Issue: Vol. IV, No. 2, August-October, 2025
নাঙেলী গীত
নীলা আকাশৰ সুৰভি
ভাঙি যায়
যিহেতু পথাৰ কমি আহিছে
শব্দৰ সকলো আৱৰণ
খহি যায়৷ উৰুখা চালেৰে পৰা
বৰষুণে মচি নিয়ে সকলো প্ৰসাধন৷
বখলিয়াই যায়
গীতৰ সকলো বাকলি
ফুকোঁ লাগি আছে
নলগা জেঙত
বতাহান্তৰ
পোত গৈ আছে অন্তৰত
উলাহত নাচি থকা পলাশৰ ডাল
ঘনৱদ্ধ মদাৰ
আচ্ছন্ন ৰঙীন দিনৰ দিনলিপি
খান্দা
খান্দা
পলাশ মদাৰৰ বতাহজাক
তুলি ধৰা