নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া
Issue: Vol. IV, No. 3, November-January, 2025-26

প্ৰায় তিনি দশকৰো অধিক কাল আমেৰিকাৰ কাব্য-জগতত প্ৰভাৱশালী বলিষ্ঠ কণ্ঠ লুইজ গ্লুক(Louise Elisabeth Gluck, জ. ২২ এপ্ৰিল, ১৯৪৩-মৃ. ১৩ অক্টোবৰ, ২০২৩)ৰ কবি-প্ৰতিভাই সমগ্ৰ বিশ্বতেই স্বীকৃতি লাভ কৰিছে। Firstborn (১৯৬৮) কাব্য-সংকলনেৰে কাব্য-জগতত প্ৰৱেশ কৰা গ্লুকে কাব্যৰ সৈতে জড়িত প্ৰায় সকলো পুৰস্কাৰ আৰু সন্মান লাভ কৰিছে— National Book Critics Circle Award (১৯৮৫), Pulitzer Prize for Poetry (১৯৯৩), U. S. Poet Laureate (২੦੦৩-২੦੦৪), National Book Award (২੦১৪), ইত্যাদিৰ লগতে সৰ্বোচ্চ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ Nobel Prize in Literature (২੦২੦)। গ্লুকৰ উল্লেখযোগ্য কাব্য-সংকলন হ’ল— The Triumph of Achilles (১৯৮৫); The Wild Iris (১৯৯২); Faithful and Virtuous (২੦১৪)। তেওঁৰ সামগ্ৰিক কাব্য-সংকলন হ’ল Poems :1962-2020৷ গ্লুকৰ কবিতা বিষয়ক দুখন গদ্য-সংকলন হ’ল– Proofs and Theories (১৯৯৪), আৰু American Originality: Essays on Poetry (২੦১৭)৷
লুইজ গ্লুকৰ কবিতাত আলোকিত হৈছে নিচেই সাধাৰণ অভিজ্ঞতাৰ ৰহস্য– বেদনা, মৃত্যু, শোক, মাতৃত্ব, বিবাহ-বিচ্ছেদ, পাৰিবাৰিক সংঘাত, সম্পৰ্কৰ বিফলতা, প্ৰত্যাখ্যান, মানসিক আঘাত আৰু প্ৰকৃতি। ব্যক্তিগত অভিজ্ঞতাক গভীৰ আৱেগেৰে কবিতাত ফুটাই তোলাৰ বাবে লুইছ গ্লুকক প্ৰায়ে আত্মজীৱনীমূলক কবি বুলি কোৱা হয়৷ তেওঁ প্ৰায়েই গ্ৰীক পৌৰাণিক চৰিত্ৰ, কাহিনী বা পটভূমিৰ মাজেৰে নিজৰ ব্যক্তিগত অভিজ্ঞতা আৰু আধুনিক জীৱনৰ বিষয়ে গভীৰভাৱে চিন্তা কৰে। The Triumph of Achilles (১৯৮৫) সংকলনৰ কবিতাবোৰ গ্ৰীক পুৰাণ বা মীথ, কল্পকাহিনী আৰু বাইবেলৰ archetypal ভাবনাৰে সমৃদ্ধ৷ ক্লাছিকেল আৰু বাইবেলৰ বাকধাৰাৰ পুনৰ লিখক হিচাপে আটাইতকৈ সিদ্ধহস্ত বুলি গ্লুকে সুখ্যাতি অৰ্জন কৰিছে৷ নিৰাভৰণ, অলংকাৰবিহীন কাব্যিক ভাষাই কিমান সুন্দৰকৈ ব্যক্তিগত অস্তিত্বক সাৰ্বজনীন কৰি তুলিব পাৰে লুইজ গ্লুকে সমসাময়িক বিশ্বক দেখুৱাই থৈ গ’ল। (“For her unmistakable poetic voice that with austere beauty makes individual existence universal.” –Nobel Prize in Literature (2020) citation)
হোমাৰৰ ওডিছীত বৰ্ণিত পৌৰাণিক পটভূমি : থোৰতে
লেয়াৰ্টীজৰ পুত্ৰ আৰু ইথাকা দ্বীপৰ ৰজা ওডিছ্যূছে ট্ৰয়ৰ সৈতে হোৱা যুদ্ধত গ্ৰীক বাহিনীৰ অন্যতম সেনানায়কৰ ভূমিকা পালন কৰিছিল। যুদ্ধলৈ যোৱাৰ সময়ত ওডিছ্যূছে পানী-কেঁচুৱা পুত্ৰ টালিমেকাছক সাদৰী পতিব্ৰতা পত্নী পিনেলোপীৰ হাতত এৰি থৈ গৈছিল৷ এক দশক জোৰা যুদ্ধত ট্ৰয়ৰ পতনৰ পিছত স্বগৃহ অভিমুখে আহি থাকোঁতে সমুদ্ৰ দেৱতা পছাইডনৰ ৰোষত পৰি দহ বছৰ ধৰি অশেষ বিপত্তি কষ্ট ভুগিছিল, কিন্তু বহুতো দুঃসাহসিক অভিযানৰ মাজতো ওডিছ্যূছ সাৰি গৈছিল।
এবাৰ ওডিছ্যূছ আৰু তেওঁৰ সংগীসকল জাহাজ দুৰ্ঘটনাত পতিত হৈ মায়াবিনী চাৰ্চীৰ দ্বীপত উঠিল৷ যাদু-মন্ত্ৰ, কলা আৰু আহুদিৰ বাবে খ্যাত চাৰ্চীয়ে ওডিছ্যূছৰ সকলো সংগীকে যাদু-মন্ত্ৰেৰে গাহৰিলৈ ৰূপান্তৰ কৰিলে, কিন্তু দেৱপ্ৰদত্ত এক যাদুকৰী বনৌষধিৰ প্ৰয়োগেৰে ওডিছ্যূছ সাৰি গ’ল৷ তেওঁ চাৰ্চীৰ লগত এবছৰ বসবাস কৰাৰ পিছত চাৰ্চীৰ পৰা মেলানি মাগি স্বভূমি ইথাকালৈ ৰাওনা হ’ল। ওডিছ্যূছৰ দীঘলীয়া অনুপস্থিতিত পিনেলোপীৰ পাণি গ্ৰহণ কৰি ইথাকাৰ ৰজা হ’বলৈ অনেকে মন মেলিলে৷ পাণি-প্ৰাৰ্থীৰ ভিৰৰ মাজতো পতিব্ৰতা, স্বামীৰ প্ৰতি আনুগত্যত অটল পিনেলোপীৰ দৃঢ় বিশ্বাস যে তেওঁ স্বামী ওডিছ্যূছ এদিন সোশৰীৰে ঘৰলৈ উভতি আহিব৷ আৰু সেই দিনলৈ তেওঁ বাট চাই ৰ’ব৷ মনে মনে এই কথাকে সাৰোগত কৰি তেওঁ পাণি-প্ৰাৰ্থীসকলক জনালে যে তেওঁৰ শহুৰ লেয়াৰ্টীজৰ বাবে কফন এখন বোৱাৰ পৱিত্ৰ কৰ্তব্য শেষ কৰাৰ পিছতহে পুনৰ বিয়াত বহা কথাটো ভাবিব। পিনেলোপীয়ে দিনৰ দিনটো তাঁতত বহি যিখিনি বয় সেইখিনিকে আকৌ ৰাতি খুলি পেলায়৷ এনেদৰেই দিনৰ পিছত দিন পিনেলোপীয়ে পাণি-প্ৰাৰ্থীসকলৰ পৰা সম্ভ্ৰমেৰে নিজকে বচাই ৰাখিছিল ওডিছ্যূছ সোশৰীৰে ঘৰলৈ উভতি অহাৰ দিনটোলৈ৷
লুইজ গ্লুকৰ কেইটামান কবিতাৰ অনুবাদ
১.
চাৰ্চীৰ শোক
অৱশেষত, তোমাৰ পত্নীৰ আগত
মই নিজকে সদৰি কৰিলোঁ
দেৱতা ৰূপে তেওঁৰ নিজৰ ঘৰতে
ইথাকাত অশৰীৰী এটি কণ্ঠ
বয়নত তেওঁ ক্ষন্তেক থমকি ৰ’ল, তেওঁৰ শিৰ
প্ৰথমে সোঁফালে, পিছত বাওঁফালে ঘূৰিল
যদিওবা সেই ধ্বনিৰ কোনো বাস্তৱিক উৎস
বিচাৰি পোৱাটো একেবাৰে নিস্ফল আছিল
মোৰ মনে নধৰে
যি জানিলে তাকে লৈ এতিয়া
তেওঁ ঘূৰি আহিব তেওঁৰ তাঁতশাললৈ৷
আকৌ যেতিয়া তেওঁক লগ পাবা, তেওঁক ক’বা
এনেকৈয়ে এগৰাকী দেৱতাই বিদায় জনায় :
যদি মই চিৰদিন তেওঁৰ চেতনাত থাকোঁ
চিৰদিনৰ বাবে মই তোমাৰ জীৱনত থাকিম।
(মূল: ‘Circe’s Grief’)
২.
ওডিছ্যূছৰ সিদ্ধান্ত
বৰমূৰীয়াই দ্বীপটোৰ ফালে পিঠি দিছে৷
এতিয়া তেওঁ সৰগত নমৰে
নতুবা নুশুনিব
চাইপ্ৰাছ গছৰ তলত স্বচ্ছ পানীৰ ডোঙাবোৰৰ দাঁতিত
জলফাই গছৰ মাজত সৰগৰ বীণ।
সময় আৰম্ভ হৈছে এতিয়া
তাতে তেওঁ আকৌ শুনিছে সেই নাড়ি-স্পন্দন সেই কাহিনী
সাগৰ, ধলপুৱাতে যাৰ টান উত্তাল।
যিয়ে আমাক ইয়ালৈ আনিছে
সিয়েই আমাক বাট দেখুৱাই আঁতৰাই নিব
বন্দৰৰ ৰঙচুৱা পানীত আন্দোলিত আমাৰ জাহাজ৷
এতিয়া মায়াজাল শেষ হ’ল৷
তেওঁক ওভতাই দিয়া তেওঁৰ জীৱন,
সাগৰ— আগুৱাইহে যি যাব পাৰে।
(মূল: ‘Odysseus’ Decision’)
৩.
টালিমেকাছৰ দ্বিধা
মই কেতিয়াও থিৰাং কৰিব নোৱাৰোঁ
মোৰ পিতৃ-মাতৃৰ সমাধিত
মই কি লিখিম।
মই জানো পিতৃয়ে কি বিচাৰে—
তেওঁ বিচাৰে প্ৰেয়সীক
এই ক্ষণলৈ নিশ্চিত ভাৱে যদি আমি
বিশেষকৈ সকলো নাৰীকে লেখত লওঁ।
তাত কিন্তু মোৰ মাতৃ নপৰে।
সেইটো তেওঁৰ বাবে একো কথাই নহয় বুলি
মাতৃয়ে মোক কয় :
নিজৰ প্ৰাপ্তিৰে তেওঁৰ ভাবমূৰ্তি গঢ় লোৱাটোহে
তেওঁ বিচাৰে।
তেওঁলোকক সোঁৱৰাই দিয়াটো যেন সমীচীন নহয়
তেওঁলোকৰ আত্মম্ভৰিতা তেওঁলোকৰ প্ৰক্ষেপ
চিৰস্থায়ী কৰিবলৈ মৃতকক কোনেও শ্ৰদ্ধা জনায়৷
মোৰ অভিৰুচিয়ে বহুবল্কিতা এৰি
মোক যথাৰ্থ হ’বলৈ কঢ়া নিৰ্দেশ দিয়ে।
তেওঁলোক মোৰ পিতৃ-মাতৃ সেই বাবে
তেওঁলোকক একেলগে মই দেখোঁ মাজে-সময়ে
পতি পত্নীৰ যেন
অন্য সময়ত দুই বিৰোধী শক্তিৰ দৰে৷
(মূল: ‘Telemachus’ Dilemma’)
৪.
ইথাকা
প্ৰিয়তম জীয়াই থকাৰ প্ৰয়োজন নাই। প্ৰিয়তম
মনৰ মাজতে জীয়াই থাকে৷
তাঁতশালখন পাণিপ্ৰাৰ্থীসকলৰ বাবে
পাতি সাজু কৰি ৰখা হৈছে
এখন হাৰ্পৰ দৰে শুভ্ৰ কফন সূতাৰে
দুজন লোক আছিল তেওঁ
তেওঁ আছিল দেহ আৰু কণ্ঠ
জীৱন্ত লোকৰ সহজ চৌম্বিক আকৰ্ষণ, আৰু তাৰ পিছত
কল্পনাশক্তিৰহিত পুৰুষেৰে ভৰি থকা ঘৰত
তাঁতশালত বহি সপোন কিম্বা কল্পচিত্ৰ ৰচা শিপিনীজনী
তোমাৰ যেতিয়া পুতৌ ওপজে
চিৰদিনৰ বাবে তেওঁক লৈ যোৱাৰ প্ৰয়াসী
প্ৰতাৰিত সমুদ্ৰৰ প্ৰতি
যিয়ে মাথোন প্ৰথম, প্ৰকৃত পতিক লৈ গৈছিল
তুমি নিশ্চয় এইবোৰ পুৰুষক পুতৌ কৰিবা :
তেওঁলোকে নাজানে কি বিচাৰি আছে তেওঁলোকে
তেওঁলোকে নাজানে যে যেতিয়া এগৰাকীয়ে এনেদৰে ভাল পায়
কফনখন হৈ পৰে বিয়াৰ সাজ
(মূল: ‘Ithaca’)
…………….
হাৰ্প: এবিধ তাঁৰযুক্ত ত্ৰিকোণীয়া বাদ্যযন্ত্ৰ৷
৫.
পিনেলোপীৰ আঁকোৰ-গোজালি
খিৰিকীখনলৈ চৰাই এটা আহিছিল৷
সিহঁতক চৰাই বুলি ভবাটো ভুল
সিহঁত প্ৰায়ে দূত৷
সেয়েহে সিহঁতে যেতিয়া চিধাই তললৈ নামি
আহি খিৰিকী-ডলিত
সিহঁতে ইমানেই অলৰ হৈ বহে
ধৈৰ্যক উপহাস কৰিবলৈ
মূৰ তুলি গাবলৈ
‘বেচেৰী, বেচেৰী’
তিনি স্বৰৰ এই সাৱধান বাণী
তাৰ পিছত এচপৰা কলা মেঘৰ দৰে উৰি যায়
খিৰিকী-ডলিৰ পৰা জলফাইৰ বননিলৈ৷
কিন্তু কোনেনো পঠাব এনে নিঃভাৰ জীৱক
মোৰ জীৱনটোক বিচাৰ কৰিবলৈ
মোৰ ভাবনা গভীৰ
আৰু মোৰ স্মৃতি সুদীৰ্ঘ
কিয় মই ঈৰ্ষা কৰিম এনে স্বাধীনতাক৷
যেতিয়া আছে মোৰ মানৱতা
ক্ষুদ্ৰতম হৃদয়ৰ গৰাকীৰহে আছে বৃহত্তম স্বাধীনতা৷
(মূল: ‘Penelope’s Stubbornnes’)
৬.
পিনেলোপীৰ গীত
কণমানি অন্তৰাত্মা, কণমানি চিৰ বিবস্ত্ৰাজনী
মই কোৱাৰ দৰে এতিয়া কৰগৈ যা
স্প্ৰুছগছৰ খলপা-খলপি ডালবোৰ বগাই
একেবাৰে গছৰ মূধচত ৰৈ থাকিবি, মনোযোগী হৈ
চন্তৰী বা প্ৰহৰীৰ দৰে। তেওঁ সোনকালে ঘৰলৈ উভতি আহিব
তই উদাৰ হোৱাটো যুগুত হ’ব। তয়ো একেবাৰে নিখুঁত নহৱ
তোৰ বেদনাদায়ক দেহাৰে যিবোৰ কাম কৰিছ
সেইবোৰ তই কবিতাত আলোচনা কৰা অনুচিত। সেয়েহে
তেওঁক চিঞৰি মাতিবি মুকলি জলৰাশিৰ ওপৰেৰে,
উজ্জ্বল জলৰাশিৰ ওপৰেৰে
তোৰ বিৰহৰ গীতেৰে, তোৰ ব্যাকুলতাৰে
অস্বাভাৱিক গীত আৱেগ-সিক্ত
মাৰিয়া কেলিছৰ* দৰে, কোনে নিবিচাৰিব তোক?
কাৰ অতি দানৱীয় ক্ষুধাক সঁহাৰি দিয়াত তই হ’বলা বিফল হ’বি?
সোনকালে তেওঁ উভতি আহিব, ইতিমধ্যে যি ঠাইলৈ গৈছে তাৰে পৰা
আঁতৰত থকা সময়ছোৱাত ৰ’দে পোৰা
জুইত সেকা কুকুৰাৰ মঙহ বিচাৰি
আঃ তই তেওঁক আদৰিব লাগিব
তই গছজোপাৰ শকত ডালবোৰ জোঁকাৰিব লাগিব
তেওঁৰ মনোযোগ পাবলৈ
কিন্তু সাৱধানে, সাৱধানে
বহুত বেছিকৈ সৰি পৰা মিহি জোংবোৰে যাতে
তেওঁৰ শুৱনি মুখখন দাগী কৰি নেপেলায়
(মূল: ‘Penelope’s Song’)
……………
* মাৰিয়া কেলিছ (Maria Callas, জ. ১৯২৩-মৃ. ১৯৭৭)৷ আমেৰিকাত জন্মা বিংশ শতিকাৰ গ্ৰীক অপেৰাৰ অতি প্ৰভাৱশালী আৰু প্ৰখ্যাত গায়িকাসকলৰ অন্যতম—যিগৰাকী “La Divina” (The Divine One) বুলি জনাজাত আছিল। পৌৰাণিক পটভূমিৰ লগত কবি লুইছৰ সমসাময়িক এই মোহনীয় গায়িকাগৰাকীক সামৰা বাবে কবিতাটোৱে অন্য মাত্ৰা লাভ কৰিছে।