নিৰ্মলপ্ৰভা বৰদলৈ
তেওঁক মই যোৱাগৈ দেখিছিলোঁ বেলি লহিওৱাৰ পৰত পথাৰৰ বঁকিয়াইদি। মূৰত জাপি, কান্ধত মেটমৰা দুটা ডাঙৰিৰ জিৰিক জিৰিক মাত। তেওঁৰ পাছে পাছেই গ’লগৈ— আঘোণৰ সোণবৰণীয়া ৰদ, খেৰৰ চুবুৰীটো, বাঁহ-বননিৰ কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক। গৈ আছিল আৰু গ’লগৈ। কোনে জানে তেওঁ আৰু এই জন্মত উভতি আহিবনে নাহে!!