ভৱ হ'ব নালাগে যে ই লক্ষ্যপ্ৰাপ্তিৰ তাড়নাতকৈ এক হতাশা আৰু লক্ষ্যৰ প্ৰতি উদাসানীতাহে সৃষ্টি কৰে। তাৰ বিপৰীতে লক্ষ্য ইমান সহজলভ্যও হ'ব নালাগে যে সিয়ে লক্ষ্যপ্ৰাপ্তিৰ আনন্দতকৈ এক বিৰক্তি, বোৰড'মৰহে জন্ম দিয়ে । চাৰি কবিতা আত্মৰতিও নহয়, পঢ়ুৱৈৰ ওচৰত নিজৰ ভাষাৰ ওপৰত দখলৰ প্ৰদৰ্শনকামিতাও নহয়। নতুনকৈ কবিতা লিখিবলৈ আৰম্ভ কৰা কবিৰ নিজৰ কবিতাৰ মান সম্পৰ্কত সংশয়, এক প্ৰকাৰৰ আত্মবিশ্বাসহীনতা এটা নিতান্তই স্বাভাৱিক প্ৰবণতা। এই সংশয় আৰু আত্মবিশ্বাসহীনতাক ঢাকি ৰাখিবৰ বাবেই বহু কবিয়ে প্ৰথম অৱস্থাত দুৰ্বোধ্যতাৰ আশ্ৰয় লয়। কিন্তু আশা কৰা যায় পৰিপক্বতা লাভৰ লগে লগে তেওঁলোকে দুৰ্বোধ্যতাৰ প্ৰদৰ্শনকামিতাৰ পৰা মুক্ত হ'ব আৰু আঁকোৱালি ল'ব স্বাভাৱিক, সৰল কাব্যিক আচৰণ। কিন্তু দেখা যায় পৰৱৰ্তী সময়তো বহু কবি অকাৰণ দুৰ্বোধ্যতাৰ পৰা মুক্ত নহয়। কবি-জীৱনৰ আদিকালৰ দুৰ্বোধ্যতাপ্ৰীতি আৰু প্ৰদৰ্শনকামিতাই তেওঁলোকক এনেদৰে মোহগ্ৰস্ত কৰি ৰাখে যে তাৰ পৰা মুক্তি লাভ কৰাটো তেওঁলোকৰ বাবে সম্ভৱ হৈ নুঠে। দুৰ্বোধ্যতাৰ পক্ষত যুক্তি নিৰ্মাণ কৰাৰ বাহিৰে আত্মৰক্ষাৰ তেওঁলোকৰ কোনো গত্যন্তৰ নাথাকে। জীৱনৰ জটিল অভিজ্ঞতাসমূহ প্ৰকাশ কৰিবলৈ জটিল শব্দ, অবোধ্য চিত্ৰকল্পতকৈও যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ, সেয়া হ'ল ভাষাৰ এক সৰলতা আৰু সেয়া আহৰণ কৰিবলৈ কঠিন বাবেই জটিল জীৱনৰ দোহাই দি বহুতে কবিতাক কৰি তোলে জটিল, দুৰ্বোধ্য। এই জটিলতা অক্ষমতাৰহে প্ৰকাশ, জটিল জীৱনে দাবী কৰা অনিবাৰ্যতা নহয়। জটিল জীৱনক কবিয়ে যিমানেই সঠিক ৰূপত উপলব্ধি কৰে, সিমানেই কবিৰ ভাষাও হয় সৰল। কবিতাৰ জটিল ভাষা জীৱনৰ জটিলতাক উপলব্ধি কৰিব নোৱাৰাৰ অক্ষমতাও। এই অক্ষমতাক ঢাকি ৰাখিবলৈ বহু কবিয়ে জটিল ভাষাক বৌদ্ধিকতাৰ লেবেল লগাই আত্মসন্তুষ্টি লাভ কৰে। কিন্তু ই ধ্বংস কৰে কবিতাক। পাঁচ আজিৰ বহু কবিতা পঢ়িলে এনেকুৱা লাগে যেন কবিয়ে অন্য কবিৰ কবিতা পঢ়িছে, ক'ত কি শব্দ, চিত্ৰকল্প, প্ৰতীক ব্যৱহাৰ কৰিলে কবিতাৰ ৰূপ অঙ্কন কৰিব পাৰিব, সেই জ্ঞানো আয়ত্ত কৰিছে, কিন্তু তেওঁলোকে ‘জীৱন' পঢ়া নাই, জীৱনক উপলব্ধি কৰা নাই, কবিতাৰ মৰ্মাৰ্থই তেওঁলোকৰ ভিতৰখন স্পৰ্শ কৰা নাই, কবিতা ৰচনা কৰিবলৈ তেওঁলোকে এক অস্থিৰতাৰ মাজেৰে যোৱা নাই, অন্তৰত কোনো দহন হোৱা নাই, মৰি মৰিও তেওঁলোক জী উঠা নাই, জী জীও তেওঁলোক মৰা নাই। ফলত কবিতা হৈ পৰিছে কবিতাৰ ৰবট, সুন্দৰ প্ৰকাশভঙ্গী, শব্দ, চিত্ৰকল্প, প্ৰতীক, অলঙ্কাৰ সকলো আছে, কিন্তু তাত কবিতাৰ প্ৰাণ নাই। ই প্ৰাণ আঁতৰি যোৱাৰ ঠিক পিছ মুহূৰ্তৰ মৃত শৰীৰটো। হাত, ভৰি, নাক, চকু সকলো নিখুঁত, কিন্তু নিষ্প্ৰাণ। বহু কবিতাই পঢ়ুৱৈক স্পৰ্শ কৰিব নোৱাৰাৰ এটা মুখ্য কাৰণ হ'ল এই প্ৰাণহীনতা । ছয় জীৱনৰ অভিজ্ঞতাৰ সৰল প্ৰকাশেৰে পঢ়ুৱৈক কিবা এটা নীতিশিক্ষা বা উপলব্ধিৰ কথা ক'বলৈ গৈ কবিতাক চিধা-চাধা সহজবোধ্য ৰূপ দিবলৈ চেষ্টা কৰিলেও ভাল কবিতা নহয়। কবিতাই সৰল অভিজ্ঞতাকো সৰল প্ৰকাশেৰে এনে এক ৰূপ দিব লাগিব, যি ৰূপ পৰিচিত হৈও যেন পঢ়ুৱৈৰ বাবে অপৰিচিত, সাধাৰণ হৈও যি অসাধাৰণ, কবিৰ অভিজ্ঞতাই পঢ়ুৱৈক টানি লৈ যাব লাগিব নিজৰ অভিজ্ঞতালৈ, ভাব হ'ব লাগিব সেয়া যেন কবিৰ কবিতা নহয়, তেওঁৰ কবিতা, তেওঁৰ চকুৰ সন্মুখত ধীৰে ধীৰে উন্মোচিত হ'ব লাগিব কিবা এটা, যি তেওঁ ধাৰণাই কৰা নাছিল অথবা ধাৰণা কৰিলেও উপলব্ধি কৰা নাছিল তাৰ গুৰুত্ব। কবিতাই এক বিশেষ প্ৰক্ৰিয়াৰে পঢ়ুৱৈক মুখামুখি কৰোৱাব পাৰিব লাগিব সেই অভিজ্ঞতাৰে। তাত শব্দ, চিত্ৰকল্প, প্ৰতীক সকলো থাকিব, কিন্তু সেই সকলোবোৰ গৌণ, মুখ্য হ'ব লাগিব পঢ়ুৱৈৰ মনত সৃষ্টি কৰা উপলব্ধিৰ এক গতিশীল প্ৰক্ৰিয়া। এটা ভাল কবিতাই পঢ়ুৱৈক মনৰ ভিতৰত এক অভিজ্ঞতা আৰু উপলব্ধিৰ যাত্ৰাৰ মাজেৰে চফৰ কৰোৱায়। কবিতা এটা অকল কবিগৰাকীয়ে নিলিখে, পঢ়ুৱৈয়েও নিজৰ আৱিষ্কাৰ আৰু উপলব্ধিৰে কবিতাটো নিজৰ বাবে নতুনকৈ লিখি উলিয়ায়, আৰু এইদৰে কংক্ৰিট, অৰ্থপূৰ্ণ কোনো কথা স্পষ্টভাবে নোকোৱাকৈও কবিতাই পঢ়ুৱৈক উপহাৰ দিয়ে এক নতুন অভিজ্ঞতা, নতুন জাগৰুকতা। সেয়াই কবিতাৰ পৰা পঢ়ুৱৈ আৰু, সমাজৰ প্ৰাপ্তি। কবি আৰু পঢ়ুৱৈৰ মাজৰ সাঁকোখন যাতে পাৰস্পৰিক উদাসীনতা আৰু অৱজ্ঞাৰ সোঁতে উটুৱাই নিব নোৱাৰে, তাৰ বাবেই কবিয়ে দুৰ্বোধ্যতাৰ অকাৰণ চমকৰ মোহ পৰিত্যাগ কৰিব লাগিব, কবিতাক মুক্ত কৰিব লাগিব অনুকৰণসৰ্বস্ব একঘেঁয়ামিৰ পৰা। এনে প্ৰয়াসে সৃষ্টি কৰিব কবিতাৰ এক নতুন সৰল আন্দোলন। তাৰ বাবেই এতিয়া পঢ়ুৱৈৰ প্ৰতীক্ষা।
ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী অসমৰ এগৰাকী আগশাৰীৰ ঔপন্যাসিক আৰু লেখক। শেহতীয়াকৈ তেওঁ স্বকীয় শৈলীৰে কাব্য-চৰ্চা কৰি পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিছে।
পঢ়িলোঁ ৷ কবিতাৰ সম্পৰ্কে বহু কথা জানিলোঁ ৷ আপোনাৰ দৃষ্টিভংগীও বুজিছোঁ ৷ ধন্যবাদ ৷
কবিতাৰ ওপৰত মনপৰশা আলোকপাত।