ননী বৰদলৈৰ কবিতা

ভাববিতান


এক)
উদং বুকুখনত
তুমি লিখি থৈ গ’লা এটি
আলফুল কবিতা

মোৰ বুকুৰ ভিতৰত এতিয়া
বাউলি পচোৱা৷

দুই)
জপনামুখত 
আন্ধাৰৰ খনিয়াখনেৰে গা ঢাকি ৰৈ আছিলোঁ
বতাহ এজাক ঢপলিয়াই আহি সুধিলেহি…
কাৰ বাবে ৰৈ আছা?

মই ক’লোঁ
ভালপোৱা অহাৰ কথা আছে৷

তিনি)
মই মাতাল হ’ব খোজোঁ
বা-মাৰলীৰ দৰে,
এপিয়লা মদিৰাৰ দৰে পি খাব খোজোঁ 
তোমাৰ নিৰাভৰণ প্ৰেম

শুকান মৰুভূমি তিতে যদি তিতক
দোপালপিটা বৰষুণত৷
মোৰ ক্ষুধা জৰ্জৰিত শৰীৰ আৰু এখন কাগজৰ পতাকা

অৰ্দ্ধশতাব্দীতকৈও অধিক কাল
দাৰিদ্ৰক শিতান কৰিয়েই শুলোঁ

ওৰেটো জীৱন সিহঁতৰ ভাত মোকলাওঁতেই গ’ল
সিহঁতৰ বোজা কঢ়িয়াওঁতেই গ’ল
গেবাৰি খাটোঁতেই গ’ল
জীৱনটোক শিল এটালৈ ৰূপান্তৰিত কৰিলোঁ
এতিয়া শীৰ্ণ দেহ, দুৰ্বল মন
 
কৰ্কশ হাতৰ পৰশ
আৰু কণ্ঠৰ কঠিন স্বৰত 
ভালপোৱাৰ পৃথিৱী
ত্ৰস্ত সন্ত্ৰস্ত, হয়তো নিৰুদ্দিষ্ট 

ঈশ্বৰকতো অভিশাপ দিব নোৱাৰি
প্ৰশ্নওতো নোৱাৰি কৰিব
শৰীৰৰ সতে কিয় সংলগ্ন কৰিলে 
উদৰ নামৰ এক অতল বিবৰ 
কিয় সৃষ্টি কৰা হ’ল
ক্ষুধা নামৰ এক নিৰ্মম ৰাক্ষস 

জৰ্জৰিত শৰীৰৰ বাবে 
সিহঁতক বেছি মই একো বিচৰা নাছিলোঁ 

বিচাৰিছিলোঁ মাথোন এমুঠি অন্ন
অথবা এখন ৰুটি 

আৰু সিহঁতে মোৰ শীৰ্ণ শিল দেহত জাপি দি
এটা অবাঞ্ছিত প্ৰতিশ্ৰুতি
আৰু হাতত গুঁজি দি এখন কাগজৰ পতাকা

ক'লে—ভোটটো এইটো চিনতে দিবা।

Click here to read an English translation of the poems.