ড੦ পৰিণীতা বৰা
Issue: Vol. IV, No. 3, November-January, 2025-26

বিংশ শতিকাৰ আশীৰ দশকৰ শেষৰপৰা বৰ্তমানলৈকে আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰা মহিলা কবিসকলৰ ভিতৰত লুট্ফা হানুম ছেলিমা বেগম অন্যতম৷ অসমীয়া কবিতাৰ ক্ষেত্ৰখনত সুদীৰ্ঘ সময়ৰ বাবে মহিলা কবিৰ বলিষ্ঠ উপস্থিতি অতি কম বুলিব পাৰি৷ তাতে অসমৰ প্ৰায়সকল সমালোচকেই সততে অসমীয়া মহিলা কবি তথা কবিতাক এৰাই চলা দেখা যায়৷ তেনে এক প্ৰেক্ষাপটতে জীৱন-যন্ত্ৰণাৰ ৰূঢ় বাস্তৱ, সংবেদনশীল অথচ স্পষ্টবাদী, সমাজ-জীৱনৰ সবল কবিকণ্ঠ হৈ নিজৰ কবিতাৰ ভেটি সুদৃঢ় কৰিবলৈ সমৰ্থ হৈছে কবি লুট্ফা হানুম ছেলিমা বেগমে৷
কবি হৰেকৃষ্ণ ডেকাৰ কথাৰেই যদি কোৱা হয়– “লুট্ফা বিনয়ী কবি, যশপ্ৰাৰ্থী নহয় আৰু সেয়েই হয়তো তেওঁতকৈ কম প্ৰতিভাৰ কবিৰো কবিতা পঢ়ুৱৈ সমাজত অধিক চৰ্চালৈ আহিছে৷” তেওঁৰ কবিতাত গভীৰ আত্মবোধ, স্বকীয় জীৱন-চেতনা, অৰ্থবহ ভাবনাৰ নৈঋত উদ্যাপন অতি সযতনে লক্ষ্য কৰিব পাৰি৷ কালৰ পৰিধি ভাঙিও নিজৰ চেতন জগতক অতি সযতনে আঙুলিৰে লিৰিকি-বিদাৰি চাব জানে কবিয়ে৷ মাজে-মাজে বিমৰ্ষৰ আৱৰণেৰে কবিয়ে নিজকো খেপিয়াই চায় জী উঠাৰ তাড়নাত হেৰুৱা দিনৰ কালপঞ্জী মেলি৷ হয়তো এনে এক ক্ষণতে কবিয়ে ভাবি উঠে অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল৷ জীৱনে যেতিয়া যাতনাৰ জৰীত মেৰ খাই মুক্তিৰ বাট বিচাৰে আৰু ছিঙি যাব খোজে সকলো বান্ধোন তেতিয়াই কবিৰ বুকুত বাজে অকলে থকাৰ মেজাজী গুৰুৰ৷ কবিয়ে সেয়ে লিখে মনৰ অৱগুণ্ঠনত–
অকলে থাকিলে অকলে ফুৰিলে কিছুমান কাম কৰিবলৈ ভাল
মনে মনে দুখবোৰ বিচাৰি আনি সুখত জুবুৰিয়াই চাবলৈ
পুৰণি সপোনবোৰক নতুন নতুন কাপোৰ-কানি পিন্ধাই চাবলৈ
বুকুৰ আলমাৰীৰ পৰা স্মৃতিবোৰ উলিয়াই আনি সজাই থ’বলৈ ভাল
তৰা আকাশ আৰু মাটিৰ দৰেই দুখ সপোন আৰু স্মৃতিৰো কণ্ঠস্বৰ নাই
সেয়ে অকলে থাকিলে এইবোৰৰ মিছিলত ভাগ ল’বলৈ ভাল
(অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল ১)
নিজৰ অন্তঃকথনত মজি থকা কবিয়ে কবিতা লিখাৰ অন্তৰাল সম্পৰ্কে স্বীকাৰোক্তিত কৈছে “কবিতা নহ’লে কবি জীয়াই নাথাকিলহেঁতেন আজিলৈকে৷” ইও জীৱনক কবিতাৰ মাজেৰে চোৱাৰ কবিৰ সফল প্ৰয়াস বুলিয়ে ক’ব পাৰি৷
বাস্তৱৰ নিৰ্মোহ ঘাত-প্ৰতিঘাতে কবিৰ জীৱন অৰ্থৱহ কৰি তোলাৰ সমানুপাতিক কবিতাতো তাৰ আকলন সময়ে সময়ে প্ৰতীয়মাণ হৈ উঠিছে৷ মাজতে তেওঁ কৈছে কবিতাৰেই–
মৃত্যুৰ দৰে টোপনি যাবলৈ
সূৰ্যাস্তৰ দৰে হালধীয়া হ’বলৈ
বৰ মন যায় মোৰ
এটাও হ’ব পৰা নাই
আচলতে মই মই হৈ থাকিবলৈ বিচৰা নাই
(অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল ৪
অস্তিত্বৰ প্ৰশ্ন কৰিও কবিৰ চেতন মনৰ আৱৰ্তই প্ৰদান কৰা ভাবৰ গভীৰ আত্মোপলব্ধি, অনুভৱৰ অপাৰ স্বাধীন-চিন্তন সৌন্দৰ্যই প্ৰাণৱন্ত কৰি তুলিছে লুট্ফা হানুম ছেলিমা বেগমৰ কবিতাক৷ জীৱন সংবেদনশীল আশাৰ ব্যাপ্তি আৰু মন তীব্ৰতাৰ অতিকেন্দ্ৰিক প্ৰকাশ তেওঁৰ কবিতাত সততে দেখা যায়৷
নাৰীকণ্ঠৰ কবি বেগমৰ কবিতাই সম্পৰ্কৰ ৰূপতাত্ত্বিক বৈশিষ্ট্য বিচাৰি চায়৷ আধুনিক কিন্তু অন্তৰ্মুখী ৰোমাণ্টিক মেজাজ কবিৰ কবিতাত লক্ষ্য কৰিব পাৰি৷ সত্তাৰ সংবেদনশীল ৰূপ পৰিগ্ৰহ কৰিও সংগৰ চেতন বিচাৰ কৰিব জানে কবিয়ে৷ বিষাদৰ অনুৰণনে ভাবৰ প্ৰসাৰত তীব্ৰতা আনিলেও কবিয়ে সাকাৰাত্মক বাট কাটি ল’ব জানিছে৷ নিঃসংগতাকো কবিয়ে ন্যায্যতাৰ আবুৰ পিন্ধাব পাৰিছে৷
সত্তাৰ বিপৰীতমুখী দুখন মুখৰ দ্বন্দ্বৰ মাজতো সৃষ্টিৰ অৰ্থ সন্ধান কবিয়ে কৰিব জানে৷ কবিয়ে ‘মই’ সত্তাৰ আৱেষ্টনীত থাকিও ‘তেওঁ’ সত্তাক অস্বীকাৰ নকৰাকৈ কাব্যিক উপলব্ধিৰে ইতিবাচক গতি কৰে৷ অনুভৱ কৰিব পাৰি ভাবৰ বুৰবুৰণিত ভালপোৱা প্ৰবাহিত হয় আৱেগৰ একাকীত্বত আৰু ‘তেওঁ’ নামৰ সত্তাটোৱে অহা-যোৱা কৰে বিষয়ী বিনয়েৰে৷ কবিয়ে সেই হেঁপাহেৰেই লিখিছে–
চোৱাচোন চোৱা
ধানবোৰ পকিছে মোৰ বুকুৰ পথাৰখনত
সৰু সৰু আলিবোৰেদি
এতিয়া তেওঁ সদায় মোৰ বুকুলৈ
অহা-যোৱা কৰে
(‘সোণালী সময়’)
প্ৰেম নিমগ্ন অৱচেতনত আশাই দৃশ্যগ্ৰাহী ৰূপ লয় মনৰ মাজতে৷ কবিৰ বাবে ‘তেওঁ’ সত্তাৰ অৱস্থান নিভৃত কোণত৷ সপোন সম্ভাৱনাৰ অৱগুণ্ঠনত অপূৰ্ণ ‘তেওঁ’ বিষয়ীক কল্পনাৰ মাজতে আৱদ্ধ কৰে কবিয়ে৷ সেয়ে লিখিছে–
পথাৰখনৰ ওপৰেদি বৈ আছে
আবেলি বতাহ (‘সোণালী সময়’)
দুই সত্তাৰ একাত্মতা কামনা নকৰিও সোঁৱৰণিৰ পাটনাদৰ পানীৰে কবিয়ে মুখশুদ্ধি কৰে৷ কল্পিত ‘তেওঁ’ সত্তাই দিয়া অবাধ সৃষ্টিক ‘মই’ সত্তাই পূৰ্ণৰূপে গ্ৰহণ কৰিছে৷ পথাৰখনৰ ওপৰেদি বৈ যোৱা ‘আবেলিৰ বতাহ’জাকে অপূৰ্ণ উপলব্ধিৰ সেই প্ৰহৰক পাৰ হৈ যোৱাৰ ইংগিত বহন কৰিছে৷ ৰূপকধৰ্মী ছবি এখন সংযত শব্দৰ মায়াজালেৰে মূৰ্ত কৰি পৰিৱেশ একোটাৰ সৃষ্টি কৰাত কবি সফল বুলিব পাৰি৷ কবিয়ে বিষয়ীৰ অভাৱবোধক প্ৰকাশ কৰিবলৈ স্বল্পভাষিতাৰ আশ্ৰয় লোৱা দেখা নাযায়৷ কবিৰ এনে প্ৰকাশভংগীত নীলমণি ফুকনৰ প্ৰভাৱ বিদ্যমান৷

‘তেওঁ’ সত্তাৰ প্ৰতি অনুভূতিৰ গভীৰ অৰ্থৱহ তীব্ৰতা তথা অপূৰ্ণতাৰ বিস্ময়বোধ কবিৰ মনন কছৰৎ৷ বিশেষ ‘তেওঁ’ক পোৱা-নোপোৱাৰ মাজৰ ৰহস্যঘন আৱেষ্টনীৰে অৱশেষ উছৰ্গা কৰে মনৰ প্ৰশ্নবোধেৰে৷ কবিৰ বুকুৰ মাজত এই বিশেষ ‘তেওঁ’ৰ মাত শুনিব পাৰি ‘উছৰ্গা’ কবিতাটিত৷ কবিয়ে লিখিছে–
তেওঁৰ বুকুৰ মাজত
মোক তেওঁ এনেদৰে শুৱাই থৈছিল
তেওঁ যেন মোৰ দেউতা
মোৰ মা
মোৰ বন্ধু (‘উছৰ্গা’)
বিশেষ ‘তেওঁ’ সত্তাৰ অনুকম্পাত কবিৰ সহজ বিচৰণ মুক্তমনৰ৷ চিন্তাবিমুক্ত মনৰ কথন ‘উছৰ্গা’ কবিতাটিত নিপুণ ৰূপত প্ৰকাশ পাইছে৷ কবিতাটিত কবিৰ মনন উচ্চাৰণৰ সৰলতাই প্ৰকাশ ব্যঞ্জনাক চেপি অনা নাই, বৰঞ্চ আৰু মনোগ্ৰাহী কৰিহে তুলিছে৷ কবিয়ে কৈছে–
দেউতাকো নাপালোঁ
মাকো নাপালোঁ
বন্ধুকো নাপালোঁ
কাৰ হাতত মই মোক দি থৈ
উভতিলোঁ (‘উছৰ্গা’)
নিজা ধ্বনিগত উচ্চাৰণ, ভাবুক ৰামধেনুৰঙী আল্পনা, সাৱলীল শব্দ-ব্যঞ্জনা, সম্ভাৱনা আৰু বিষণ্ণবোধৰ ৰোমাণ্টিক অনুচ্চ উদ্যাপন, সত্তা আৰু প্ৰতিসত্তাৰ মাজৰ দায়বদ্ধ অন্তঃকথন বেগমৰ কবিতাৰ উপজীব্য৷ প্ৰকাশভংগীত সংযম আছে যিদৰে, আছে আকুল জীৱন-সত্যৰ উন্মেষ, আছে বিস্ময় চেতনাৰ সৃষ্টিশীল স্ৰোত৷ লিখিছে কবিয়ে এনেদৰে–
কি বাৰে আহিবা তুমি
বুধবাৰে নাহিবা
মংগলবাৰেতো মোৰ মৃত্যৰ দিন (‘কি বাৰে আহিবা তুমি’)
সপোন-যাতনাৰ সীমনা বগায়ো নিষ্ঠুৰ সত্যৰ অৱগাহন কবিয়ে কৰিব জানে৷ মাতিব জানে হেঁপাহৰ অপৰিমিত সেই বিশেষ চেতন সাধনাক৷ বিৰাগৰো ৰাগ শব্দৰ অভিধাৰে আটি-আটি বান্ধিব জানে, সাজিব জানে সৃষ্টিৰ আৱাহনী সৌধ৷ লিখিছে সেয়ে–
দেওবাৰে
বিৰিণাৰ বাঁহী বজাই বিষাদ নমাওঁ
সোমবাৰে ধুমুহা-বৰষুণ হয়
মোৰ শোৱনি-কোঠাত
সোমবাৰে আহিবা তুমি
মোৰ মৃত্যুলৈকে লাগি থাকিব
তাৰ ৰাগি (‘কি বাৰে আহিবা তুমি’)
উল্লেখ্য যে চিলিৰ কবি গেব্ৰিয়েলা মিষ্ট্ৰাল ৰ কবিতাৰ অন্তৰ্লীণ অনুৰণন বেগমৰ কবিতাত অনুভূত হোৱা যেন লাগে৷ কবিৰ বিলীন নিৰ্ভৰ আৰ্তনাদ বৰ ক্ষণস্থায়ী নহৈ সেয়া ধাৰণ কৰি আগবঢ়াৰ শাশ্বত সম্পৃক্ত প্ৰক্ৰিয়া যেন বোধ হয়৷ প্ৰায় সংখ্যক কবিতাতে সেয়া প্ৰত্যক্ষ কৰিব পাৰি৷ পোহৰৰপৰা এন্ধাৰলৈ, এন্ধাৰৰপৰা আকৌ পোহৰলৈ অহা-যোৱা কবিৰ বাবে ৰূপান্তৰ ভাবনা-চিন্তন বিলাস৷ নিজ সত্তাৰ উপলব্ধিৰে লিখিছে—
গছৰ ডাললৈ উভতি যোৱাৰ
সেউজীয়া বাট এটা বিচাৰিছে
সৰাপাতবোৰে (‘গছৰ ডাললৈ উভতি যোৱাৰ’)
দুৰ্বাৰ বাসনাৰ সেউজীয়া বাট কবিৰ মনন প্ৰাৰ্থনা৷ সেয়া এটা বিন্দুৰপৰা উভতি আন এটা বিন্দুলৈ যোৱাৰ একান্ত কামনা৷ ৰূপান্তৰ বিচাৰিও অসম্পূৰ্ণ অথচ ই যেন নিজৰে ভিতৰৰ কথন বাসনা৷
ময়ো তোমাতে গলি গলি
মোলৈ উভতি যোৱাৰ
বাট এটা বিচাৰিছোঁ
সেউজীয়াৰ মাজেৰে
পানী শিল শব্দ আৰু
সুৰৰ মাজেৰে (‘গছৰ ডাললৈ উভতি যোৱাৰ’)
মৃত্যু-চেতনা আশাহত শাশ্বত যদিও ৰূপান্তৰ নিৰ্ণিত পৰিমাপ নহয়৷ এয়া বৰঞ্চ মুক্ত, প্ৰাঞ্জল, কষ্টসাধ্য কৌশল৷ হ’ব পাৰে এয়া সংযম আৰু দায়বদ্ধতাৰপৰা আঁতৰি লেখক সত্তাই নিজৰেই প্ৰতিসত্তাৰ মাজত নিৰ্বাপিত হোৱা জীৱন অভিজ্ঞতাই আনি দিয়া পৰম ঐশ্বৰীয় প্ৰাপ্তি৷ কবিৰ ‘শৱযাত্ৰী হৈছিলোঁ মই’ শীৰ্ষক কবিতাত তাৰ আভাস পোৱা যায়৷ লিখিছে কবিয়ে–
শৱযাত্ৰী হৈছিলোঁ মই
যোৱা ৰাতি
এজাক চৰাই
এখন নদী
কেইটামান জোনাকী পৰুৱায়ো
যোগ দিছিল শৱযাত্ৰাত (‘শৱযাত্ৰী হৈছিলোঁ মই’)
কবিৰ সমগ্ৰ অৱচেতনা জন্মৰপৰা গতি কৰি মৃত্যুত শেষ হোৱাৰ দৰে জাগতিক৷ নিৰ্মল আৰু পবিত্ৰ আকুলতা সম্ভৱ যদিহে প্ৰতিসত্তাৰ আৱৰ্তত নিজ সত্তাৰ বিলীন মনে-প্ৰাণে আগ্ৰহ কৰিব পাৰি৷ কবিৰ মনৰ কথাৰে লিখিছে এনেদৰে–
ডেউকা হেৰুৱাই ব্যাকুল হোৱা
চৰাইজাকৰ সৈতে
মই মোৰ শৱযাত্ৰাত যোগ দিছিলোঁ
যোৱা ৰাতি (‘শৱযাত্ৰী হৈছিলোঁ মই’)
বহু সময়ত লুট্ফা হানুম ছেলিমা বেগমৰ কবিতা উপলব্ধি আৰু কল্পনাৰ বিকাশেৰে পৰিপূৰ্ণ, এক অৰ্থত অনুভূতিৰ সুগভীৰ বিচৰণ ক্ষেত্ৰ৷ কবিৰ শাশ্বত সংবেদনশীলতাৰ গৰ্ভতে নিহিত হৈ আছে নিজক বিচৰা অন্তৰতম স্থিতি৷ অস্থিৰতাৰ সজীৱ বেদনাবোধ আৰু সামৰিব খোজা আগ্ৰহৰ ইংগিত কবিৰ ‘যি উৎসৰ পৰা আৰম্ভ হৈছিল এই অস্থিৰতা’ শীৰ্ষক কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে এনেদৰে–
যি উৎসৰ বাবেই বুটলি লৈছিলোঁ মাটিৰ মুখা এখন
যি উৎসৰ তৃষ্ণাত পিন্ধি লৈছিলোঁ এটা দীঘলীয়া ডিঙি
তেতিয়াই তুমি অহা হ’লে
জঁই পৰি নগ’লহেঁতেন দুচকুৰ দুজোপা তুলসী
(‘যি উৎসৰ পৰা আৰম্ভ হৈছিল এই অস্থিৰতা’)
কবিৰ আন এটা কবিতা ‘কাক চুই চাইছিলোঁ’ত স্মৃতি আৰু জৈৱিক তাড়নাৰ ভাব ফুটি উঠিছে৷ দূৰত্বৰ সজীৱ বেদনাবোধে আৱৰি ৰাখে বহু প্ৰশ্ন মনৰ মাজতে৷ সেই বোধেৰেই লিখিছে কবিয়ে–
কাক চুই চাইছিলোঁ
আঙুলিৰ মূৰত যে লাগি আছে এতিয়াও
এখন নিস্তেজ মুখৰ ছায়া
বিহ্বল হৈ পৰিছে আঙুলিবোৰ (‘কাক চুই চাইছিলোঁ’)
মাজে মাজে তেওঁৰ কবিতাত বিস্ময়বোধৰ আঁচোৰ পৰিলেও শব্দৰ কলাত্মক প্ৰয়োগে চিন্তাৰ ব্যাপকতা লাভ কৰে৷ প্ৰত্যাহ্বান গ্ৰহণ কৰিও স্বাভাৱিক ছন্দত আগবঢ়াৰ মানসিকতা কবিৰ অতি সবল৷
যিবোৰ কথা এতিয়া পাহৰি যাবলৈ বিচাৰিছোঁ মই
সেইবোৰৰ ভিতৰত তুমিয়েই সৰ্বপ্ৰথম জ্বলন্ত স্মৃতি-শিখা
প্ৰথমেই সেয়ে সন্তৰ্পণে তোমাক নুমুৱাই দিবলৈ বিচাৰিছোঁ
অতীতৰো সিপাৰলৈ গৈ (‘যিবোৰ কথা এতিয়া পাহৰি যাবলৈ বিচাৰিছোঁ মই’)
সাহিত্যিক, সমালোচক হীৰেন গোহাঁয়ে লুট্ফা হানুম ছেলিমা বেগমৰ কবিতাৰ সন্দৰ্ভত লিখিছিল এনেদৰে— “লুট্ফাৰ কবিতাৰো নিজস্ব সোৱাদটো হৈছে তাৰ মধুৰতা– sweetness আৰু তাৰ উৎসও ঠিক বিষাদ নহ’লেও এক ধৰণৰ বিষণ্ণতা৷ তাৰ অৰ্থ নিৰাশাবাদ নহয়, কাৰুণ্য গ্ৰহণ কৰি শান্ত, নম্ৰভাৱে তাক জয় কৰাৰ গভীৰ ধৈৰ্য৷ তেওঁৰ কবিতাত সপোনেও ভুমুকিয়াইছে, সৌন্দৰ্যও মাজে মাজে জিল্মিলাইছে৷ অনুভূতি আৰু আৱেগৰ মন্থনৰ পৰা তেওঁ আহৰণ কৰিছে কাব্যৰ সিদ্ধি, আৰু বহু পৰিমাণে অসহায় কাতৰতাৰ ঊৰ্ধ্বত আৰোহণ কৰিছে৷”
আকৌ লেখক, সমালোচক আনন্দ বৰমুদৈয়ে কবিগৰাকীৰ সন্দৰ্ভত কৈছিল– “গীতি-কবিতা সাধাৰণতে পঞ্চাশ-ষাঠি শাৰীতকৈ দীঘল নহয় আৰু ইয়াত উক্তিকৰ্তাৰ চিন্তা-অনুভূতি প্ৰকাশ পায়৷ উক্তিকৰ্তাজন কবি নিজে নহ’বও পাৰে৷ লিৰিক কবিতাৰ ক্ষেত্ৰখন বৰ বিশাল, চুটিগল্পৰ বিষয় যিদৰে এক সীমাহীন সম্ভাৱনা, লিৰিকৰ পৰিসৰো বিশাল৷ সম্প্ৰতি কবিতা বুলিলে আমি গীতি-কবিতাৰ কথাকে বুজোঁ৷ গীতি-কবিতাই উক্তিকৰ্তাৰ মনত জটিল ভাব-অনুভূতিৰ বৃদ্ধি আৰু বিকাশৰ কথাও ক’ব পাৰে৷ লুট্ফা হানুম ছেলিমা বেগমৰ স্বনিৰ্বাচিত কবিতাৰ সংকলন বিষাদ জলতৰংগত সন্নিৱিষ্ট কবিতাসমূহ সামগ্ৰিকভাৱে এই ধৰণৰ গীতি-কবিতা৷ আনুভূতিক তীব্ৰতা তেওঁৰ কবিতাৰ এক স্বকীয় বিশিষ্টতা৷”
লেখক, সমালোচক প্ৰভাত বৰাই কবি লুট্ফা হানুম ছেলিমা বেগমৰ কবিতাৰ সন্দৰ্ভত কৈছে– “…লুট্ফাৰ কবিতাই মোক আটাইতকৈ বেছি আকৰ্ষণ কৰে৷ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাও মই ভাল পাওঁ৷ কিন্তু লুট্ফাৰ কবিতাৰ নিচিনা ‘ফেমিনিন্’ (Feminine) গুণসম্পন্ন কবিতা আগতে কেতিয়াও পঢ়ি পোৱা নাই৷ তাতে লক্ষীমপুৰীয়া ভাষাৰ মাধুৰ্যই লুট্ফাৰ কবিতা-লাৱণ্য আৰু চৰাই তুলিছে৷”
চাৰি দশকৰো অধিক সময় কবিতা-চৰ্চা কৰি থকা কবি লুট্ফা হানুম ছেলিমা বেগমৰ আনুভূতিক তীব্ৰ কবিতাবোৰ সততে নিৰ্মলপ্ৰভা বৰদলৈৰ নাৰী-মনৰ সংবেদনশীলতাৰ দৰেই আনন্দদায়ক আৰু ৰসগ্ৰাহী৷ কবিয়ে লিখিছে–
পানীৰ বুকুৰ শীতলতাৰ তলেদি
জুমি চাই দেখিছোঁ
তোমাৰ বুকুৰ
ফুলা হালধীয়া এডৰা
কিমান দিনৰপৰা নাজানো
নীলাবোৰ লতা হৈ
ছানি আছে
মোৰ হৃদয়
ৰূপকে চিত্ৰকল্পৰ উপাদান হৈ ধৰা দিয়া বেগমৰ কবিতাবোৰৰ শব্দ সচেতনতা মন কৰিবলগাকৈ তাৎপৰ্যপূৰ্ণ৷ পৰিমাৰ্জন অথচ প্ৰতীকধৰ্মী শব্দ চয়ন তথা ব্যৱহাৰ আৰু ইংগিতময় চিত্ৰকল্প কবিৰ কবিতাৰ চকুত পৰা বৈশিষ্ট্য৷
নদীয়ে পাতি দিয়ে বিছনা
কুঁৱলীৰ নাও হয় অতিথি
বালিচৰে চাই থাকে
চাই থাকে
এই কাৰুকলা (‘কিমান বুকুৰ বালিচৰ পাৰ হৈ’)
নাইবা,
দুখে মোক শিকালে
আঘাতবোৰ কেনেকৈ
আইনাত মেলি দি
মুকলি কৰি দিব লাগে দুখৰ আত্মাক (‘দুখে মোক শিকালে’)
নাইবা,
দুখৰ কাৰ্পেট পৰা কোঠাটোৰ
সুখৰ ছোফাখনত আঁউজি লৈ
আইনাখনে চাই থাকিল মোলৈ
তন্ময়তাৰে (‘বহুত দিন আইনা চাবলৈ’)
নাইবা,
পানীৰ খামত ভৰাই
শেলুৱৈৰ ডাকটিকট লগায়
চিঠিখন হেনো তেওঁ বালিচৰৰ ডাকঘৰতে দিব
(‘মোৰ নামত চিঠি এখন আহিব’)
কবিৰ প্ৰতিটো কবিতাৰ চিত্ৰকল্পতে এনে ৰূপকীয় কাৰুকাৰ্য দেখা যায়৷ তেওঁৰ কবিতাত যিদৰে অনুভুতিৰ গভীৰতা আছে, আছে ব্যাপ্তি, ত্যাগ, উদাসীন অস্থিৰতা৷
ইংৰাজী, হিন্দী, ওড়িয়া, নেপালী, বাংলা, কানাড়া, গুজৰাটী, ৰাজস্থানী, উজবেক, স্পেনিছ, ফৰাচী ইত্যাদি ভাষালৈ কবিতা তৰ্জমা হোৱা কবি লুট্ফা হানুম ছেলিমা বেগমৰ বৰ্তমানলৈকে ছখন কাব্য-সংকলন আৰু তিনিখন সম্পাদনা গ্ৰন্থ প্ৰকাশ পাইছে৷ তেওঁৰ কবিতাৰ পুথিসমূহ হ’ল : অথন্তৰ ঘটিছে; সেউজীয়া বাট এটা বিচাৰিছে সৰাপাতবোৰে; হে বিৰকমাই বুকু ফালি চোঁৱাহি মোৰ; উৰণীয়া বাগিচাত তৰাৰ চৰাই; অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল; বিষাদ জলতৰংগ (স্বনিৰ্বাচিত কবিতা), আৰু বতাহত তৰাৰ আখৈ ফুটিছে৷ একাধাৰে তেওঁ অনুবাদ কৰ্মতো হাত দিছে৷ ১৯৯৬ চনত সেউজীয়া বাট এটা বিচাৰিছে সৰাপাতবোৰে কবিতা-সংকলনৰ বাবে তেওঁ ‘মুনীন বৰকটকী বঁটা’ লাভ কৰে৷ শেহতীয়াকৈ তেওঁ ২০২৫ বৰ্ষৰ ‘মফিজ্জুদ্দিন আহমদ হাজৰিকা স্মাৰক কাব্য বঁটা”ৰেও সন্মানিত হয়৷ লুট্ফা হানুম ছেলিমা বেগম সাম্প্ৰতিক সময়ৰো এগৰাকী শক্তিশালী কবি৷ চিন্তাৰ মৌলিকত্ব, চিত্ৰকল্পৰ অভিনৱত্ব তথা কাব্যিক মননশীল অনুভূতি কবিৰ কবিতাত সঘনে অনুভৱ কৰিব পাৰি৷ পাঠকৰ মন-মগজুত গভীৰ ৰেখাপাত কৰিব পৰা তীক্ষ্ণ ধাৰ তেওঁৰ কবিতাত চমক সৃষ্টিকাৰী উপাদান৷
ড੦ পৰিণীতা বৰা এগৰাকী লেখক, সমালোচক আৰু বিহালী বিশ্বনাথৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক৷