নিৰ্মলপ্ৰভাৰ কবিতাঃ নাৰী অভিজ্ঞতাৰ অনুনাদ

অনুৰাধা শৰ্মা

“বেজাৰ নেপাবি ভাই। মৰমী বকুল
বেজাৰত একো লাভ নাই। 
মোৰ ভৱিষ্যত? 
হেজাৰ, হেজাৰ মই ধৰাৰ বুকুত 
আকাশক, পৃথিৱীক সোধ।” (চিঠি)

হেম বৰুৱাৰ ‘মমতাৰ চিঠি’ জীৱনসংগী হেৰুওৱা মহিলা এগৰাকীৰ জীৱনৰ কৰুণ আৰ্তি, আনহাতে নিৰ্মলপ্ৰভা ৰচিত ‘চিঠি’য়ে উদ্ভাসিত কৰে সেই সত্য—যি সত্যৰ মাজত নিহিত আছে ৰংহীন উকা সূতাৰে মেৰিয়াই ‘আপদীয়া’ বুলি নিলগাই থোৱা হেজাৰ নাৰীৰ মনৰ অনুচ্চাৰিত কাহিনী—যিবোৰ আকাশেও জানে, পৃথিৱীয়েও জানে। ব্যক্তিৰ জীৱনলৈ দুৰ্ভাগ্য আহিব পাৰে—নিয়তিৰ নিৰ্দেশত সংঘটিত ঘটনাৰ ওচৰত যুগে-যুগে মানুহ অসহায় প্ৰাণী; কিন্তু সমাজে যেতিয়া এনে দুৰ্ভাগ্যৰ বোজা নাৰীৰ ওপৰত জাপি দিয়ে, তেতিয়া নাৰী হৈ পৰে বৈষম্যৰো বলি। আচলতে, সমাজে নাৰীৰ জীৱন নিৰ্দিষ্ট সূত্ৰত বান্ধি দিয়ে, নাৰীৰ স্বপ্ন আৰু আকাংক্ষাও সেই সূত্ৰক কেন্দ্ৰ কৰিয়েই ঘূৰি থাকে—ওপজা ঘৰখনত ছোৱালী এক জীৰণীয়া মৌৰ দৰে—তেওঁৰ স্বপ্ন, মৰ্যাদা আৰু পৰিচিতি জড়িত থাকে স্বামীৰ ঘৰখনৰ লগতহে। সেয়ে স্বামীহীন হৈ পৰা লগে লগে নাৰীগৰাকীৰ জীৱনৰ সকলো আকাংক্ষা কাঁচৰ মহলৰ দৰে ঠনঠনকৈ ভাঙি পৰিছে। ভগা সপোনৰ টুকুৰা বিচৰা ছোৱালীজনীৰ জীৱন দুৰ্বিসহ কৰি তোলা হৈছে অমংগলীয়া, কুলক্ষণী আদি আৰোপেৰে। সন্মানবোধ আৰু ব্যক্তিসত্তাৰ অৱস্থিতিৰ কোনো সুৰুঙা নাই। বকুললৈ জনোৱা খবৰবোৰৰ মাজতেই আছে নিঠুৰতাৰ অনেক ছবি:

আমাৰ লগৰ সেই যুতিৰ কেঁচুৱা এটি হ'ল
খবৰ পোৱানে বাৰু?
... ... ... ... 
যুতিৰ কোলাৰ পৰা লওঁ বোলা হাত মোৰ 
মেলাতেই থাকিল
বুঢ়ীমাকে আঁতৰাই লৈ গুচি গ'ল
প্ৰথম সন্তান এৰা কত হেঁপাহৰ।

তোলৈ এয়া চিঠি ৰাতিহে লিখিছোঁ
দিনটো আজৰিকে নাই
উজুটিত পাতলি এৰায়
গাঁৱৰ মাহী-শাহু জানাই কিমান চোকা 
হীন-ডেড়ি হ'লে মানে
ভাতে-মাতে কৰে একে ঠাই। 
* * *
আৱেগে সাৱটি ধৰি 
সেই চিঠি যেতিয়া খুলিলোঁ 
লিখা আছে তাত 
‘শাঁখিনীক সোনকালে দিয়া পঠিয়াই 
শৰাধৰ কাম-কাজ কৰিবহি লাগে
যোৱা ৰাতি হঠাতেই উশাহ-ফুটনি হৈ
মোৰ ল'ৰা আঁতৰিল চিৰকাললৈ।''
তেতিয়াৰে পৰা মই এই ঘৰতেই 
মধুজ্যোৎস্না?
অচিনাকি অশৰীৰী আত্মাৰ লগত 
বুকুৰ পাঁজৰি ভাঙি
হুমুনিয়াহ সাঁকো সাজি যমপুৰীলৈ।

নিৰ্মলপ্ৰভা বৰদলৈৰ ‘চিঠি’ কবিতাটোৱে স্পষ্ট কৰে—জীৱনসংগী হেৰুৱা দুখতকৈ সমাজৰ বিচাৰ কিদৰে নাৰীগৰাকীৰ ওপৰত অধিক যন্ত্ৰণাদায়ক হৈ পৰে। আমাৰ সমাজ-ব্যৱস্থাই উকা, শূন্য, অৰ্থহীন, অমংগল আদি ধাৰণাৰে নিৰ্মাণ কৰে স্বামীহীনা নাৰীক। আচলতে, কন্যা সন্তানৰ জন্ম (সমাজে কন্যা সন্তান দানলৈ বুলি বিবেচনা কৰে), লালন-পালন, জীৱনৰ উদ্দেশ্য—এই সকলোবোৰ স্বামী, সন্তান আৰু আবৰি থকা পৰিয়ালৰ বৃত্তটোৰ মাজতেই ঘূৰি থাকে, ইয়াৰ বাহিৰে মহিলাৰ জীৱনৰ আৰু কোনো প্ৰত্যাশা নাথাকে—ব্যক্তি হিচাপেও অথবা মানুহ হিচাপেও। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত সমাজৰ এনে নিৰ্মম সত্যবোৰ প্ৰতিফলিত হোৱাৰ লগতে মানুহৰ যি স্বাভাৱিক প্ৰবৃত্তি নাৰীয়েও অনুসৰণ কৰে তেনে স্বাভাৱিক ৰূপবোৰো কবিতাৰ মাজেৰে প্ৰতিভাত হৈছে। অৱশ্যে তেওঁ খুব সচেতনভাৱে নাৰীবাদৰ সম্পৰীক্ষা কবিতাত প্ৰকাশ কৰিছে বুলি ক’ব নোৱাৰি, কিন্তু যিবোৰ ক্ষেত্ৰত তেওঁ মৌনতা ভাঙিবলৈ প্ৰয়াস কৰিছে তাতেই নাৰী সম্পৰ্কে থকা পৰম্পৰাগত নিৰ্মাণ খহি পৰিছে। অভিজ্ঞতাৰ অনুচ্চাৰিত শব্দবোৰ ব্যক্ত কৰাটোৱে নাৰীৰ কলমৰ এক প্ৰত্যাহ্বান। কাৰণ আমাৰ সমাজত ‘পৌৰুষিক’ আৰু ‘নাৰীসুলভতা’ এনেদৰে নিৰ্মাণ কৰা হৈছে যে এই পূৰ্বাৰোপত আঘাত কৰা মানেই নিন্দনীয় হৈ পৰা। নাৰীয়ে আনকি নিজৰ প্ৰেম আৰু যৌনতাৰ কথা কোৱাটোও নিষিদ্ধ আৰু ইয়াৰ ব্যতিক্ৰম হোৱা মানেই এক প্ৰকাৰ আত্মাঘাতী বিস্ফোৰণ ঘটোৱা। তাৰ পিছত এক ‘সহজলভ্য’ দ্ৰব্যৰ দৰে তেওঁৰ পিছত মধুচুম্বী ভোমোৰাৰ জাক উৰিব আৰু শূচিবায়ুগ্ৰস্ত চামটোৱে ‘নষ্ট’ নাৰীৰ মোহৰ মাৰি তেওঁৰ শিল্পক নসাৎ কৰি দিবলৈ উঠি-পৰি লাগিব। সেয়ে বহু সময়ত মহিলা লেখকেও ইতিমধ্যে আৰোপিত ধাৰণাৰপৰা নিজৰ অভিজ্ঞতাৰ দুৱাৰ মুকলি নকৰে। এই দিশতে আমি নিৰ্মলপ্ৰভাৰ কেইটিমান ব্যতিক্ৰমী কবিতা পাওঁ। নাৰীৰ অভিজ্ঞতাৰ অনুচ্চাৰিত শব্দ ব্যক্ত কৰি স্বৰাজোত্তৰ কালৰ অসমীয়া কবিতাৰ এক পৰিৱৰ্তিত ধাৰাৰ বাহক হিচাপে নিৰ্মলপ্ৰভাই  আত্মপ্ৰকাশ কৰিছে। তপতী বৰুৱা কাশ্যপে লিখিছে: ‘‘Dr. Nirmal Prabha Bordoloi has also endeavoured to bring about a wave of change through poems all around her; be it the age-old tradition or the outdated concepts which tradition has infused into the minds of the people” (Female voice in Assamese Poetry, P. 85)

প্ৰেম, যৌনতা আৰু নাৰীৰ নিজা অৱস্থিতি সম্পৰ্কে নিৰ্মলপ্ৰভাৰ এটি বলিষ্ঠ কবিতা হৈছে ‘দ্ৰৌপদী’। মহাকাব্যৰ ৰচক আছিল পুৰুষ, সেয়ে নিয়তি অথবা পুৰুষৰ নিয়ন্ত্ৰণতেই আছিল চৰিত্ৰবোৰ; সেই সাঁচৰপৰা নাৰীৰ পৰিচিতি অন্বেষণৰ প্ৰতিচ্ছবিৰে মহাকাব্যৰ নাৰীৰ পুনৰ্নিৰ্মাণৰ ধাৰণা এটা সৃষ্টি কৰিছে। ‘সীতা’, ‘দ্ৰৌপদী’, ‘গান্ধাৰী’—এই তিনিটা কবিতাত ব্যক্তিত্বৰ নিজা অভিব্যক্তি প্ৰকাশ পাইছে। নাৰীৰ প্ৰেম আৰু যৌনতাৰ বিষয়ে অকপট অভিব্যক্তি পোৱা যায় বিশেষভাৱে ‘দ্ৰৌপদী’ কবিতাটোত:

“মই মাথোঁ কৰি গ'লোঁ
সত্যৰ সহজ স্বীকাৰ 
যিবোৰ স্বীকাৰ ভণ্ডামিৰ মুখাৰ তলত
সৰ্ব্বদায় গুপ্ত হৈ থাকে।''

দ্ৰৌপদীৰ মাজেৰে ব্যক্ত কৰা এই সহজ স্বীকাৰ কিন্তু আমাৰ সমাজ মানসিকতাত সহজো নহয় আৰু গ্ৰহণীয়ও নহয়। যি সাঁচ নাৰী এগৰাকীৰ বাবে সমাজে নিৰ্মাণ কৰে নাৰীগৰাকীয়ে সেই সাঁচতে নিজকে গঢ় দিয়াটো গ্ৰহণীয় বুলি আৰোপ কৰে। ‘সত্যৰ সহজ স্বীকাৰে’ অসমীয়া কবিতাৰ ধাৰাত ‘দ্ৰৌপদী’ক এক অনন্যবিশেষ কৰি তুলিছে। ‘সীতা’ কবিতাটোতো ৰামৰ লাঞ্ছনা প্ৰকট।

পৰম্পৰা ভাঙোনৰ অভিব্যক্তি নিৰ্মলপ্ৰভাৰ অন্যান্য কবিতাতো পোৱা যায়। ‘জুইৰ প্ৰহৰত’ কবিতাটোত আছে—সমাজৰ তথাকথিত পৰম্পৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ ইংগিতময়ী ব্যঞ্জনা:

আইয়ে কৈছিল 
“জুই লৈ নেখেলিবা'' 
জুইয়ে যদি 
মোক লৈ খেলে
মই কি কৰিম 
আই?

 ‘জুই’—নাৰীৰ প্ৰেম, বাসনা, আকাংক্ষাৰ দ্যোতনা হৈ উঠিছে।

Also readIn the Hour of Fire’ by Nirmal Prabha Bordoloi

এইখিনিতে উল্লেখ কৰিব পাৰি যে নিৰ্মলপ্ৰভাৰ কবিতাত এক লীৰিকেল বৈশিষ্ট্য দেখিবলৈ পোৱা যায়, এনে বৈশিষ্ট্যই এক লহৰিত মুদ্ৰাৰে পাঠকৰ কাষ চাপেগৈ; অৰ্থাৎ ই চাৎকৈ চমকৃত নকৰে কিন্তু হৃদয় আলোড়িত কৰে। ভবেন বৰুৱাই এটা সাক্ষাৎকাৰত কৈছে— ‘‘নিৰ্মলপ্ৰভা বৰদলৈয়ে ষাঠিৰ দশকৰ শেষ ভাগৰ পৰা সজীৱ আধুনিক সংগীতত (lyricism) থকা কবিতাৰ ধাৰা এটা অধিকাৰ কৰি লৈছিল। নিজৰ মাজত মিষ্টিচিজমক এটা আধুনিক ৰূপত এখেতে অংগীকৃত কৰি ল’ব পাৰিছে।” আচলতে আধুনিক সংগীতৰ জগতত নিৰ্মলপ্ৰভাৰ (অৱশ্যে এই ক্ষেত্ৰখনতো পুৰুষৰ আধিপত্যই অধিক) এক বিশেষ দখল আছিল। সেয়ে গীতিকাৰ নিৰ্মলপ্ৰভাৰ পৰা কবি নিৰ্মলপ্ৰভালৈ সংগীতময়তাৰ শীৰ্ণ প্ৰৱাহ শ্ৰৃয়মান। কবিতা সংগীতধৰ্মী বিশিষ্টতাৰ লগত সম্পৰ্কিত হ’বই লাগিব এনে কথা যিদৰে গুৰুত্বপূৰ্ণ নহয়, সেইদৰে সংগীতময়তাই কবিতাৰ ভাববস্তু দুৰ্বল কৰি তোলে এনে সূত্ৰও টানিব নোৱাৰি। এয়া নিতান্তই লেখকৰ শৈলী বা প্ৰকাশভংগীৰ অন্তৰ্গত বিষয়। অৱশ্যে প্ৰভাত বৰাই তেওঁৰ যথাৰীতি গ্ৰন্থৰ ‘নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা’ শীৰ্ষক প্ৰবন্ধত “নৱকান্ত বৰুৱাৰ শব্দচয়নৰ অভিনৱত্ব অথবা নীলমণি ফুকনৰ শব্দৰ অভিনৱ প্ৰয়োগ নিৰ্মলপ্ৰভাৰ কবিতাত পৰিলক্ষিত নহয়” বুলি উল্লেখ কৰি ‘‘প্ৰকাশভংগীৰ নিপুণ সাৰল্য আৰু স্বচ্ছতাই নিৰ্মলপ্ৰভাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য” আৰু এই বৈশিষ্ট্যৰ ক্ষেত্ৰত হীৰেন ভট্টও সমানে অংশীদাৰ বুলি ব্যক্ত কৰিছে। এইখিনিতে ব্যক্তিগতভাৱে উল্লেখ কৰিব খোজোঁ যে, আমি আচলতে হীৰেন ভট্টাচাৰ্যৰ কবিতাৰেই কবিতা পঢ়িবলৈ শিকিছিলোঁ। অসমীয়া কবিতাৰ পাঠক সৃষ্টিত যদি কোনো কবিয়ে অনুপ্ৰেৰণা দিয়ে তেন্তে সেই নিপুণ-সাৰল্য আৰু স্বচ্ছতা কবিৰ বাবে পাঠক সঁহাৰিৰ অংগী হৈ উঠিব পাৰে। নিঃসন্দেহে পাঠকৰো স্তৰ আছে—আমি তেনে বুদ্ধিদীপ্ততাৰ অংশীদাৰ বুলি দাবী কৰিব পৰা শ্ৰেণীৰ নহয়; কিন্তু এই শ্ৰেণীটোৰ সংখ্যা বেছি। অৱশ্যেই বৰাই তাৰ পিছত নিৰ্মলপ্ৰভা সম্পৰ্কে যি মন্তব্য কৰিছে সেয়া কিন্তু সমাজ প্ৰেক্ষাপটৰ দিশৰ পৰা মুঠেই গ্ৰহণযোগ্য নহয়। তেওঁ কৈছে— ‘‘সাধাৰণতে নাৰী কবিৰ প্ৰতি সমালোচকসকল অধিক হৃদয়বান যেন অনুমান হয়। বোধহয় নাৰী কবিৰ লক্ষণীয় সংখ্যালঘিষ্ঠতাই ইয়াৰ কাৰণ।” (পৃঃ ১১২) যদি নাৰী কবিৰ প্ৰতি সমালোচকৰ দুৰ্বলতা (অসমীয়া সমালোচনা সাহিত্যত মহিলা সমালোচকৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা) আছে, তেন্তে এয়াতো অতি সাংঘাতিক কথা। সংখ্যালঘিষ্ঠ বুলিয়েই যদি সমালোচক অধিক হৃদয়বান হৈ উঠে—এয়া সাহিত্য সমালোচনাৰ প্ৰতিয়েই এক অবিচাৰ। সংখ্যালঘিষ্ঠতাৰ আনুমানিকতাৰ সলনি ‘মহিলা’ হ’লে অন্যান্য কাৰকো সাঙুৰিব পাৰি, কাৰণ ‘মহিলা লেখক’ৰ বিষয়ে এনে গুজৱৰ অন্ত নাই। তদুপৰি সেই লেখক যদি বিবাহ বিচ্ছেদা, স্বামীহীনা অথবা অবিবাহিতা হয় (অৰ্থাৎ নিৰ্দিষ্ট ‘পুৰুষ ছত্ৰ’ তেওঁলোকৰ ওপৰত নাথাকে) তেন্তে গুজৱবোৰ আৰু বেলেগ বেলেগ মাত্ৰাত বিয়পি থাকে। প্ৰভাত বৰাই দুটা কথা কৈছে—দুয়োটা কথাই অনুমান আৰু ধাৰণা। নাৰী কবিৰ প্ৰতি সমালোচকসকল অধিক হৃদয়বান বুলি তেওঁৰ অনুমান হয় আৰু নাৰী কবিৰ সংখ্যালঘিষ্ঠতাই ইয়াৰ কাৰণ বুলি তেওঁ বোধ কৰে। অনুমান কৰা আৰু বোধ কৰা কথাৰ মাজেৰে কিন্তু বৰাই নিৰ্মলপ্ৰভাৰ কবি প্ৰতিভাক একধৰণে হেয় কৰিবলৈ এৰা নাই। প্ৰসংগক্ৰমে তেওঁ নিৰ্মলপ্ৰভা আমাৰ সমালোচকসকলৰ কাৰণে এমিলী বুলি ক’লে বোধহয় বেছি ভুল কৰা নহ’ব বুলি মন্তব্য কৰিছে। এইখিনিতে দুটা কথা উল্লেখনীয়—এমিলি ডিকিনছনৰ বিষয়ে বিচাৰিলে এনেধৰণৰ তলখুঁচৰীয়া কথাবোৰৰ সলনি এই ধৰণৰ কথাহে স্পষ্ট হৈ আছে যে— Emily Dickinson is considered one of the leading 19th century American poets, known for her bold original verse, which stands out for its epigrammatic compression, haunting personal voice, and enigmatic brilliance. (Encyclopaedia Britannica.(n.d.). Google. Britannica-Academic. 7th July, 2023) দ্বিতীয় কথা, যদিহে বৰাই অনুমান কৰাৰ দৰে সমালোচকসকলে মহিলাৰ বাবেই অধিক হৃদয়বান হৈ উঠে তেনেহ’লে তাৰ পিছফালেও সমালোচকৰ (বেছিভাগেই পুৰুষ) এক মতলববাজি দৃষ্টি আছে বুলি ধৰিব পাৰি। হয়—অধিক হৃদয়বান হৈ উঠাই দি কলিতে শেষ কৰা, নহয় হৃদয় ঢালি সুবিধা লোৱাৰ ফন্দি, নহ’লে অধিক হৃদয়বান হোৱাৰ পিছফালে কি আছে বুলি যাতে হাজাৰজনে কৈ থাকিব পাৰে আৰু প্ৰতিভাৰ পিছফালে সদায়ে এনে এটা ভাব লাগি থাকে যে মহিলা বাবেই অলপ আগবঢ়াই দিছে। যেনেকৈ বৰাই উল্লেখ কৰিছে—এমিলী ডিকিনছন মানে পৃথিৱীৰ এনে এগৰাকী কবি—যিগৰাকী ভাবৰ গভীৰতা আৰু কাব্যিক বিশুদ্ধতাৰ মাপকাঠীৰে সমালোচকৰ দৃষ্টিত উত্তীৰ্ণ নোহোৱা সত্ত্বেও মৰমেৰে সমালোচকসকলে কবি বনাই দিছিল। আমাৰ এই প্ৰসংগ ‘কবিতা পাঠ’ৰ অনুষংগ নহ’লেও আমি উল্লেখ কৰিছোঁ এই বাবেই যে সাহিত্যৰ লগত তাৰ প্ৰেক্ষাপট বিচাৰ প্ৰয়োজন হৈ পৰে। আমি নৱকান্ত বৰুৱা বা নীলমণি ফুকনৰ শব্দ চয়নৰ তুলনাৰে নিৰ্মলপ্ৰভাক বুজাতকৈ “অন্তৰংগৰ কবিতাবোৰ প্ৰেমৰ কবিতা। কোনো অপাৰ্থিৱ প্ৰেমৰ নহয়, পাৰ্থিৱ প্ৰেমৰেই। অসমীয়া নাৰীৰ পাৰ্থিৱ প্ৰেমৰ কবিতা-সংকলন বোধকৰো আগতে ওলোৱা নাছিল।” বুলি উল্লেখ কৰা নিৰ্মলপ্ৰভাৰ কবিতাত নাৰীৰ প্ৰেম, জীৱন আৰু পৰম্পৰা ভংগৰ অভীপ্সাক নতুন ধাৰাৰ দৃষ্টিৰেও বুজাটো প্ৰয়োজন। অৱশ্যে, এই বিষয়টোত বৰাৰ কিছু ৰিজাৰ্ভশ্যন আছে—‘‘চৰম ব্যক্তিকেন্দ্ৰিকতাৰ মাজতো পৰিৱৰ্তন অভীপ্সাৰ লক্ষণ পৰিদৃষ্ট হ’ব পাৰে। কেৱল প্ৰচলিত সমাজ-ব্যৱস্থাৰ প্ৰতি বিতৃষ্ণাই প্ৰগতিবাদ নহয়। শোষিত জনতাৰ অন্তৰ কামনাৰ সৈতে সেতুবন্ধনত সৰব হৈ নুঠা পৰ্যন্ত কোনো সাহিত্যই প্ৰগতিবাদী সাহিত্য হ’ব নোৱাৰে।” (যথাৰীতি, পৃঃ ১১৩-১১৪) ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত পুৰুষতান্ত্ৰিক ব্যৱস্থাত যুগ যুগ ধৰি নাৰী শোষণৰ বলি হৈ আহিছে। নাৰীৰ মন আৰু শৰীৰক বিভিন্ন কৌশলেৰে কেতিয়াবা পৰম্পৰাৰ নামত, কেতিয়াবা ধৰ্মৰ, কেতিয়াবা ৰীতি-নীতি, কেতিয়াবা সংস্কৃতি, কেতিয়াবা সভ্যতাৰ নামত দমন কৰি থকা হৈছে—এই  শোষণ, দমন আৰু বঞ্চনাৰ বিৰুদ্ধে সৰৱ হোৱাত প্ৰগতিবাদৰ কি সমস্যা আছে মই নাজানো। কিন্তু এনে বিষয়বোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিৰ্মলপ্ৰভাৰ ভূমিকা অন্যতম অগ্ৰণী। এনে বিষয়বোৰ মুক্ত কৰা মানেই ‘জুইৰ লগত খেলা’—যিটো কন্যাশিশুৰ মাকেবোৰে সৰুতেই শিক্ষা দিয়ে জুইৰ লগত নেখেলিবা।  

‘আইতা’ নামৰ কবিতাত আছে সন্তানহীনা নাৰী এগৰাকীৰ সামাজিক অৱস্থা। ‘আঁঠু সাবটা’ ব্যঞ্জনাই এগৰাকী সন্তানহীনা মহিলাৰ যন্ত্ৰণাক উপলক্ষ্য কৰিছে:

নুমলীৰ ননদৰ বিয়া
উখল-মাখল ঘৰ 
হাঁহি-খিকিন্দালি
বিয়া দিনাই পুৱা, দৈয়ন দিবৰ বেলা
হাঁহি-মাতি কাম কৰি কোনোবা পাকত 
নজনাকে চুলো যেই নোৱনী ঘটক
ব্ৰজপাত হ'ল যেন গোটেই ঘৰত।
মইতো অবাক :
নোৱনী ঘটটো নি দিলে দলিয়াই
চুলিত ধৰি মোক থ’লে আঁতৰাই :
“আঁঠু সাবটা এই কুলক্ষণী আহি
শুভকাৰ্যত কিয় বিঘিনী ঘটায়?''

সমাজৰ আচাৰ-অনুষ্ঠানত (মহিলাকেন্দ্ৰিক অনুষ্ঠান হ’লেও) পুৰুষতন্ত্ৰ কিদৰে শিপাই থাকে তাৰ ছবি এখন ‘আইতা’ত প্ৰতিফলিত। ‘কাল ধুমুহা’ কবিতাটোও সেইদৰে ছোৱালীৰ ‘বিবাহ’ৰ দ্যোতনা হৈ উঠিছে।

বা-মাৰলীত
এখিলা
সৰাপাতৰ
দৰে
এই সময়
যেন সেই
বিয়া নামটো 
“জীয়াৰী জীৱন
শিমলুৰ তুলা
নাজানি উৰি
ক'ত পৰে''। 

ভাৰতীয় পৰম্পৰাত ‘বিবাহ’ক নাৰীৰ ভাগ্য আৰু জীৱনৰ সামগ্ৰিকতাৰ স’তে বান্ধি পেলোৱা হয়। লোকসাহিত্যৰ পৰা তুলি অনা সমল—‘‘জীয়ৰী জীৱন শিমলুৰ তুলা নাজানি উৰি ক’ত পৰে” ইয়াত কবিয়ে ব্যৱহাৰ  কৰিছে। প্ৰকৃততে বিবাহৰ পৰাই নাৰী এগৰাকীৰ অধিকাৰ হস্তান্তৰিত হয় পিতৃৰ পৰা স্বামীলৈ, লগে-লগে পৰিয়াল, পৰিচিতি, সংস্কৃতি, দায়িত্ব—এই সকলোবোৰেই এক ‘অজানা স্তৰ’লৈ গতি কৰে। সুকুমাৰী ভট্টাচাৰ্যই বিবাহ প্ৰসংগে গ্ৰন্থত ভাৰতীয় মানুহৰ বিবাহ সম্পৰ্কে থকা বোধৰ ব্যাখ্যা কৰিছে এইদৰে— ‘‘দাম্পত্য জীবনে নাৰীকে ব্যক্তি হিচাপে অগ্ৰাহ্য কৰা হয়েছে আড়াই হাজাৰ বছৰ ধৰে। ঐতৰেয় ব্ৰাহ্মণ বলে, উত্তম নাৰী সংজ্ঞা হল যে স্বামীকে তুষ্ট কৰে, পুত্ৰসন্তানেৰ জন্ম দেয় এবং স্বামীৰ উক্তিৰ প্ৰতিবাদ কৰে না। (3 /২৪ /২৭) আবাৰ আপস্তম্ভ ধৰ্মসূত্ৰেও এই ধৰণেৰ কথা পাই। ( ১ /১০ / ৫১-৫৩) পুত্ৰসন্তানেই কাম্য তাই যে স্ত্ৰী শুধু কন্যাৰ জন্ম দেয় তাকে বাৰো বছৰ পৰে পৰিত্যাগ কৰা যায়। নিঃসন্তান স্ত্ৰীকে দশ বছৰ পৰে এবং মৃতবৎসাকে পনেৰো বছৰ পৰে ত্যাগ কৰা যায়। (বৌধায়ন ধৰ্মসূত্ৰ ২/৪/৬) আপস্তম্ব ধৰ্মসূত্ৰও এই কথাকে বলে (২/৫/১১-১৪) এবং পৰবৰ্তীকালে মনুসংহিতাতেও অনুৰূপ উক্তি পাই (৯/৪-এ) অৰ্থাৎ বোধটি ভাৰতীয়দেৰ চিত্তে সুদূৰ প্ৰাচীন কাল থেকেই দৃঢ়পোথিত।” (বিবাহ প্ৰসঙ্গে, ১৯৯৬, পৃঃ ৩৫)

লগতে পঢ়ক নিৰ্মলপ্ৰভা বৰদলৈৰ ‘মৰ্মান্তিক

না’ৰীয়ে সন্তান ধাৰণ কৰে সঁচা, কিন্তু এই সন্তান পুৰুষৰ সন্তান; সেয়ে বিবাহ অবিহনে আমাৰ সমাজ ব্যৱস্থাত নাৰী মাতৃ হ’ব নোৱাৰে। মাতৃত্বক নাৰীৰ গৰ্ব বুলি বিচাৰ কৰে কিন্তু কোনো নাৰীয়ে যদি স্বামীৰ অবিহনে ‘মাতৃত্ব’ অৰ্জন কৰে তেন্তে সৃষ্টি হ’ব দিগন্ততে হাহাকাৰ লেখীয়া কলংকৰ। ‘সংজ্ঞা : প্ৰেমৰ’ নামৰ কবিতাটো এক সুকীয়া মিতবাক ৰীতিৰে গভীৰ অৰ্থৱহ হৈ উঠিছে:

কিজানি তেতিয়াই সোমাই পৰেহি বিশাল নীলা
আকাশখন ফুলৰ পাহিটোত। খহি পৰে অন্ধকাৰ
ভৰিৰ তলুৱালৈ। গৰ্ভলৈ গৰ্বেৰে যায় বিদ্যুত। ছাই
হয় জঙ্ঘা-স্তন শৰীৰৰ সৰু খেৰী ঘৰ।

 ‘দ্ৰৌপদী’ কবিতাত ব্যক্ত ‘‘দেহী আমি তথাপি কৰোঁ যে বাস দেহৰ ঊৰ্ধ্বত” শাৰীটোৱে ‘দেহী আমি’ এই সত্যও স্পষ্ট কৰিছে; অৰ্থাৎ পাৰ্থিৱ-অপাৰ্থিৱ প্ৰেমৰ অনেক ব্যাখ্যাৰ পিছতো মানুহৰ শৰীৰক অস্বীকাৰ কৰা নাযায়,  অস্বীকাৰ কৰা নাযায় যৌৱনৰ বাসনাক। কিজানি তেতিয়াই সোমাই পৰে বিশাল নীলা আকাশ ফুলৰ পাহিত। কিন্তু সমাজৰ লক্ষ্মণৰেখা উলংঘনৰ লেখীয়া ভয়ংকৰ এয়া নাৰীৰ জীৱনত—কাৰণ নাৰীৰ নিজৰ শৰীৰৰ ওপৰত অধিকাৰ সমাজে দিয়া নাই। ‘গৰ্ভলৈ গৰ্বৰে যায় বিদ্যুৎ’ আৰু তাৰ পিছত ‘ছাই হয় জঙ্ঘা-স্তন শৰীৰৰ সৰু খেৰী ঘৰ’ এই বাক্য দুটাত প্ৰচ্ছন্ন আছে সেই নিৰ্মম সত্য। এফালে গৰ্বেৰে যায় আনহাতে ‘ছাই হয়’ এই পৰস্পৰ-বিৰোধী ব্যঞ্জনাই স্পষ্ট কৰিছে নাৰীৰ প্ৰেমৰ কঠোৰ ছবিখন।    

 লগতে পঢ়ক নিৰ্মলপ্ৰভা বৰদলৈৰ ‘জীৱন শিল্প’       

‘সোণালী ফিছাৰ মাছ’ কবিতাটোতো নাৰীক ‘সোণালী ফিছা’ৰ মাছৰ ৰূপক হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনাই বেছি। যদিও সাগৰতে মাছৰ জীৱন নিৰ্বাহ, কিন্তু গতি হৈ পৰে সকলো সময়তে শংকাপূৰ্ণ। সমাজ ব্যৱস্থাৰ পৰম্পৰাগত ধ্যান-ধাৰণাৰ বিশালতা আৰু গভীৰত নাৰীয়ে ককবকাই থাকে; যিমানে সি নিজৰ বাট কাটি আগবাঢ়িবৰ চেষ্টা কৰে সিমানে উবুৰি খাই পৰে—পানী আৰু পানী—

সি পানী কাটি গৈছিল
ফিছাৰে
সি পানী কাটি গৈছিল
বুকুৰে
এদিন তাৰ শীৰ্ণ কোৱাৰি ফালি
উবুৰি খাই পৰিল
সেই ভয়ংকৰ সমুদ্ৰ
একেখিনি পানী।

অসমীয়া কবিতাত মহিলাৰ বহুবোৰ অনুচ্চাৰিত কথাই নিৰ্মলপ্ৰভাই ব্যক্ত কৰিছে। অৱশ্যে সত্তৰ-আশী দশকমানৰ পৰা আমাৰ সাহিত্যলৈ অহা নাৰীবাদী আন্দোলনৰ দ্বাৰা তেওঁ প্ৰভাৱিত আছিল বুলি ক’ব নোৱাৰি। কিন্তু কেতিয়াবা তাত্ত্বিক দিশৰ স’তে জড়িত নাথাকিলেও সহজ মানৱীয় আবেদনেৰে নিজা অভিজ্ঞতাৰ আধাৰত মানুহে বিষয় একোটাক হৃদয়ঙ্গম কৰে। নিজৰ অভিজ্ঞতাতকৈ ভাস্বৰ সত্য কি হ’ব পাৰে! সুদীৰ্ঘদিনআৰুঋতু নামৰ কবিতাপুথিখনত ‘মোৰ মনৰ এষাৰ’ত কবিয়ে কৈছে— ‘‘সুদীৰ্ঘ দিনত প্ৰতিবিম্বিত হৈছে জীৱন। এই জীৱন একে সময়তে ব্যক্তিগত, একে সময়তে সামাজিক, সামূহিক। দৃশ্য-অদৃশ্য, গভীৰ, সুগভীৰ তাৰ অভিজ্ঞতা বিভিন্ন তৰপত নিজস্ব পটভূমিত।” মানুহৰ জীৱনৰ অভিজ্ঞতা কেতিয়াবা ব্যক্তিগত হৈয়ো সামূহিক। যি সামাজিক ফ্ৰেমত নাৰীয়ে জীৱন যাপন কৰে সেই সামাজিক ফ্ৰেমৰ নিৰ্ণায়ক ভূমিকাই নিয়ন্ত্ৰণ কৰে নাৰীৰ জীৱন। সমাজক প্ৰশ্ন কৰা মানেইতো জুইৰ লগত খেলা– এই ভয়ংকৰ খেলৰ প্ৰতি নাৰী উৎসাহিত নোহোৱাৰ সম্ভাৱনাই সৰহ। নিৰ্মলপ্ৰভাৰ প্ৰেমৰ কবিতাই প্ৰতিবাদৰ ধ্বজা উৰুৱাব পৰা নাই, কিন্তু অনুচ্চাৰিত শব্দবোৰ তেওঁ মুখৰ কৰি তুলিছে। পুৰুষ অভিজ্ঞতাৰ কলমেৰে এনে নিৰ্মাণ সহজ নহয়। তেওঁৰ ‘অভিষেক’ নামৰ কবিতাটোত উল্লেখ কৰাৰ দৰে— ‘শিলে কথা কওক’—যুগ যুগ ধৰি পুঞ্জীভূত যন্ত্ৰণাৰ গেদৰ হেঁচাত গোট মাৰি থকা শিলবোৰ নিনাদিত হৈ উঠক—

শিলে কথা কওক।
গোট মৰা শিলৰ সময়ে
শিল আৰু শিলৰ সময়ে।
শিল আৰু শিলৰ
সংঘৰ্ষৰ মাজত থকা
সোম স্বৰূপ জীৱন
বৈ যাওক
পোহৰ হৈ
অমৃত হৈ ...

নিৰ্মলপ্ৰভাৰ নিজৰ জীৱনটোৱেই এক সংগ্ৰাম। বাল্য বিবাহ, সন্তান লাভ আৰু তাৰ পিছত বিবাহ-বিচ্ছেদৰ লাঞ্ছনা-গঞ্জনা আৰু যন্ত্ৰণা বুকুত বান্ধি লৈ যিখিনি সময়ত তেওঁ সাহিত্য-সংস্কৃতিৰ এই জগতখনত ভৰি দিছে সেইখিনি সময়ত তেওঁৰ প্ৰতিটো খোজেই কাঁইটৰ ওপৰতে পৰাৰ সম্ভাৱনা। এনে অৱস্থাক অতিক্ৰম কৰি নিজৰ কলমত নাৰী-জীৱনৰ মৰ্ম অভিজ্ঞতাক প্ৰকাশ কৰাটোও তেওঁৰ কবিতাৰ এক বিশিষ্ট ধাৰা। বহু কথা ব্যক্তিগত হৈও সামূহিক বা শ্ৰেণীগত। ধুমুহাৰ মাজতো থৈ যোৱা নিজৰ গতিয়ে স্পষ্ট কৰে—অব্যক্ত অভিজ্ঞতাৰ অনুনাদ।

অনুৰাধা শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক আৰু লগতে এগৰাকী চিন্তাশীল লেখক, ঔপন্যাসিক আৰু কবি।