নৱকান্ত বৰুৱাৰ কবিতা

Issue: Vol. IV, No. 4, February-April, 2026

ইয়াত নদী আছিল

দেখিছোঁ নদীৰ ধলে বলাৎকাৰ কৰা পথাৰক,
পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান,
শুনিছোঁ সিন্ধুৰ বানে নিমিষতে নগৰক
আত্মসাত কৰি
এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান।

উদগ্ৰ ধ্বংসৰ নিচা, লোভৰ কুটিল দুঃসাহস
ছলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুৎসিত অভিসাৰ—
তাৰো সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ মৰ্যাদা,
সিও বন্দী সূৰ্যকণা,
আহিছিল ভাঙি-ছিঙি পৃথিৱীৰ কঠিন জৰায়ু।

কিন্তু মৰুভূমি আহে
লাহে লাহে মাহে মাহে বছৰে বছৰে
আঁহতৰ খোৰোঙত এপাহি কপৌ-ফুল সোনকালে সৰে
গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে
প্ৰাণৰ যিমান ৰং সেউজী সোণালী,
আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু
ফুটছাই বৰণৰ এখন পৃথিৱী।

নদীক নিজৰা কৰি জুৰিক শিলনি কৰি
বালিৰ দ’লেৰে গঢ়ে গছ-লতা ফুলৰ সমাধি,
ছয়া-ময়া জিঞা এটি বালিয়ে বালিয়ে উৰি,
পানীৰ কাৰণে ঘুৰি
ক’ৰবাত বাট হেৰুৱায়।
মৰুভূমি এইদৰে আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে।

দুৰণিৰ নীল সেই গাঁওখনলৈ
এইবেলি সোনকালে আঘোণ আহিল— আহিনতে?
এইবাৰ ব’হাগৰ ধল নাহে নেকি
উজানৰ বগা মেঘ পাহাৰৰ সিপাৰে থাকিল।
পাহাৰ ইমান ওখ! ওখ নে মেঘতকৈও?
ওখ নে প্ৰেমতকৈও?
বৰষুণ?
ধাননিত নগজিল জোৱাৰ বজৰা, আমাৰ বনত
দোঁ নাখালে খেজুৰি।

কেৱল ফুলিব সিজু, মাজনিশা তৰাৰ পোহৰে
ৰেণু তাৰ বালিডাঁহী সাপক বিলাব। দুবৰি ধৰিব ছাটি
কাঁইটীয়া বনে।
ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ
দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা।
তাৰ পিছে
উটৰ ডিঙিৰ ছাঁ, দীঘল ডিঙিৰ ছাঁ, শুই ৰ’ব
হাড় হৈ সাগৰৰ বাবে।
এইদৰে শেষ হোৱা এই যে ৰোমাঞ্চ মৰণৰ
ইযে প্ৰৌঢ়া ৰমণীৰ ৰমণ-বিলাস, অনভিজ্ঞ
কিশোৰৰ স’তে। য’ত
গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই,
ধ্বংসৰ সৌন্দৰ্য নাই, কেৱল ক্ষয়ৰ আবিলতা,
অনায়াস গ্ৰহণৰ কেৱল ক্লীৱতা
বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য গঢ়েহি?
গঢ়ে বিভীষিকা।

তাতো যি ৰোমাঞ্চ আছে, যদি আছে,
হে জীৱন,
নালাগে আশ্ৰয় তাত,
ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ।

১৯৬০

An English translation of the poem.