কিয়েইবা হেৰুৱাম শেষ যুদ্ধভূমিত

ৰুদ্ৰ সিংহ মটক

জুইৰঙী চকুপানী দুটোপাল জীৱনৰ শেষ সত্য 
নহয়

দুখৰ কবিতা লিখিবই লাগিব— এয়াও হয়তো শেষ দাবী নহয়
জীৱন আৰু স্বাভিমানী হৃদয়ৰ

প্ৰেম মধুৰ যদিও ৰাতিৰ সপোনবোৰে নক্ষত্ৰৰ আঙুলিৰ
আৱাহনী নুবুজায় হেঁপাহৰ প্ৰভাতৰ কথা নকয়

গোলাপৰ স্পৰ্শৰ বাবে, ভালপোৱাৰ গোলাপবোৰৰ বাবে তীক্ষ্ণ নীলা কাঁইটবোৰ সামৰি
ল’ব লাগিব ৰঙা-সেউজীয়া কলিজাৰ গভীৰত

টোপাটোপে তেজ সৰা কণ্টকিত ধুমুহা-বাটেৰেই
খুপি খুপি আগবাঢ়িব লাগিব আমি

দুঃস্বপ্ন হুমুনিয়াহ চকুপানী অথবা মটীয়া ৰঙৰ এই ভঙ্গুৰ শৰীৰ— তাৰ বাহিৰে
আমি কিয়েইবা হেৰুৱাম এই শেষ যুদ্ধভূমিত

চকু মেলি চোৱাচোন এবাৰ
জয় কৰিবলৈকে পৰি আছে সন্মুখত— গোটেই পৃথিৱীখন

(আমাৰ ঘৰ পথাৰ শইচ নদী স্বাধীন আকাশ
পূব-পশ্চিম উত্তৰ-দক্ষিণ দহ-দিগন্ত…)

পিছে আমিবোৰ সতৰ্ক হোৱা খুবেই 
প্ৰয়োজন

এন্ধাৰত চোপ লৈ আছে বেলি নেদেখা অবিশ্বাসী ঘাতক
তেজপিয়া বাদুলী আৰু নৰখাদকৰ দল

One thought on “কিয়েইবা হেৰুৱাম শেষ যুদ্ধভূমিত

Leave a Reply

Your email address will not be published. Required fields are marked *