Issue: Vol. IV, No. 2, August-October, 2025
অনুবাদ: দেবেন চাপকোটা
মন প্ৰসাদ চুব্বা (জন্ম: ১৯৫০) দাৰ্জিলিঙৰ এগৰাকী বিশিষ্ট নেপালী কবি, লেখক আৰু সমালোচক। তেওঁ কবিতা-সংকলন আদিম বস্তীৰ বাবে সাহিত্য অকাডেমী বঁটা (২০১২) লাভ কৰিছে। দাৰ্জিলিঙৰ নেপালী ভাষা আন্দোলনত সক্ৰিয় অংশগ্ৰহণকাৰী চুব্বাই প্ৰান্তীয় সম্প্ৰদায়ৰ কণ্ঠস্বৰক সাহিত্যৰ মাধ্যমত শক্তিশালী কৰিছে। ইংৰাজী সাহিত্যৰ অধ্যাপক হিচাপে কৰ্মৰত চুব্বাৰ ৰচনাই নেপালী সাহিত্যত গভীৰ প্ৰভাৱ পেলাইছে। তেওঁৰ কবিতা আৰু প্ৰবন্ধত সমাজৰ বাস্তৱতা আৰু মানৱীয় সংবেদনশীলতা প্ৰতিফলিত হয়। দাৰ্জিলিঙৰ সাংস্কৃতিক পৰিচয় গঢ়াত তেওঁৰ অৱদান অমূল্য।
খেতিপথাৰৰ ওপৰত আক্ৰমণ: কিছু ভিডিঅ’ ক্লিপিং
মাটিক মাটিৰ পৰাই পৃথক কৰিবলৈ
মেফিষ্টোফিলিছৰ এজেণ্টসকল আহে।
খেতি-মাটিৰ গৰ্ভৰ পৰা জন্ম লোৱা মাটিৰ সন্তানসকল
পথাৰ-মাতৃক ৰক্ষা কৰিবলৈ
পথাৰৰ সম্মুখত থিয় দিয়ে।
সেই খাকী এজেণ্টসকলৰ মুখৰ পৰা হঠাতে
ফুটি ওলায় অবুজ শব্দবোৰ পট.. পট.. ট.. ট…
আৰু তৎক্ষণাতে
পথাৰৰ কোলা ৰক্তাক্ত হয়।
এয়া ঋতুস্ৰাৱ নহয়
কিন্তু ঋতুস্ৰাৱ শুকুৱাই দিয়া এটা অপাৰেশ্যন।
বহু বছৰৰ পিছত এবাৰ
কাকতী-ফৰিঙৰ জাক আহে,
আমাৰ শস্য খায় আৰু উভতি যায়।
কিন্তু এইবাৰ
পথাৰেই খাই পেলোৱা মেচিনবোৰ আহিল
আৰু সিহঁতে পথাৰ খোৱাৰ আগতে
খেতিয়কসকলকো গিলি পেলালে৷
পথাৰত এইবাৰ
গৰম-ৰঙা কাঁচৰ শিল-বৰষুণ হ’ল
তাৰ বাবেই মাটিয়ে এনেদৰে ছটফটাই আছে
পৃথিৱী যেন নিজেই কঁপি আছে থৰথৰকৈ৷
মহানগৰৰ এটা ড্ৰয়িংৰুমৰ পৰা বজ্ৰপাত নিক্ষেপ কৰা হ’ল
আৰু পোহৰৰ বুকু ভেদ কৰি
গাঁওখনেই অন্ধকাৰ হৈ পৰিল।
বজ্ৰপাতত পৰি গ’ৰ্কীৰ মাও ঢলি পৰিল
তাৰ ভনীয়েকক
এটা বন্দুকে ধৰ্ষণ কৰি
পথাৰৰ এচুকৰ বোকাত গাপ দিলে।
গ’ৰ্কীয়ে দাঁত কামুৰি কবৰৰ ভিতৰতে মোচোৰা মাৰি আছে।
পথাৰৰ মুখৰ ভিতৰত গৰ্ভনিৰোধক বড়ি গুঁজি দি
কেৱল সম্ভোগ কৰি থাকিব খোজাসকলক
ৰুধিবলৈ পথাৰৰ পৰা মাটিবোৰ উঠি আহে
কিন্তু হঠাতে আনফালৰ পৰা শুনা যায় মেচিনৰ নীৰৱচ্ছিন্ন কাঁহ, ঠঁই…ঠঁই…ঠঁই…
তেতিয়া মাটিৰ ৰক্তেৰে পথাৰ ৰঙা হৈ পৰে
ডাই কৰা তোমাৰ ৰঙা ৰুমালতকৈও
বহু বেছি ৰঙা।
ডা: দেবেন চাপকোটা নেপালী ভাষাৰ এগৰাকী কবি, গল্পকাৰ আৰু অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক। অসমীয়া ভাষাতো তেওঁ কাব্য-চৰ্চা কৰে। নেপালী ভাষাত তেওঁৰ পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন প্ৰকাশ পাইছে।