হৰেকৃষ্ণ ডেকা
Issue: Vol. IV, No. 4, February-April, 2026


এই কবিতাটো যি মুহূৰ্তত মোৰ মনৰ মাজৰ পৰা ওলাই আহিছিল, সেই মুহূৰ্তটো মোৰ মনত এতিয়াও সজীৱ হৈ আছে৷ সাধাৰণতে কবিতা এটাই মোৰ কলমত মূৰ্ত ৰূপ পোৱাৰ দুদিনমান আগৰ পৰাই মনৰ মাজত ভাব-অনুভূতিৰে খুন্দিয়াবলৈ আৰম্ভ কৰে আৰু উপযুক্ত ভাষা আৰু প্ৰকাশভংগী পালেই কবিতাটো মূ্ৰ্ত ৰূপ লৈ ওলাই আহে৷ তাৰ পিছত ব্যঞ্জনাৰ প্ৰয়োজনত ভাষাৰ কিছু পৰিশোধন হয়৷ কিন্তু ‘মোৰ মানুহজনীৰ বাবে এটা প্ৰেমৰ পদ্য’ কবিতাটো কোনো আগজাননী নিদিয়াকৈ মোৰ মনৰ মাজৰপৰা ওলাই আহিছিল আৰু কোনো শব্দই সলনি কৰিবলগীয়া হোৱা নাছিল৷
মই সাধাৰণতে লিখা-মেলা ৰাতিপুৱা কৰোঁ৷ চাকৰি-জীৱনত বহুত ব্যস্ততা আছিল, কাম-কাজৰ হেঁচা আছিল আৰু সেয়েই ৰাতিপুৱাৰ সময়ছোৱাৰ বাহিৰে অন্য সময়ত লিখা-মেলাৰ বাবে পৰিৱেশ এটা নাপাইছিলোঁ৷ এই কবিতাটো কিন্তু লিখিছিলোঁ শেষ ৰাতি৷ এক বিশেষ মুহূৰ্তত৷ সেই মুহূৰ্তত যেন প্ৰেমৰ এটা বিশেষ ৰূপ মোৰ চকুত ধৰা পৰিছিল৷ যৌৱনৰ প্ৰেমৰ উচ্ছল ৰূপ নহয়, জীৱনৰ পৰিণত বয়সৰ এক সমাহিত ৰূপ৷
দিনটো আছিল আমাৰ ছোৱালীজনীৰ বিয়াৰ দিন৷ সম্প্ৰদানৰ পিছত কন্যাক লৈ বৰযাত্ৰী গুচি গৈছিল৷ আমাৰ ফালৰ যিখিনি মানুহ আছিল, তেওঁলোকো লাহে-লাহে ঘৰাঘৰি গৈছিল৷ পৰিয়ালৰ মানুহ, ঘৰত থকা আলহী আৰু আমাৰ ল’ৰাজনো শুবলৈ গৈছিল৷ বাৰাণ্ডাত থকা দুজনীয়া ছোফা এখনত আমি দুয়ো বহি আছিলোঁ৷ মই শূন্য ৰভাথলিলৈ চাই ভাবিছিলোঁ, আজিৰপৰা আমাৰ ৰত্ন এটি আনৰ হৈ গ’ল৷ মই শ্ৰীমতীৰ মুখৰ ফালে চাই দেখিছিলোঁ— এওঁৰ মনৰ ভিতৰখন যেন প্ৰকাশ কৰিব নোৱৰা আৱেগেৰে তোলপাৰ হৈ আছিল৷ মোৰ মনটো আমাৰ প্ৰেমত পৰাৰ প্ৰথম মুহূৰ্তলৈ উভতি গৈছিল আৰু তেতিয়াৰ অনুৰাগ আৰু এতিয়াৰ বিষাদ যেন লগ লাগি গৈছিল৷ মই এওঁক কৈছিলোঁ, “অলপ পিছত ৰাতি পুৱাব৷ ব’লা অলপ জিৰণি লওঁ৷” আমি দুয়ো উঠি আহোঁতে কিয় জানো মোৰ ভৰি দুখন শোৱনি-কোঠাৰ ফালে নগৈ আপোনাআপুনি লিখা-পঢ়া কৰা সৰু কোঠাটোৰ ফালে আগবাঢ়িল৷ মই অনুভৱ কৰিছিলোঁ, মোৰ মনৰ মাজত এক খলকনি উঠিছে আৰু তাক উলিয়াই নিদিয়ালৈকে মোৰ মনটো অস্থিৰ হৈ থাকিব৷ শোৱনি-কোঠালৈ নগৈ এৱোঁ মোৰ লগে-লগে আহি থাকিল আৰু মই পঢ়া-মেজখনত কাগজ-কলম উলিয়াই লোৱা দেখি এৱোঁ থমকি ৰ’ল৷ কাগজ-কলম হাতত লোৱাৰ লগে-লগে যেন হিলদল ভাঙি গোটেই কবিতাটো ওলাই আহিল৷ মোৰ এনেকুৱা লাগিছিল যেন কলমৰ আগত কবিতাটো ৰৈ আছিল৷ এওঁৰ মুখখনলৈ চাই দেখিছিলোঁ, এওঁৰ মনৰ মাজত নানা ভাবে উখল-মাখল কৰি আছে৷ সেই মুহূৰ্তত মই যেন আকৌ এবাৰ প্ৰেমত পৰিছিলোঁ৷
কবিতাটোৰ মাজত এটা শাৰী আছে, “প্ৰেমৰ কবিতা নিলিখা তুমি কেনে প্ৰেমিক কবি?” এই উক্তি মোৰ ওচৰত আৱেগ-বিহ্বল হৈ ৰৈ থকা মোৰ পত্নীৰ৷ সেই মুহূৰ্তত যেন মই প্ৰথম প্ৰেমৰ দিনবোৰৰ আৱেগ পুনৰ অনুভৱ কৰিছিলোঁ৷ মই প্ৰেমৰ কবিতা আগতেও লিখিছোঁ৷ মোৰ ‘তেইশৰ উপকণ্ঠত বৰ্ষা’, ‘জোনাক’ আদি কবিতা বিয়াৰ বহুদিন আগতেই লিখা৷ কিন্তু বিয়াৰ পিছত কৰ্মব্যস্ত জীৱনত মোৰ কলমৰ পৰা প্ৰেমৰ কবিতা সঁচাকৈয়ে বহুত দিন ওলোৱা নাছিল৷ কৰ্ম-জীৱনৰ ব্যস্ততাই আৱেগৰ উহৰ চাৰিওফালে বান্ধ বান্ধি দিছিল৷ কিন্তু মোৰ ছোৱালীৰ বিয়াৰ পিছত উৰুঙা হৈ পৰা মনে যেন ভালপোৱাৰ উহৰ এক খলকনি শুনিবলৈ পালে৷ মোৰ কলমেৰে সেই শেষ ৰাতি কবিতাটো ওলাই আহিল৷ বুজি পাইছিলোঁ, আৱেগৰ স্ৰোতে কবিতাটোত থৌকি-বাথৌ ঢৌৰ সৃষ্টি কৰিছিল৷ কিন্তু মই তাৰ বান্ধ বান্ধি দিয়াৰ কোনো চেষ্টা নকৰিলোঁ৷

মোৰ মানুহজনীৰ বাবে এটা প্ৰেমৰ পদ্য
হৰেকৃষ্ণ ডেকা
দুকুৰিৰ সীমা পাৰ হৈ তিনিকুৰিৰ বাটেৰে গৈছোঁ।
বাটৰ মোৰ নাপালেও, সময় আছেনে এতিয়াও,
মোৰ মানুহজনীৰ বাবে এটা প্ৰেমৰ পদ্য লিখাৰ?
তেওঁৰ আদবয়সীয়া চুলিৰ ৰূপালী ভাঁজৰ ছাঁত
কপালৰ বলিত ৰেখাত সময়ে আঁচোৰা আঁক।
কিন্তু তাৰ নামনিত এতিয়াও দেখোঁ সেই লাজকুৰীয়া হাঁহি,
যি মোৰ হৃৎপিণ্ডক এদিন জিঞা এটিৰ দৰে নচুৱাই ৰাখিছিল।
ৰঙা কৃষ্ণচূড়াৰ তলত আমি যিবোৰ কথা সিঁচি দিছিলোঁ,
সেই তলসৰা কথা এতিয়াও চকুৰ মণিৰ ভিতৰত
বতাহে কঁপাই থৈছে। কিন্তু মোৰতো সময়েই নহ’ল
প্ৰেমৰ পদ্য লিখাৰ। যি পদ্য তেওঁ লিখিবলৈ কৈছিল
মাহ-হালধিৰ ৰং গাত নালাগোঁতেই,
‘প্ৰেমৰ কবিতা নিলিখা তুমি কেনে প্রেমিক-কবি?’
মই প্ৰেমৰ পদ্য লিখিব খুজিছিলোঁ। কিন্তু
মোৰ নাকত লাগিছিল আধুনিকতাৰ গোন্ধ।
মই শব্দবোৰৰ শৰীৰ বুলাই ৰূপকৰ ৰোমশ শিহৰণ পাইছিলোঁ,
দূৰলৈ চাইছিলোঁ। এতিয়া যি বিতচকু পিন্ধিছোঁ
তেতিয়া সেই বিতচকু নাছিল, কিন্তু আছিল,
কিজানি ৰঙীন চশমাই আছিল।
দেখিছিলোঁ সকলো ধোঁৱা-কোৱা, শুনিছিলোঁ
আনে কোৱা, নতুন বাট লোৱা, নতুন বাট লোৱা।
কি পাইছিলোঁ? বাটৰ মোৰত ৰৈ কেৱল প্ৰশ্নৰ চকুৰে চোৱা।
তেতিয়া চকুত গদ্য লৈ প্ৰেমৰ পদ্য লিখাই নহ’লগৈ।
মোৰ ছোৱালীজনী বিয়াৰ হোমৰ ধোঁৱাই অনা চকুপানী মচি
এদিন যেতিয়া নিজানে নিজকে পাইছিলোঁ,
মোৰ মানুহজনীৰ মুখলৈ চাইছিলোঁ।
আমাৰ তেজ-মঙহেৰে গঢ়া কবিতা এটা আনৰ হাতত দি
নির্বাক এটা কবিতাৰ দৰে তেওঁ ৰৈ আছিল।
মোৰ হিয়াৰ আগমঙহ দুখাই কত যে ৰূপক কঁপাই
তেওঁ মোক আকৌ এবাৰ প্ৰেমত পৰাৰ পুৰণি
সোৱাদকণকে দিছিল।
আৰু মই নিলিখা প্ৰেমৰ পদ্যটো
লিখিব খুজিছিলোঁ। পদূলিমুখৰ বুঢ়া
কৃষ্ণচূড়াৰ কাষলৈ আহিছিলোঁ।
তাৰ লঠঙা ডাললৈ নিস্তেজ চকুৰে চাইছিলোঁ।
যেন বিতচকুৰ ভিতৰেৰে ৰঙা ফুল ফুলা দেখিছিলোঁ।
কিন্তু মোৰ পদূলিমুখেৰে কিৰিলি পাৰি ল’ৰাহঁত গৈছে।
পূব আকাশৰ বেলিটো ৰৈছে।
সিহঁতে সুধিছে আপুনি কোন?
মই কৈছোঁ, মই প্ৰেমৰ কবি, তোমালোক নতুনচোন?
মই নোসোধাকৈ মোৰ মুখত সিহঁতে সুহুৰিটো গুঁজি দিছে
মই নাজানো তাত কি প্ৰেমৰ কবিতা বাজিছে।