Issue: Vol. IV, No. 3, November-January, 2025-26
ঘৰ ভঙা
আনৰ ঘৰ ভাঙি উভতি আহোঁতে নিজৰ ঘৰলৈ
বাটৰ নিজানত ভাবেনে
আপোনাৰো ঘৰ এখন আছে
পদূলিৰ জপনা খোলোতে
দেখেনে চকুলো এটোপাল
আপোনাৰ চকুত
পত্নীয়ে
ল’ৰা-ছোৱালীহালে
মাজে মাজে ছিগা হাত এখনে দুৱাৰত ঢকিয়াই
ফটা চাদৰ এখন ৰঙা হৈ পৰি থাকে জোপোহাটোত
মলিয়ন মুখবোৰে হামিয়াই থাকেহি
খোলাকটিৰ মাজত
নৈখনৰ পাৰত ৰৈ এজাক তিৰোতাই কান্দি আছিল সেই দুপৰীয়া
আধাসিজা কেঁকোৰাবোৰ মৰমৰাই চোবাইছিল কিশোৰজাকে
সহজ দৃশ্য
আনৰ ঘৰ ভাঙি উভতি আহোঁতে নিজৰ ঘৰলৈ
আপোনাৰ আইৰ সুখনিদ্ৰাৰ ছবিখন ভাঁহেনে
এই কথাকে কবলৈ
বাট চাই আছোঁ
নোৱাৰোঁ ক’ব
নোৱাৰি ক’ব
হয়তো এদিন ক’বলৈ নাথাকিম মই
শুনিবলৈ আপুনি
হ’লেও—