কেইজনমান বিদেশী কবিৰ কবিতা আৰু টিউলিপৰ হত্যা ইত্যাদি

ৰমেন শইকীয়া

নেৰুদা, মিস্ত্ৰেল, লৰকা আৰু পাউণ্ড

আত্মজীৱনী হʼল মৃত অতীতৰ বিৱৰণি। পাবলো নেৰুদাই তেওঁৰ আত্মজীৱনীখনৰ নাম দিছে ʼঅনুস্মৃতিʼ (Memoirs)। স্মৃতি বা সোঁৱৰণ জীৱন্ত ঘটনা বা পৰিঘটনাৰ বিৱৰণ নহয়,  ই স্মৃতিবিজড়িত অতীতৰ ঘটনাবোৰৰ ৰোমন্থন। সোঁৱৰণীৰ জৰিয়তে অতীতৰ যাদুকৰী মুহূৰ্তবোৰক বাস্তৱত পুনৰ জীৱন্ত কৰি তোলা সম্ভৱ নহয়, কিন্তু নেৰুদা হʼল এজন কবি, কবিয়ে কাব্যত ধৰি ৰখা মুহূৰ্তবোৰ সদায় সজীৱ আৰু জীৱন্ত হৈ থাকে আৰু তাৰ আবেদন অক্ষয়। সেই কাৰণতে পাবলো নেৰুদাই তেওঁৰ কবিতাৰ মাজেৰে কৰা যাত্রাত (Journey through My Poetry) উল্লেখ কৰা কাব্য-সৃষ্টিৰ সেই যাদুকৰী মুহূৰ্তবোৰৰ বৰ্ণনাবোৰ পঢ়ি গʼলে জীৱন্ত ঘটনাৰ বিৱৰণি পঢ়া যেনেই লাগে। নেৰুদাই নিজৰ কবিতাৰ বিষয়ে লিখিছে, “মই নাজানো মোৰ কবিতাবোৰ কি। মোৰ কবিতাৰ বিষয়ে সোধাতকৈ সহজ হ’ব যদি সোধা হয় মই কোন বুলি। মোৰ আত্মাৰ অন্ধকাৰ ৰাতিৰ মাজত কবিতা মোৰ পথ প্ৰদৰ্শক — যি মোক শৃঙ্খলিত কৰিছে আৰু মুক্তও কৰিছে, মোক নিঃসংগতাৰ মাজেৰে, প্ৰেমৰ মাজেৰে, মানুহৰ মাজেৰে পৰিচালনা কৰি লৈ গৈছে।” তেওঁৰ মনৰ মাজত কেতিয়া কাব্যবোধ উদয় হৈছিল সেই সম্পৰ্কে লিখিছে– তেতিয়া তেওঁ ভালকৈ পঢ়িব পৰা হোৱাই নাছিল, সেই বয়সতে এদিন তেওঁ অতি তীব্র আৱেগ অনুভৱ কৰিছিল আৰু পৰিষ্কাৰ কাগজৰ টুকুৰা এটাত দৈনন্দিন ভাষাতকৈ পৃথক কেইটামান আধা ছন্দযুক্ত শব্দ লিখি দেউতাকক দেখুৱাইছিল। দেউতাকে বিশেষ মনোযোগ নিদিয়াকৈয়ে কাগজখনত লিখা শব্দকেইটা পঢ়ি কৈছিল, “কাৰ কবিতা নকল কৰি লিখিছ?” এয়ে আছিল তেওঁৰ কবি-জীৱনৰ আৰম্ভণিতে লাভ কৰা হৃদয়হীন সমালোচনা।

নাটক মুখ্যতঃ পৰিৱেশ্য কলা। নাটক ৰচনাৰ মুখ্য উদ্দেশ্য হʼল নাটকৰ মঞ্চায়ন। মঞ্চস্থই যেন নাটকৰ  পৰিপূৰ্ণতা, কিন্তু এটা সময়ত নাটকৰ মঞ্চায়নত বোধকৰো কিছু সমস্যা পৰিলক্ষিত হৈছিল, সেয়ে বাৰ্নাৰ্ড শ্বকে আদি কৰি কিছু নাট্যকাৰৰ নাটকত বিস্তাৰিতভাৱে মঞ্চনিৰ্দেশনা, সংলাপত উচ্চাৰণৰ নিৰ্দেশনা  আদি যুক্ত কৰি দিয়া হৈছিল, যিবোৰ শ্বেইক্সপীয়েৰৰ নাটকত অনুপস্থিত। আনহাতে নাটক মঞ্চায়নতেই সীমাবদ্ধ হৈ থকা নাই, নাটক পাঠকৰ হাতত অধ্যয়নৰো বিষয় হৈ পৰিছে। শ্বেইক্সপীয়েৰৰ নাটকৰ মঞ্চাভিনয়তকৈও গুৰুত্বপূৰ্ণ হৈ উঠিছে নাটকৰ নিবিড় পাঠ, নাটকৰ ওপৰত চিন্ত-চৰ্চা, পাঠ-বিচাৰ আৰু আলোচনা-সমালোচনা। নাটকৰ অধ্যয়নৰ মাজেৰেও নাটকৰ তৃপ্তি লাভ কৰিব পাৰি। সেইদৰে কবিতাৰ ক্ষেত্রত কবিতাৰ সাৰ্থকতা কবিতাৰ আবৃত্তি বা স্বাধীন পাঠত নে, একান্ত ব্যক্তিগত পাঠ-পঠনত, তাৰ বিচাৰ-বিবেচনা বিশেষভাৱে হোৱা নাই। কিন্তু নিবিড়, অন্তৰ্ভেদী কবিতা পাঠে যে কেৱল শ্ৰোতাকেই মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰে তেনে নহয়, ই কবিকো বিচলিত কৰি তুলিব পাৰে। তাৰে এটা উদাহৰণ নেৰুদাৰ আত্মজীৱনীৰ ‘মোৰ পেশা কবিতা : কবিৰ ক্ষমতাʼ (Poetry is an occupation : the power of Poetry) শীৰ্ষক অধ্যায়টোত পোৱা যায়। কবি নেৰুদাৰ ডেকাকালৰ কথা, তেতিয়া তেওঁৰ চেহেৰা আছিল দৰিদ্ৰ অৰ্ধাহাৰী কবিৰ দৰে। নেৰুদাই সেই দেহাৰেই এখন সস্তীয়া হোটেলৰ নৈশ আড্ডাত মস্তানী কৰা দুটা গুণ্ডাৰ এটাক ঘোচা মাৰি নিজৰ শাৰীৰিক অক্ষমতাক উপেক্ষা কৰি চিৎকাৰ কৰি উঠিছিল, “অসভ্য বান্দৰৰ দল, মানুহে ইয়াত আনন্দ কৰিবলৈ আহিছে, তহঁতৰ বান্দৰামী চাবলৈ অহা নাই।” এই বুলি দুয়োটাকে হোটেলৰপৰা বাহিৰ কৰি দিয়ে। কবিৰ এনে কাণ্ডত তেওঁৰ বন্ধুসকল আচৰিত হয় আৰু তেওঁক ধন্যবাদ দিয়ে। নেৰুদা হোটেলৰপৰা বাহিৰ ওলাই সৰু গলি এটাৰে আগবাঢ়ি যাওঁতে দেখা পায় যে, দৈত্যাকাৰ চেহেৰাৰ গুণ্ডাটোৱে তেওঁৰ বাট ভেটা দি ধৰিছে আৰু আপোনাৰ লগত কিছু কথা আছে বুলি সি হুংকাৰ মাৰি কথা কৈছে। নেৰুদাই তাক ঠেলা এটা মাৰিছিল যদিও তাক লৰচৰেই কৰিব নোৱাৰিলে। সি মানুহ নহয় যেন এখন পকাৰ দেৱালহে। কিন্তু গুণ্ডাটোৱে তেওঁক আচৰিত কৰি বেছ নম্ৰতাৰে প্ৰশ্ন কৰিলে, “আপুনি কি পাবলো নেৰুদা? সেই কবিগৰাকী?” নেৰুদাৰ উত্তৰ শুনা মাত্রেই সি লাজত শিৰ নত কৰি কʼলে, “ছি, ছিঃ, মই কি অধম, আপোনাক অপমান কৰিছোঁ। আমাৰ দৰে মানুহবোৰ হʼল পৃথিৱীৰ ময়লা, কিন্তু মোৰ অন্তৰতো এটা পৱিত্র বস্তু আছে, সেইটো হʼল মোৰ প্ৰেমিকাৰ মোৰ প্ৰতি প্ৰেম। আপুনি বিশ্বাস কৰক মোৰ প্ৰেমিকা আপোনাৰ ভীষণ ভক্ত। আমি দুয়ো আপোনাৰ কবিতা পঢ়িয়েই পৰস্পৰে ভাল পাবলৈ শিকিছোঁ।” কথা কেইষাৰ কৈয়ে সি জেপৰপৰা তাৰ প্ৰেমিকাৰ ফটো এখন উলিয়াই কবিৰ হাতত দি কʼলে, “আপুনি এবাৰ এই ছবিখন স্পৰ্শ কৰি দিয়ক, মই তেওঁক কʼব পাৰিম, এই ছবিখনত কবি পাবলো নেৰুদাৰ হাতৰ স্পৰ্শ আছে।তাই খুব সুখী হʼব।” নেৰুদাই ছবিখন স্পৰ্শ কৰি দিয়া মাত্রেই সি কবিতা এটা আবৃত্তি কৰিবলৈ আৰম্ভ কৰি দিলে :

"এটি বিষণ্ণ বালক মোৰ দৰে আঁঠুকাঢ়ি বহি আছে
তোমাৰ অন্তৰৰ গভীৰত,
              আমাৰ ওপৰতেই  দৃষ্টি তাৰ । 
তাৰ ধমনীত প্ৰৱহমান  
জ্বলন্ত জীৱনটোৰ বাবে সিহঁতে 
              হত্যা কৰিব লাগিব মোৰ এই হাত দুখনক।"
(Deep inside you,a sad boy like me kneels,with eyes on us./For that life burning in her veins they would have to murder my hands.) 

সমগ্ৰ ঘটনাটোৰ নাটকীয় পৰিৱৰ্তন আৰু মানুহটোৰ মুখত কবিতাৰ আবৃত্তি শুনি কবি স্তম্ভিত হৈ পৰিল আৰু এটা সময়ত তাৰপৰা লাহে লাহে কবি আঁতৰি আহিল, কিন্তু মানুহটোৱে অকলশৰে লৰচৰ নকৰাকৈ তাতেই থিয় দি থাকি আপোনমনে কবিতা আবৃত্তি কৰি থাকিল।

শৈশৱ কালতেই নেৰুদাই প্ৰথমবাৰৰ বাবে লগ পাইছিল কবি গেব্ৰিয়েলা মিস্ত্ৰেলক। তেওঁ নেৰুদাই বাস কৰা টেমুকোৰ নামৰ চহৰখনৰ বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ আহিছিল। তেওঁৰ পিন্ধনত আছিল সম্পূৰ্ণ শৰীৰ ঢাকি ধৰা এটা দীঘল চোলা আৰু পিন্ধিছিল এযোৰ অদ্ভুত জোতা। তেওঁ আছিল সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী আৰু তেওঁ হাঁহিলে কৃষ্ণবৰ্ণ মুখখনৰ মাজেৰে উজ্বলি উঠা শুভ্ৰ দাঁতকেইটাই কোঠাটোৰ অন্ধকাৰ আঁতৰাই আলোকময় কৰি তুলিছিল। গেব্ৰিয়েল মিস্ত্ৰেলে নেৰুদাক পঢ়িবলৈ দিছিল ৰুছ সাহিত্যিকসকলৰ কেইখনমান গ্ৰন্থ। তেওঁৱেই নেৰুদাক সন্ধান দিছিল ৰাছিয়ান ঔপন্যাসিকসকলৰ ৰচনাত প্ৰতিফলিত সেই অন্ধকাৰ, বিষাদময়, ভয়ংকৰ পৃথিৱীখনৰ বাস্তৱতা। টলষ্টয়, দস্তয়েভস্কি আৰু চেখভে তেওঁৰ অন্তৰৰ গভীৰত এক বিশেষ স্থান দখল কৰি লৈছিল আৰু আজীৱন  সহচৰ হৈ আছিল। 

নেৰুদাই আত্মজীৱনীখনত গেব্ৰিয়েল মিস্ত্ৰেলৰ কথা পুনৰ উল্লেখ কৰিছে শেষৰ ফালে। টেমুকোৰত থাকোতেই মিস্ত্ৰেলে কুমাৰী অৱস্থাতেই মাতৃ আৰু সন্তানৰ বিষয়ে কাব্যগ্ৰন্থ এখন ৰচনা কৰিছিল। গদ্যৰ আৰ্হিৰে ৰচনা কৰা কবিতাপুথিখনৰ ভাষা আছিল অতি মৰ্মস্পৰ্শী, কিন্তু কুমাৰী হৈও মাতৃ আৰু সন্তানৰ কথাবোৰ তেওঁ কেনেকৈ স্পষ্ট ৰূপে বৰ্ণনা কৰিব পাৰিলে, এই বিষযটো লৈ কিছু লোকে তেওঁক অশিষ্ট আৰু কুৎসিত ভাষাৰে সমালোচনা কৰিছিল। গেব্ৰিয়েলৰ অন্য অপৰাধ আছিল তেওঁ শিক্ষাক উদাৰীকৰণ আৰু সমাজৰ সকলো শ্রেণীৰ লʼৰা-ছোৱালীক স্কুলত প্রৱেশাধিকাৰ দিয়াৰ বিষয়ে ওকালতি কৰিছিল। এই কথাটো সংৰক্ষণশীল স্কুল কৰ্তৃপক্ষই সমৰ্থন কৰা নাছিল। অত্যন্ত অসন্মান আৰু দুখজনক পৰিস্থিতিৰ মাজেৰে তেওঁ চহৰখন চিৰদিনৰ বাবে এৰি যাবলগীয়া হৈছিল। যেতিয়া গেব্ৰিয়েল মিস্ত্ৰেলে নোবেল পুৰস্কাৰ লাভ কৰিছিল আৰু যেতিয়া টেমুকোৰৰ জনতাই জানিছিল যে পুৰস্কাৰ লʼবলৈ তেওঁ এই চহৰৰ মাজেৰেই যাব, তেতিয়া টেমুকোৰৰ জনতাই তেওঁৰ বাবে প্ৰতীক্ষা কৰি আছিল আৰু প্ৰায় প্ৰতিদিন স্কুলীয়া লʼৰা-ছোৱালীবোৰে হাতত ফুলৰ মালা লৈ ৰেলষ্টেশ্যনত সম্বৰ্দ্ধনা জনাবলৈ ৰʼদ-বৰষুণ উপেক্ষা কৰি তেওঁৰ বাবে থিয় হৈ আছিল, কিন্তু বৃথা আছিল সেই প্ৰতীক্ষা। টেমুকোৰৰ জনতাৰ সম্বৰ্দ্ধনা গ্ৰহণ নকৰাৰ সিদ্ধান্তৰে এদিন সকলোৰে অজান্তে নৈশ ৰেলত গেব্ৰিয়েল মিস্ত্ৰাল চহৰখন পাৰ হৈ গʼল। আত্মাভিমানী কবিয়ে চহৰবাসীৰপৰা কবি-জীৱনৰ আৰম্ভণিতেই পোৱা আঘাত তেওঁৰ অন্তৰত তেতিয়াও কেঁচা হৈয়ে আছিল।

গেব্ৰিয়েল মিস্ত্ৰেলে কুমাৰী অৱস্থাতেই মাতৃ আৰু সন্তানৰ বিষয়ে কবিতা ৰচনা কৰি যি অপপ্ৰচাৰৰ বলি হৈছিল, তেওঁৰ চৰিত্রক লৈ কুৎসা ৰটনা কৰা হৈছিল, সেই কবিতাবোৰৰ এটা হʼল এই ʼমাতৃসকলৰ কবিতাʼ শীৰ্ষক কবিতাটো :

"মোক চুমা খোৱা হৈছিল, মোক পৃথক কৰা হৈছিল : মই অন্য এজন,
নাড়ীৰ স্পন্দনৰ বাবে
যিয়ে মোৰ সিৰাত স্পন্দনৰ প্ৰতিধ্বনি তোলে;
মই মোৰ উশাহৰ মাজত অনুভৱ কৰোঁ
অন্য এটি নিঃশ্বাস।

মোৰ গৰ্ভ এতিয়া মোৰ হৃদয়ৰ দৰেই মহৎ।

আৰু এতিয়া মই নিজৰ উশাহত অনুভৱ কৰোঁ
ফুলৰ উশাহ-নিশাস :
এই সকলোবোৰ মোৰ ভিতৰত আলফুলকৈ জিৰণি লোৱাজনৰ বাবেই,
ঘাহনিৰ ওপৰত নিয়ৰৰ দৰে।"

কবিগৰাকীৰ প্ৰতিবন্ধীসকলৰ প্ৰতি সহৃদয়তা আৰু তেওঁৰ নৈতিক ব্যক্তিত্বৰ পৰিচয় বহন কৰে ‘যিসকলে নৃত্য কৰেʼ নামৰ এই কবিতোটোৱে :

 ''এটি প্ৰতিবন্ধী শিশুৱে ক’লে, “মই কেনেকৈ নাচিম?”
  আমি কʼলোঁ, তোমাৰ হৃদয়ক নাচিবলৈ দিয়া।

 তেতিয়া প্ৰতিবন্ধী শিশুটিয়ে ক’লে :
“মই কেনেকৈ গীত গাম ?”
আমি কলোঁ, তোমাৰ হৃদয়ক গান গাবলৈ দিয়া।

  তেতিয়া মৃত বনৰীয়া বেঙুনীয়া ৰঙৰ কাঁইটীয়া ফুলজোপাই কʼলে, 
 ʼকিন্তু মই কেনেকৈ নাচিম?”
  আমি কʼলোঁ, তোমাৰ হৃদয়খন বতাহত উৰি যাবলৈ দিয়া ।

তেতিয়া ঈশ্বৰে সৰগৰপৰা কʼলে,
“নীল আকাশৰপৰা মই কেনেকৈ নামিম?”
আমি কʼলোঁ, এই পোহৰত আমাৰ বাবে নাচিবলৈ আহক। 

গোটেই উপত্যকাটো নৃত্যৰত সূৰ্যৰ তলত,  
আৰু আমাৰ সৈতে নৃত্যত যিজনে যোগ দিয়া নাই 
তেওঁৰ  হৃদয় পৰিণত হৈছে ধূলিলৈ, ধূলিলৈ।"

এজন বুলফাইটাৰৰ মৰ্মান্তিক মৃত্যু সম্পৰ্কে স্পেইন দেশৰ কবি ফেডেৰিক’ গাৰ্চিয়া ল’ৰ্কাৰ এটা কবিতা আছে।স্পেইনত এটা মাটাডৰ অতিশয় জনপ্ৰিয় আছিল। তেওঁৰ নাম আছিল ইগনাচিঅ’ ছানচেজ মেজিয়াছ। কেৱল ষাঁড়যুঁজৰ দক্ষতাৰ বাবে তেওঁ প্ৰশংসা লাভ কৰাই নহয়, তেওঁ মেধাৱীও আছিল। ইগনাচিঅ’ আছিল এজন সমালোচক, কবি, অভিনেতা, ক্ৰীড়াবিদ। তেওঁ ষাঁড়যুঁজৰ পৰা অৱসৰ লয় যদিও ১৯৩৪ চনত শেষবাৰৰ বাবে পুনৰ বুলফাইটাৰৰ খেলত অংশ গ্ৰহণ কৰি মাৰাত্মক ভুলটো কৰিছিল। এই শেষ খেলখনত তেওঁ ষাঁড়টোৰ দ্বাৰা আক্ৰান্ত হয় আৰু অৱশেষত তাৰ আঘাতৰ বাবে গেংগ্ৰীনত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। কবিতাটো চাৰিটা খণ্ডৰ, প্ৰতি অংশতে পৃথক পৃথকভাৱে কাব্যৰ ছন্দত ষাঁড়যুঁজাৰুৰ গোটমৰা তেজ আৰু মৃত্যুৰ বিভিন্ন দিশ সম্বোধন কৰি ৰচনা কৰা হৈছে। ‘এজন বুলফাইটাৰৰ বাবে বিলাপʼ নামৰ মৰ্মস্পশী আৰু haunting কবিতাটো ল’ৰ্কাৰ এক অনন্য সৃষ্টি। এই শোকৰ কবিতাটোৰ একখণ্ড হ’ল :

"আবেলি পাঁচ বজাত।
আবেলি ঠিক পাঁচ বাজিছিল।
এটা ল’ৰাই বগা চাদৰখন কঢ়িযাই আনিছিল
ঠিক আবেলি পাঁচ বজাত।
             প্ৰস্তুত কৰি ৰখা হৈছিল এটা চূণৰ পাত্র
বিয়লি পাঁচ বজাত।
বাকী থাকিল মৃত্যু, কেৱল মৃত্যু
আবেলি পাঁচ বজাত।

আবেলি পাঁচ বজাত
আহ, আবেলিৰ সেই মাৰাত্মক পাঁচ বজাটো !
সকলো ঘড়ীত পাঁচ বাজিছিল !
আবেলিৰ ছাঁয়াত পাঁচ বাজিছিল!"

স্পেনিছ জনসাধাৰণে আক্ৰমণাত্মকতা, ক্ষমতা আৰু নিৰ্ভীকতাৰ দৰে বৈশিষ্ট্য থকা ষাঁড়গৰুক পূজা কৰে, লগতে ষাঁড়গৰুj সৈতে যুঁজ দিয়া বুলফাইটাৰসকলকো পূজা কৰে। তেওঁলোকৰ ষাঁড়যুঁজৰ পৰম্পৰাই জাতিটোৰ মৌলিক চৰিত্ৰক পৰিভাষিত কৰে। তেওঁলোকে জীৱনক মৃত্যুৰ সৈতে অহৰহ মুখামুখি হৈ থকা বুলি গ্ৰহণ কৰে, কিন্তু কি ভাৱে মৃত্যুৰ সৈতে লৰ্কাৰ মুখামুখি হৈছিল? সেই স্পেইনদেশীয় ষাঁড়যুঁজৰ পৰম্পৰাৰে গ্ৰহণ কৰিব পৰাকৈ মৃত্যু তেওঁৰ সন্মুখত থিয় দিয়া নাছিল। স্পেনিছ গৃহযুদ্ধৰ সময়ত নিজৰ দেশৰে স্বৈৰতান্ত্ৰিক ফ্ৰাংক বাহিনীৰ হাতত তেওঁৰ অপমৃত্যু ঘটিল। কাপুৰুষোচিত বৰ্বৰতাৰে ফ্ৰাংক বাহিনীয়ে শিশুৰ দৰে সৰল কবিক হত্যা কৰিলে, এপাহ টিউলিপ অকালতে মৰহি গʼল। আনকি তেওঁৰ মৃত শৰীৰটোও সিহঁতে লুকুৱাই ৰাখিলে। ১৯৩৬ চনৰ ১৯ আগষ্টৰ সেই মাৰাত্মক দিনটোতে তেওঁক হত্যা কৰা হৈছিল। লৰ্কাই বোধকৰো তেওঁৰ এনে মৃত্যুৰ পূৰ্বানুমান কৰিব পাৰিয়েই ‘Fable and Round of the Three Friendsʼ নামৰ কবিতাটোত লিখিছিল :

"এটাক
আৰু এটাক
আৰু এটাক
তিনিওটাকে মামি কৰি পেলাইছিল…   

মই বুজিছিলোঁ সিহঁতে মোক হত্যা কৰিছে।
সিহঁতে কেফে, কবৰস্থান আৰু গীৰ্জাঘৰবোৰত তালাচী চলাইছিল,
সিহঁতে মদৰ পিপা আৰু আলমাৰিবোৰ খুলি চাইছিল,
সিহঁতে সোণৰ দাঁত বাহিৰ কৰিবলৈ তিনিটা কংকাল ধ্বংস কৰি পেলাইছিল,
তথাপি সিহঁতে মোৰ পৰা জৰিমনা আদায় কৰিব নোৱাৰিলে।
সিহঁতে নোৱাৰিলে,
নাই, সিহঁতে নোৱাৰিলে।"

ডানিয়ুব নদীৰ পাৰৰ সেই অনন্য সুন্দৰ চহৰ বুডাপেষ্টত এজন হাঙ্গেৰীৰ ইহুদী কবি আছিল। কবিতা আছিল তেওঁৰ ৰক্তাক্ত হৃদয়ৰ পতাকাৰ দৰে। ১৯৭৩ চনৰ ১১ ছেপ্টেম্বৰত সামৰিক অভ্যুত্থানে চিলিৰ এলেণ্ডোৰ চৰকাৰখন ওফৰাই জেনেৰেল পিনোচেটৰ নেতৃত্বত সামৰিক জন্টাই চিলিৰ শাসন নিয়ন্ত্ৰণ কৰে। শাসনব্যৱস্থাৰ প্ৰথম বছৰবোৰত চিলিত মানৱ অধিকাৰ উলংঘনৰ ঘটনাই বিশ্বৰ গণতন্ত্ৰপ্ৰেমী মানুহৰ মনত গভীৰ আঘাত দিছিল। এই কবিজনে চিলিক লৈ এটা কবিতা লিখিছিল। মুক্ত ছন্দত লিখা সেই কবিতাটোত নাছিল কোনো কল্পনা, উপমা, প্রতীক অথবা শব্দৰ চমৎকাৰিত্ব, কেৱল এক মৰ্মন্তুদ ঘটনাৰ বিৱৰণ :

"মিলিটেৰীকেইটাই ভিতৰত কাকো বিচাৰি নাপাই বাহিৰলৈ ওলাই আহিল,
তিৰোতাজনীয়ে ক’লে,
‘ইয়াৰ আগতেও সিহঁত দুবাৰ আহি উভতি গৈছিল ।’
             'কি অʼ বোপাইটোʼ
 মিলিটেৰী লেফটেনেন্টটোৱে লʼৰাটোক কʼলে, 'আমি আৰু পুনৰ তহঁতৰ ঘৰলৈ নাহোঁ।ʼ

লʼৰাটোৱে সুধিলে :
‘কিয়, এইবাৰ তোমালোকে ওপৰৰ চাঙত লুকাই থকা দেউতাক বিচাৰি পালা গৈ নেকি ?’
লেফটেনেন্টটোৱে কʼলে, ‘কি ? ক’ত লুকাই আছে ?ʼ কথাষাৰ কৈয়ে সি
পুনৰ ঘৰৰ ভিতৰলৈ সোমাই গʼল আৰু চাংখনৰপৰা
দেউতাকক নমাই আনিলে আৰু পিছ চোতালত
তিৰোতাজনী আৰু ল’ৰাটোৰ সন্মুখতে গুলিয়াই হত্যা কৰিলে,

পৃথিৱীখনৰ দৰে বৃহৎ চকুৰ মনিকেইটাই নিথৰ হৈ চাই ৰʼল,
	সেউজীয়া পোছাক পৰিহিত পৃথিৱীখনে
              নক্ষত্রখচিত বিশাল আকাশ, 
	বসন্ত আৰু সাগৰৰ বিষয়ে মিছা কথা কয়।ʼ'

লগতে পঢ়ক : অজিৎ বৰুৱাৰ ‘এযোৰ তামৰ অৰ্ঘা’ : এক পাঠ

কবিজনৰ নাম আছিল অ’ট্ট’ অৰবান আৰু কবিতাটোৰ নাম ‘চিলিʼ। ১৯৭৪ চনত ʼহাঙ্গেৰীয়ান ৰাইটাৰ্চ এছʼছিয়েশ্বনেʼ এই কবিতাটোক সেই বছৰৰ শ্ৰেষ্ঠ কবিতা হিচাপে নিৰ্বাচিত কৰি কবিজনক পুৰস্কৃত কৰিছিল। হাঙ্গেৰীৰ এই ইহুদী কবিজনে বোধকৰো জানিছিল পৃথিৱীয়ে তেওঁক এদিন পাহৰি যাব, কোনেও তেওঁৰ সমাধিত এপিটাফ নিলিখিব, সেয়ে তেওঁ নিজেই লিখি থৈ গৈছে নিজৰ এপিটাফ ‘বিগত বছৰবোৰৰ বৰফ’ নামৰ এটি কবিতাৰে :

"যোৱা বছৰৰ ভিজিটিং প্রফেছৰ মিষ্টাৰ অৰবান ক’ত ?
	ক’ত তেওঁৰ অদ্ভুত উচ্চাৰণ আৰু অদ্ভুত মতামতবোৰ ?
	…গভীৰ, গভীৰ, পাহাৰৰ গভীৰত তেওঁ শুই আছে
	‘স্পুন ৰিভাৰ’ৰ অন্য নাগৰিকসকলৰ দৰে,  
	…আৰু বেণ্ডেজ কাপোৰ সদৃশ নিৰ্বাক বৰফবোৰ পৰিছে 
	পৃথিৱীৰ উদং ক্ষতস্থানত ।ʼ'

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীত হিটলাৰৰ নাৎসী বাহিনীয়ে ইহুদীসকলৰ ওপৰত চলোৱা অবৰ্ণনীয় অত্যাচাৰৰ বাবে ইহুদীসকলে সমগ্ৰ পৃথিৱীৰ মানুহৰপৰা গভীৰ সহানুভূতি লাভ কৰিছিল। ইহুদীসকলৰ কোনো নিজা দেশ নাছিল। তেওঁলোকে যʼতেই বসবাস কৰিছিল, সেই দেশবোৰকেই নিজৰ জন্মভূমি বুলি আঁকোৱালি লৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই তেওঁলোকৰ জাতিসত্তাবোধ তীব্ৰ হৈ উঠে আৰু ভূমধ্য সাগৰৰ পূৱ উপকূলত অৱস্থিত মানুহৰ কলিজাটোৰ আকাৰৰ ইজৰাইল নামৰ পেলেষ্টাইনী ভূখণ্ড বেদখল কৰি এখন ইহুদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰে। ইহুদীসকলে পেলেষ্টাইনীসকলৰ বাসভূমি অবৈধভাৱে অধিকাৰ কৰাই নহয়, সেই ভূখণ্ডত বাসকৰা পেলেষ্টাইনীৰ ওপৰত অবাধ বৈষম্যমূলক আচৰণ কৰি তেওঁলোকৰ মৌলিক অধিকাৰবোৰো প্রণালীবদ্ধভাৱে লংঘন কৰে। ফলত দুয়োটা জাতিয়েই সংঘৰ্ষত জৰিত হৈ পৰে। এই সংঘৰ্ষক ইতিহাসৰ দীর্ঘতম সামৰিক দখলৰ ঘটনা হিচাপে গণ্য কৰা হয়। আজিও এই সংঘৰ্ষ চলি আছে। ইজৰাইলৰ সশস্ত্র বাহিনী পেলেষ্টাইনীসকলতকৈ অধিক শক্তিশালী, ফলত এই দীর্ঘতম সংঘৰ্ষৰ কালছোৱাত পেলেষ্টাইনীসকল প্ৰচুৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱাই নহয়, তেওঁলোকৰ জীৱনো যন্ত্ৰণাময় হৈ পৰিছে। হিটলাৰৰ নাৎসী বাহিনীৰ সন্ত্ৰাসত জৰ্জৰিত ইহুদীসকলে বিশ্ববাসীৰপৰা যি সহানুভূতি লাভ কৰিছিল, তেওঁলোকে পেলেষ্টাইনত চলোৱা সন্ত্ৰাসে বিশ্ববাসীৰ মনত তাৰ বিৰূপ প্ৰতিক্ৰিয়াও সৃষ্টি কৰিছে। পেলেষ্টাইনৰ কবি আৰু সাংবাদিক Samih al-Qasimৰ এটি সৰু কবিতাত মূৰ্ত হৈ উঠিছে পেলেষ্টাইনীসকলৰ জীৱন-যন্ত্ৰণাৰ ছবি :

             "পৃথিৱীক কোৱা,... কৈ দিয়া
লণ্ঠন জ্বলাই থোৱা সেই ঘৰটোৰ কথা
যাক সিহঁতে ছিন্নভিন্ন কৰি থৈ গৈছিল 
সেই কুঠাৰখনৰ কথা কোৱা
যি এটি টিউলিপক হত্যা কৰিছিল
সেই জুইকুৰাৰ কথা কোৱা
যি বেণীডাল জ্বলাই ছাই কৰি দিছিল
             সেই মাতৃগৰাকীৰ কথা কোৱা
             যি ময়দা তৈয়াৰ কৰি সেকিবলৈ নেপালে…
খেৰ-বোকা খচি তৈয়াৰ কৰা চালিখনৰ কথা
             পৃথিৱীক কোৱা...ʼ'

কবিতাটোত বৰ্ণনা কৰা এই ঘটনাবোৰ হʼল স্বাধিকাৰ ৰক্ষাৰ্থে ইতিহাসৰ দীর্ঘতম সংঘৰ্ষত জৰিত হৈ পৰা পৃথিৱীৰ এক ক্ষুদ্ৰতম অংশত বাস কৰা এটা জনগোষ্ঠীৰ বিষাদগাথা। এই কবিতা বিদেশী কবিৰ কবিতা হʼলেও কবিতাফাকিৰ গভীৰত বৈ থকা ক্ষোভ আৰু বেদনাৰ অন্তঃপ্ৰৱাহ আমাৰ অতি পৰিচিত।            

এজ্‌ৰা পাউণ্ডৰ “In a station of the metro” নামৰ কবিতাটো মাত্র দুটা শাৰীৰ :

“The apparition of these faces in the crowd;
	 	 Petals on a wet, black bough.”

এই কবিতাটো এজ্‌ৰা পাউণ্ডে পেৰিছৰ মেট্ৰʼষ্টেশ্যনত মানুহৰ ভিৰ দেখি সেই সময়ত অনুভৱ কৰা আৱেগিক মুহূৰ্ত এটাৰ অভিব্যক্তি। কবিতাটোত বাহ্যিক ঘটনাৰ চিত্রকল্প এটাক উপমাৰ সহায়ত আভ্যন্তৰীণ আৰু বিষয়গত বস্তুলৈ ৰূপান্তৰিত কৰা হৈছে। উত্তৰ-সংগঠনবাদী সমালোচক কেথেৰিনে এজ্‌ৰা পাউণ্ডৰ এই সূক্ষ্ম চিত্রকল্পৰ কবিতাটোৰ সম্পৰ্কত কৈছে যে সেমেকা মলিন ডালত লাগি থকা ফুলৰ পাপৰিবোৰ এটা ʼreferentʼ — মেট্ৰ’ ষ্টেশ্যনটোত এই দুটা বস্তুৰ বাস্তৱ অস্তিত্ব নাই, কিন্তু বাস্তৱত সিহঁতৰ অনুপস্থিতিতো সিহঁতক আমি মনৰ চকুৰে দেখা পাওঁ। এই বিষয়বোৰেই কবিতাৰ ক্ষেত্রত আমাৰ আনন্দৰ উৎস। (Poststructuralism: Catherine Belsey, page- 15) বাস্তৱত ভিৰৰ মাজৰ মুখবোৰ কোলাহলে ঘেৰি আছে। মানুহবোৰ পৰস্পৰে সম্পৰ্কহীন, প্ৰত্যেকৰে লক্ষ্যও ভিন্ন, কিন্তু তাৰ সাদৃশ্যৰ (apparition) চিত্রকল্প সেমেকা ডালত লাগি থকা পাপৰিবোৰ আবদ্ধ হৈ আছে প্ৰকৃতিৰ কোনো এক নিজান কোণত, তাত ভিৰ থাকিলেও কোলাহল নাই। কবিতাটোত বাস্তৱ আৰু কল্পনাৰ ৰেখাৰে নিৰ্মাণ কৰা চিত্রকল্পৰে নগৰীয়া জীৱনক প্ৰাকৃতিক জগতৰ সৈতে সম্পৰ্কিত কৰি চাবলৈ পাঠকক আহ্বান জনোৱা হৈছে। পাঠকে কবিতাটোত আৰু অন্য ধৰণৰ ব্যঞ্জনাও অনুভৱ কৰিব পাৰে। কবিতাটোত ‘apparitionʼ শব্দটোৰ প্ৰভাৱ মন কৰিবলগীয়া।            

লগতে পঢ়ক : সফল নে বিফল কবি নীলমণি?

কবিতাৰ শব্দৰ সম্পৰ্কতো সমালোচকগৰাকীয়ে কৈছে, কবিতাৰ ‘haunting quality’ও সেই সত্যটোৰেই এক প্ৰভাৱ যে শব্দবোৰ আমি কবিতা হিচাপে পঢ়োঁ। কবিতাৰ ‘haunting quality’ৰ বাবেই কবিতাই আমাক অনুসৰণ কৰে। কোনো কবিতাৰ ক্ষেত্রত এই অনুসৰণ আমৰণ পৰ্যন্ত। কবি ৰবাৰ্ট ফ্ৰষ্টে ভাল কবিতা এটা পঢ়ি উঠা পাঠকৰ সম্পৰ্কত কৈছিল, “he has taken an immortal wound – that he will never get over it.”

ৰমেন শইকীয়া গুৱাহাটী নিবাসী এগৰাকী অধ্যয়নপুষ্ট লেখক।

One thought on “কেইজনমান বিদেশী কবিৰ কবিতা আৰু টিউলিপৰ হত্যা ইত্যাদি

Comments are closed.