অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা
Issue: Vol. IV, No. 4, February-April, 2026
মামাং দাই অসমৰ পাৰ্শ্বৱৰ্তী অৰুণাচল প্ৰদেশৰ বাসিন্দা৷ ভাৰতীয় সাহিত্যত এক পৰিচিত নাম। The Black Hill শীৰ্ষক উপন্যাসখনৰ বাবে ২০১৭ চনত তেওঁ সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। মামাং দাই একাধাৰে সাংবাদিক, কবি, গল্পকাৰ, ঔপন্যাসিক তথা প্ৰবন্ধকাৰ। ভাৰতীয় সাহিত্যৰ মূলসুঁতিৰ পৰা বহু দূৰৰ অৰুণাচল প্ৰদেশত বাস কৰিও তেওঁ নিজা চিন্তন আৰু ৰচনাশৈলীৰে সাহিত্যৰ ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। আদি জনগোষ্ঠীৰ প্ৰতিনিধি ৰূপে নিজৰ জনগোষ্ঠীৰ লোকসাহিত্য, চিন্তা-চেতনাক ইংৰাজী ভাষাৰ মাধ্যমেৰে পাঠক সমাজলৈ পৰিবাহিত কৰাত তেওঁৰ অৱদান শলাগনীয়।
প্ৰার্থনা পতাকাবোৰ
সিক্ত পাহাৰীয়া পথ৷
এইডোখৰেই সেই ঠাই
য’ত পাৰ কৰিলোঁ
জীৱনৰ অধিকাংশ সময়
পাৰ কৰাৰ প্ৰতীক্ষাত৷
কোনোবাই গুঁজি দিছিল
মোৰ বুকুত
এখনি প্ৰার্থনা-পতাকা৷
শ্যামলী জীৱন, শুকুলা মেঘ
আৰু এই মাটিৰ একালৰ গৰাকী সাগৰে
এৰি যোৱা নীলাখিনিত মিহলি হৈছিল
থুজাৰ ফুৰফুৰীয়া সুবাস৷
বতাহক সহস্ৰবাৰ বাধা দি ৰাখিলেও
হয়তো এদিন
ধুমুহাজাকে ধুই নিব সকলো৷
আমি কালি বিচাৰি পালোঁ
ইজনে-সিজনক৷
অতীত অতীত হ’ল বুলি
তেওঁলোকে কোৱাৰ পাছত৷
আৰু এয়া
আমি নাচি আছোঁ
পাহাৰ শীর্ষত
নানা ৰঙেৰে একাকাৰ হৈ৷
(মূল : ‘Prayer Flags’)
স্মৃতিচাৰণ
আমি কিয় ধৰি লৈছিলোঁ
প্ৰতিটো কথাই সাধাৰণ বুলি
প্ৰতিটো বাৰিষাতে বৰষুণ আহিব বুলি,
ৰাতিবোৰ টোপনিত লালকাল হ’ব বুলি
আৰু বাটৰ দাঁতিৰ ঢেঁকীয়াডৰা
পাক নলগাকৈ বাঢ়ি গৈ থাকিব অনন্তকাললৈ বুলি৷
আমি কিয় ধৰি লৈছিলোঁ
জীৱনটো সহজ বুলি,
ধৰি লৈছিলোঁ নদী আৰু পাহাৰবোৰ
ৰৈ বৈ থাকিব নিৰৱধি৷
আনকি অজ্ঞাতজনৰ সপোনতো
আছিল তেনেবোৰ কথাই৷
কাৰণ আমি জানিছিলোঁ
কিদৰে বেলিটোৱে জিৰণি লয়হি
পাহাৰৰ জাপে জাপে থকা মৌনতাত৷
এইবেলি বাৰিষা বৰষুণৰ চোক বেছি৷
বুৰ গৈছে সেনাবাহিনীৰ বুটজোতাৰ গিৰিপ-গাৰাপ,
পিয়াপি দি ফুৰিছে যেনিয়ে-তেনিয়ে৷
লুকাই-চুৰকৈ কাণত পৰিছে
হাবিৰ গহনত অস্ত্ৰ-শস্ত্ৰ বৃদ্ধি হোৱাৰ খবৰ৷
হাবিখনৰ মৰখঁক,
মাংসভোজী সেউজীয়াৰ বুকুত
সন্ত্ৰাসৰ বাহৰ৷
আমি কিয় ভাবি লৈছিলোঁ,
ভগৱান হৈ থাকিব
অবিনশ্বৰ আমাৰ স্মৃতিত,
গছৰ গাত, শিলৰ বুকুত আৰু
শিশুৰ ঘুমটিত৷
এতিয়া চকু জপাই যেতিয়া ভাবোঁ,
আৰু বিশ্বাস কৰা বন্ধ কৰোঁ, ঈশ্বৰৰ মৃত্যু ঘটে৷
মনত থকাৰে পৰা
মানুহে জু্ই আৰু পানীক মানে৷
আমি পাহাৰৰ মানুহ, নাজানো
পৃথিৱীয়ে আমাৰ কথা কি জানে৷
ভাগ্যৰ সন্ধানত
ওৰেটো জীৱন
তধা লাগি চাই ৰওঁ
পাহাৰৰ সীমনালৈ,
চাই ৰওঁ
অজেয় আকাশলৈ৷
(মূল : ‘Remembrance’)
ড° ময়ূৰী শৰ্মা বৰুৱা এগৰাকী অনুবাদক আৰু কৰ্মসূত্ৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক।