মই কবিতা কিয় লিখোঁ?

অৰ্চনা পূজাৰী

Issue: Vol. IV, No. 3, November-January, 2025-26

অৰ্চনা পূজাৰী

এই কথাষাৰৰ সৈতে বহুবাৰ মুখামুখি হৈছোঁ৷ ভিতৰুৱা গাঁৱত শৈশৱ-কৈশোৰ পাৰ কৰিছিলোঁ যদিও আমাৰ চুবুৰীত এটা পুথিভঁৰাল আছিল, ঘৰতো খুৰাদেউৰ কিতাপৰ এটা আলমাৰী আছিল৷ লগতে খুৰাদেৱে দৈনিক জনমভূমি কাকতত কাম কৰাৰ বাবে এখন দৈনিক বাতৰিকাকত আমাৰ ঘৰলৈ আহিছিল৷ কাকতখনত শিশুৰ বাবে থকা শিতানটো পঢ়িবলৈ খুৰাদেৱে কৈ কৈ আগ্ৰহী কৰি তুলিছিল৷ এনেদৰেই বোধকৰোঁ হাতত কলম ল’বলৈ শিকিছিলোঁ৷ এদিন এনেদৰেই মোৰ চৌপাশৰ পৃথিৱীখনলৈ চকু ফুৰাই অপাৰ সৌন্দৰ্য চাবলৈ  শিকিলোঁ৷ আমাৰ ঘৰত থকা বাকচ যেন ৰেডিঅ’টো দেওবাৰৰ দিনা ডাঙৰকৈ বাজে৷ গীতিমালিকাৰ সুৱদি সুৰীয়া গীতবোৰ, ৰেডিঅ’ৰ নাটকবোৰ চুবুৰীয়াসকলেও শুনেহি৷ অন্য দিনবোৰত ঘৰে-ঘৰে স্কুলীয়া ল’ৰা-ছোৱালীবোৰে পুৱা-গধুলি ডাঙৰকৈ পঢ়ে, সন্ধিয়া চিঞৰি  চিঞৰি প্ৰাৰ্থনা কৰে, গোধুলিৰে বাট ধোঁৱাময় কৰি গৰু-ছাগলীবোৰ ঘৰলৈ ওভতে, আকাশ চানি ধৰি জাক-জাক পক্ষী বাহলৈ ওভতে, এনেবোৰ বহু কাৰকে মোৰ এখুদমান পৃথিৱীখন ভৰাই তোলে৷ কিবাকিবি ভাবিবলৈ মন যায়৷

বহুবাৰ নলিনীবালা দেৱীৰ ‘জনমভূমি’ নামৰ কবিতাটো বিভিন্নজনৰ কণ্ঠত শুনিছিলোঁ৷ শুনিছিলোঁ চন্দ্ৰকুমাৰৰ কবিতা, আনন্দচন্দ্ৰ আগৰৱালাৰ কবিতা, যতীন দুৱৰাৰ কবিতা৷ চুবুৰীৰ কোনোবা নহয় কোনোবাজনে পুৱা-গধুলি আওৰাইছিল৷ তেনেবোৰ সময়ত আনন্দ-বিষাদেৰে মন ভৰি পৰিছিল৷ কিবাকিবি লিখিছিলোঁ৷ খুৰাদেৱে উংসাহ দিয়াৰ বাবে  লিখিবলৈ মন গৈছিল৷ বাতৰিকাকতত নামটো ছপা হৈছিল৷ ছপা আখৰত নিজৰ নামটো দেখি হয়তো আনন্দিত হৈছিলোঁ৷ সেই সময়ত অন্তঃপ্ৰেৰণা আছিল নে নাই বুজা নাছিলোঁ৷

চৌপাশৰ প্ৰকৃতিৰ অপৰূপ শোভাৰ মাজত আমি লালিত-পালিত হৈছিলোঁ৷ গাঁৱৰ বাঁহনি-কাঠনি, সঁজাল ধৰা শইচৰ পথাৰ, গেৰ ধৰা ধানৰ ঠোক, আঘোণৰ সোণ হালধীয়া পথাৰে আমাক আহ্লাদিত কৰিছিল৷ এইবোৰ অৱধাৰিত ঘটনা-পৰিঘটনাই মন-মগজুত কিছুমান কথা শিপাবলৈ ধৰিছিল৷ তিথিয়ে-পাৰ্বণে, ভাওনাই-সবাহে গ্ৰামীণ সমাজখন পৰিপূৰ্ণ হৈ আছিল৷ আইসকলৰ মুখৰ জাত-জাত আইনাম, বিহুনাম, বিয়ানাম, সুবচনী সবাহৰ নামে আমাৰ শৈশৱ-কৈশোৰৰ দিনৰ ভৰাই তুলিছিল৷ এনেদৰেই হয়তো আমাৰ সাংস্কৃতিক বাতাবৰণ এটাৰ সৈতে সংপৃক্ত হৈ পৰিছিলোঁ৷

শৈশৱ-কৈশোৰৰ আলি-দোমোজাত কিতাপৰ পৃথিৱীখনৰ স’তে পৰিচয় কৰাই দিছিল খুৰাদেৱে৷ আইতাই সাধুকথাৰ জগতৰ আশ্চৰ্য কাহিনীবোৰ কৈছিল৷ সপোনৰ পাখি গজিছিল৷ ডাৱৰৰ সিপাৰৰ ধুনীয়া দেশখনৰ কল্পনাত মছগুল হৈ পৰিছিলোঁ৷ আনহাতে গ্ৰীচ দেশৰ সাধু শুনি শুনি, হাৰকিউলিছৰ কাহিনীয়ে আশ্চৰ্যচকিত কৰি ভবাই তুলিছিল৷ খুৰাদেৱে আমাৰ বয়সতকৈ কিছু আগতেই কঠিন পাঠ কিছুমান আমাৰ সমুখত দাঙি ধৰিছিল৷ কিছু বুজিছিলোঁ, কিছু বুজা নাছিলোঁ৷ ৰাহুল সাংকৃত্যায়নৰ From Volga to Ganga; ৰিচাৰ্ড লুৱেলিনৰ How Green was My Valley; চীন দেশৰ এখন উপন্যাস The Song of Quyang Hai-ৰ  দীপংকৰ চক্ৰৱৰ্তীয়ে কৰা বাংলা অনুবাদ বিপ্লবেৰ গান সেই সময়তে অৰ্থ ভাঙি ভাঙি পঢ়ুৱাইছিল৷ আন এটি চৰিত্ৰ– Howard Fast-ৰ স্পাৰ্টাকাছে কণমানি মনটো বাৰুকৈয়ে দোলায়িত কৰিছিল৷ দুঃখিত কৰি তুলিছিল৷ বহু দিনলৈ বেদনাহত হৈ সোঁৱৰণ কৰি আছিলোঁ৷ খুৰাদেউৰ কাহিনী কোৱা ধৰণটোৱেও বোধকৰোঁ আমাৰ কৈশোৰ মনক কাহিনীৰ সৈতে সখ্যত্ব গঢ়াত সহায় কৰিছিল৷ এনেদৰেই বোধকৰোঁ কিতাপৰ প্ৰতি আগ্ৰহ বাঢ়িবলৈ ধৰিলে৷ খুৰাদেউৰ পঢ়া-শুনা, তেওঁৰ আদৰ্শই এনেবোৰ কিতাপৰ কাহিনীয়ে আমাৰ মনতো সাঁচ বহুৱাইছিল৷ মানুহৰ দুখ-বেদনাই মোক শোকাভিভূত কৰি তুলিছিল৷ পাছলৈ বুজিছিলোঁ তেওঁৰ মানুহৰ প্ৰতি থকা কল্যাণকামী মনোভাবক সুকৌশলে আমালৈও শিপাবলৈ চেষ্টা কৰিছিল৷ সেয়ে হয়তো আজিও মোৰ কবিতাত প্ৰেম, প্ৰকৃতিৰ ঊৰ্ধ্বত মানুহক তুলি ধৰাৰ মন এটাই ক্ৰিয়া কৰি থাকে৷

আমি খেতিয়কৰ সন্তান নহ’লেও খেতিপথাৰৰ সৈতে সম্পৰ্ক আছিল গভীৰ৷ খেতিৰ আৰম্ভণিৰপৰা সামৰালৈকে বহু সময় ধাননিপথাৰত কটাইছিলোঁ৷ কঠিয়া তোলা, ভূঁই ৰোৱা, টঙাল তুলাই ডাঙৰী বন্ধা, ধান দোৱা, লেচেৰি বোটলা, আদি চাই আমিবোৰে চেচোঁৰ খন্দা,  আঘোণৰ পথাৰত ৰবাব টেঙাৰ সোৱাদ লোৱা মজাই বেলেগ আছিল৷ সেই পথাৰতে আমিবোৰে পল ৰবছন, পেলে আদিৰ জীৱনকাহিনীৰ সৈতে চিনাকি হৈছিলোঁ৷ ঘোকোট গাঁৱৰ পৰাই পৃথিৱীখনৰ চুকে-কোণে খুৰাদেৱে আমাক কাহিনীৰ মাজেৰে ঘূৰাই ফুৰাইছিল৷ ভূগোলৰ পৰিসীমা নিৰ্ণয় কৰিব নোৱাৰিলেও আমি আমাৰ মনঃচক্ষুৰে পৃথিৱীৰ সকলো ঠাইতে মানুহৰ দুখ-শোক-কষ্ট যে একেই সেই কথা বুজি উঠিছিলোঁ৷

যদিও পৰিয়ালৰ বিশেষজনে মোক প্ৰকৃতিৰ সৈতে চিনাকি কৰাই দিছিল৷ মানুহৰ দুখ-শোকক গভীৰভাবে উপলব্ধি কৰিবলৈ শিকাইছিল, অসূয়া-অপ্ৰীতিৰ বিৰুদ্ধে মাত মাতিবলৈ শিকাইছিল, তথাপি কোনেও মোক কবিতা লিখিবলৈ আগবঢ়াই দিয়া নাছিল৷ কিন্তু শৈশৱ-কৈশোৰৰ শিকনিবোৰে মোক ভাবিবলৈ, গভীৰভাবে চিন্তা কৰিবলৈ, কল্পনাৰ দুখন ডেউকাৰে বিচৰণ কৰিবলৈ মোৰ অৱচেতন মনত শিপাইছিল৷ কণ ফুটি দুপতীয়া হৈছিল৷ মোৰ মন-মগজুৰ কল্পবৃক্ষ হৈ আকাশমুখী হোৱাৰ প্ৰৱণতা জাগিছিল৷

মোৰ মায়ে আমাৰ টনা-আঁজোৰা সংসাৰখন সুন্দৰকৈ চলাই নিয়াৰ লগতে সুললিত কণ্ঠেৰে অহৰহ গীত-পদ গুণগুণাই আছিল৷ কথাই প্ৰতি মুখত আছিল ফকৰা-যোজনা৷ চুবুৰীয়াৰ বিয়া-বাৰুৰ খবৰ আহিলে৷ কামৰ মাজতে বিয়ানামবোৰ আওৰাইছিল৷ হাজাৰ দুখতো হাঁহিমুখীয়া মোৰ মাই গম নোপোৱাকৈয়ে জীৱনক চাবলৈ শিকাইছিল৷ লোক গীত-মাত, ফকৰা-যোজনা, পটন্তৰবোৰ কথাই প্ৰতি ব্যৱহাৰ কৰি আপোন ভাষাটো আমাৰ বাবেও আপোন কৰি থৈ গ’ল৷ লোকজীৱনৰ সৈতে পৰিচয় কৰাই থৈ গ’ল৷

হো চি মিন, মাও জে ডুংৰ কবিতা শুনি পঢ়ি গৈ থাকোতে কলেজত পালোঁগৈ পাবলো নেৰুডা, বোদলেয়াৰ, ইংৰাজী সাহিত্যৰ ৰমন্যাসিক কবিসকলৰ কবিতা৷ তাৰপাছত  টি. এছ. এলিয়টৰ কবিতাৰ সৈতে পৰিচয় হ’ল৷ কবিতাৰ কলাগত ৰূপটো আয়ত্ত কৰিবলৈ আৰম্ভ কৰিলোঁ৷ বুজি উঠিলোঁ কবিতা মানুহৰ অন্তঃপ্ৰাণক উজ্জীৱিত কৰা এক আহিলা৷ শব্দৰ অভিধা ৰূপটো মনৰ মাজত কঢ়িয়াই লৈ ফুৰোতে একোটা দৃশ্যই, একোটা মন পৰশা ভাবনা শব্দৰ বোকোচাত উঠেহি৷ আৰু তেনে এক সময়ৰ উকমুকনিয়ে যন্ত্ৰণা উপশম কৰি হঠাতে মূৰ্ত ৰূপ পৰিগ্ৰহ কৰে৷ তাৰপাছত নানাভাবে, নানা ধৰণে ছিঙি-ভাঙি সাজোন-কাচোন কৰোতে সি মূৰ্তিমান হৈ উঠে৷ বহু এৰা-ধৰাৰ মাজেৰে গৈ গৈও কবিতাই লগ এৰি নোযোৱাৰ বাবে মই কবিতাৰ ওচৰত নতজানু৷ হয়তো মই বহু যন্ত্ৰণা অতিক্ৰমী মনক সকাহ দিয়াৰ এই কছৰতত নামি পৰোঁ৷ মোৰ নিভৃতত ৰৈ থকা চিন্তাবোৰ কবিতালৈ আৱাহন কৰোঁ৷