অজিৎ বৰুৱা
মই লিখি যাব লাগিব
যোৱাৰ আগেয়ে
কিছুমান কথা অন্য কিছুমান কথাৰে
কিছুমান কথা
অন্য কিছুমান কথা কোৱাৰ ছলেদি
লিখি যাব লাগিব
হৃদয় কঠিন হোৱাৰ আগে
পাহৰণি শেলুৱৈ মনত পৰাৰ আগে
লিখি যাব লাগিব
যোৱাৰ আগেয়ে। কাৰণ
ব্ৰহ্মপুত্ৰ নদী য'ত আকাশত পৰিছে
ধৱল বৰণ হৈ, মেঘৰ গাজনি হৈ
ধুমুহাৰ পাছৰ স্তব্ধতা হৈ
মহা পশ্চিমত এটা কাউৰীৰ জাক য'ত উৰি উৰি স্থিৰ
তাত মই মোৰ আহ্বায়কক দেখিছোঁ।
মোৰ প্ৰস্তুতি নাই। মই
কামৰূপৰ মেপ অনা নাই
কৈফিয়ৎ তলব কৰিলে মোৰ জবানবন্দী নাই
(দ্বৈপায়ন হ্ৰদৰ মাজত, দুৰ্বল ক্ষণত
চাৎমাৰে : কিয় মই ধৰ্ম জানি ধৰ্ম নাচৰিলোঁ!)
মৰাৰ আগেয়ে লিখি যাব খুজিছিলোঁ
সত্যৰ প্ৰতি মোৰ নিস্পৃহাৰ কথা
(পূৰ্ণ সত্য একমাত্ৰ পূৰ্ণতাত জ্ঞাত)
Click for an English translation of the poem.