খগেন শইকীয়াৰ কবিতা

Issue: Vol. IV, No. 3, November-January, 2025-26

কলংপাৰত

জাৰত কাঁপিছে মানুহ, কঁপিছোঁ ময়ো, তুমিও চাগৈ
পুহৰ শীতে সৃষ্টি কৰিছে আৰু এখন কুঁৱলিৰ আঁচল
কলংপাৰত যেতিয়া থিয় হওঁ মৌন কুঁৱলিৰ খেল
এতিয়া একোৱেই মনত নাথাকে নিজৰ ভোকটোৰ বাহিৰে৷

কলংপাৰত তোমাক বহুবাৰ লগ পাইছোঁ, মোৰ মনত আছে
মোৰ মুখখন পাহৰি যোৱা ইমান সঘনাই, বুজিব নোৱাৰোঁ
কুঁৱলিৰ আঁচলে ঢাকি ধৰা নিস্তৰঙ্গ বাঁহীৰ সুৰ এটাৰ দৰে
আমাৰ সম্বন্ধৰ কথাবোৰো গতিহীন হয়, ৰৈ যায় ক’ৰবাত
স্মৃতিয়ে ভাগৰ মাৰে, হয়তো পথৰ ক্লান্তিত অৱস স্মৃতিৰ বাখৰ
এনেওতো হ’ব পাৰে, তুমি পলাব খুজিছা আৰু দূৰলৈ
মই মূকবধিৰৰ দৰে নিৰুত্তাপ বা উদ্বিগ্ন চিত্তেৰে অধীৰ৷

তুমিয়েই হ’ব লাগে, আন কোনোবা এগৰাকী বুলি ধাৰণা নাই
কলংপাৰত কেনেবাকৈ কোৱা মনত পৰে ৰিণিকি ৰিণিকি
চহৰখনত গোলাপ ফুল নাই
নক’বা আৰু, তুমি ভাল কথা ক’লেও মই বেয়া শুনিব পাৰোঁ
তুমিও অনুতাপ কৰিব পাৰা কিয়নো ক’লোঁ
গোলাপ ফুল চকুত নপৰিলেও চুকে-কোণে ক’ৰবাত
থাকিব পাৰে, কথাটো অনিশ্চয় আৰু ঠিৰাং কৰিব পৰা বিধৰো নহয়৷

কলং এতিয়া শব্দহীন কুঁৱলিৰ বুকুত, মই অকলে থিয় হৈ আছোঁ
লুকাই পৰা মৃতশিল্পৰ কাহিনী এটা চকুৰ আগত
মই লাহে লাহে, লাহে লাহে খোজ দিছোঁ ঘৰলৈ
মই হয়তো কাকোৱেই লগ নাপাম, দীঘলীয়া বাটটোত
তুমিও দূৰলৈ যাবা
চহৰখন কুঁৱলিয়ে আৱৰি লৈছে, এখন বগা চাদৰৰ দৰে
য’ত কলঙৰ অস্তিত্ব নাই, নাই গোলাপৰো
তেতিয়ালৈ চেতনাহীন হৈ পৰে সূৰ্যমুখী ফুল৷


এটা কবিতাৰ বাবে

মোৰ প্ৰাণ আৰু শৰীৰ যেনেকৈ অভিন্ন
তেনেকৈ অভিন্ন দেশ মহাদেশ, তাৰ আকাংক্ষাৰ অনিৰ্বাণ ৰূপ
মই মাথোঁ এটা বিন্দুত ধূলিকণাৰ দৰে ৰৈ আছোঁ
মহাকাব্যৰ সন্ধানত, এটা কবিতাৰ জন্মৰ অপেক্ষাত৷
মসৃণ শিল্পৰ দৰে এটা নতুন সভ্যতাৰ দুৱাৰ খুলিব খোজোঁ
দুখ-হতাশা, কাৰুণ্য, মানুহৰ পৰাজয় সকলো জয় কৰি
এক ন্যায়-বৈভৱ কবিতাৰে অগ্নিত আহুতি দিওঁ
উত্তৰকালৰ সৰ্বস্বতাৰ বাবে
হাজাৰ অশ্বৰ কদমৰ তালে তালে সপোনৰ সীমাহীন তৰালী জোনাক
প্ৰতিখন মহাদেশতে আছে এটা উত্তেজনা
এক সুৰৰ সন্ধানত
এটা নতুন কবিতাৰ বাবে আত্মাহুতিৰ আখৰা চলি আছে
যুগ যুগান্তৰৰ বাবে এক শিল্পৰ স্তৱক, হাতত তুলসীৰ পাত
এটা এটা বিন্দুত থিয় হৈ তৰা ভৰা আকাশলৈ চাই তেওঁলোকে
এটা কবিতাৰ বাবে, যাৰ প্ৰাণস্ফুৰণত বৰফ হৈ পৰে মানুহৰ পৰাজয়
য’ত আমি দেখা পাওঁ শিল্পৰ ধুমুহা, বিজয়ৰ চিকুণ উৎসৱ৷
মোৰ প্ৰাণ আৰু শৰীৰ যেনেকৈ অভিন্ন
অভিন্ন সেই স্বপ্নৰ দুৱাৰ, য’ত পৃথিৱী চলে আমি ভাল পোৱাৰ দৰে
এটা মহাকাব্যিক কবিতাৰ বাবে এটা ধূলিকণাৰ দৰে ৰৈ আছোঁ
নতুন এক সভ্যতাৰ আশাৰে, নতুন এক ৰোমাণ্টিক উত্তেজনাৰ বাবে
বন্দনা কৰিবলৈ হৃদয়ে হৃদয়ে, দেশে মহাদেশে৷

English translation of the poems.