সাম্প্ৰতিক
আইৰ মুখত কেতিয়াবা শুনিছিলোঁ
কুমাৰী ছোৱালীৰ আত্মজাহৰ কাহিনী
কুচিমুচি আইৰ আশ্বাসভৰা বুকুত
মেৰিয়াই লৈছিলোঁ বিভীষিকাৰ যন্ত্ৰণা
কথাবোৰ কিন্তু কাহিনী নহ'ল
কথাবোৰ দিনটোৰ খতিয়ান হ'ল
যাতনাবোৰ বাঢ়ি বাঢ়ি হ'ল
যেন ব'ব নোৱাৰা শিল
দুৰ্বাসাই কুন্তীক দিয়া যাতনাই
কাহিনী হৈ ঠাই পালে মহাকাব্যত
যাতনাবোৰ থুপ খাই খাই
কুন্তীৰ বুকুৰ জোৱাৰ-ভাটাখিনি
বুজিও যেন বুজিবলৈ অসমৰ্থ মহাকবি!
যেন সতীত্বৰ অভিধাৰে অলংকৃত কৰিলেই
মাৰ যাব অত যুগৰ প্ৰহসনৰ ইতিহাস
আজিৰ দ্ৰৌপদী ৰাজচ'ৰা পাৰ হৈ
গাঁৱে-গাঁৱে, পথাৰে-আলিয়ে লাঞ্ছিতা
সুৰক্ষাৰ কৱচ ক'তো নাই
কৃষ্ণ নাই অনিয়মৰ বিৰুদ্ধে মাত মাতিবলৈ
আশ্বাসৰ দুখনি মাথোঁ হাতে
নোৱাৰে দিব নিৰাপত্তা
কত নিৰ্ভয়াৰ যাতনা
মৌমিতাত বিলীন হ'ল
কাৰোবাৰ পিপাসা বাঢ়ি বাঢ়ি গ'ল
মানুহে নাগায় কিয় মানুহৰ গান
জোনাকভৰা নিশা
কণমানিজনী টোপনি যাওক
দুচকুত আঁকি আস্থাৰ ছবি
মানুহৰ বাবে মানুহ, মানুহত স্নান।
An English translation of the poem.