নীলমণি ফুকনৰ সান্নিধ্যৰ সোঁৱৰণ

সত্যজিৎ গগৈ

কবিৰ সৈতে লেখক

স্কুলীয়া কালতে নীলমণি ফুকনৰ কবিতাই মোক মুগ্দ্ধ কৰিছিল। সেই সময়ত মোৰ ককাইদেৱে সংগ্ৰহ কৰা নীলমণি ফুকনৰ কাঁইট, গোলাপ আৰু কাঁইট; গোলাপী জামুৰ লগ্ন সংকলন দুখনৰ লগতে প্ৰকাশ; নতুন পৃথিৱী আৰু ফুকনে সম্পাদনা কৰা সংজ্ঞা আলোচনীৰ পাতত ড0 হীৰেন গোহাঁই, ভৱেন বৰুৱা আৰু নলিনীধৰ ভট্টাচাৰ্যৰ নীলমণি ফুকনৰ কবিতা সম্পৰ্কে লিখা সমালোচনা পঢ়িবলৈ সুযোগ পাইছিলোঁ, যি মোক তেওঁৰ কবিতাৰ বিশাল জগতখনক জুমি চাব পৰাকৈ বাট এটা মুকলি কৰি দিছিল।

তেওঁৰ কবিতাৰ বিভিন্ন বিষয়, প্ৰকাশৰ অভিনৱত্ব, শব্দৰ অভিনৱ প্ৰয়োগ, বিশেষকৈ শব্দৰে তেওঁ চকুৰ আগত তুলি ধৰা বিস্ময়কৰ ছবিবোৰে মোক সদায় মুগ্দ্ধ কৰি ৰাখিছে।

শব্দৰ সাঁকোৰে হৃদয়লৈ
সংগোপন সংযোগ
শব্দৰ ভাৱনাৰে
ভটিয়াওঁ, উজাওঁ
শব্দৰ বহুৰঙী গম্বুজ দেখি
তন্ময় হৈ ৰওঁ
শব্দৰ কাঁচঘৰত সোমাই
দুৱাৰ বিচাৰি থতমত খাওঁ
কেতিয়াবা শব্দৰ হেতালি চায়েই
এবেলা কটাওঁ
শব্দৰ সুগন্ধ লওঁ
শব্দৰে শীতলাওঁ
উত্তাপ বঢ়াওঁ
বুকুত
তোমাৰ শব্দৰ
গুঞ্জৰিত ভ্ৰমণ

প্ৰিয় কবিজনক কাষৰপৰা চাবলৈ ২০১২ চনত এদিন তেওঁৰ ঘৰলৈ গৈছিলোঁ। বিশাল হৃদয়ৰ মানুহজনৰ সৰলতাই সেইদিনা বিশেষভাৱে মুগ্দ্ধ কৰিছিল। পাছলৈ বহুবাৰ সান্নিধ্য লাভৰ সুযোগ পাইছিলোঁ। কৰ্মসূত্ৰে তেওঁৰ পুত্ৰ অমিতাভ উজনিৰ কেইবাখনো বাগিচাত আছিল। পুত্ৰৰ ওচৰলৈ আহিলেই হেঁপাহেৰে তেওঁক লগ কৰিবলৈ গৈছিলোঁ। লগ পালেই তেওঁ মোক দুটা কথা সুধিছিল—কবিতা লিখি আছেনে, আছেনেকি লগত? আৰু সুধিছিল—নতুন কবিসকলৰ কোনে কোনে ভাল কবিতা লিখিছে?

তেওঁ কৈছিল—লিখি থাকক, কবিতা জীৱনৰ প্ৰতিকল্প বুলি গ্ৰহণ কৰক, কবিতাৰ সাধনা জীৱনৰ ব্ৰত বুলি লওক। এই সাধনা কণ্টকিত আৰু দীঘলীয়া কৃচ্ছ্ৰসাধনাৰ পথ। নিন্দা আৰু প্ৰশংসাৰ ঊৰ্ধ্বত থাকক। মনত ৰাখিব কবিতা ভাষা শিল্প, জীৱন শিল্পও। আকৌ কেতিয়াবা কৈছিল—“যিবোৰ উৎকৃষ্ট কবিতা, তাত অৰ্থ ব্যঞ্জনাৰ বিভিন্ন স্তৰ থাকে, যেনেকৈ পিয়াজৰ এটা বাকলি গুচালে আৰু এটা বাকলি ওলাই ঠিক তেনেকুৱা। এবাৰ যদি ওচৰৰ পৰাই গুচি আহা তেতিয়া তোমাৰ লোকচান। তেওঁৰ একো নহয়।”

এবাৰ তেওঁক কৈছিলোঁ, আপোনাক কবিতা আৰু জীৱন সম্পৰ্কে কেইটামান প্ৰশ্ন সুধিব খুজিছোঁ। তেওঁ কৈছিল—এতিয়ালৈকে বিভিন্নজনে মোক কবিতা আৰু জীৱন সম্পৰ্কে যিমানবোৰ প্ৰশ্ন সুধিছে তাৰ বাহিৰত যদি আপুনি প্ৰশ্ন সোধে উত্তৰ দিম। সেইমতে কেইটামান প্ৰশ্ন যুগুতাই সুধিছিলোঁ আৰু উত্তৰ দি গৈছিল তেওঁ। তাৰে কেইটামান উত্তৰ তেওঁৰ পাহৰিব নোৱাৰিলোঁ যি সংকলনখনত সন্নিৱিষ্ট কৰিছিল।

এদিন তেওঁ ফোন কৰি সুধিছিল—আপোনাৰ ওচৰত সংজ্ঞা আলোচনীৰ প্ৰস্তাৱনা সংখ্যাটো আছে নেকি? আমাৰ ঘৰৰ পৰা আলোচনীখন নোহোৱা হ’ল। মই আলোচনীখন বিচাৰি পাই কপি এটা কৰি দিছিলোঁ তেওঁক। তেওঁ সম্পাদনা কৰা সংজ্ঞা আলোচনীখনৰ সেই প্ৰস্তাৱনা সংখ্যাতে প্ৰকাশ পাইছিল ভবেন বৰুৱাৰ ‘অসমীয়া সংস্কৃতিত ‘নাইট মেয়াৰ” শীৰ্ষক প্ৰবন্ধটো। আলোচনীখন পাই তেওঁ কৈছিল—আলোচনীখন বিচাৰি বহুতৰ ওচৰত খবৰ কৰিলোঁ, কোনেও সন্ধান দিব নোৱাৰিলে। আপোনালোকৰ দৰে চাবুৱাৰ এখন ভিতৰুৱা গাঁৱত আজিও সুন্দৰকৈ সংৰক্ষন হৈ আছে। কথাষাৰ মনত পৰিলে পুলকিত হওঁ। পুলকিত হওঁ বৰেণ্য কবিজনৰ  সান্নিধ্যৰ প্ৰতিটো মুহূৰ্তক সোঁৱৰণ কৰি।

শব্দৰে যি ছবি
আঁকি গ'লা তুমি
প্ৰজ্ঞাৰ পোহৰত
হৃদয়ৰ ৰং সানি
বুজিলোঁ এতিয়া
সেই ছবি জীয়া সঁচা
তোমাৰ অনন্য দৃষ্টি।
মোৰ স’তে সলোৱা তুমি
নিদ্ৰা-অনিদ্ৰা দিন-ৰাতি
চাই আছা জুই, মাটি, পানী
মহাবৃত্তৰ কেন্দ্ৰত থিয় দি
চাই আছা কলিয়ে কিদৰে মেলে পাহি
জুয়ে খেদি ফুৰা জনতাৰ হিয়াৰ 
ধোঁৱাময় এন্ধাৰখিনি।
নোসোধোঁ তোমাক নীলমণি
পখিলাৰ পাখিৰপৰা খহি পৰা কথাবোৰ
মৃতই মৃতই আলিঙ্গন
জীৱিতৰ বাবে মৃতৰ
উচুপনিৰ কাহিনী
বুজিলোঁ এতিয়া
তুমি বুকুত লৈ ফুৰা
যন্ত্ৰণাৰ ই কি অভিনৱ মুক্তি।

সত্যজিৎ গগৈ এগৰাকী কবি আৰু তথ্যচিত্ৰনিৰ্মাতা। দুলীয়াজান নিবাসী গগৈয়ে নীলমণি ফুকনৰ জীৱন আৰু কৰ্মক লৈয়ো তথ্যচিত্ৰ নিৰ্মাণ কৰিছে।