Issue: Vol. IV, No. 4, February-April, 2026
নিকানোৰ পাৰা (জ. ৫ ছেপ্টেম্বৰ, ১৯১৪-মৃ.২৩ জানুৱাৰী, ২੦১৮) চিলিৰ আটাইতকৈ প্ৰভাৱশালী কবিসকলৰ এজন৷ নিজকে ‘প্ৰতিকবি’ (Antipoet) বুলি গণ্য কৰা পাৰাই প্ৰচলিত কাব্যধাৰাৰ বিপৰীতে তেওঁ তীব্ৰ পৰিহাসময় আৰু কথিত ভাষাত এবিধ নতুন ধৰণৰ কবিতা লিখিছিল৷ মিলাৰ ৱিলিয়ামছৰ সৈতে হোৱা এই কথোপকথনটিত পাৰাৰ কবিতাত পৰা বিভিন্ন ধৰণৰ প্ৰভাৱ, প্ৰতিকবিতাৰ বিকাশ, অধিবাস্তৱবাদীসকলৰ সৈতে তেওঁৰ সম্পৰ্ক, পাবলো নেৰুডাৰ সৈতে তেওঁৰ সম্পৰ্ক আদি প্ৰসংগবোৰ চৰ্চিত হৈছে৷ কথোপকথনটি প্ৰথম প্ৰকাশ পাইছিল Shenandoah 18ত (১৯৬৬)৷ ইনোটছ নামৰ ৱেবছাইটত প্ৰকাশ পোৱা পাঠৰপৰা বৰ্তমানৰ অনুবাদটো আগবঢ়োৱা হৈছে৷ উল্লেখযোগ্য যে সাক্ষাৎগ্ৰহণকাৰী মিলাৰ ৱিলিয়ামছ (জ. ৮ এপ্ৰিল, ১৯৩੦¬-মৃ. ১ জানুৱাৰী, ২੦১৫) নিজেও এগৰাকী আমেৰিকান কবি আৰু অনুবাদক৷ তেওঁ পাবলো নেৰুডা আৰু নিকানোৰ পাৰাৰ কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে৷ অসমীয়া অনুবাদ: প্ৰকল্প ৰঞ্জন ভাগৱতী
“মুক্তি অবিহনে কবিতা থাকিব নোৱাৰে। কবিতা হ’ল স্বাধীনতা প্ৰকাশৰ আত্মা।”

আপোনাক ১৯৩৮ৰ প্ৰজন্মৰ সদস্য বুলি কোৱা হয়৷ ইয়াৰ অৰ্থ হ’ল আপুনি অন্ততঃ চাব্বিছ বছৰ আগতে লিখিবলৈ লৈছিল, নিঃসন্দেহ গণিতজ্ঞ হোৱাৰ আগতে৷ গণিত আৰু পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰলৈ কিহে আপুনি লৈ গৈছিল?
একেসময়তে সৰ্বত্ৰ উপস্থিত থকাৰ এক সৎ আকাংক্ষাই৷ এইটো কোনো বৌদ্ধিক অহংকাৰ নাছিল৷ এইটো আছিল একীভূত হোৱাৰ এক প্ৰবৃত্তি৷ কিন্তু ইচ্ছাটো ব্যয়বহুল আছিল৷ লেখকসকলে মোক এজন বিজ্ঞানী বুলি গণ্য কৰে, আৰু মোৰ বিশ্ববিদ্যালয়ৰ সহকৰ্মীসকলে মোক এজন লেখক হিচাপে চায়৷ ইয়াৰ এক বাস্তৱিক কাৰণো আছে৷ পূৰ্ণকালীন কবিৰ বাবে আমাৰ সমাজত কোনো ঠাই নাই৷ তথাকথিত অনুন্নত দেশত বৰ্তি থাকিবলৈ অকলে সকলো সম্ভালাৰ বাহিৰে কোনো উপায় নাই৷
আপোনাৰ বৈজ্ঞানিক প্ৰশিক্ষণে কবিতাক প্ৰভাৱিত কৰিছে নে? আপোনাৰ বিশেষ চিত্ৰকল্প, অথবা আপোনাৰ কবিতাৰ কঠিন অনুভূতিবোৰ, সংক্ষিপ্ততাৰ ক্ষেত্ৰত কিবাকৈ ইয়াৰ প্ৰভাৱ আছে নেকি?
চিত্ৰকল্পৰ ক্ষেত্ৰত, হয়৷ ধ্ৰুপদী বলবিজ্ঞানৰ মৌলিক কথাবোৰৰ ছাত্ৰ হিচাপে মোৰ এটা অভ্যাস গঢ় লৈ উঠিছে— মই তেতিয়াহে আগবাঢ়োঁ যেতিয়া বাটটো স্পষ্টকৈ দেখা পাওঁ। গণিতৰ ঐতিহাসিক-সমালোচনামূলক পদ্ধতিটো সচেতনভাৱে বা অৱচেতনভাৱে কাব্যিক অনুসন্ধানৰ ক্ষেত্ৰখনলৈ লৈ আনিলে, তাৰ পৰিণতি এক স্পষ্ট, পৰিপাটী আৰু স্বচ্ছ প্ৰকাশভংগীত পৰিণত নহৈ নোৱাৰে। কিন্তু কেতিয়াবা এই ব্যৱস্থাটোৱে ওলোটাকৈও কাম কৰে। মই ক’ব খুজিছোঁ যে নিউটনৰ লাওখোলাটোৰ ভিতৰত কি চলি আছে ছিদ্ৰ কৰি চাবলৈ ‘প্ৰতিকবিতা’ (antipoetry) এক ফুটা কৰা সঁজুলি হ’ব পাৰে। সেই ছিদ্ৰকৰণৰ ফলতে আমি লাভ কৰিছোঁ ‘অ-বলবিজ্ঞান’ (anti-mechanics), যিয়ে জড়তাৰ ভিত্তিত মহাকৰ্ষণীয় ভৰৰ অভিন্নতাৰ নীতিৰ পৰা আৰম্ভ কৰি F = ma সমীকৰণৰ ৰহস্যটো ব্যাখ্যা কৰে।
ফাৰ্নাণ্ডো এলেগ্ৰিয়াই কৈছে যে আপোনাৰ প্ৰজন্মৰ লেখকসকলৰ ভিতৰত কেৱল আপুনিহে এক ‘থুল’ (School) গঢ়ি তুলিবলৈ সক্ষম হৈছে। চিলিত সঁচাকৈয়ে কবিতাৰ অধিবাস্তৱবাদী থুল এটা আছে নেকি?
মই নিজকে চিলিৰ অথবা ফ্ৰান্সৰ অধিবাস্তৱবাদীসকলৰ সৈতে একাকাৰ নকৰোঁ, যদিওবা মনোবিশ্লেষণমূলক নীতিসমূহৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আছে। মই ফ্ৰয়েডীয় গভীৰতাৰ লগতে উপৰিভাগৰ মানসিক প্ৰক্ৰিয়াবোৰো ভাল পাওঁ। মই পূৰ্ণাংগ মানৱ সত্তাৰ সৈতে কাম কৰোঁ— কেৱল এটা মনস্তাত্ত্বিক সত্তা হিচাপে নহয়, বৰঞ্চ এক ঐতিহাসিক সত্তা হিচাপেও, যিটো অতি তাৎপৰ্যপূৰ্ণ। মানৱীয় কোনো বিষয়েই মোৰ বাবে অচিনাকি নহয়। সেইবাবেই মোক ‘সৌন্দৰ্যৰ কবি’সকলৰ সৈতে খেলিমেলি কৰিব নালাগে, তেওঁলোকৰ মোৰ দৃষ্টিত বিশেষ গুৰুত্ব নাই। মই নিজকে এজন ‘প্ৰতিকবি’ (antipoet) বুলি পৰিচয় দিবলৈ বেছি ভাল পাওঁ। একেদৰে চিলিৰ কবিতাৰ মহান ব্যক্তিত্ব এনৰিক লিহান, ৰাউল ৰিভেৰা, গেব্ৰিয়েল কাৰ্ভাজাল, মাৰিঅ’ ফেৰেৰো, আৰ্মাণ্ডো উৰিবে আৰু আন বহুতো লেখকক তেওঁলোকৰ বিকাশৰ কোনোবা নহয় কোনোবা পৰ্যায়ত ‘প্ৰতিকবি’ বুলি অভিহিত কৰা হৈছে। আনকি স্বয়ং নেৰুডাই তেওঁৰ এষ্ট্ৰাভাগাৰিঅ’ (Estravagario) গ্ৰন্থখনৰ বাবে এই স্বীকৃতি পাইছে। আৰ্জেণ্টিনাৰ পৰা চিমন কাৰ্জিয়ামেনে এণ্টিপয়েমছ ১৯৬২ নামৰ এখন কিতাপ লিখি উলিয়াইছে। প্ৰতিকবিতাৰ অৰ্থ বুজি পোৱা আন লেখকসকলৰ ভিতৰত আছে উৰুগুৱেৰ মাৰিঅ’ বেনেডেটি, ভেনিজুৱেলাৰ কাৰ্লছ ৰেবোলেডো, পানামাৰ এৰিষ্টিডছ মাৰ্টিনেজ আৰু বলিভিয়াৰ অস্কাৰ ইচাজা। লগতে কিছুমান উত্তৰ আমেৰিকাৰ কবি যেনে গিন্সবাৰ্গ, ফাৰ্লিংঘেটি আৰু লুই গাৰ্চিয়াও আছে। মই যেতিয়া ৰাছিয়াত আছিলোঁ, ভজনেনস্কিৰ সৈতে মোৰ বন্ধুত্ব হৈছিল৷ তেওঁ সম্পূৰ্ণৰূপে এজন প্ৰতিকবি৷ জুয়ান-আগষ্টিন পালাজুৱেলোছে এতিয়া ‘প্ৰতিগদ্য’ (antiprose) ৰচনাৰ কাম কৰি আছে। চিলিৰ জৰ্জ ইলিয়ট, লিহান, ছাৰ্জিঅ’ হাৰ্নাণ্ডেজ, ফ্ৰেডেৰিকো শ্ব’ফ আৰু পেড্ৰ’ লাষ্ট্ৰা; উৰুগুৱেৰ বেনেডেটি আৰু ৰড্ৰিগেজ মনেগাল; ছুইডেনৰ আৰ্থাৰ লুণ্ডকুইষ্ট আৰু ৰাছিয়াৰ ভিদাছ ছিলিমাছ হৈছে প্ৰতিকবিতাৰ বিশিষ্ট ভাষ্যকাৰ। ইয়াৰ আটাইতকৈ কট্টৰ শত্ৰুসকল হ’ল পাব্লো ডি ৰোখা আৰু সৰলমতীয়া ফাডাৰ ছালভাটিয়েৰা।
আপুনি প্ৰতিকবিতা বা প্ৰতিকবিসকলক বুজাবলৈ “বিট” (Beat) শব্দটো ব্যৱহাৰ কৰিবনে?
আচলতে, আপুনি জানিবই চাগে’ যে ছান ফ্ৰান্সিস্কোৰ ‘বিটনিক'(beatnik)সকলে মোৰ প্ৰতিকবিতাৰ এটা সংকলন সম্পাদনা কৰিছে। মোৰ কামৰ প্ৰতি তেওঁলোক স্বাভাৱিকতেই আগ্ৰহী, যিহেতু আমাৰ লেখাৰ মাজত নিশ্চিতভাৱেই কিছুমান উমৈহতীয়া উপাদান আছে। প্ৰথম কথা হ’ল, আমি সকলোৱেই চৰম সংস্কাৰবিৰোধী। বিটনিক আৰু প্ৰতিকবিসকলৰ হাঁহিৰ ওপৰত গভীৰ বিশ্বাস আছে; তেওঁলোকে হাঁহিক এক মুক্তিদাতা শক্তি বুলি গণ্য কৰে। কিন্তু গা-পা নোধোৱাটোত মোৰ সন্মতি নাই আৰু মই মাৰিজুৱানা বা গাঞ্জা ব্যৱহাৰ কৰাটোও সমৰ্থন নকৰোঁ।
আপোনাৰ কবিতাবোৰক সাধাৰণতে ‘অধিবাস্তৱবাদী’ (surrealistic) বুলি কোৱা হয়। নিশ্চিতভাৱে ‘Soliloquio del Individuo’ আৰু ‘La Montana Rusa’ৰ দৰে কবিতাই আপুনি পৃথিৱীখনৰ বিষয়ে কি ভাবে, সেই বিষয়ে আমাক স্পষ্টকৈ কয়। সেইবোৰ কিছু পৰিমাণে নীতিশিক্ষামূলক। কিন্তু ‘Suenos’ কবিতাটোত বিশুদ্ধ অধিবাস্তৱবাদী চিত্ৰকল্প থকা যেন লাগে। ই আপোনাৰ সামগ্ৰিক কৰ্মৰাজীৰ সৈতে কেনেকৈ সম্পৰ্কিত?
‘Suenos’ত মই এজন সজাগ পাঠকৰ মনত টোপনিৰ অনুভূতি জগাই তোলাৰ বাহিৰে বেলেগ একো দাবী নকৰোঁ; যাৰ বাবে মই এগছি যাদুকৰী চাকিৰ দৰে স্বপ্নৰ প্ৰাথমিক পৰিস্থিতিবোৰ প্ৰক্ষেপণ কৰাৰ এটা সৰল পদ্ধতি ব্যৱহাৰ কৰোঁ। সম্ভৱতঃ ইয়াতেই মই বাস্তৱবাদৰ আটাইতকৈ কাষ চপা অনুভৱ কৰোঁ। কিন্তু নিয়ম অনুসৰি মোৰ কবিতাই সপোনৰ দেশত যিদৰে বুৰ মাৰে, ঠিক সেইদৰে সজাগ অৱস্থাতো সিমান বাৰেই বুৰ মাৰে। প্ৰতিকবিতাই সকলো দিশতে একেই শক্তিৰে লক্ষ্যভেদ কৰে।
আপুনি ‘চল্লিছ’ সংখ্যাটো সঘনাই ব্যৱহাৰ কৰে। ইয়াৰ কিবা বিশেষ তাৎপৰ্য আছে নেকি?
মই কথাটো লক্ষ্যই কৰা নাছিলোঁ। সম্ভৱতঃ মই এইটো স্পেনিছ ‘ব্ৰিস্কা’ (Brisca) নামৰ তাচখেলৰ পৰা লৈছোঁ। চিলানৰ এটা দুৰ্ধৰ্ষ অঞ্চলত ডাঙৰ-দীঘল হোৱাৰ সময়ত ল’ৰালি কালত মই এই খেলটো বহুত খেলিছিলোঁ। ব্ৰিস্কাত ৪০— ঘোঁৰা আৰু ট্ৰাম্প ৰজা— হ’ল জয়লাভৰ যুতি।
আপোনাৰ কবিতা নেৰুডাৰ গীতিধৰ্মী শৈলীৰ পৰা স্পষ্টকৈ আঁতৰি অহা যেন লাগে। যিহেতু তেওঁ অন্ততঃ জীৱনৰ কিছু সময় সাগৰৰ পাৰত থাকে আৰু আপুনি ইয়াত ছাণ্টিয়াগোত থাকে, ‘এণ্ডিছ পৰ্বতমালা জিন্দাবাদ, উপকূলীয় পৰ্বতমালা মুৰ্দাবাদ’ ধৰণৰ শাৰী থকা ‘Viva la Cordillera de lso Andes’ কবিতাটো নতুন কবিতা আৰু অধিক পৰম্পৰাগত ৰচনাৰ প্ৰতি আপোনাৰ মনোভাবৰ প্ৰকাশ নেকি?
মোৰ কাম আৰু চিন্তাধাৰাক নেৰুডাৰ দৃষ্টিভংগীৰে চোৱাৰ এক ধৰণৰ প্ৰৱণতা আছে। যিটো আচৰিত হ’বলগীয়া কথা নহয়, কিয়নো লেটিন আমেৰিকাৰ কাব্যিক প্ৰকাশৰ ক্ষেত্ৰত তেওঁ সম্ভৱতঃ আটাইতকৈ স্বাভাৱিক আৰু যুক্তিসংগত প্ৰসংগৰ উৎস; আনকি কিছুমানে মোক ‘প্ৰতি-নেৰুডা’ (anti-Neruda) বুলিও কয়। যিসকলে নেৰুডা আৰু মই যৌথভাৱে প্ৰকাশ কৰা ‘Discursos’ পঢ়িছে, তেওঁলোকে জানে যে আমাৰ মাজত কোনো গভীৰ বিভাজন নাই। আমাৰ সম্পৰ্কটো এজন পিতৃ আৰু পুত্ৰৰ দৰেহে, ‘কাফিৰ’ আৰু ‘হটেনটট’ৰ দৰে শত্ৰুতাৰ নহয়। বৌদ্ধিক আৰু আৱেগিক উভয় ক্ষেত্ৰতে এই সম্পৰ্ক সঁচা। মোৰ কবিতাবোৰে সেই নেতিবাদক লক্ষ্য কৰি লয় যিটো প্ৰতিটো আৱেগিক আৰু দৃঢ় ইতিবাচক ঘোষণাৰ মাজত অপৰিহাৰ্যভাৱেই নিহিত থাকে। এইবোৰ জীৱনৰ এক আনন্দময় গ্ৰহণযোগ্যতা আৰু মৃত্যুৰ এক হাস্যৰসপূৰ্ণ গৰিহণাৰ দৰে। মনত ৰাখিব যে চিলিত সূৰ্য এণ্ডিছ পৰ্বতত উদয় হয় আৰু সাগৰত অস্ত যায়।
হুইটমেন আৰু পাউণ্ডে ইংৰাজী ভাষাত যিদৰে পুৰণি সাঁচ ভাঙিছিল, ঠিক তেনেদৰেই নিকানোৰ পাৰাই স্পেনিছ কবিতাৰ গতানুগতিক সাঁচটো ভাঙি পেলাইছিল। আপুনি জানো ইয়াকে কৰিবলৈ ওলাইছিল?
হয়। এয়া এনে এটা কাম আছিল যিটো কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল। আমি ‘এথেনিয়াম’ৰ (জ্ঞানৰ মন্দিৰ) দুৱাৰ-খিৰিকীবোৰ খুলি দিব লগা হৈছিল যাতে কিছু পোহৰ আৰু অক্সিজেন সোমাব পাৰে। আমি পুনৰ তেজ-মঙহৰ মানুহজনৰ ওপৰত, তেওঁৰ ইতিবাচক আৰু নেতিবাচক সকলো মাত্ৰাৰ সৈতে গুৰুত্ব দিব লগা হৈছিল। কিন্তু মোৰ উদ্দেশ্য পাউণ্ডতকৈও অধিক আমূল বা চৰম। কিয়নো মই এনে এক ‘বহুৰূপী’ৰ সৈতে কাম কৰোঁ যিয়ে বৰ্ণালীৰ সকলো ৰঙৰ মাজেৰে নিজকে চলাই লৈ ফুৰে। তেওঁ একে সময়তে স্পষ্ট আৰু আন্ধাৰময়, সৰ্বহাৰা আৰু বুৰ্জোৱা, অসুস্থ আৰু সুস্থ। মোৰ সৃষ্টিৰ একমাত্ৰ স্থিৰ উপাদানটো হ’ল ‘প্ৰামাণিকতা’।
বৰ্তমান আমেৰিকাত প্ৰতিকবিতা বুলি ক’ব পৰা কবিতা লিখা হৈছে— কাৰ্ল শ্বাপিৰো আৰু আনসকলৰ গদ্য-কবিতা। আপুনি ইয়াৰ সৈতে পৰিচিত নেকি?
নাই, মই শ্বাপিৰোক চিনি নাপাওঁ, কিন্তু মই এতিয়াই বহি তেওঁৰ লেখা পঢ়িম।
আপোনাৰ প্ৰাৰম্ভিক কালৰ কবিতাবোৰ বিশিষ্ট স্পেনিছ কবিসকলৰ পৰম্পৰাগত ৰচনাৰ আৰ্হিত গঢ়া হৈছিল নেকি?
মই এজন ‘গাৰ্চিয়ালৰ্কিয়ান’ (Garcialorquian- ফেডেৰিকো গাৰ্চিয়া লৰ্কা) কবি হিচাপে যাত্ৰা আৰম্ভ কৰিছিলোঁ। সেই সময়ত মোৰ পৰিকল্পনা আছিল লৰ্কাই স্পেইনত যি পদ্ধতি ব্যৱহাৰ কৰিছিল, সেই একেই পদ্ধতি চিলিত প্ৰয়োগ কৰা। কিন্তু কিছু সময়ৰ পিছত মই মোৰ গুৰুৰ প্ৰতি মোহভংগ হ’লোঁ আৰু নিজাকৈ এক দৰ্শন চিন্তা কৰিবলগীয়া হ’ল। তাৰপিছত, যেতিয়া মই নিজে চিন্তা কৰিবলৈ ধৰিলোঁ, প্ৰথমটো কথা মই উপলব্ধি কৰিলোঁ যে মোৰ চৰিত্ৰটো নৱজাগৰণৰ পৰা উদ্ভৱ হোৱা নাই, বৰঞ্চ তাৰো বহুত আগৰ পৰাহে আহিছে৷ এৰিষ্ট’ফেনিছৰ পৰা৷ চ’চাৰৰ পৰা৷ গেষ্টা ৰোমান’ৰাম’ৰপৰা৷ স্পেনিছ ‘পিকাৰেস্কু’ (picaresque) উপন্যাসৰ পৰা৷ চাৰ্ভান্টিছৰ পৰা৷ কুৱেভেডোৰ পৰা। আৰু তাৰ পিছত কাফকাৰপৰা, আৰু চেপলিনৰ পৰা। কিন্তু প্ৰতিকবিতা সৃষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছিল চিলিৰ জনপ্ৰিয় চৰিত্ৰবোৰ। বিশেষকৈ ‘ক্ৰাইষ্ট অফ এলকুই’ আৰু ‘এল ৰ’টো চ’ৰ’’। (‘ক্ৰাইষ্ট’ আছিল চিলিৰ বাটে বাটে ঘূৰি ফুৰা এজন সাধু; ‘এল ৰ’টো চ’ৰ’’ হ’ল এজন কঠোৰ আৰু ৰসিক যাযাবৰ।)
মই শুনিবলৈ পাইছোঁ যে আপুনি কিছু দিন নেৰুডাৰ ঘৰত আছিল, আৰু মই জানো যে আপোনালোকৰ মাজত বহু বছৰৰ বন্ধুত্ব। আপোনাৰ কবিতাৰ বিকাশত তেওঁৰ কিবা পোনপটীয়া প্ৰভাৱ আছে নেকি?
মই কেতিয়াও নেৰুডাৰ ঘৰত থকা নাই। অৱেশ্য আমি বন্ধু আছিলোঁ আৰু আজিও আমি বন্ধু হৈ আছোঁ। আমি একেটা চুবুৰীতে বাস কৰিছোঁ। কেতিয়াবা আমি ইজনে সিজনক প্ৰতিদিনেই লগ পাইছিলোঁ। নেৰুডাই মোক বহু কথা শিকাইছে। প্ৰতিজন স্পেনিছ-ভাষী কবিৰ যাত্ৰা নেৰুডাৰ Residencia en la Tierra নামৰ কিতাপখনৰ মাজেৰে হয়। কিন্তু তেওঁ হ’ল এজন মহান ভদ্ৰলোক আৰু মই এজন গঞা যুৱক।

নিকানোৰ পাৰাক বাদ দি, বৰ্তমান লেটিন আমেৰিকাত লিখি থকা শ্ৰেষ্ঠ কবি কোন?
বৰ্তমানৰ লেটিন আমেৰিকান কবিতাৰ বিষয়ে মূল্যায়ন কৰিব পৰাকৈ মই সিমান ভালদৰে নাজানো। চিলিৰ যিজন কবিয়ে মোক আটাইতকৈ বেছি আকৰ্ষিত কৰে, তেওঁ হ’ল এনৰিক লিহান (Enrique Lihn)।
চিলিয়ে নিজৰ সামৰ্থ্যতকৈও অধিক হাৰত ইমানবোৰ ভাল কবি কেনেকৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছে?
অগণন আৰু স্থায়ী কিছুমান কাৰণত চিলি এখন অনন্য দেশ। ইয়াৰ প্ৰথম কাৰণটো হ’ল দেশখনৰ ভৌগোলিক অৱস্থান। সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ লগে লগে এই দেশখনে বহু সংখ্যক গদ্য লেখক, বিজ্ঞানী, পণ্ডিত আৰু দাৰ্শনিকো সৃষ্টি কৰিব।
আপুনি জনা ভাষাসমূহৰ ভিতৰত— অন্ততঃ স্পেনিছ, ফৰাচী আৰু ইংৰাজী— কাব্যিক প্ৰকাশৰ মাধ্যম হিচাপে সেইবোৰৰ তুলনা কেনেকৈ কৰিব? এজন কবিয়ে এটা ভাষাত কাম কৰিলে আনটোতকৈ কিবা সুবিধা বা অসুবিধা পায় নেকি?
যিহেতু প্ৰতিকবিতা কোনো ভাষাতাত্ত্বিক শাখা নহয়, বৰঞ্চ শব্দৰ যাদুৰ জৰিয়তে বাস্তৱৰ কাষ চপাৰ এটা পদ্ধতিতহে, সেয়েহে ইয়াৰ ক্ষেত্ৰত কোনো বিশেষ ভাষাই অগ্ৰাধিকাৰ নাপায়। উদাহৰণস্বৰূপে, আলাকালুফ ইণ্ডিয়ানসকলৰ (Alacalufe Indian) বাবে তেওঁলোকৰ নিজৰ আলাকালুফ ভাষাতকৈ উপযুক্ত আন একোৱেই নাই। অৱশ্যে আন ভাষাত কৰা চৰ্চাই প্ৰতিকবিজনক অপ্ৰত্যাশিত নতুন দিগন্তৰ সন্ধান দিব পাৰে। অন্যথা পিকাছোৱে আদিম জনগোষ্ঠীসমূহৰ স্থিতিস্থাপক ভাষা(plastic language)ৰ প্ৰতি ইমান আগ্ৰহ নেদেখুৱালেহেঁতেন। আৰু মই একমত যে এটা ভাষা আনটোতকৈ অধিক জটিল বা চহকী হ’ব পাৰে, কিন্তু প্ৰায়ে ইয়াৰ পৰিসৰ যিমানে বৃদ্ধি পায়, ইয়াৰ তীব্ৰতা সিমানেই হ্ৰাস পায়। তথাপি ভাষাবোৰৰ অধ্যয়ন কামত আহে। মোৰ বাবে ইংৰাজী ভাষা অতি আকৰ্ষণীয় ভাব-চিন্তাৰ এক সাধাৰণ উৎস হৈ আহিছে।
স্পেনিছ কবিতাৰ সাধাৰণ দুৰ্বলতাবোৰ কি কি? অৰ্থাৎ, স্পেনিছ কবিসকল প্ৰায়ে আক্ৰান্ত হোৱা ৰোগবোৰ কি কি?
ৰূপতত্ত্ব আৰু অলংকাৰ, অতিকথন, কৃত্ৰিমতা, অত্যুৎকৃষ্টতা, চৰিত্ৰৰ দুৰ্বলতা, কোমলতা।
শেষত, এটা ‘প্ৰতি-প্ৰশ্ন’ (anti-question): মই নোসোধা এনে কোনো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপুনি কি বুলি দিলেহেঁতেন?
মুক্তি অবিহনে কবিতা থাকিব নোৱাৰে। কবিতা হ’ল স্বাধীনতা প্ৰকাশৰ আত্মা।