ৰক্তাক্ত অস্তিত্ব
ছুপাৰ মৰ্কেটত
মোৰ অস্তিত্বৰ সৈতে
মই মুখামুখি হওঁ
আৰু
ক্ৰমশঃ সোমাই যাওঁ
অস্তিত্বৰ গভীৰ জলাশয়ত
শ্বপিং মলটোলৈ
তুমি সোমাই যোৱা
তাৰ পোহৰৰ চিকমিকনিত
এটা নতুন গ্ৰহৰ
আস্বাদ পোৱা
এইদৰেই দ ক’লা জলাশয়
তাত পোহৰ সোমাবলৈ
অহৰহ চেষ্টা
চুপাৰ মাৰ্কেটখন বহলি যায়
আৰু
তেজে তুমুৰালি হয় মোৰ
অস্তিত্ব
এই নগৰীত
ভগৱানে
ছাদৰপৰা দলিয়াই পেলোৱা
এজন মানুহ
নগৰীত তেওঁৰ বিচৰণ
হেমন্তৰ পুৱা
দুটা নিয়ৰ কণিকা বিচাৰি উদ্বাউল
বৃহৎ মলবোৰে
শুহি লয় নিয়ৰকণিকা
সময় আগবাঢ়ে
ৰ’দত জলমলাই উঠে
বিপণিবোৰ
সেইবোৰত সঞ্চিত মুদ্ৰাবোৰে
বিচ্ছুৰিত কৰে
জীৱনৰ সৰু-বৰ পথবোৰ
An English version of the poems.