শংকৰ শইকীয়া
এই কথা সকলোৱে জানে পৃথিৱীৰ সকলোতেই বাতৰিকাকত, আলোচনী আদি প্ৰকাশৰ আঁৰত আদৰ্শগত কাৰণ থাকে৷ ক্ষুদ্ৰ জাতিৰ জাতীয় চেতনাসম্পন্ন লোকসকলে কাকত-আলোচনী আদি উলিওৱাৰ অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য হ’ল— (১) জাতিটোৰ জনসাধাৰণৰ জাতীয় চেতনা জগাই তুলিবলৈ অৰিহণা যোগোৱা, ২) জাতিটোৰ ভাষাটো প্ৰচলন অব্যাহত ৰাখি ৰক্ষা কৰিবলৈ চেষ্ট কৰা, (৩) জাতিটোৰ আৰ্থ-সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ বাবে সজাগতা গঢ়ি তোলা৷
উল্লেখ কৰা কথাখিনি আপাত দৃষ্টিত ৰাজনৈতিক ঘোষণাপত্ৰ বা প্ৰচাৰপত্ৰ যেন লাগিব পাৰে—কিন্তু সচেতনভাৱে লক্ষ্য কৰিলে আমি দেখা পাম প্ৰতিটো কথাই উদ্দেশ্যধৰ্মী৷ প্ৰতিটো সৃষ্টিয়েই উদ্দেশ্যধৰ্মী৷ স্ৰষ্টাই নিজৰ সৃষ্টিৰ মাজেৰে কিবা ক’ব বিচাৰে—দহজনৰ মাজত নিজৰ কথাখিনি বিলাই দিব বিচাৰে—সংযোগ স্থাপন কৰিব বিচাৰে পাঠকৰ সৈতে, শ্ৰোতাৰ সৈতে, দৰ্শকৰ সৈতে। সৃষ্টিৰ বহুতো মাধ্যম আছে—ঘাইকৈ দৃশ্য আৰু শ্ৰাব্য। আখৰ, চিত্ৰ, ভাস্কৰ্য আদিৰ মাধ্যম দেখা! দৃষ্টিৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে আছে স্পৰ্শৰ মাধ্যম৷ বধিৰৰ ক্ষেত্ৰত দৃশ্যানুভূতিৰ অসীম গুৰুত্ব৷ অৱশ্যে বীথোভেনৰ দৰে বধিৰ বিস্ময়কৰ প্ৰতিভাও আছে—যিসকলৰ বাবে ধ্বনিৰ অনুভূতি নিৰূপণ কেনেদৰে সম্ভৱ সেয়া আমি ব্যাখ্যা কৰিব নোৱাৰোঁ৷
কিন্তু সকলো ক্ষেত্ৰতেই এটা কাৰণ নিহিত হৈ থাকে৷ আৰু সেই কাৰণ হ’ল— জ্ঞান আৰু আনন্দ৷ এই ক্ষেত্ৰত জ্ঞানক আমি কেৱল চেতনাৰ সমাৰ্থক কৰিব বিচৰা নাই—জ্ঞানক আমি প্ৰজ্ঞাৰ স্তৰলৈ উন্নীত কৰাটোকেই প্ৰকৃত জ্ঞান বুলি কৈছোঁ৷ প্ৰজ্ঞা আনন্দৰ কাৰণ বা উৎস! আনন্দৰ আধাৰ উপলব্ধি৷ উপলব্ধিৰ বাবে প্ৰজ্ঞাৰ প্ৰয়োজন৷
এনেবোৰ কথা চিন্তা কৰিয়েই আমি আমাৰ ক্ষুদ্ৰ আৰু সীমিত সামৰ্থ্যৰে এখন ক্ষুদ্ৰ কাব্যালোচনী প্ৰকাশ কৰাটো ঠিক কৰিলোঁ৷ ওপৰৰ কথাখিনিৰ আধাৰত ‘উপনিৱেশৰ কবিতা’ নামৰ ক্ষুদ্ৰ কাব্যালোচনীখনৰ প্ৰকাশৰ আঁৰৰ কথা উপনিৱেশৰ কবিতা ’৯৮ শীৰ্ষক কাব্য-সংকলনখনত (১৯৯৮ চনত প্ৰকাশিত উপনিৱেশৰ কবিতা নামৰ মাহেকীয়া আলোচনীখনৰ নিৰ্বাচিত কবিতাৰ সংকলনখন) বিস্তৃতভাৱে উল্লেখ কৰা হৈছে৷ সেইখিনি কথাকেই আমি বিনম্ৰভাৱে উল্লেখ কৰিলোঁ৷ আমি আশা কৰিম, শ্ৰদ্ধেয় পাঠকসকলে এইখিনিৰ মাজেৰে উপনিৱেশৰ কবিতা প্ৰকাশৰ জন্মৰ মৰ্মবেদনা যথাৰ্থভাৱে অনুভৱ কৰিব৷
প্ৰথম কথাষাৰ
সংকলনখনৰ ভিতৰলৈ সোমোৱাৰ আগেয়ে পাঠকসকলক সংকলনখনৰ আঁৰৰ কিছু কথা অৱগত কৰিব বিচাৰিছোঁ—যাতে কিয় এই সংকলনখন উলিয়াবলগীয়া হ’ল তাৰ এটা যুক্তি পঢ়ুৱৈয়ে বুজি পায়৷ যিহেতু সকলো কথাৰে একোটা যুক্তি থাকে—কাৰণ থাকে৷
নব্বৈ দশকটোৰ আৰম্ভণিতে আমি লক্ষ্য কৰিছিলোঁ যে, অসমৰ কিছু তৰুণ প্ৰতিভাশালী কবিয়ে যেন অসমীয়া পাঠকক পুনৰ এক ৰোমাণ্টিক যুগলৈ লৈ যাবৰ প্ৰয়াস কৰিছে—যিটো যুগ আমি বহুদিন আগেয়েই এৰি থৈ আহিলোঁ৷ এৰি অহা বাবেই হয়তো এই নতুন ৰোমাণ্টিকতাৰ ধাৰাটোত ‘দেহ’ৰ প্ৰভাৱটোও সংযোজিত হৈছে৷ এটা নতুন মাত্ৰা দিছে৷ কবিতাবোৰ যেন বেছি ‘দেহজ’৷ কেৱল একধৰণৰ ‘দেহজ’ প্ৰেম৷ অৱশ্যে, আমি প্ৰেমত দেহটো অস্বীকাৰ কৰা নাই—আমি দেহৰ লগতে হৃদয়, আত্মা, মনন, অনুভৱ, সত্তা আদিৰ কথাও সংযোজন কৰিব বিচাৰিছোঁ৷ প্ৰদূষিত নৈৰ পাৰত প্ৰেমৰ লুকাভাকু খেলিব নোৱাৰি—এই সত্যটো উপলব্ধি কৰিব লাগিব৷ চমকিত শব্দৰ আলোকেৰে ঢাকি ৰাখিব নোৱাৰি দুৰ্ভিক্ষ, নিৰ্দোষ হত্যা, বানৰ তাণ্ডৱ, দুৰ্নীতি, লম্পটামি৷ দস্তুৰমত যেন এক কল্পনাৰ ৰাজ্যত বিচৰণ কৰিবলৈ এৰি দিছে৷ আমাৰ বুজিবলৈ পলম নালাগিল যে ভাৰত ৰাষ্ট্ৰলৈ নব্বৈৰ দশকৰ আৰম্ভণিতে যি গোলকীয়কৰণ আৰু মুক্ত অৰ্থনীতিৰ আগমন হৈছিল তাৰ লগত যেন অসমীয়া কবিতাত আমদানী হোৱা নব্য-ৰোমাণ্টিকতাৰ ক’ৰবাত অদৃশ্য সংযোগ আছে৷ একধৰণৰ দূৰদৰ্শনৰ বিজ্ঞাপনী কৰ্মকাণ্ড যেন! কবিতাকো যেন পণ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰিব বিচৰা হৈছে৷
আমি সচিকত হৈ উঠিলোঁ৷ আমি জানো—কল্পনা বাদ দি মানুহৰ জীৱন অসম্ভৱ, কিন্তু জীৱন মানেইতো কল্পনা নহয়৷ আমি বিশ্বাস কৰোঁ—প্ৰতিজন লেখকৰেই কৰ্তব্য হ’ল পাঠকক বাস্তৱৰ সৈতে মুখামুখি কৰি দিয়া৷ বাস্তৱৰ পৰা আঁতৰাই এখন কাল্পনিক মায়াময় জগত সৃষ্টি কৰি উমলিবলৈ এৰি দিয়া কাৰিকৰ হিচাপে যদি শিল্পী-সাহিত্যিকে কাম আৰম্ভ কৰে আমি তাক অপৰাধ বুলি গণ্য কৰোঁ৷ মানৱতাৰ প্ৰতি কৰা ই এক অপৰাধ৷
আমি এনে ধাৰাৰ প্ৰতিবাদ কৰিব বিচাৰিলোঁ৷ ১৯৯২ চনৰ মাজভাগত আমি, ধনঞ্জয় শৰ্মা, তপন কুমাৰ শৰ্মা, দ্বিজেন দাস, হিকমৎ চৌধুৰী, নবীন ৰাজবংশী লগ হৈ গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম খেলপথাৰৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ শিলত বহি ‘উপনিৱেশৰ কবিতা’ শিৰোনামেৰে একোখন বছৰেকীয়া সংকলন উলিওৱাৰ সিদ্ধান্ত লৈ এখন গোহাৰি ছপাই উলিয়ালোঁ৷ কিন্তু অসমৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতি আৰু আমাৰ আৰ্থিক দুৰৱস্থাৰ বাবে কামটো আৰম্ভ কৰিব পৰা নাছিলোঁ৷ আমাৰ উদ্দেশ্য জনাই বাতিৰকাকত দিয়া বিজ্ঞাপনৰ প্ৰতি সঁহাৰি জনাই ভালেকেইগৰাকী প্ৰতিষ্ঠিত কবিয়ে আমালৈ কবিতা পঠিয়ালে—যিকেইটা কবিতা আমি শেষলৈকে কঢ়িয়াই লৈ ফুৰিছিলোঁ৷ ইতিমধ্যে আমাৰ একান্ত শুভাকাংক্ষী পথাৰৰ কবি ৰাম গগৈ আমাৰ মাজৰপৰা গুচি যোৱাত আৰু ৰাজপথৰ কবি অৱনী চক্ৰৱৰ্তী নিৰুদ্দেশ হোৱাত আমাৰ কামৰ ধাৰাৱাহিকতাত আৰু যতি পৰিল৷
এনেতে প্ৰতিভাৱান কবি ধীৰাজ বিশ্বাসী, বিপুল দাস, অজেৰ হক চৌধুৰী, তপন কুমাৰ বিশ্বাসী, বিশ্বজিৎ বিশ্বাসী, স্বভাৱ কবি ঘনকান্ত দাস, পংকজলোচন বৈশ্য আদিৰ লগতে প্ৰতিষ্ঠিত কবি চৈয়দ আব্দুল হালিম, নৰেন তালুকদাৰ, ভূপেন চক্ৰৱৰ্তী, সাবিত্ৰী শইকীয়া, দিলীপ কুমাৰ শৰ্মা সমন্বিতে যতীন্দ্ৰকুমাৰ বৰগোহাঞি, হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি আদিৰ উৎসাহ আৰু তৎপৰতাত ১৯৯৮ চনৰ ১ জানুৱাৰী তাৰিখে গুৱাহাটী গ্ৰন্থমেলাত মাহেকীয়া আলোচনী হিচাপে উপনিৱেশৰ কবিতা উন্মোচন কৰা হয়৷ সিদ্ধান্ত লোৱা হয় যে বছৰটোৰ শেষত ইতিমধ্যে প্ৰকাশিত কবিতাসমূহৰ পৰা প্ৰতিগৰাকী কবিৰ একোটাকৈ নিৰ্বাচিত কবিতাৰ এখন সংকলন প্ৰকাশ কৰা হ’ব৷ সেয়েহে আমি এইখন সংকলন (প্ৰকাশৰ সিদ্ধান্তৰ ফল হিচাপে) পাঠকৰ হাতত তুলি দিলোঁ৷
উপনিৱেশৰ কবিতাৰ জন্মযন্ত্ৰণাৰ অংশীদাৰ হিচাপে ১੦-৭-১৯৯২ তাৰিখে প্ৰকাশিত গোহাৰিখনো আপোনালোকৰ হাতত তুলি দিব বিচাৰিছোঁ—
উপনিৱেশৰ কবিতা (Poetry from Colony) – এটি গোহাৰি
পুৰণি প্ৰশ্ন এটা আমি আকৌ উত্থাপন কৰিছোঁ৷ প্ৰশ্নটো বহুতে এৰাই চলিছিল, বহুতে পাহৰিবৰ যত্ন কৰিছিল৷ কবিতাত ৰাজনৈতিক বক্তব্য থাকিবনে নাথাকে—এই প্ৰশ্নটো যিসকলৰ মনত উদয় হয় সেইসকলৰ বাবে আমাৰ প্ৰশ্নোত্তৰ হ’ল—যেতিয়া প্ৰতিদিনে খবৰৰ কাকতত সামৰিক অত্যাচাৰ, সন্ত্ৰাস, হত্যা, ধৰ্ষণ, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অভাৰড্ৰাফট, দালালৰ দপদপনি, বিশ্ববেংক আৰু বহুজাতিক নিগমৰ ঋণৰ চক্ৰব্যূহৰ সংবাদ প্ৰকাশিত হয়, প্ৰকাশিত হয় সাম্ৰাজ্যবাদী শক্তিৰ নিৰ্লজ্জ আৰু জঘণ্য আগ্ৰাসনৰ বহুৰঙী বতৰা৷ আপোনাৰ চহৰ বা নগৰত যেতিয়া এটা বোমা বিস্ফোৰণ হয়, অসংখ্য নিৰ্দোষ শিশু, যুৱক-যুৱতী, পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধা যেতিয়া কেৱল ছিন্ন-ভিন্ন মাংসপিণ্ডলৈ ৰূপান্তৰিত হয়, যেতিয়া ৰাষ্ট্ৰযন্ত্ৰৰ ৰখীয়া সামৰিক বাহিনীয়ে গাঁৱৰ পিছত গাঁও সিহঁতৰ অত্যাচাৰ আৰু বিকৃত ৰুচি চৰিতাৰ্থ কৰি বিধ্বস্ত কৰে, মানুহে যেতিয়া কুকুৰ-মেকুৰীতকৈয়ো অধম ব্যৱহাৰ লাভ কৰে—তেতিয়া আপোনাৰ মনত কেনে প্ৰতিক্ৰিয়া হ’ব? হয়, প্ৰেমৰ কথাষাৰো আমি গভীৰ মানৱীয়তাৰে চাব লাগিব৷ প্ৰেম মানুহৰ জীৱনত এটী গভীৰ আৰু বিশাল অধ্যায় জুৰি আছে৷ কিন্তু, আপোনাৰ প্ৰিয়জন বা প্ৰেমাস্পদৰ প্ৰেমৰ ক্ষেত্ৰতো আপুনি নিঃশংক বা নিশ্চিত হ’ব পাৰেনে? এখন মুক্ত, গণতান্ত্ৰিক আৰু স্বাধীন দেশৰ নাগৰিকৰ অনুভৱেৰে আপুনি প্ৰিয়জন বা প্ৰেমাস্পদৰ কাষত থিয় হ’ব পাৰেনে? এই নিশ্চয়তা আপুনি দিব পাৰে নে যে আপোনাৰ প্ৰিয়জনৰ কাইলৈ অকালমৃত্যু নহ’ব? আপুনি এই নিশ্চয়তা দিব পাৰে নে যে আপোনাৰ প্ৰেমাস্পদক কাইলৈ কোনোবাই ধৰ্ষণ নকৰিব? নাইবা, প্ৰিয়জনক কোনোবাই হত্যা নকৰিব আৰু আপুনি হাঁহি হাঁহি তেওঁৰ কাষত থিয় দিব পাৰিব? এক গভীৰ অনিশ্চয়তাৰে আমাৰ জীৱন, সমাজ আৰু ৰাষ্ট্ৰ আচ্ছন্ন! আৰু এনে এটা অনিশ্চয়তাৰ বাতাৱৰণ স্থিতাৱস্থাৰ ৰক্ষক অশুভ শক্তিয়ে বৰ্তাই ৰাখিবলৈ যত্ন কৰি আছে৷
অইনপিনে অসমৰ কবিতাৰ জগতখন প্ৰবল নৈৰাজ্য আৰু জঘণ্য সুবিধাবাদৰ গৰাহত পতিত হৈছে৷ বেছিভাগ কবিয়ে নিজকে বিক্ৰী কৰিবৰ বাবে জনগণবিৰোধী ৰাষ্ট্ৰযন্ত্ৰৰ দুৱাৰমুখত নিজকেই পণ্যলৈ ৰূপান্তৰিত কৰি শাৰী পাতি হেতা-ওপৰা লগাইছে৷ কেৱল এমুঠিমান কবিয়েহে সকলো নিৰ্লজ্জ প্ৰলোভন ভৰিৰে লঠিয়াই সাহসেৰে জনগণৰ সপক্ষে থিয় দিছে৷ প্ৰতিষ্ঠাৰ লালসাৰে লালায়িত নোহোৱা এইসকল কবি মধ্যবিত্তীয় সুবিধাবাদী সমাজৰ দ্বাৰা ভীষণভাৱে অনাদৃত—অৱহেলিতও, যিটো অত্যন্ত স্বাভাৱিক কাৰণতেই স্বাভাৱিক৷
আমি এইটোও নিশ্চিত কৰি দিব বিচাৰোঁ যে প্ৰকৃততে জীৱন আৰু কলাৰ মাজত কোনো বিৰোধ নাই৷ এইটো স্পষ্ট যে কলাবিহীন জীৱন পংগু আৰু জীৱনবিহীন কলা মৃত৷ জীৱন কলাৰ বাবে আৰু তেনেদৰে কলাও জীৱনৰ বাবে৷ কবিতাক আমি কেৱল শ্লোগানলৈ অৱদমিত কৰিব বিচৰা নাই৷ কবিতা প্ৰথমতে হ’ব লাগিব—তাত কোনো আপোচ নাখাটে৷
অসমত সকলো বন্ধ্যাত্বৰপৰা মুক্ত কৰি আমি কবিতাৰ এটা নতুন আৰু স্বকীয় ধাৰা প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ৷ ভাৰত ৰাষ্ট্ৰ যে স্বাধীন নহয়—বিশ্ববেংক, আই-এম-এফ আৰু আমেৰিকান সাম্ৰাজ্যবাদৰ ধমকিয়েই সিবোৰৰ প্ৰমাণ৷ নিজকে যুক্তৰাষ্ট্ৰ বুলি ঘোষণা কৰা ভাৰত ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত জাতিসমূহৰ স্বকীয়তাই আজি কেৱল বিপদাপন্ন নহয়, ইয়াত আজি ব্যক্তিসত্তাও বিঘ্নিত৷ জাতি আৰু ব্যক্তি—দুয়োটাৰ কাৰণেই এই ৰাষ্ট্ৰ আজিও এক পোতাশাল৷ অসম তো এখন উপনিৱেশেই—উপনিৱেশৰ ভিতৰত উপনিৱেশ৷ এখন উপনিৱেশৰ কবি হিচাপে কবিজনৰ সকলো অনুভৱ, প্ৰেম, ক্ৰোধ, মান-অভিমান, হাঁহি-কান্দোন, ক্ষুধা, তৃপ্তি, জীৱন-চৰ্যাৰ প্ৰকাশেৰে পৃথিৱীক আমি আমাৰ নিজা পৰিচয় দিব বিচাৰিছোঁ৷
আহক, উপনিৱেশৰ এজন নিৰ্ভীক, সচেতন, অনুভূতিশীল আৰু বিবেকৱান কবি হিচাপে আপুনি আমালৈ সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াওক৷
প্ৰতি বছৰতেই আমি একোখন সংকলনেৰে বছৰটোৰ অসমৰ কবিতাৰ অগ্ৰগতি ধৰি ৰাখিবৰ পৰিকল্পনা কৰিছোঁ৷ অহা ১৯৯৩ ইং চনৰ ১লা জানুৱাৰীতেই আমি প্ৰথমখন কবিতাৰ সংকলন ‘উপনিৱেশৰ কবিতা ১৯৯২’ প্ৰকাশৰ আয়োজন কৰিছোঁ৷ এই আয়োজন সম্পূৰ্ণ কৰিবলৈ আপুনি আমাক সমৃদ্ধ কৰক৷ এয়ে নিবেদন৷
বিপ্লৱ দীৰ্ঘজীৱী হওক৷ ইতি— ভৱদীয়— শঙ্কৰ শইকীয়া, তপন কুমাৰ শৰ্মা, উপনিৱেশৰ কবিতা, দিনাংক ১੦-৭-৯২।
এই গোহাৰিখন পঢ়ি আমাক বহুতো কবিয়ে প্ৰশ্ন কৰিলে—আমি কাক উপনিৱেশ হিচাপে চিহ্নিত কৰিব বিচাৰিছোঁ? উত্তৰ হিচাপে আমি প্ৰথম সংখ্যাত প্ৰকাশ কৰিলোঁ উপনিৱেশৰ কবিতাৰ ঘোষণাপত্ৰ৷ সেইখনো আমি পাঠকৰ হাতত তুলি দিয়াটো উচিত হ’ব বুলি বিবেচনা কৰিছোঁ৷
ঘোষণাপত্ৰখন হ’ল—
“বহুতেই প্ৰশ্ন কৰিছে—আমি কেৱল অসমখনক উপনিৱেশ হিচাপে চিহ্নিত কৰিছোঁ নেকি? প্ৰশ্নটো যথোচিত৷ আমাৰ স্পষ্ট উত্তৰ হ’ল : অসমত বাস কৰা এজন হিচাপে অসমখনক আমি উপনিৱেশ হিচাপে চিহ্নিত কৰাটো সঁচা—লগে লগে আমি এইট কৈছোঁ যে সমগ্ৰ দক্ষিণ-পূব এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা, মধ্যপ্ৰাচ্য আদিও উপনিৱেশ৷ আমি প্ৰতিনিধিত্ব কৰিছোঁ বিশ্বৰ সকলো উপনিৱেশকে৷ কিন্তু, অসম আমাৰ জন্মভূমি আৰু কৰ্মভূমি৷ অসমৰ চকুৰে আমি চাম বিশ্বৰ উপনিৱেশক৷ অসমৰ যন্ত্ৰণাৰে আমি অনুভৱ কৰিম বিশ্বৰ উপনিৱেশৰ মৰ্মবেদনা৷ অসমক কৰা শোষণৰ পেৰাশালৰ চেপাৰে চাম বিশ্বৰ উপনিৱেশৰ নিষ্পেষণৰ তীব্ৰতা৷ অসমক কৰা বঞ্চনাৰে চাম বিশ্বৰ উপনিৱেশৰ নিঃস্বতা৷
এইষাৰ কথা কোনে নাজানে যে ৰাষ্ট্ৰসংঘক মাৰ্কিন সাম্ৰাজ্যবাদে নাকী লগাই চাকত ঘূৰাব ধৰিছে; বহুজাতিক নিগম, ট্ৰাষ্ট, বিশ্ব বাণিজ্য সংস্থাৰ উদ্যোগত উদাৰীকৰণ, মুক্ত অৰ্থনীতি, অবাধ বিনিয়োগৰ দ্বাৰা বিশ্বক গোলকীয় গাঁও (Global Village) লৈ ৰূপান্তৰিত কৰি সেই গাঁৱৰ স্বয়ম্ভূ জমিদাৰ হৈছে ৱাশ্বিংটন আৰু বিশ্বৰ উপনিৱেশসমূহক কৰিছে ৰায়ত—এই ব্যৱস্থাৰ আমি প্ৰতিবাদ কৰোঁ৷ অকল প্ৰতিবাদেই নহয়, ঘৃণাৰে প্ৰত্যাখ্যান কৰোঁ৷ এইষাৰ কথা সকলোৱেই জানে যে সাম্ৰাজ্যবাদৰ স্বৰূপ সলনি হোৱাৰ লগে লগে ঔপনিৱেশিক চৰিত্ৰৰো পৰিৱৰ্তন হৈছে—প্ৰত্যক্ষ নহয় পৰোক্ষ আৰ্থিক উপনিৱেশ৷ এটা পৰাধীন গোলামী ব্যৱস্থা আমি গোলামী আৰু ৰায়তী ব্যৱস্থাৰ বিপক্ষে আৰু সাম্ৰাজ্যবাদৰ নাভিমূলত আঘাত কৰাৰ সপক্ষে৷ আমি বিশ্বৰ পৰাধীন জাতি, নিষ্পেষিত জনগণ আৰু বঞ্চিত শ্ৰমিক-কৃষকৰ স্বাধীনতা আৰু মুক্তিৰ সপক্ষে৷
শঙ্কৰ শইকীয়া এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক। কামৰূপ দদৰা নিবাসী শইকীয়াৰ দুখন কবিতা-সংকলন প্ৰকাশ পাইছে। তেওঁ উপনিবেশৰ কবিতা আলোচনীখন সম্পাদনা কৰিছিল।