মই এটা বিজ্ঞাপন দিব খোজোঁ মই এটা বিজ্ঞাপন দিব খোজোঁ, এটা বিজ্ঞাপন কেইজনমান মিষ্টভাষী ব্যক্তিৰ বাবে তেওঁলোকে জাতিৰ ইতিহাস নাজানিলেও হ’ব সংস্কৃতিৰ কথাবোৰ নুবুজিলেও হ’ব বহল পথাৰখন দিগন্তব্যাপি নাচালেও হ’ব এটা লুংলুঙীয়া পথ, গগন-বিদাৰী যোৱা শব্দৰ ধুমুহা ইয়াক তেলপানী দিবলৈ, এটা মৃত্যুপণ তেওঁলোকৰ আপুনি ইয়াক হঠকাৰিতা বা বিড়ম্বনা বুলি ক’ব পাৰে মই ইয়াক শ্ৰেষ্ঠ পন্থা বুলি ভাবোঁ এয়া মোৰ পূৰ্বজ চেতনা তেওঁলোকৰ পৰিপক্বতা দৰকাৰ মানুহক মস্তিষ্কহীন কৰিবলৈ গৱেষণালব্ধ কথাবোৰ বিস্ফোৰণ ঘটাব লাগিব ইয়াতকৈ চমৎকাৰ কথা কি হ’ব? বহুতেই নতুন সাজ পিন্ধিব, আহ্লাদিত হ’ব বহুতো বিষয়েই গছৰ শুকান বাকলিৰ দৰে এৰাই পৰিব ঘটনাবোৰ শহাৰ দৰে খৰ গতিত দৌৰিব মানুহবোৰ দাঁতহীন হ’ব, জিভাবোৰ চুটি হৈ পৰিব ইয়াতকৈ আনন্দৰ কথা কি হ’ব? আপুনি ভাল নাপালেও মই ইয়াত অতীৱ সুখ অনুভৱ কৰোঁ (কাৰণ) আপোনাৰ ভাষাৰে হাত আৰু মূৰ নোহোৱা আজৱ কথাবোৰ বা কাহিনীবোৰ মোৰ পিতৃপ্ৰদত্ত এটা চোলাৰ দৰে—যিটো মই পিন্ধি ফুৰোঁ এই চোলাটোৱেই হ’ল—এক ঐন্দ্ৰজালিক স্বপ্নৰ ক্ষুধাৰে পৰিব্যাপ্ত, পৰিদৃশ্যমান মোৰ বিজ্ঞাপনৰ আহিলা। ধুমুহা জাকৰ পাছত ধুমুহাজাক অহাৰ আগতে পৃথিৱীখন ৰম্যভূমি আছিল পক্ষীৰ কলৰৱে সুৰ তুলি হৃদয়ে হৃদয়ে অমৃত দান কৰিছিল নিজৰাৰ কুলু-কুলু ধ্বনিয়ে পাহাৰ-পৰ্বত স্পৰ্শ কৰিছিল সুখৰ আকৰ বিচাৰি মানুহবোৰ ঘূৰি ফুৰিছিল একেই সুৰত কথা কৈছিল মানুহবোৰে শান্তিৰ কামনাৰে। এদিন এজাক ধুমুহাই বিধ্বস্ত কৰি গ’ল প্ৰকৃতিৰ বিনন্দীয়া ৰূপ বিকট ধ্বনি এটা কাণত বাজি কঁপাই গ’ল পৃথিৱী ভয়, শংকা, আৰ্তনাদ ঘোলাময় অস্থিৰ বতাহ পোতাশালত যেন বন্দী মানুহ। চিনিব নোৱাৰি কাকো, কোন ক’ত কিয় আছে অস্তিত্বৰ প্ৰশ্নত হাহাকাৰ হৃদয়। ক্ৰমে ধুমুহাজাকৰ অন্ত হৈছিল, কেঁকনি বিননি নোহোৱা হৈছিল সুস্থিৰ হৈ পৰিছিল অশান্ত পৃথিৱী থৰক-বৰককৈ খোজ দিছিল জীৱিত মানুহবোৰে বোকাৰে লেটি লোৱা দেহাটো, ধুই মচি সুখ অনুভৱ কৰিছিল। এটা দীঘল উশাহ লৈছিল কোনোৱেই নাছিল পুৰণি সাজত পৰিচয় নতুন হৈছিল, চিন্তাবোৰে অভিনৱত্ব দাবী কৰিছিল উকমুকনি হৈছিল এক মহাজাগতিক উত্তৰণৰ। নতুনকৈ হেৰাই পোৱা আনন্দত মুখবোৰ উজ্জ্বল হৈ পৰিছিল। নিয়ৰসিক্ত অৰণ্য ভেদি যেন ওলাই আহিছে কঁকিলা-সজীয়া এগৰাকী নাৰী মুখত আছিল নতুন জীৱনৰ স্মিত হাঁহি।
খগেন শইকীয়া নগাঁও নিবাসী এগৰাকী কবি, লেখক।