আফৰুজা আখতাৰৰ মন্দিৰ
বুকুত মছজিদ এটা থকাৰ পিছতো
আফৰুজা আখতাৰৰ শান্তি নাছিল
মন্দিৰ এটা নবনোৱালৈকে বুকুত৷
তাকে লৈ বহুত কাহিনী আছে
আছে সঁচা মিছা বহুত ফুচফুচনি৷
কিন্তু এটা কথা ঠিক আফৰুজাই মোক সুধিছিল—
মন্দিৰ বনাবলৈ ক’ৰ পৰা আনিব ইটা?
মই কৈছিলোঁ—
অযোধ্যা বৃন্দাবনৰ পৰা আনিব নালাগে,
ঘৰৰ ওচৰৰ ইটাভাটিটোৰ পৰাই আনা৷
কৈছিলোঁ—
চিমেণ্ট বালিও আনিবা ঘৰৰ ওচৰৰ
আটাইতকৈ সৰু দোকানীজনৰ পৰা,
মিছা কথা ক’ব নোৱাৰা বাবে যিজন হৈ থাকিল
সদায় সৰু বেপাৰী!
আৰু মছলা মাৰিবলৈ পানীও আনিব নালাগে
নদীৰ পৰা৷
মন্দিৰ-মছজিদৰ কটাকটি-মৰামৰিত
বহু মানুহ উটি গৈছিল এই নদীৰে!
নদীৰ যে কিমান কষ্ট হৈছিল উটুৱাই নিবলৈ
সেইবোৰ শ
নদীবোৰ আৰু নদী হৈ থকা নাই আফৰুজা!
সেয়ে মছলা মাৰিবলৈ পানী নিবা কুঁৱাৰ পৰা
কলহত ভৰাই...
আফৰুজাৰ বুকুত মন্দিৰ হৈ যোৱাৰ পিছত
কিমান উৎসাহেৰে যে তাই মোক কৈছিল—
এতিয়া হেনো তাইৰ বুকুত আল্লা আৰু ঈশ্বৰে
একেখন কাঁহীতে খায়
একেখন বিছনাতে শোৱে!
মই তাইক সুধিছিলোঁ—
দুয়োজন দেখিবলৈ কেনেকুৱা?
আফৰুজাই ক’লে—
দুয়োজন যঁজা৷
সেয়ে তাই হেনো এতিয়া
চিনিবই নোৱাৰা হ’ল
কোনজন ঈশ্বৰ কোনজন আল্লা!
২২ ছেপ্টেম্বৰ ২০২৪, লিডু
An English translation of the poem.