ৰিপুঞ্জয় গগৈ
Issue: Vol. IV, No. 3, November-January, 2025-26

কবিতা লিখাতো এক প্ৰকাৰে সাঁতোৰাৰ দৰে কথা। পানীত পৰি ককবকাই থাকিব পাৰি। কেতিয়াবা পানীত নুবুৰিবলৈকে খেৰকুটাকো খামুচি ধৰা হয়। কিন্তু সাঁতুৰিবলৈ হ’লে শিকিব লাগিব। এই শিকাতো সদায়ে আনে নিশিকায়। নিজেও শিকিব লাগিব।
কবিতা লিখা আৰু কবিতা ভবা সেয়া মোৰ মতে সম্পূৰ্ণ দুটা পৃথক বস্তু। এসময়ত মই কলেজৰ মাষ্টৰ আছিলোঁ। মুঠতে ১২০টাতকৈ অধিক কবিতাৰ সংজ্ঞা পঢ়িছিলোঁ আৰু পঢ়ুৱাইছিলোঁ। কিন্তু এই সংজ্ঞাবোৰে নিজৰ ভিতৰতেই দ্বন্দ্ব-খৰিয়াল কৰি থাকে। এই তিনিকুৰি পোন্ধৰ বছৰেও কোনো এটা মীমাংসালৈ আহিব পৰা নাই। তথাপি লিখিতো আছোঁ! মই মানুহক প্ৰায় কেৰেলুৱাৰ সাধুটো কওঁ। এদিন দুঠেঙীয়া মানুহে শ ঠেঙীয়া কেৰেলুৱাক সুধিলে, “আমাৰ মাত্ৰ দুটা ঠেং। তাতেই আমি খুন্দাখুন্দলি খাই ফুৰোঁ। তুমিনো তোমাৰ এশখন ঠেং কেনেকৈ চলাই লৈ ফুৰা?”
কথা শুনি কেৰেলুৱা ৰ’ল। হয়তো ভাবিবলৈ আৰম্ভ কৰিলে, আৰু গৈ থকা কেৰেলুৱাটো পাক খাই আঙঠিটোৰ দৰে হৈ পৰিল। কবিতাৰ দশাটো এনেকুৱাই। সাধাৰণ কথা-বতৰাৰ ভাবটোক লৈ বিভিন্ন ধৰণে ভাব-ছন্দ-অলংকাৰ আদিৰে সজাই-পৰাই কবিয়ে কবিতা লিখি যায়, স্বচ্ছন্দভাবেই। কিন্তু কবিক যদি “কিয়, কেনেকৈ, কেতিয়া” –এনেধৰণৰ প্ৰশ্ন সোধা হয় তেওঁৰো অৱস্থা তেতিয়া কেৰেলুৱাটোৰ দৰে হয়। তেওঁ আৰু কবিতা লিখিব নোৱাৰা হয়।
তাহানিতে মোক কবিতা লিখিবলৈ শিকোৱা মানুহ এজন হ’ল ৰত্নকান্ত বৰকাকতী। প্ৰথম অৱস্থাত মই বহুতো কবিৰ পৰা কবিতা অনুসৰণ কৰি কবিতা লিখিবলৈ ককবকাই ফুৰিছিলোঁ। বৰকাকতী আমাৰ ঘৰুৱা ধৰণৰ মানুহ। গতিকে তেওঁৰ লগত কথা-বতৰা হোৱাৰ সুযোগ পাইছিলোঁ। মই নকল বা অনুসৰণ কৰা বাকীকেইজন কবি গণেশ গগৈ, যতীন দুৱৰা, ভৈৰৱচন্দ্ৰ খাটনিয়াৰ –এইবিলাকক লগ পোৱা নাছিলোঁ। কিন্তু তেওঁলোকৰ নিচিনাকৈ কবিতা লিখিবলৈ অভ্যাস কৰিছিলোঁ।
দেৱকান্ত বৰুৱাৰ কথাতো জানাই। প্ৰথমতে চিলেথত লিখাৰ দিনতে মই প্ৰথম কবিতাৰ দৰে কিবা এটা লিখি উলিয়াইছিলোঁ। সেইটো এটা অদ্ভুত জন্তুৰ দৰে আছিল। তাৰ মুখখন দেৱকান্তৰ, গাৰ এছোৱা ভৈৰব খাটনিয়াৰ আৰু বাকীখিনি ৰঘুনাথ চৌধাৰী, গণেশ গগৈ আৰু যতীন দুৱৰাৰ। এইধৰণৰ কবিতাৰ কছৰত মোৰ বহুদিন চলিল। ঊনৈছ বছৰ মান বয়স হওঁতেই মই মোৰ প্ৰথম কবিতা দুটা লিখি উলিয়াইছিলোঁ। কেইদিনমানৰ অগা-পিছাকৈ।
তুমি মন কৰিছাই, মোৰ কথাবোৰ তুমি সোধা কথাবোৰৰ লগত খেও খোৱা নাই। কিন্তু নিজ ধাৰণাবিলাক নিজৰ অভিজ্ঞতাৰ ভিত্তিতেই নহয় জানো? ৰত্নকান্ত বৰকাকতীৰ কথা সেই কাৰণেই উলিয়াইছিলোঁ। তেখেতে কথাই কথাই কৈছিল যে “কবিবিলাক দৰাচলতে জোনাকীপৰুৱাৰ দৰে। পাখি মেলি উৰিলেই পোহৰ আৰু পাখি জপালেই এটা পোক।” কবিবিলাকো মানুহ। ঠিক আনৰ দৰেই। কিন্তু যি ৰাসায়নিক প্ৰক্ৰিয়াই জোনাকীৰ দেহত পোহৰৰ সঞ্চাৰ কৰে সেইটো বৈজ্ঞানিকেহে উলিয়াব পাৰে, আৰু উলিয়াইছেও। জোনাকীপৰুৱাই তাক জানেনে নাজানে ক’ব নোৱাৰোঁ। আৰু সেই কথা জনাৰ প্ৰয়োজন আছেনে নাই তাকো নাজানো।
কি মানসিক আৰু স্নায়ৱিক জীৱন-ৰসায়নে কবিক কবিতা ৰচনা কৰিবলৈ বাধ্য কৰে সেইটো এতিয়ালৈকে ৰচনা কৰা কাব্যবিজ্ঞানবিলাকে ঠিকমতে ক’ব পাৰিছেনে নাই সন্দেহ। মইতো নোৱাৰিমেই। এই কথা মোৰ সততে মনলৈ আহে। কবিতা এটা ৰচনা কৰা এটা নিৰ্দিষ্ট কাম নহয়। সেইটো এটা প্ৰক্ৰিয়াহে। কিবা এটা ভাব বা অনুভূতি বা মনৰ এক বিশেষ অৱস্থাক কবিতালৈ ৰূপান্তৰিত কৰাৰ সময়ত গোটেই কবিতাটো মনৰ ভিতৰতে প্ৰস্তুত হৈ নাথাকে। তাৰ প্ৰত্যেকটো শব্দ বা পংক্তিয়ে পিছৰ শব্দটো বা পংক্তিটো নিৰ্ণয় কৰি যায় যেন লাগে। তাত চিন্তা প্ৰক্ৰিয়াৰ অনুষংগৰ প্ৰভাৱ, শব্দৰ ধ্বনি বৈচিত্ৰ্য –এইবোৰে প্ৰভাৱিত কৰি যেন কবিতাটোৰ দেহটোক ক্ৰমে ফুটাই তোলে। কবিতাটো ফটো নিগেটিভৰ দৰে মনতে সোমাই নাথাকে যে একেটা প্ৰিণ্টতেই খুটি-নাটি গোটেইখিনি স্পষ্ট হৈ ওলাই আহিব। লিখি গ’লেহে লাহে লাহে নিজৰ ৰূপ লয়। তাৰ অন্ততঃ মোৰ অভিজ্ঞতাৰ পৰা জানো তাত আগৰ শাৰী, পিছৰ শাৰী, মাজৰ শাৰী আৰু মাজৰ শব্দক দুই-এটা চিত্ৰকল্প অলপ-অচৰপ সলাই-পজৰাইহে যেন কবিতাটো নিৰ্মাণ কৰি ল’ব লগা হয়। এইটো এতিয়া মোৰ মোটামুটি ধাৰণা। কিন্তু কবিতাৰ ৰূপ লোৱাৰ আগতে, পাঠক সমাজলৈ উলিয়াই দিয়াৰ আগতে কিন্তু কবিতাটো এটা “সত্তা” ৰূপে থাকে। এইটো অৱশ্যে মই থুলমূলকৈ ভাবি উলিওৱা ধাৰণাহে। সাহিত্য সৃষ্টিৰ এইটোৱেই যে একমাত্ৰ প্ৰক্ৰিয়া সেইটো মই ক’ব নোৱাৰোঁ। নিজৰ ক্ষেত্ৰতে, সকলো সময়তে কিজানি এইবোৰ সূত্ৰ, ধাৰণা প্ৰয়োগ কৰিব নোৱাৰি। কবিতা সৃষ্টিৰ প্ৰক্ৰিয়া হয়তো বহু ধৰণে হ’ব পাৰে। হয়তো তাৰ মাজৰ ইও এটা।
(প্ৰয়াত ড° অনিল কুমাৰ শইকীয়াৰ দ্বাৰা সম্পাদিত কাব্যশ্ৰী আলোচনীৰ “কাব্যশ্ৰী কবি” হিচাপে ১৯৯৯ চনত মই নবকান্ত বৰুৱাৰ সৈতে কৰা আলাপ আছিল এয়া৷ ইয়াৰ তিনি বছৰৰ পাছত ২০০২ চনত কবিজন আমাৰ মাজৰ পৰা যায়গৈ।)
ৰিপুঞ্জয় গগৈ এগৰাকী লেখক, সমালোচক আৰু সাংবাদিক৷ গুৱাহাটী-নিবাসী গগৈৰ কেইখনমান প্ৰকাশিত গ্ৰন্থ হ’ল: জীৱন আৰু নষ্ট নীতিবাগীশ (২੦੦৯); হাইব্ৰিদ দেৱতা; কল্কী অৱতাৰ আৰু ভণ্ড-ভৰ্তা; স্বাধীনতাৰ সীমা; বন্দুকৰ গুলিত ৰাতি নুপুৱাল; পংখীয়ে যি ভাবে ভাবক; সময়ে-সমাজে পদে-প্ৰমাণে আদি৷