ঠাকুৰৰ কুঁৱা
চৌকা মাটিৰ
মাটি পুখুৰীৰ
পুখুৰী ঠাকুৰৰ।
ভোক ৰুটিৰ
ৰুটি বজৰাৰ
বজৰা পথাৰৰ
পথাৰ ঠাকুৰৰ।
ম'হ ঠাকুৰৰ
নাঙল ঠাকুৰৰ
নাঙলৰ মুঠিত হাত মোৰ
ফচল ঠাকুৰৰ।
কুঁৱা ঠাকুৰৰ
পানী ঠাকুৰৰ
খেতি-খোলা ঠাকুৰৰ
ৰাস্তা-চুবুৰী ঠাকুৰৰ
তেন্তে মোৰ কি?
গাঁও?
নগৰ?
দেশ?
তেওঁ ভোকত আছে
তেওঁ ভোকত আছে
কিন্তু মানুহৰ মহঙ নাখায়
পিয়াহত আছে
কিন্তু ৰক্ত পান নকৰে
উলংগ হৈ আছে
কিন্তু আনক নাঙঠ নকৰে
তেওঁৰ মূৰৰ ওপৰত
চালি নাই
কিন্তু আনৰ বাবে
চালি সাজে৷
…………………………
ঠাকুৰ: দেৱতা, ঈশ্বৰ, জমীদাৰ, মালিক, চৰ্দাৰ, ক্ষত্ৰিয়ৰ এক উপাধি আদি বিভিন্ন অৰ্থত ব্যৱহৃত। ভাৰতীয় বৰ্ণাশ্ৰম প্ৰথা অনুসৰি উচ্চ বৰ্ণৰ লোকক বুজাবলৈকো এই শব্দ ব্যৱহাৰ কৰা হয়।
অনুবাদ: প্ৰকল্প ৰঞ্জন ভাগৱতী
ওমপ্ৰকাশ বাল্মিকী (১৯৫০-২০১৩) হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় কবি আৰু লেখক। তেওঁৰ আত্মজীৱনী জুঠন(Joothan, ১৯৯৭)ক দলিত সাহিত্যৰ এক কীৰ্তিস্তম্ভ হিচাপে গণ্য কৰা হয়। উত্তৰপ্ৰদেশৰ মুজফৰনগৰ জিলাৰ বাৰ্লা গাঁৱত জন্ম গ্ৰহণ কৰা বাল্মিকীৰ কবিতা-সংকলনকেইখন হ’ল সদিয়ো কা সন্তাপ (১৯৮৯); বস! বহুত হো চুকা (১৯৯৭) আৰু অব অউৰ নহী (২০০৯)।