মৃদুল কুমাৰ গগৈৰ কবিতা

Issue: Vol. IV, No. 4, February-April, 2026

দুচকুৰে

টপ
টপ

টপ

সময় ৰাতিৰ সৰি পৰে অতিবাহিত বিদ্ৰোহ

অচিন পতংগই
অনিদ্ৰাত খাই পেলোৱা দুয়োটা চকু

দেশ মাটিৰ
গানৰ
সিপাৰে

ৰৈ থাকে
খাল-ডোংবোৰ
ৰাষ্ট্ৰীয়
সীমান্ততো

কণা
বিধি, গতিৰে উৰি আহি চাট
মাৰি ধৰে

অজানিতে
জ্বলি উঠে আঙঠা হৈ
একে থৰে চাই

দুচকুত
সাঙী

জাক পাতি
নামি আহিছে

দৌৰিছে
খহিছে
ভাঙি
পৰিছে

উতপ্ত হৈ পৰিছে শিলবোৰ যুদ্ধবাজ
সৈনিক

গোগ্ৰাসে গিলি ভোক
বমি
ভুকভুকনিৰে ভোক খেদিবলে
নেজ জোকাৰি, চেলেকি চেলেকি
গালি
গালি পাৰিয়েই আছোঁ
গালি পাৰিয়েই আছোঁ