মুকেশ সিংহাৰ কবিতা

বিল-কথা

বিলৰ বুকু শেলি ইপাৰ সিপাৰ হোৱা
তেজ ৰঙা এপাত শৰ

বিলত ডুব গৈ থকা বুৰবুৰণি এটা
সোমাই পানীৰ পৃথিৱীত 
লাহে লাহে
গিলি ধৰে পানীয়ে

কিমান ভোকত আখলৰ নজ্বলা জুই খাই
জ্বলি মৰে এখন গাঁও
চিঞৰি চিঞৰি 
জ্বলে ভোগালী জ্বলে মানুহ
বতাহৰ বেহেলাই কান্দে

ৰঙীন মুখবোৰ
আন্ধাৰেই উজলাই

৩৬০0 এখন hd ফটোৰ
টপ ভিউ জুম কৰি চাই থাকোঁতে
বিলৰ পৰা  ডেউকা  কোবাই উৰি যোৱা
চৰাইজাকৰ উৰণ কৌশল দেখোঁ

পানী-ছাঁ

শিলৰ শিপাই মেৰিয়াই ধৰিছে 
অৰণ্যৰ আঙুলি

যি আঙুলিয়ে আঁকে
কালৰ ভ্ৰমৰ ছবি

কাৰ পানী-ছাঁৰ সেই বৰণ
আকাশে যি পিন্ধে, সলাই...

— কজলা এটা মৃত ঘোঁৰাৰ মেলা চকু
— ক্ৰমশঃ পোত গৈ থকা এটা ভঙা চিঞৰ

পানীয়ে পাত্ৰৰ আকাৰ লয়
তথা

এটা পাত্ৰত সিমানহে পানী ধৰে
পাত্ৰৰ আয়তন যিমান

পাত্ৰ ভৰি পানী পৰি মজিয়া পিছল হ'লে
নিজেও পিছলি পৰাৰ সম্ভাৱনা থাকে

সন্ধিয়াৰ বঁকিয়াই দি পানী-ছাঁ 
ক'লৈ যায়
যায় নে লীণ শূন্যতাৰ পানী-পাত্ৰত
নে নাযায়!

Click here for an English translation of the poems.