সমীকৰণ
নাছিলতো কোনো ভোগৰ তাড়না
ভোকৰ দায়ত বিচৰণ বিলাস
মানুহ মানুহেই আছিল
দৃষ্টিৰে মুখৰ নহ'লেও
প্ৰেম-ভালপোৱাৰে জীৱন
পেটৰ বাবে চিকাৰ
পেটৰ বাবে কৌশল
প্ৰেমেৰে অটুট বন্ধন
এতিয়া উপদেশৰ বীজগণিত
মানুহ হোৱাৰ অংক
মানুহ হ'বলৈ যত্ন কৰা
অমানুহৰ বীজ ক'ৰবাত অংকুৰিত হোৱা
সকলো শিশু পবিত্ৰ
মানুহ হ'বলৈ যত্ন ব্যাকৰণ-ৰহিত
ডাঙৰবোৰেহে ভাল মানুহৰ পোছাক পিন্ধাবলৈ গৈ
সিহঁতক অমানুহ হোৱাৰ বাট দেখুৱায়
আচলতে প্ৰতি শিশুৱে প্ৰতিপালন কৰে
সুগন্ধি বাগিচা এখন
মানুহ হ'বলৈ
জটিল নিগনি দৌৰত সুগন্ধি হেৰায়
দুচকু মোলান পৰে
তেতিয়াই মানুহ অমানুহ হোৱাৰ
বাটে পোৱালি মেলে
সুযোগসন্ধানী বাটৰ সন্ধানত
ফাগুন বিলাস
(১)
পাহিবোৰ সৰি সৰি
বননিত খেলি আছে
বতাহজাকেৰে চুপতিত ফাগুন মগন
(২)
পলাশৰ ঠানিত
উৰুলি এজোলোকা
নাহৰ ফুলত বাসন্তী বাসনা
(৩)
ফাগুনৰ ৰাগী নাযাবি ভাঙি বৰদৈচিলাজনী
বসন্ত কামনা ৰৌৰৌৱাই জ্বলিছে
কপালত সৌৱা পূৰ্ণিমাৰ জোন
English translation of the poems.