মই কবিতা কিয় লিখোঁ?

লুটফা হানুম চেলিমা বেগম

লুটফা হানুম চেলিমা বেগম

কোনো নিৰ্দিষ্ট বা অনিৰ্দিষ্ট কাৰণৰ বাবে মই কবিতা লিখিবলৈ আৰম্ভ কৰা নাছিলোঁ। কিন্তু এতিয়া ভাবিলে কিছুমান কথাই বিজুলীৰ চমকনিৰ দৰে মাজ-মাজে মোৰ চেতন-অৱচেতনৰ আকাশত বিজুলিয়াই যায়, সেইবোৰ হ’ল—

সৰুৰে পৰাই লোকগীত-মাতৰ প্ৰতি অহেতুক আকৰ্ষণ অনুভৱ কৰিছিলোঁ, মোৰ শৈশৱ আৰু কৈশোৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশত পাৰ হৈছিল। ইমান স্নিগ্ধতাত মোৰ মন-প্ৰাণত আৱেগৰ অলেখ ঢৌ উঠিছিল। বৰ আনন্দময় অভিজ্ঞতা! আনহাতে কৈশোৰত ভৰি দিয়াৰ পৰা এক অচিন বিষাদবোধ আৰু নিঃসংগতাই মোৰ লগ এৰা নাছিল। এই কথাৰ একো উৱাদিহ পোৱা নাছিলোঁ আৰু পৰিত্ৰাণো পোৱা নাছিলোঁ।

মানুহ হিচাপে মোৰ পাৰ্থিৱ অস্তিত্ব আৰু মানৱীয় সত্তাৰ প্ৰতি যেতিয়া সজাগ হৈছিলোঁ, কৌতূহলী আৰু বিস্ময়ৰ দৃষ্টিৰে বিশ্বচৰাচৰৰ অপাৰ বৈচিত্ৰ্যৰ পিনে চাই ৰৈছিলোঁ। প্ৰশ্নৰ টোপোলাৰ ভৰত কুঁজা হৈ পৰাৰ উপক্ৰম হৈছিল। ছেগা-চোৰোকাকৈ আন শিল্পকলাচৰ্চা কৰি থকাৰ মাজতেই কোনেও নেদেখাকৈ, নজনাকৈ কবিতাৰ সৈতে এটা আপোন প্ৰীতিৰ ভাব গঢ়ি উঠে। আছুতীয়াকৈ কবিতাৰ সৈতে সময় কটাবলৈ আৰম্ভ কৰিলোঁ। লাহে-লাহে আন সকলোবোৰ একাষৰীয়াকৈ থৈ পূবৰ বেলিয়ে দেখুওৱা বাটেৰে আগবাঢ়িলোঁ। বুজিলোঁ নে নুবুজিলোঁ—সেয়া বাস্তৱ নে অবাস্তৱ, শিল নে বৰফ, প্ৰেম নে অপ্ৰেম, পোহৰ নে আন্ধাৰ, সপোন নে দিঠক, উষ্ণতা নে শীতলতা! কবিতা লিখিবলৈ ল’লোঁ। মোৰ ভিতৰত কোনে জানো পাতিছিল—নিঃসংগতা আৰু শূন্যতাৰ মৌন সন্মিলন! অস্থিৰতা আছিল সেই মৌন সন্মিলনৰ মুখ্য বক্তা। নিস্তাৰ নাপাই কবিতাৰে মোৰ কথাবোৰ ক’বলৈ বিচাৰিলোঁ। সকাহ পোৱা যেন অনুভৱ কৰিলোঁ। কবিতাত মাজে-মাজে মোৰ মৃত্যু হৈছিল, কিন্তু আকৌ জী উঠিছিলোঁ। বিস্ময়কৰ অভিজ্ঞতা!

জীৱনৰ সত্য-সুষমা, চিন্তন-মনন, প্ৰেম-যাতনা, আন্ধাৰ-পোহৰ, আৱেগ-উপলব্ধি আদিৰ যিদৰে পৰিৱৰ্তন হৈ আছে, কবিতাৰ সৈতে মোৰ সম্পৰ্কতো সময়ে-সময়ে ৰূপান্তৰ ঘটিছে। এই দীঘলীয়া যাত্ৰাত মোৰ সত্তাই যিবোৰ আৱেগ-অনুভূতি-অভিজ্ঞতা-বস্তুৰ প্ৰতি সহাঁৰি জনায়, যিবোৰ বিষয়, স্মৃতিয়ে মোৰ সংবেদনাৰ দুৱাৰত বাৰে-বাৰে টুকুৰিয়ায়, যিবোৰ চিনাকি-অচিনাকি মানুহে পিৰালিয়েদি আখলঘৰ সোমায়হি—সেইবোৰেই সঞ্চিত, সংশ্লেষিত হৈ হৈ—কেতিয়াবা সজ্জিত হৈ, ব্যঞ্জিত হৈ, সুৰ-সমলয় হৈ, সুৱৰ্ণ কান্তিৰ দ্যোতনা লৈ, আনন্দ আৰু যাতনাৰ নিৰ্যাস লৈ তন্ময়তাৰ নদীত তৰী বান্ধেহি। মুড অনুযায়ী শিল্পৰূপ দিবলৈ চেষ্টা কৰোঁ। এই চেষ্টাত মোৰ অন্তৰাত্মা কেতিয়াবা সংকুচিত, কেতিয়াবা কম্পিত। কবিতাই অভয় দিয়ে। কবিতাই মোক জীয়াই ৰাখিছে। কবিতা মোৰ অন্তিম প্ৰেমিক, শেষ আশ্ৰয়।

লুটফা হানুম চেলিমা বেগম এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক।