ড০ অনুৰাগ ভট্টাচাৰ্য
কীটছৰ যুগজয়ী প্ৰশস্তি কবিতা ‘ওড অন এ গ্ৰেচিয়ান আৰ্ন’ সৌন্দৰ্য চেতনাৰ এক অফুৰন্ত প্ৰকাশ৷ কবিতাটোত কবিয়ে বন্য বুৰঞ্জীকাৰ ৰূপে কাব্যৰ মৃৎপাত্ৰটোক সম্বোধন কৰি কৈছে:
Thou still unravished bride of quietness
Thou foster child of silence and slow time
Sylvan historian who can’t thus express
A flowery tale more sweetly than our rhyme
কবিতাটো গ্ৰীচীয় প্ৰতিভাৰ প্ৰতি কবিৰ এক অনন্য শ্ৰদ্ধাৰ প্ৰতীক৷ গ্ৰীক সভ্যতা সংস্কৃতিৰ উৎকৰ্ষতাই ইয়াৰ মাজত প্ৰতিফলিত হৈ উঠিছে সেয়ে কবিয়ে উপলব্ধি কৰিছে আজিৰ কবিয়ে এনে এক সুকুমাৰ সৌন্দৰ্যযুক্ত কাহিনী সৃষ্টি কৰিব নোৱাৰে৷ গ্ৰীচীয় প্ৰভাৱপুষ্ট কীটছক গ্ৰীচিয় দৃষ্টিৰে চালে দেখা পাওঁ যে গ্ৰীক সাহিত্যৰ স্থপতি কলা আৰু মেজাজৰ লগতে গ্ৰীক সৌন্দৰ্য চেতনা, নিয়তিবাদ আৰু ট্ৰেজেদিৰ ধাৰণাই তেওঁৰ সৃষ্টিক এক পৰিপূৰ্ণ ৰূপ প্ৰদান কৰিছে৷ আচলতে ৰোমাণ্টিক আদৰ্শত গ্ৰীচিয় উপাদানেই মুখ্য স্থান অধিকাৰ কৰিছিল৷ কলাতত্ত্ববিদ জাৰ্মান বিশেষজ্ঞ জোহান জোৱাচিম উইংকেলমেনে (Johann Joachim Winkelmann)-এ গ্ৰীচিয় স্থাপত্য সম্পৰ্কে কৰা আলোচনাবোৰৰ দ্বাৰা পৰৱৰ্তী কালত গ্যেটে, ছিলাৰ, হেগেল, কীটছ, আৰ্নল্ড আৰু পেটাৰ বিশেষভাৱে প্ৰভাবিত হয়৷
কলা আৰু স্থাপত্যত গ্ৰীক সম্পৰ্কীয় চিন্তা ঊনবিংশ শতিকাৰ খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা পুৰুতত্ত্বৰ সম্পদসমূহ, প্ৰাসাদ, উদ্যান আৰু সমাধিস্থল আদিত গ্ৰীচিয় উপাদানসমূহ সমুজ্জ্বল হৈ উঠিছিল৷ ১৮১৬ চনত লৰ্ড এলগিনে (Lord Elgin) পাৰ্থেনন মাৰ্বলবোৰ ব্ৰিটিছ মিউজিয়ামলৈ লৈ আহে আৰু তেতিয়াই গ্ৰীচিয় চেতনা আৰু বেছি প্ৰখৰ হৈ উঠে সাহিত্য সৃষ্টিৰ মাজত৷ ইয়ে ৰোমাণ্টিক আন্দোলনৰ দ্বিতীয় পুৰুষৰ (Second Generation) কবি কীটছক বিশেষভাৱে প্ৰভাৱিত কৰে৷ বেঞ্জামিন হেডন (Benjamin Haydon) আৰু জোচেফ ছেভাৰ্ন (Jodeph Savern) নামৰ দুজন গ্ৰীচিয় শিল্পীৰ শিল্প চেতনাই তেওঁক গ্ৰীচিয় ধাৰণাত বিশেষভাৱে উদ্বুদ্ধ কৰি তোলে৷ হেৰি লেভিন (Harry Livin)-এ কীটছৰ ‘এণ্ডিমিয়ন’ আৰু ‘ওড অন এ গ্ৰেচিয়ান আৰ্ন’ৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁক most Grecian of the modern poet বুলি কৈছে৷
এই প্ৰশস্তি কবিতাটো (Ode) প্ৰকাশ হয় ১৮২০ চনত৷ কীটছে মৃৎপাত্ৰ আৰু ইয়াত অংকিত চিত্ৰবোৰক সম্বোধন কৰিছে অকলুষিত এক কইনা বুলি৷ এই মৃৎপাত্ৰটো সঁচা নে কল্পনাৰ সি অনিশ্চিত৷ কবিক এই কবিতা সৃষ্টিৰ কাৰণে অনুপ্ৰেৰণা দিছিল ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত গ্ৰীক শিল্পকৰ্মসমূহে আৰু কবিতাটোৰ সৃষ্টিৰ সময়ত কবিয়ে এই শিল্পকৰ্মসমূহ প্ৰত্যক্ষ কৰিছিল৷ তাত অংকিত আছিল চহা জীৱনৰ কাহিনী৷ সেই কাহিনীত অংকিত দৃশ্যবোৰত পেঁপা, ঢোল বজোৱা বাদক, বলি দিবলৈ নিয়া ষাঁড় গৰু, মানুহ, দেৱতা সকলো সন্মিলিত হৈছে৷
Who are these coming to the Sacrifice?
Of what green alters, o mysterious priest
leadest than that hypher lowing at the sky.
Northrop Frye-ৰ মতে ই আনুষঙ্গিক অৰ্থ সংযুক্ত ইতিহাস য’ত ৰূপকাত্মকভাৱে আমাৰ সামাজিক আৰু বস্তু জগতখনক ব্যঞ্জিত কৰি তোলা হৈছে৷
কবিতাটো গ্ৰীচিয় জীৱন দৃষ্টিৰ এক পৰিপূৰ্ণ প্ৰকাশ যাক তেওঁ আৱিষ্কাৰ কৰিছিল লেম্পয়াৰৰ(Lempriere)ৰ Classical Dictionary, চেপমেনৰ (Chapman)ৰ Homer-ত ৷ বেঞ্জামিন হেডনে যদিও প্ৰথমতে তেওঁক মৃৎশিল্পৰ সৈতে সম্পৰ্ক স্থাপন কৰি দিয়ে তাৰ আগতে এলগিন মাৰ্বলবোৰ কীটছে দেখিবলৈ পাইছিল আৰু তাৰ ভিত্তিতে তেওঁ নিজেও এটা মৃৎপাত্ৰৰ ছবি অংকন কৰিছিল বুলি চাৰ্লছ ওৱেণ্টৱৰ্থ ডিল্কে(Charles Wentworth Dilke)-ই উল্লেখ কৰিছে৷ ই এতিয়াও ৰোমৰ পিয়াজা দি স্পাগনা(Piazza di Spagna)-ৰ ঘৰত সংৰক্ষিত হৈ আছে৷ এই ঘৰটোতে কীটছে মৃত্যুবৰণ কৰিছিল৷ কীটছে যি মৃৎপাত্ৰ অংকন কৰিছিল সেইটো স্থাপত্য শিল্পী ছোছিবিয়াছ(Sosibios)-ৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে কৰিছিল৷
এই কাব্যৰ যি গঠনভঙ্গী সেয়াও গ্ৰীক আদৰ্শ সম্ভূত৷ ৰোমাণ্টিক কবিসকলে গ্ৰীচিয় ওডসমূহৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হৈ ওডধৰ্মী কবিতাবোৰ ৰচনা কৰিছিল৷ এই ওডটোত কবিয়ে পাত্ৰটোক সম্বোধন কৰি তাৰ প্ৰশস্তি দাঙি ধৰিছে৷ ৰহস্য আৰু কল্পনাৰ আলোকত কবিতাটোৰ মাজত এক দ্ব্যৰ্থক সৌন্দৰ্য চেতনা প্ৰকাশ পাইছে৷ কবিতাটোৱে প্ৰকাশ কৰিছে নীৰৱ ভাষা, নুশুনা সুৰ যি ব্যক্ত সুৰতকৈ বেছি মিঠা৷ ইয়াত যি সৌন্দৰ্যৰ ৰূপ অংকিত হৈছে সি ধ্বংসৰ অতীত৷ ইয়াৰ সকলোবোৰ শূন্যতা আৰু পৰিপূৰ্ণতাৰ যুগপৎ প্ৰকাশ৷
Heard melodies are sweet, but those unheard
Are sweeter; therefore, ye soft pipes, play on;
Not to the sensual ear, but, more endear'd,
Pipe to the spirit ditties of no tone:
Fair youth, beneath the trees, thou canst not leave
Thy song, nor ever can those trees be bare;
Bold Lover, never, never canst thou kiss,
Though winning near the goal yet, do not grieve;
She cannot fade, though thou hast not thy bliss,
For ever wilt thou love, and she be fair!
কবিয়ে কবিতাটোত সজীৱ আৰু চিৰস্থায়ী সৌন্দৰ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে যি সময়ক প্ৰত্যাহ্বান জনাই অমৰ হৈ ৰ’ল৷ ই মৃত্যুহীন কাৰণ ই জীৱনবিহীন৷ ইয়াত চিত্ৰিত প্ৰেম সদায় উষ্ম আৰু প্ৰেমাস্পদ সদায় চিৰ যৌৱনময় কাৰণ ই মানৱীয় শৰীৰ নহয়, এই শৰীৰ শীতল প্ৰাচীন মাৰ্বলৰ৷
কবিতাটোত সৌন্দৰ্যক কল্পনাৰ সমাবেশত এক বেলেগ মাত্ৰা দিয়া হৈছে৷ ইন্দ্ৰিয়গ্ৰাহ্যতাৰে বাহ্যিক সৌন্দৰ্যক উপলব্ধি কৰিব পাৰি, কিন্তু কল্পনাৰে সৌন্দৰ্যৰ সাৰবত্তাক অনুভৱ কৰিব পৰা যায়৷ কল্পনাৰ যোগেদি মূল সত্যলৈ গতি কৰিব পাৰি আৰু সত্যই সৌন্দৰ্য৷
"Beauty is truth, truth beauty,—that is all
Ye know on earth, and all ye need to know."
সত্য আৰু সৌন্দৰ্যৰ গভীৰ সম্পৰ্ক সূত্ৰ কবিয়ে ইয়াত আৱিষ্কাৰ কৰিছে আৰু কবিতাটোৰ সাৰ্থকতা তাতেই৷ সৰ্বশেষ বাস্তৱেই প্ৰকৃত সত্য আৰু ইয়াক যুক্তিৰে নহয় কল্পনাৰে আৱিষ্কাৰ কৰিব লাগিব৷ সত্তাৰ প্ৰকৃত স্বৰূপ কল্পনাৰ অন্তৰ্দৃষ্টিৰেহে সম্ভৱ৷ সৌন্দৰ্যৰ নৈৰ্ব্যক্তিক অভিব্যক্তিৰ সৰল ব্যাখ্যা তেওঁৰ কাব্যৰ মূল প্ৰাণবিন্দু, কাৰণ কবিয়ে বিশ্বাস কৰিছিল ধ্ৰুপদী সাহিত্য কাৰুণ্য, নৈতিক গভীৰতা আৰু সৰলতাৰ মূৰ্ত প্ৰতীক৷ সেই গ্ৰীচিয় ধ্ৰুপদী ভঙ্গী সাম্প্ৰতিক কোনো কবিতাতে মৌলিকতা নাই যি মৌলিকতা গ্ৰীচিয় কবিতাত আগতেই প্ৰকাশিত হৈছে৷ এনেদৰে সমগ্ৰ কাব্য শৰীৰত গ্ৰীচিয় চেতনাই পৰিপূৰ্ণতা লাভ কৰিছে৷
Works cited :
Aske, Martin. Keats and Hellenism : An Essay. Cambridge : Cambridge UP, 1985.
Abrams, M.H. (ed). English Romantic Poets : Modern Essays in Criticism, Oxford University Press, New York. 1975.
…..The Mirror and the Lamp: Ramantic Theory and the Critical Tradition. New York : Oxford University Press, 1953.
A Glossary of Liberary Term (Sixth Edition), Prism Books Pvt. Ltd. Bangalore, 1993.
Bloom, Harold. The Anxiety of Influence. Oxford University Press, New York 10016. 1997.
Bowra, Maurice. The Romantic Imagination, Oxford University Press, New Delhi. 2000.
Das. B. & Mohanty, J. M. Literary Criticism : A Reading, Oxford University Press, Calcutta. 1985.
Daiches, David. A Critical history of English Literature (vol. iv) Allied Publishers Pvt. Ltd. New Delhi – 110002, 1988.
Day Aidan. Romanticism, Routledge, London, 1996.
Frye Northrop, Anatomy of Criticism. Princeton, NJ: Princeton University Press, 1957.
Hall Stuart (ed) Representations. London and Thousand Oaks. CA : Sage. 1997.
Levin, Harry; The Broken Column : A Study in Romantic Hellenism, Cambridge Herbert University Press. 1931.
Richard Kearney, The Wake of Imagination : Towards a Postmodern Culture, Routledge, London. 1988. Sanders, Andrew; The Short Oxford History of English Literature, Oxford University Press, New York, 1994.
ড০ অনুৰাগ ভট্টাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক আৰু এগৰাকী লেখক, সমালোচক।