কৌশিক বাস্যসৰ কবিতা

Issue: Vol. IV, No. 3, November-January, 2025-26

গ্ৰাফিটি

কোঠাৰ ভিতৰতেই আছে
সকলো প্ৰশ্নৰ উত্তৰ।

চকুৰে ভাবা
ওলোটাকৈ ঘূৰা

পুখুৰীপাৰত থিয় হৈ থকা গছবোৰ
অকলশৰীয়া নহয়

যদিও কথা ক’ব নোৱাৰে

এইটো এটা উক্তিও নহয়

টোপালবোৰে তিয়াব নোৱাৰে ঘাঁহবনৰ শৰীৰ
তথাপি পৰে বৰষুণ

বাটৰ সেই বেকা ভাঁজটোত নীৰৱে নামে
গধূলি

কুকুৰে মুখ মেলিলেহে
আজিকালি ব্ৰহ্মাণ্ড দেখা যায়

কিহক লৈ ইমান নাৰাজ সিহঁত
বীতশ্ৰদ্ধ

গগন ফালি আত্ৰাণি কৰে

খিৰিকীবোৰ বাহিৰত আঁৰি থৈ
আঁতৰি আহোঁ

নিজাকৈ এখনি আৰ্চি আছে

এনেকৈও একোটা পৰিৱেশ সৃষ্টি হয়
গোমোঠা উদ্বাস্তু

কি নামকৰণ কৰা যায়

নে অকল চকুৰ ভিতৰত চকু

চকুৰ

ভিতৰত চকু

মাজতে দুলি থাকিলে
শেষ সাক্ষাতৰো

সাক্ষী হ’ব নোৱাৰি

আৰু ভাল ৰান্ধনিৰ উচিষ্ট নাথাকে



কেতিয়াবা

এটা অদ্ভুতৰপৰাই হয় এটা সৃষ্টি।

আকাশলংঘী উচ্চতাত উপঙি থাকে
এটা ঘৰ

দুৰু দুৰু কঁপি থাকে

কোনোৱে কোৱাৰ দৰে নহয় কথাবোৰ

লয়বোৰ ওপৰা-উপৰিকৈ সংঘটিত হয়
উচ্চগ্ৰাম নিম্নগ্ৰাম

লগালগিকৈ

এই যাত্ৰা আত্মাৰ পৰ্বত বিচাৰি

ব্যক্তিগত সংঘটনৰ মাজেদি
সমুখলৈ আহে

বাহিৰখন ঘূৰি থাকোঁতে
ভিতৰলৈ সোমাই যোৱা যেনহে লাগে

গৈ থকা হয়
সত্তাৰো সত্তা নথকা

এখন ঠাইলৈ

লক্ষ্য যেতিয়া গুৰুত্বহীন হয়
অনুভূতি বিলীন হয়।

প্ৰাচীন ঘাটুকুৰাই আকৌ উক দিয়ে
তাৰপৰা ওলাই চৰাইবোৰ

যেনি-তেনি দৌৰে

খৰাং মাটিতহে নতুন ফুল গজে

পাৰিপাৰ্শ্বিকৰ আপাতঃ মুখ্য ঘটনাবোৰ
গৌণ হৈ পৰে

নিজৰ ঘৰতেই পলৰীয়া হ’ব লগা হয়

কেতিয়াবা কোনোৱে
অকলশৰীয়াকৈও থাকিব বিচাৰে

ঘৰটো ভয়তে কঁপি থাকে

পৃথিৱী নামে হুলস্থূল
ফাটি যাব পাৰে

English translation of the poems.