অনুবাদ: শোণিত বৰঠাকুৰ
Issue: Vol. IV, No. 4, February-April, 2026
লেংষ্টন হিউজ (জ. ੦১.੦২.১৯੦১-মৃ. ২২.੦৫.১৯৬৭) এগৰাকী আমেৰিকান কবি, লেখক, আৰু সমাজকৰ্মী৷ তেওঁ জাজ সংগীতৰ নিচিনাকৈ তালত পৰিৱেশন কৰা জাজ কবিতাৰ অন্যতম স্ৰষ্টা আছিল৷ আফ্ৰো-আমেৰিকানসকলৰ সংগীত, নৃ্ত্য, কলা, সাহিত্য, নাটক আৰু ৰাজনীতিলৈ নৱজাগৰণ অনা হাৰ্লেম ৰেনেইছাঁ নামে খ্যাত বৌদ্ধিক আৰু সাংস্কৃতিক আন্দোলনৰ তেওঁ এগৰাকী নেতা আছিল৷
হাৰ্লেমৰ নৈশগীত
আহাঁ,
সমস্বৰে নিশা আমি
গান গাওঁ আহাঁ৷
ভালপাওঁ মই তোমাক৷
হাৰ্লেমৰ ছাদৰ ওপৰত
জোনটো জিলিকি উঠিছে৷
নিশাৰ আকাশো নীলা৷
তৰাবোৰ যেন
সোণালী নিয়ৰৰ ডাঙৰ টোপাল৷
ৰাস্তাৰ সিমূৰে
সঙ্গীতৰ এটা দলে গীত গাইছে৷
মই তোমাক ভালপাওঁ৷
আহাঁ,
সমস্বৰে আমি নিশা
গান গাওঁ আহাঁ৷
(মূল: ‘Harlem Night Song’)
ব্যক্তিগত
একান্তই ব্যক্তিগত বুলি
লিখা এক খামত
ঈশ্বৰে মোলৈ এখন চিঠি পঠাইছিল৷
একান্তই ব্যক্তিগত বুলি
লিখা এটা খামত
মই মোৰ উত্তৰ পঠিয়াওঁ৷
(মূল ইংৰাজী: ‘Personal’)
বেয়া মানুহ
মই বেয়া, এটা বেয়া মানুহ
কিয়নো সকলোৱে মোক তেনেকৈয়ে কয়
মই বেয়া, এটা বেয়া মানুহ৷
সকলোৱে কয় মোক তেনেকৈ৷
মই মোৰ নীচভাব আৰু খকুৱা স্বভাৱ লগত লৈ ফুৰোঁ
য’তেই যাওঁ মই৷
মই মোৰ পত্নী প্ৰহাৰ কৰোঁ
মই মোৰ ফলীয়া প্ৰেয়সীকো প্ৰহাৰ কৰোঁ৷
মই মোৰ পত্নী প্ৰহাৰ কৰোঁ
মই মোৰ ফলীয়া প্ৰেয়সীকো প্ৰহাৰ কৰোঁ৷
মই নাজানো কিয় কৰোঁ তেনেকুৱা
কিন্তু ই মোক মন দুখী হোৱাৰপৰা ৰক্ষা কৰে৷
মই ইমান যে বেয়া মই
আনকি নিবিচাৰোঁ ভাল হ’বলৈ৷
বহুত বেয়া, বেয়া, বেয়া মই
আনকি নিবিচাৰোঁ ভাল হ’বলৈ৷
মই হ’মগৈ যে এক দানৱ
মই পাৰিলেও নাযাওঁ কেতিয়াও স্বৰ্গলৈ৷
(মূল: ‘Bad Man’)
নিগ্ৰো
মই এজন নিগ্ৰো:
ৰাতিৰ নিচিনা ক’লা,
মোৰ আফ্ৰিকাৰ দৰে ঘোৰ ক’লা৷
মই এজন ক্ৰীতদাস আছিলো:
ছিজাৰে মোক তেওঁৰ দুৱাৰডলি চাফা কৰিবলৈ কৈছিল৷
মই ৱাশ্বিংটনৰ জোতা পৰিষ্কাৰ কৰিছিলোঁ৷
মই এজন শ্ৰমিক আছিলোঁ:
মোৰ হাতেৰে পিৰামিড থিয় হৈছিল৷
ৱুলৱৰ্থ প্ৰাসাদৰ বাবে মিশ্ৰণ ময়ে কৰিছিলোঁ৷
মই এজন গায়ক আছিলোঁ:
আফ্ৰিকাৰ পৰা জৰ্জিয়ালৈ গোটেই বাট
কঢ়িয়াইছিলোঁ মোৰ বিষণ্ণতাৰ গীতবোৰ৷
ময়েই সৃষ্টি কৰিছিলোঁ ৰেগটাইম সংগীত৷
মই এজন ভুক্তভোগী আছিলোঁ:
বেলজিয়ানবোৰে মোৰ হাত কাটিছিল কংগোত৷
সিহঁতে মোক আজিও হত্যা কৰে মিছিছিপিত৷
মই এজন নিগ্ৰো:
ৰাতিৰ নিচিনা ক’লা,
মোৰ আফ্ৰিকাৰ দৰে ঘোৰ ক’লা৷
(মূল: ‘Negro’)
দেৱদূতৰ ডেউকা
দেৱদূতৰ ডেউকা দুখন তুষাৰৰ দৰে শুভ্ৰ
অ’, তুষাৰৰ দৰে শুভ্ৰ,
তুষাৰৰ
দৰে
শুভ্ৰ৷
দেৱদূতৰ ডেউকা দুখন তুষাৰৰ দৰে শুভ্ৰ,
কিন্তু মই মোৰ ডেউকা দুখন
লেতেৰা বোকাত চোঁচোৰালোঁ৷
অ’, মই মোৰ ডেউকা দুখন
গোটেই জুইৰ মাজেৰে চোঁচোৰালোঁ৷
কিন্তু দেৱদূতৰ ডেউকা দুখন বৰফৰ দৰে বগা,
বৰফৰ
দৰে
বগা৷
(মূল: ‘Angels Wings’)