কুশল দত্তৰ কবিতা: এক অধ্যয়ন

মায়াশ্ৰী বড়া

Issue: Vol. IV, No. 3, November-January, 2025-26

কুশল দত্ত

বিংশ শতিকাৰ শেষ দশকত কবি হিচাপে আত্মপ্ৰকাশ কৰা আৰু একবিংশ শতিকাৰ আৰম্ভণিতে নিজকে শক্তিশালী ৰূপে প্ৰকাশ কৰিবলৈ সক্ষম হোৱা কবি কুশল দত্ত সাম্প্ৰতিক অসমীয়া কাব্য-জগতৰ এটা চিনাকি নাম। সামাজিকভাৱে দায়বদ্ধ কবিগৰাকীৰ কবিতাত সমাজ-সচেতনতা প্ৰকাশ পোৱাৰ লগতে তেওঁৰ কবিতাৰ মাজেদি নৈসৰ্গিক সৌন্দৰ্যৰ প্ৰতিফলন ঘটিছে। লগতে আধুনিক মানুহৰ নিঃসংগ অৱস্থা, চৌপাশৰ জটিলতা, মানৱ জীৱনৰ পৰম সত্য তেওঁৰ কবিতাবোৰত প্ৰকাশ পাইছে। কবি কুশল দত্তৰ প্ৰথম কাব্য-সংকলন সোণালী ঈগল প্ৰকাশ পাইছিল ১৯৯৯ চনত। তাৰ পৰৱৰ্তী সময়ত টোকোৰা চৰাইৰ বাহ (২০০২); ইলেকট্ৰনিক চৰাই (২০০৫ আৰু ২০১৩); জ্ঞানী গৰখীয়াই জানে উমনিত বহা চৰাইৰ বাহ কিয় ভাঙিব নালাগে (২০০৮); গুৱাহাটী মেট্ৰ সৌৰভ কুমাৰ চলিহা (২০১৫); পকা ধানৰ কিৰীটি (২০১৯) প্ৰকাশ পায়। অনুশীলন পৰ্বৰ পৰা ২০১৪ লৈ ৰচিত প্ৰথম পাঁচটা কবিতা-সংকলনৰ ১১০টা কবিতা আৰু সেই সময়ছোৱাতে অসংকলিত আন এটি কবিতা ‘লোক-নাৰী’ৰে ২০২১ চনত প্ৰকাশ পায় নিৰ্বাচিত কবিতা-সংকলন অলপ এব্ছাৰ্ড

কুশল দত্তৰ কবিকণ্ঠ সমসাময়িক আন অসমীয়া কবিতকৈ কিছু ব্যতিক্ৰম আৰু তেওঁৰ কবিতাৰ নিৰ্মাণৰ ৰীতি কিছু পৃথক:

কামৰ সাগৰত বুৰ গৈ, কল্পনা আৰু পৰিকল্পনাৰ ডেউকাৰে আকাশ ধিয়াই কাইলৈ তেওঁ কাইলৈৰ আগৰ পাহৰিবলগীয়া সকলো প্ৰসংগ পাহৰি পেলাব। কাইলৈ কি ঘটিব সেয়া কাইলৈৰ হাতত এৰি মুহূৰ্তৰ বাবে বকুল ফুলৰ পোহৰৰ দৰে পোহৰ হৈ উঠাৰ ইচ্ছা জাগিল তেওঁৰ। ইচ্ছাৰ হাত ধৰি কাইলৈ তেওঁ পুনৰ আহ্বান জনাব দুপৰীয়াক। কাইলৈ দুপৰীয়া পুনৰ তেওঁ নামি পৰিব তেওঁৰ যুদ্ধভূমিত। জয়-পৰাজয়ৰ আনন্দ-বিষাদ অথবা যুঁজ কৰি যোৱাৰ অহৈতুকী আনন্দত কাইলৈ নিশা অলপ সময়ৰ বাবে বিশ্ৰাম ল’ব তেওঁ বিছনাত। হয়তো টোপনি তেওঁৰ গভীৰ নহ’ব— যাৰপৰা তেওঁ সদায় আঁতৰি থাকিব খোজে সেই তেজ-মঙহৰ সপোন এটাই আহি সেই সময়তে খামুচি ধৰিব তেওঁৰ দুহাত। অৱচেতনত অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কাল বিভ্ৰম ঘটিব তেওঁৰ। সপোনে তেওঁক আকৌ উৰুৱাই লৈ যাব তেওঁ কেতিয়াও যাব নোখোজা অথচ বাৰে বাৰে যাব খোজা সেই অৰণ্যলৈ; যি সনাতন অৰণ্যৰপৰা পোখা মেলে জীৱনে… (‘কাহিনী এটাৰ কাহিনী’)

‘কাহিনী এটাৰ কাহিনী’ –এই কবিতাটোক কবিয়ে সাতটা স্তৰত ভাগ কৰি প্ৰতিটো স্তৰৰে নাম দিছে। স্তৰকেইটাৰ নাম—এতিয়া, দুপৰীয়া, পুৱা ৮ বজাত, আজিৰ আগদিনা, কালিৰ আগদিনা, কাইলৈ, এতিয়া। গদ্যধৰ্মী এই কবিতাটোত তেওঁ দেশ-কাল-পাত্ৰৰ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এক বিমূৰ্ত বৃত্তত জীৱনে জিজ্ঞাসাৰ চাকনৈয়াত কেনেদৰে পাকঘূৰণি খাই আৰু সৰ্বশেষত অনুতাপৰ জুইত দগ্ধ হৈ অনিবাৰ্যভাৱে কেনেদৰে লক্ষ্যবস্তু আঘাতপ্ৰাপ্ত হয় সেই কথা প্ৰকাশ কৰিছে। কাৰণ তেওঁৰ ভাষাত– “জীয়াই থকা মানেইতো সদায় নিজৰ বিৰুদ্ধে যুঁজ কৰি যোৱা…” (‘কাহিনী এটাৰ কাহিনী’)

প্ৰায় ডেৰকুৰি বছৰ কাব্য-সাধনাত ব্ৰতী হৈ থকা কুশল দত্তৰ এই সুদীৰ্ঘ সময়ৰ কবিতাক সমালোচক দেৱভূষণ বৰাই দুটা পৰ্বত ভাগ কৰিছে। প্ৰথমটো ভাগত কবিৰ ২০০১-০২ চন মানলৈকে লিখিত কবিতাবোৰক ৰাখিছে আৰু দ্বিতীয়টো ভাগত তাৰ পৰৱৰ্তী সময়ৰ কবিতাবোৰক ৰাখিছে। কবি দত্তৰ প্ৰথম সময়ছোৱাৰ কবিতাবোৰত ৰোমাণ্টিক চেতনা, মনৰ নষ্টালজিক অনুভূতি আৰু আৱেগ ফুটি উঠা চহা জীৱনৰ নিৰ্যাস দেখা পোৱা যায়:

তোমাৰ বাৰীত ফুলা
সেইপাহ কি ফুল জোনাক

বাঁহ গছবোৰৰ ফাঁকেৰে
নিয়ৰৰ নিবোক উচুপনিৰে
কুঁৱলিৰ কোমল খিকিন্দালিৰে
মোৰ খোলা খিৰিকীৰে বগুৱা বাই
গোটেইখন বিছনাত উবুৰি খাই

মেঠনি খুলি বুকুৰপৰা
উপহাৰ দি যোৱা
তোমাৰ আটাইখিনি
সাঁচতীয়া

তথাপি শেষ নহয়
আৰু কিছু থাকি যায়
তথাপি শেষ নহয়
আৰু কিছু বাঢ়ি যায়

নিশাৰ পিছত নিশা
খোলা খিৰিকীৰে বগুৱা বাই
বাঁহ গছবোৰৰ ফাঁকেৰে উজাই
আগুৱাই ওলাই যায় মোৰ হেঁপাহ

তোমাক
আদৰিবলে’ (ভালপোৱা)

কবি দত্তৰ দ্বিতীয় পৰ্বৰ কবিতাৰ অস্পষ্ট আৰম্ভণি ২০০০ চনতে ‘গ্ৰন্থকীট’ নামৰ কবিতাটোৰ মাজেৰে হোৱা বুলি ক’ব পাৰি। সমসাময়িক কাব্যভাষাক একপ্ৰকাৰে নস্যাৎ কৰি কিতাপৰ পোকক লৈ কবিয়ে কবিতাটো নিৰ্মাণ কৰিছে। ‘গ্ৰন্থকীট’ শব্দটোৰ প্ৰতীকি অভিব্যঞ্জনা দুটা হ’ব পাৰে। এটা কিতাপ গো-গ্ৰাসে পঢ়ি শেষ কৰা পঢ়ুৱৈৰ প্ৰতীকো হ’ব পাৰে আৰু আনটো কিতাপ খাই শেষ কৰা পোকটোও হ’ব পাৰে। কবিতাটোত যি গ্ৰন্থ সংস্কৃতি তথা পঠন অভ্যাসৰ ৰূপান্তৰৰ আভাস দিয়া হৈছে সেয়া নিতান্তই তাৎপৰ্যপূৰ্ণ। এয়া যেন সভ্যতাৰ, এক যুগৰ দ্বন্দ্বমুখৰ বিন্দু। কিতাপৰপৰা কম্পিউটাৰলৈ সন্ধিক্ষণৰ যাত্ৰা। কিতাপৰ ঠাই যদি কম্পিউটাৰে লয় কিতাপৰ পোকৰ বিলৈ কি হ’ব? (পাতনি, অলপ এব্‌ছাৰ্ড):

আপোনাক সাৱধান বাণীটো শুনাই থ’লোঁ এইবাবেই যে ই মোৰ লাইব্ৰেৰীটোৰ মৃত্যু ঘোষণা কৰি ইয়াৰপৰা এক্কেবাৰে গুচি গৈছে। কিন্তু মই নিশ্চিত যে অলপ পাছত মই যেতিয়া কম্পিউটাৰৰ ছুইচ্‌টো অন কৰিম মোক আকৌ ৰঙা চকু দেখুৱাই সি উলংগ হৈ নাচি থাকিব কম্পিউটাৰৰ ৰঙীন পৰ্দাত। (‘গ্ৰন্থকীট’)

কবি দত্তৰ আৰম্ভণি পৰ্যায়ৰ কবিতাসমূহত তেওঁৰ পূৰ্বসূৰী ভালেকেইজন কবিৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। দত্তই নিজেও এটা সাক্ষাৎকাৰত স্বীকাৰ কৰিছে যে অজিৎ বৰুৱা, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য আৰু নীলমণি ফুকন আধুনিক অসমীয়া কাব্য ঐতিহ্যৰ চাৰিটা প্ৰধান স্তম্ভ আৰু এনে বিশিষ্ট কবিৰ কান্ধত উঠিয়ে তেওঁ ওখ স্থানৰ সন্ধান কৰিবলৈ শিকিছিল। কবিৰ কবিতাত যি প্ৰভাৱৰ কথা সাধাৰণতে কোৱা হয় সেয়া দৰাচলতে অসমীয়া কাব্য ঐতিহ্যৰ প্ৰতিহে এক সচেতন আনুগত্য।

জিজ্ঞাসাৰ সকলো বিষয়ক্ষেত্ৰকে কবিতাই সাঙুৰি লোৱা উচিত –এই সামুদায়িক দৃষ্টিভংগী দত্তৰ কবিতালৈ আহিছিল কবি অজিৎ বৰুৱাৰ পৰা। এই কথা দত্তই নিজে স্বীকাৰ কৰিছে– “তেখেতে (অজিৎ বৰুৱা) সকলো বিষয়েই কবিতাৰ ক্ষেত্ৰত explore কৰিবলৈ সদায়ে মোক অনুপ্ৰাণিত কৰিছিল৷ কিমান সফল হৈছোঁ-নহৈছোঁ নাজানো কিন্তু মই প্ৰেম, ব্যংগ, ৰাজনীতি, বিজ্ঞান, দৰ্শন, ক্ৰীড়া আদি সকলো বিষয়েই কবিতাৰ বিষয় কৰি ল’বলৈ চেষ্টা কৰিছোঁ৷ এই বিষয় জিজ্ঞাসাৰ লগে লগে কবিতাৰ পৰম্পৰাগত আংগিকৰপৰা আঁতৰি নিত্য নতুন ৰূপ(form)ৰ পৰীক্ষা কৰিবৰো মাজে-সময়ে যত্ন কৰিছোঁ মই।” (সাক্ষাৎকাৰ, সাহিত্য ডট অৰ্গ)

দত্তৰ কাব্যশৈলী নিৰ্মাণ আৰু সুৰৰ ক্ষেত্ৰত কবি অজিৎ বৰুৱা-নীলমণি ফুকনৰ কবিতাৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি:

ডকা ফুটা গোন্ধ তৰা ফুলা গোন্ধ
ডকা ফুলা গোন্ধ টকা ফুটা গোন্ধ
(‘জেংৰাই ১৯৬৩’, অজিৎ বৰুৱা)

তথাপি শেষ নহয়
আৰু কিছু থাকি যায়
তথাপি শেষ নহয়
আৰু কিছু বাঢ়ি যায়
(‘ভালপোৱা’, কুশল দত্ত)

আকৌ,

মাজৰাতি বেৰৰ জলঙাৰে
সোমায় নে নদী
বাই তোৰ আখলৰ লাওৰ খোলাত
সাঁচ দিন
(কবি ফুকনৰ কবিতা সংকলনৰ অন্তৰ্গত ৮ নং কবিতাটো)

উজাগৰ নিশা জলঙাৰে সৰে
তোমাৰ চেঁচা চকুলোৰ বৰষুণ
(কবি দত্তৰ টোকোৰা চৰাইৰ বাহ সংকলনৰ ১নং কবিতাটো)

অজিৎ বৰুৱা-নীলমণি ফুকনৰ আৰ্হিৰে কবি দত্তয়ো তেওঁৰ দুৰ্বোধ্য কবিতাসমূহৰ শেষত ‘টোকা’ দিছে আৰু নীলমণি ফুকনে তেওঁৰ কবিতাত কবিতাৰ নাম আৰু যতিচিন পৰিহাৰ কৰাৰ দৰে কবি দত্তয়ো তেওঁৰ কিছুমান কবিতাত শিৰোনাম আৰু যতিচিন পৰিহাৰ কৰিছে।     

সাৰ্থক প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগ দত্তৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। কবিয়ে প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগেৰে গ্ৰাম্য সমাজ-জীৱনৰ চিনাকি চিত্ৰ এখন প্ৰকাশ কৰিবলৈ যত্ন কৰিছে ‘বৰষুণ’ নামৰ কবিতাটোত:

কচোন ক সোণ—
এই ছিৰালফটা পথাৰখনৰ সিপাৰৰ নীলা নৈখনৰ নাম কি
চকুৰে নমনাৰ সিপাৰৰ উৰণীয়া কজলা ডাৱৰজাকৰ ঘৰ ক’ত

আবেলি বেলিকা তয়ে ময়ে ওলাই যাম
আঁহতগুৰিৰ বৰবিলত বৰশী বাম
ধনগুলৈ খেদি ঘৰলৈ ঘূৰিম
বাঘধেনু ঘূৰাই তাইক মাতিম
তাইক মাতিম

নৈ-বিলত বৰশী বোৱা আৰু ধনগুলৈ-ভূত-প্ৰেতৰ বিশ্বাসৰ মাজেদি কবিয়ে গ্ৰাম্য সমাজ জীৱনৰ এখন চিনাকি চিত্ৰ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। কবিতাটোত ‘বাঘধেনু’, ‘আজান চৰাই’ আদি প্ৰতীক। ‘ছিৰাল ফটা পথাৰ’ আৰু ‘উৰণীয়া কজলা ডাৱৰ’ৰ জৰিয়তে কবিতাটোত সাৰ্থক চিত্ৰকল্পৰ প্ৰয়োগ ঘটিছে। ইয়াত ছিৰাল ফটা পথাৰে ঠেৰুহীন জীৱনৰ ৰুক্ষ অৱস্থাটোৰ কথা প্ৰকাশ কৰিছে আৰু উৰণীয়া কজলা ডাৱৰে অনিশ্চয়তাক প্ৰতিনিধিত্ব কৰিছে। ‘বাঘধেনু’ আৰু ‘আজান চৰাই’ৰ বাহিৰেও কবিতাটোত ‘নীলা নৈ’ আৰু ‘বৰশী’ প্ৰতীক হিচাপে ব্যৱহাৰ হৈছে, য’ত দুয়োটা অভিব্যঞ্জনাই সম্ভাৱনাৰ প্ৰতীক। প্ৰকৃতিক নাৰী হিচাপে লোৱা পৰম্পৰাগত ধাৰণাৰে কবিৰ পাৰ্ছনিফিকেশ্যনত বৰষুণ হৈ পৰিছে নাৰী (“তাই”):

“এপদ এপদকৈ কাপোৰ খুলি নাচি থাকিব তাই ওৰে ৰাতি”।

পাৰিপাৰ্শ্বিক দিশৰ পৰাও কবি দত্তৰ কবিতাসমূহ বিশ্লেষণ কৰিব পাৰি। মাছ, পানী, গছ, চৰাইৰ ৰূপক-উপমাৰে কুশল দত্তৰ কবিতাৰ মাজত পৰিৱেশতন্ত্ৰৰ এটা আদৰ্শ আৰু সচেতন দৃষ্টিভংগী মন কৰিব পাৰি। অতি সৰল ভাব-ভাষাৰে লিখা পংক্তি কিছুমানৰ বিস্ময়কৰ আৱেদন মন কৰিবলগীয়া:

“জ্ঞানী গৰখীয়াই জানে/উমনিত বহা চৰাইৰ বাহ কিয় ভাঙিব নালাগে”

কবি দত্তৰ কবিতাত প্ৰতীকৰ ৰূপত চৰাইৰ প্ৰসংগৰ সচেতন প্ৰয়োগ এটা বৈশিষ্ট্যপূৰ্ণ দিশ। তেওঁৰ কেইবাখনো কবিতা সংকলনৰ নামকৰণতো আছে চৰাইৰ প্ৰতীকী ব্যঞ্জনা। ‘সোণালী ঈগল’ শীৰ্ষক কবিতাটোত ঈগলক ‘সোণজনী’ বুলি সম্বোধন কৰাৰ কথাই আমাক মনত পেলাই দিয়ে ৰোমাণ্টিক যুগলৈ, য’ত পদ্মনাথ গোহাঞিবৰুৱাই ‘ৰঙাঘোঁৰা’ (ঊষা, দ্বিতীয়ভাগ, ষষ্ঠ সংখ্যা) কবিতাৰ ঘোঁৰাটোক ‘সোণাই’ সম্বোধন কৰিছিল। অৱশ্যে, দত্তৰ কবিতা-সংকলনৰ চৰাইকেইজনী ৰোমাণ্টিক যুগৰ ‘দহিকতৰা’, ‘কেতেকী’ নিশ্চয় নহয়—

আঃ
কোন সুদূৰত ৰিণিকি ৰিণিকি আবেলি বতাহৰ সুহুৰি
বাঁহীৰ সুৰৰ দৰে মায়াৱী কি চিক্মিকনিৰ হাতবাউলি
সোণজনী…
বান্ধি থোৱাগৈ তোমাৰ টিক্ টিক্ কৰে ৰঙা- দুপৰৰ
গুড়ি গুড়িকৈ পৰা বৰফৰ দৰে শুকুলা ঘোঁৰাজনী (সোণালী ঈগল)

প্ৰকৃতিক প্ৰযুক্তিৰ লগত সংযোগ কৰি কবিয়ে কবি-প্ৰতিভাৰ মৌলিকতাৰ পৰিচয় দিছে ‘ইলেক্ট্ৰনিক চৰাই’ত। ইলেক্ট্ৰনিক চৰাইৰ প্ৰতীকী বাৰ্তাই গোলকীয় বিশ্ব-পৰিস্থিতিত গঢ়ি উঠা তথ্যপ্ৰযুক্তিৰ আশিসধন্য অত্যাধুনিক জীৱনশৈলী আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ব্যৰ্থকতাৰ ইংগিত দিছে:

আলহী এটা ইলেক্ট্ৰনিক চৰাই
আহিয়ে আলহীয়ে মোক ক’লে—
যিমানলৈ ভাবিব পাৰি সিমানলৈ উৰিবও পাৰি..
মোৰ দৰে…

*** *** ***

পাছৰখিনি পিছে…বিশ্বাস কৰক
মই এইটো মগজুৰে এটাও বুজি নাপালোঁ
(মোৰ এইটো যে আকৌ ইলেক্ট্ৰনিক নহয়!)
(ইলেক্ট্ৰনিক চৰাই)

দত্তই ‘টোকোৰা চৰাই বাহ’ নামেৰে কেইবাটাও কবিতা লিখিছে। কবিতাকেইটাত সোঁৱৰণিৰ পৰা উঠি অহা সামাজিক, নৈসৰ্গিক পাৰিপাৰ্শ্বিকতাৰ বোল, লোকজীৱন আৰু সংস্কৃতিৰ অক্ষয় ভাবনাই আধুনিক চেতনাক একোটা ৰূপ দিছে:

নিঃসংগ নৈশবাছৰ খিৰিকীৰে
মোৰে সৈতে দূৰে দূৰে দৌৰি যোৱা
সৌটো কুঁৱলীত তিতা জুৰুলি-জোন

অ’ জোনাক
ভালপোৱাবোৰ কেৱল নিজৰ বাবে নহয় কাৰণেই
ধূসৰ এই সেমেকা নিশা তোমালে’ মনত পৰে বাৰে বাৰে বাৰে
(টোকোৰা চৰাইৰ বাহ সংকলনৰ ৪নং কবিতা)

দত্তৰ কিছুসংখ্যক কবিতা ইংৰাজীকে ধৰি প্ৰায় আটাইকেইটা ভাৰতীয় আঞ্চলিক ভাষালৈ অনূদিত হোৱাৰ উপৰি দুটিমান কবিতা কেইটামান প্ৰধান বিদেশী ভাষালৈয়ো অনূদিত হৈছে। কবি দত্তৰ ‘টোকোৰা চৰাইৰ বাহ’ (নৱকান্ত বৰুৱা-বীৰেন্দ্ৰনাথ দত্ত যুগলবন্দীৰ প্ৰতি উৎসৰ্গিত) কবিতাটো ইংৰাজী, হিন্দী আৰু বাংলা ভাষালৈ অনুবাদ কৰিছে ক্ৰমে- বিবেকানন্দ চৌধুৰী, দিনকৰ কুমাৰ আৰু মাণিক দাসে। কবিতাটো এনেধৰণৰ:

শিপাৰে মাটি খামুচি
পাতে সদায় চাই থাকে চিৰন্তন আকাশৰ ফালে

“ইমান আকাশে আৱৰি ৰাখিছে”
আকাশৰ বুকুতে যে অনেক আকাশ থাকে, সেয়ে…

আপোনাৰ বুকুতে আপোনাক হেৰুৱাই
জীয়া জীয়া এটা গান হোৱাৰ মোৰ যে ইমান হেঁপাহ…
ইমান আকাশে ইমান আকাশ… ইমান যে আকাশ… (টোকোৰা চৰাইৰ বাহ)

দত্তৰ প্ৰায়বোৰ কবিতাতে আধুনিক জীৱনৰ মানসিক অন্তৰ্দ্বন্দ্বৰ একোখন ছবি জিলিকি উঠে। তেওঁ অতি আন্তৰিকতাৰে গাঁৱৰ নৈসৰ্গিক সৌন্দৰ্যৰ প্ৰতিফলন ঘটোৱাৰ লগতে আধুনিক মানুহৰ নিঃসংগ অৱস্থাকো প্ৰকাশ কৰিছে। জীৱনৰ বিচিত্ৰ অভিজ্ঞতা এওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু। সাম্প্ৰতিক ক্ষয়িষ্ণু সামাজিক-ৰাজনৈতিক ব্যৱস্থাত বিয়াগোম পুঁজিপতি-ৰাজনীতিকে নিয়ন্ত্ৰণ কৰা নিউজ চেনেলবোৰৰ প্ৰতি বিষোদ্‌গাৰ প্ৰকাশ পাইছে ‘নিউজ চেনেল’ নামৰ কবিতাটোত। ‘নিউজ চেনেল’ৰ দৰে ‘লোডশ্বেডিং’ কবিতাতো কবিয়ে সচেতনভাৱে গীতিধৰ্মিতা পৰিহাৰ কৰি গদ্যাশ্ৰয়ী ভাষাৰে আংগিকৰ নতুন সম্পৰীক্ষা কৰিছে। গাণিতিক বোধ থকা কবিৰ কবিতাত জ্যামিতিৰ নক্সা শৈলী দেখা পোৱা যায়– ‘আলি’ আৰু ‘৫.৬/১২৫’ নামৰ কবিতা দুটাত। নিজা ষ্টাইল, ভাষা, আংগিকেৰে কুশল দত্তই শেহতীয়া সংকলনটোত কেইবাটাও ব্যতিক্ৰমী কবিতা লিখিছে। ‘ৰঙা’, ‘শৃংখল’, ‘অলপ এবছাৰ্ড’, ‘আপেল তলৰ তৰ্ক’, ‘খেল’, ‘গুৱাহাটী মেট্ৰ’ত সৌৰভ কুমাৰ চলিহা’, ‘ইনষ্টলেশ্যন ইন এ মেট্ৰ’ আদি।  ‘গুৱাহাটী মেট্ৰ’ত সৌৰভ কুমাৰ চলিহা’ কবিতাটো লিখা হৈছিল ২০১২ চনত। কবিতাটোত কাৰিকৰীভাৱে তেওঁৰ লগত কাল্পনিক সাক্ষাৎ এটা কবিয়ে তুলি ধৰিছে। এফালে গাণিতিক বোধ আৰু আনফালে লোককথা, সাধুকথাৰ চৰিত্ৰ তুলি আনি কবিতাৰ বিষয় কৰি লোৱা দত্তৰ কবিতাত বেজবৰুৱাৰ ‘চম্পাৱতী’ৰ পুনৰ্নিৰ্মাণ হৈছে ‘লোক-নাৰী’ নামৰ কবিতাত। এই কবিতাটো ভাব-ভাষাৰ মসৃণতাৰে ঐশ্বৰ্যশালী। কবিতাটোত লোক-নাৰীৰ ভৰি, বুকু, ডিঙি কুটকুটোৱা বুজাইছে ক্ৰমে – পিৰালিৰ পৰুৱা, পুৱতিৰ পছোৱা, নৈৰ ন-পানীয়ে। তেজী বৰষুণৰ ন-পানীছাটি ভৰিলৈ উজাইছে, পাৰিজাতৰ পোহৰ এছাটিয়ে সেওঁতা পোহৰাই মাজনিশাটো উজলাইছে। অৰ্থাৎ চিকুণ-কোমল সেওঁতাৰ পোহৰক ‘পাৰিজাতৰ পোহৰ’ৰ লগত তুলনা কৰিছে; যি সেন্দূৰ এগৰাকী নাৰীৰ অন্তৰৰ পৱিত্ৰতাৰে পূৰ্ণ হৈ উঠে। আকৌ, বিনন্দীয়া বাঁহীৰ সুৰ এটাই বুকুত বহি দুচকু জুৰাইছে, ববছা বনৰ সাতসৰী পিন্ধি সোণালী ডঁৰিক এটাই উৰোঁ উৰোঁ কৰিছে। কবিৰ ‘লোক-নাৰী’য়ে কন্যাকাল অতিক্ৰম কৰি নিজে আই হৈছে আৰু পৃথিৱীৰ আটাইতকৈ পুৰণি গীতটো আওৰাইছে: 

তাৰ পাছত আৰু তাইৰ মাত নোলায়
তাৰ পাছত তাই নিজেই আই হয়

আকৌ এবাৰ জীৰ ভৰি কুটেকুটোৱাৰ দিনা
আকৌ এবাৰ আয়ে ওঁঠত জুৰে
পৃথিৱীৰ আটাইতকৈ পুৰণি গীতটো—

আই মোৰ…
আই তোৰ … (লোক-নাৰী)

কবি দত্তৰ কবিতাত চিত্ৰধৰ্মী আৰু নাট্যধৰ্মী দুয়োটা শৈলীয়ে এক বিশেষ স্থান লাভ কৰিছে। এই বিষয়ে তেওঁৰ মত– “কবিতা প্ৰধানতঃ দুই ধৰণৰ— চিত্ৰধৰ্মী আৰু নাট্যধৰ্মী। আমাৰ ধাৰণাত আমাৰ কবিতাত দুয়োটা শৈলীয়েই ভিন্ন অনুপাতেৰে ৰক্ষিত। তথাপি নাট্যধৰ্মিতাৰ প্ৰতি টানটো যেন অলপ বেছি!” (আগকথা, ‘অলপ এবছাৰ্ড’; কুশল দত্ত) এই প্ৰসংগত তেওঁৰ ‘ওপৰলৈ যোৱাৰ আগেয়ে ভোগায়ে ক’লে’ কবিতাটোৰ কথা ক’ব পাৰি।

‘সাম্প্ৰতিক অসমীয়া কবিতাৰ ধাৰা’ নামৰ প্ৰবন্ধত বিভাস চৌধুৰীয়ে উল্লেখ কৰিছে যে, “…ঐতিহ্য আৰু ইতিহাসৰ পাঠ পঢ়ি সৃষ্টিশীলতাক অতীত আৰু ভৱিষ্যতৰ সংলাপৰ আৰ্হি কৰা আজিৰ কবি সমাজে জীৱনৰ স্বৰূপ বিচাৰত আত্মনিৱেশ কৰিছে…”। এইক্ষেত্ৰত কবি কুশল দত্ত ব্যতিক্ৰম নহয়। দৰ্শনৰ ছাত্ৰ দত্তৰ কবিতাত জীৱন জিজ্ঞাসাৰ গভীৰ উপলব্ধিয়ে শিল্পী মনৰ দাৰ্শনিক দৃষ্টিৰ আভাস প্ৰদান কৰে। উদাহৰণস্বৰূপে:

“উশাহহীন পৃথিৱীত কিন্তু সৰাপাতেই সত্য” (ভালপোৱা)

কবিৰ আত্মানুভৱৰ স্বকীয় ৰূপায়ণৰ ক্ষেত্ৰত কথা-কবিতাৰ প্ৰচাৰ দেখিবলৈ পোৱা যায়। তেওঁৰ মতে কবি এগৰাকী নিৰ্ধাৰিত কাব্যকৰ্ম বা কাব্যধৰ্মৰ উপাসক আৰু প্ৰতিপালক হোৱাই উচিত। সেয়েহে তেওঁ উল্লেখ কৰিছে– “আমাৰ যৎসামান্য চৰ্চাৰ পৰিপ্ৰেক্ষিততো ‘লেখা লেখা খেলা’ বা ‘ভাষা খেল’-এ প্ৰায়েই খেলা কৰে; হৰা-জিকা কোনোবা বিন্দু হ’লেও!” গতিকে দত্তৰ প্ৰায়বোৰ কবিতাৰ লগতে তেওঁৰ কবিতা-সংকলনকেইখনৰ শিৰোনামলৈ লক্ষ্য কৰিলেই তেওঁৰ কবিতাৰ নিৰ্মাণৰীতি আৰু বৈশিষ্ট্যৰ উমান পোৱা যায়। তেওঁৰ ভাষাত “বেলেগনো আৰু কি— সংকলন এটাৰ নামটো ইঞ্জিনজাতীয় কথা এটাই চাগে: কবিতাৰ ৰেলখন চলাই নিব পৰাকৈ?”

গ্ৰন্থপঞ্জী
মুখ্য সমল:
দত্ত, কুশল। অলপ এব্ছাৰ্ড। পূৰ্বায়ন প্ৰকাশন, ২০২১।

গৌণ সমল:
গোহাঁই, হীৰেন, সম্পা.। সাগৰতলিৰ শঙ্খ। পূৰ্বায়ন প্ৰকাশন, ২০২২।
দত্ত, কুশল, সম্পা.। অজিৎ বৰুৱাৰ কবিতা সমগ্ৰ। ভৱানী বুক্ছ, ২০১৫।
বৰকটকী, অৰিন্দম। অনুবন্ধ। ক্ৰান্তিকাল প্ৰকাশন, ২০১৮।
বৰা, দেৱভূষণ। নিৰ্বচন। বান্ধৱ, গুৱাহাটী,২০১৭।
বৰুৱা, লোপা। অসমীয়া কবিতাত প্ৰতীক আৰু চিত্ৰকল্প। পূৰ্বাঞ্চল প্ৰকাশ, ১৯৯৯।

প্ৰবন্ধ :
চৌধুৰী, বিভাস। “সাম্প্ৰতিক অসমীয়া কবিতাৰ ধাৰা”। গৰীয়সী, মাৰ্চ, ২০১৮।
দাস, জ্যোতিষ্মান। “গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনী : পৰিপাৰ্শ্ব-সমালোচনা, ৰোমাণ্টিকতাবাদ আৰু ৰঘুনাথ চৌধাৰীৰ কবিতাৰ পুনঃপঠন”। অন্যযুগ, অক্টোবৰ,২০২৩।
শইকীয়া, কমল। “কুশল দত্তৰ কবিতাৰ অন্তৰ্জগত: মানুহ, নিসৰ্গ আৰু বাসনাৰ অন্তৰ্দৰ্শন”। প্ৰকাশ , মে’ ২০২৩।

মায়াশ্ৰী বড়া তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰী৷