মণিকা টেৰণপীৰ কবিতা

নিষিদ্ধ

বেলিটো ডুবাৰ পিছত 
ছিগা ছালৰ ল'ৰাটো
পানী আৰু অকণমান খোৱা বিচাৰি
পিৰালিলৈকে উঠি আহিল।

খাই হ'লে অহা বাটেৰে ওভতালৈ অপেক্ষা।

১৪৪ উলঙ্ঘা
লগৰ কেইজনৰ লগ
অথবা দি থোৱা কথা 
ভাঙিব নোৱাৰে সি।

বাট এটাই
আগলৈ।

মই বোবা হৈ কল্পনাত আল্পনা আঁকো
আৰু সিহঁত...
তীখা কাঁড়ৰ এন্ধাৰ ফালি
ক্ৰমশঃ আগুৱাই গৈ থাকে
সূৰ্য এটাৰ সন্ধানত।



হাউছ ৱাইফ

জেতুকাৰ গাঢ় ৰং বুলাই
নিটিং, এমব্ৰইডাৰী আনকি কাটিঙৰ
সুসজ্জিত পাকৈত দুখনি হাত
অবৈতনিক নিযুক্তি পত্ৰখনৰ স'তে
যৌতুকত আয়ে দি পঠোৱা

চহৰৰ ইক'পাৰ্ক
সেউজীয়া নিঃশ্বাস
বতাহত উৰে মতলীয়া পখিলা
ছিজ'নেল কিচ্চেন গাৰ্ডেন
ভোকবোৰ উছাহৰ উৎসৱ
পুৱা-গধূলিৰ বন্তি
প্ৰাৰ্থনা আনন্দ হেঁপাহৰ

ৰেচন, ৰন্ধন গেছ, বিজুলী
গণি গণি মাহৰ খৰচ
যেন এলজেব্ৰা পৰিসংখ্যাৰ শিক্ষয়িত্ৰী
দুটকা ৰাহি হ'লে পোনাকণলৈ
জন্মদিনৰ কেকটোৱেই যদি আহে

ক্ৰীম-লোচন নঘঁহা হাত-মুখত ছাঁ
মলমলীয়া ঘৰৰ মজিয়া
নিদ্ৰাহীন দুচকু 
দুলি থকা সপোনত
ওলমে সুখৰ দাপোণ।

একো নকৰে, ঘৰতেই থাকে (?)
তেওঁ মাথোঁ হাউছ ৱাইফ (!)
জীৱতত্ত্ব, পদাৰ্থ, ৰসায়নৰ পিএইচ-ডি সমল সামৰি
আত্মতুষ্টিত আপোনবিভোৰ

ৰ'দে পোৰা ছাল-চুলি, ফটা গোৰোহা
অযথা ফেচপেক, হেয়াৰ কণ্ডিচনাৰ, ক্ৰেকক্ৰীম
পৰ্দা-কেমেৰাৰ আঁৰত
সহানুভূতিয়েই প্ৰশান্তিৰ বিৰিখ
শিপায় মাটিৰ গভীৰৰপৰা গভীৰলৈ।

মণিকা টেৰণপী এগৰাকী অসমীয়া কবি৷ ডিফু নিবাসী কবিৰ একমাত্ৰ প্ৰকাশিত কবিতা-সংকলন আৰলেং

An English translation of the Poems.