ড੦ অসীম চুতীয়া
Issue: Vol. IV, No. 3, November-January, 2025-26

ড੦ কৰবী ডেকা হাজৰিকাৰ “পৰীৰ বাঁহী” এটা অতিবাস্তৱবাদী কবিতা৷ কবিতাটোত কবি আৰু এগৰাকী পৰীৰ মাজত হোৱা কথোপকথনৰ প্ৰসংগ উপস্থাপন কৰা হৈছে৷ কবিতাটোত প্ৰাকৃতিক আৰু অতিপ্ৰাকৃতিক জগতৰ মাজত এটা পাৰস্পৰিক সম্পৰ্ক স্থাপন কৰিবলৈ প্ৰয়াস কৰিছে৷ কবিতাটোত ৰূপকাত্মকভাৱে এখন ছবি উন্মোচিত হৈছে৷ বৰষুণৰ নিশা কবিয়ে এগৰাকী পৰীৰ সন্মুখীন হৈছে৷ ঘটনাক্ৰমে এই পৰীগৰাকীয়ে কবিক দুখৰ এটা সোণালী বাঁহী উপহাৰ দিছে৷ এই বাঁহীটোৱে গোটেই কবিতাটোক অতিবাস্তৱতাৰ স্পৰ্শৰে বান্ধি পেলাইছে৷ কবিতাটোত ৰহস্য আৰু বিষাদৰ এখন প্ৰতিচ্ছবিও অংকন কৰা হৈছে৷
কবিতাটোৰ প্ৰেক্ষাপটলৈ এগৰাকী পৰী আহিছে৷ এই পৰীগৰাকী প্ৰাকৃতিক নহয়, অতিপ্ৰাকৃতিকহে৷ পৰীগৰাকীয়ে আধ্যাত্মিক সত্তাৰ মাজেৰে লৌকিক আৰু ৰহস্যময় জগতখনৰ মাজৰ ব্যৱধান কঢ়িয়াই আনে৷ কবিতাটোত পৰীগৰাকীয়ে কবিৰ সন্মুখত “অলপ লাজ লগা” আৰু ‘‘অলপ ভয় খোৱা” আচৰণ কৰা বুলি কোৱা হৈছে৷ এই বাক্যাংশৰ যোগেদি কবিয়ে পৰীগৰাকীক মানৱীয় ৰূপত তুলি ধৰিছে৷ ই পৰীগৰাকীক ইথাৰিয়েল বা অস্পৃশ্য সত্তা হিচাপে পৰম্পৰাগত ভাবমূৰ্তিৰ বিপৰীতে উপস্থাপন কৰিছে৷ সাধুকথাৰ জগতখনৰ পৰা উঠাই অনা পৰীগৰাকী সৌন্দৰ্য আৰু সৰলতাৰ প্ৰতীক হৈ ধৰা দিছে৷
কবিতাটোত “দুখৰ সোণালী বাঁহী” বাক্যাংশত “বাঁহী”ক অধিক মায়াময় আৰু মৰ্মস্পৰ্শী কৰি তুলিছে৷ “দুখ”ৰ লগত ইয়াৰ সঙ্গতি স্থাপন কৰাত কবিতাটো তাৎপৰ্যপূৰ্ণ হৈ পৰিছে৷ বাঁহী কেৱল সুমধুৰ সংগীত সৃষ্টিকাৰী বাদ্যযন্ত্ৰই নহয়; ই অন্তৰৰ যন্ত্ৰণাদায়ক আৱেগ প্ৰকাশৰো মাধ্যম৷ পৰী গুচি গ’লেও কবিয়ে পৰীগৰাকী পুনৰ ঘূৰি নহালৈকে বাঁহীটো সামৰি থ’ব লাগিব বুলি কোৱা ধাৰণাটোৱে বুজায় যে দুখৰ শক্তি কিমান? এই দুখক কবিয়ে জীৱনভৰ কঢ়িয়াই লৈ ফুৰিব লাগিব৷ ‘‘দুখৰ বাঁহী’’ হিচাপে সোণালী বাঁহীৰ ভূমিকাই পঢ়ুৱৈক দুখক কেৱল বিমূৰ্ত অনুভৱ হিচাপেই নহয়, বাহ্যিকভাৱে প্ৰকাশ কৰিব পৰা, কিবা এটা হিচাপে মানি ল’বলৈ বাধ্য কৰায়৷ পৰীগৰাকীয়ে কবিক পুনৰ ঘূৰি অহালৈকে বাঁহীটো নিজৰ লগত সামৰি থ’বলৈ অনুৰোধ কৰিছে৷ যাৰ পৰা এই ধাৰণা কৰিব পাৰি যে দুখ এটা নিৰন্তৰ প্ৰক্ৰিয়া– যাক এৰাই চলিব নোৱাৰি, দুখৰ লগত সহযোগিতা কৰি আগবাঢ়ি যোৱাটোৱেই বুদ্ধিমানৰ কাম হ’ব৷ আনহাতে দুখৰ বাঁহীক সোণালী ৰঙেৰে চিহ্নিত কৰাটোও তাৎপৰ্যপূৰ্ণ৷ সোণ মূল্য, সৌন্দৰ্য আৰু মূল্যবোধৰ প্ৰতীক হ’ব পাৰে৷ কিন্তু এই প্ৰসংগত ই দুখৰ পৰা সম্পূৰ্ণ বিপৰীত৷ বাঁহীটো সোণৰ পৰা তৈয়াৰ হোৱাৰ অন্তৰালত কবিয়ে দুখক বহুমূলীয়া বা অৰ্থপূৰ্ণ ৰূপত চিনাক্ত কৰিছে৷ যন্ত্ৰণা থাকিলেও সোণালী বাঁহীটোৱে কোনোবাখিনিত সুণীয়া আৱেগ তুলি ধৰিছে৷ ই হয়তো কবিৰ ব্যক্তিগত আৰু আৱেগিক, পৰিৱৰ্তনশীল অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰিছে৷ সোণক যেনেকৈ তাপ আৰু হেঁচাত পৰিশোধন কৰা হয়, দুখেও চৰিত্ৰ আৰু পৰিৱেশ-পৰিস্থিতি অনুযায়ী পৰিশোধনৰ সূচনা কৰিব পাৰে৷
কবিতাটোৰ আৰম্ভণিতে ‘‘এটা বৰষুণৰ নিশা’’ৰ পৰিৱেশ সৃষ্টি কৰা হৈছে৷ এই চিত্ৰকল্পই দুখ আৰু ৰহস্যৰ এখন পৃথিৱীৰ ইংগিত দিছে৷ বৰষুণক আৱেগিক দুখৰ ভৰ ধুই পেলোৱাৰ প্ৰতীক ৰূপত চিত্ৰিত কৰিব পাৰি৷ এই ক্ষেত্ৰত বৰষুণক কবিৰ নিজৰ আৱেগিক অৱস্থাৰ উপমা হিচাপে ব্যাখ্যা কৰিব পাৰি– কবিয়ে কোনো আৱেগিক পৰিস্থিতিৰ পৰা মুক্ত হৈ পৰা ধাৰণাটোও অনুমান কৰিব পাৰি৷ বৰষুণেও কবিতাটোৰ অতিবাস্তৱতাৰ গুণগত মানত অৰিহণা যোগাই বাস্তৱৰ জগত আৰু সাধুকথাৰ জগতখনৰ মাজৰ সীমা ম্লান কৰি পেলাইছে৷
‘‘টিপ্ টিপ্ শব্দ’’ আৰু ‘‘খিৰিকীত টুক্ টুক্’’ বাক্যাংশই অনিশ্চয়তা আৰু ৰহস্যৰ অনুভূতিক সুপ্ত কৰি তোলাৰ ইংগিত দিছে৷ টোকৰৰ তৎক্ষণাত উত্তৰ নাপায়, যাৰ ফলত “ছাছপেন্স”ৰ ভাব এটা গঢ় লৈ উঠে৷ কবিৰ প্ৰশ্ন, ‘‘কোন?’’ কবিয়ে সেই স্থানত অপ্ৰত্যাশিত আৰু অস্পষ্ট কিবা এটাৰ উপস্থিতি অনুভৱ কৰিছে৷ ই উত্তেজনা আৰু প্ৰত্যাশাৰ পৰিৱেশৰ সৃষ্টি কৰিছে, কিয়নো কবিয়ে খিৰিকীত মৰা টোকৰৰ উৎস বা অৰ্থৰ বিষয়ে অনিশ্চিত, ঠিক যেনেকৈ কবিয়ে পৰীজনীৰ প্ৰকৃতি আৰু তাই কঢ়িয়াই অনা বাঁহীটোৰ বিষয়েও নিশ্চিত নহয়৷
‘‘কাপোৰ’’ৰ সৈতে ‘‘বাৰাণ্ডা’’ৰ পৰিৱেশে ঘনিষ্ঠতা আৰু ঘৰুৱা অনুভূতি আৰু অধিক বৃদ্ধি কৰিছে৷ বাৰাণ্ডাত থকা কাপোৰবোৰে কবিৰ ব্যক্তিগত জীৱন আৰু ইয়াৰ লগত সম্পৰ্ক থকা আৰাম বা অৰাজকতাৰ প্ৰতীককো প্ৰতিনিধিত্ব কৰিব পাৰে৷ বাৰাণ্ডাখনে ‘threshold’ হিচাপে কাম কৰিছে, কবিৰ মনৰ বাহিৰৰ জগতখন আৰু ভিতৰৰ জগতখনৰ মাজৰ এক পৰিৱৰ্তনশীল স্থানকো ইংগিত কৰিব পাৰে৷
কবিতাটোত পৰীগৰাকীৰ ভূমিকাক পৰিৱৰ্তনৰ অনুঘটক আৰু আৱেগিক অভিজ্ঞতাৰ ৰক্ষক হিচাপে ব্যাখ্যা কৰিব পাৰি৷ কবিৰ সৈতে তাইৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ যেনে– প্ৰশ্নৰ উত্তৰ দিয়া, বাঁহী আগবঢ়োৱা আৰু তাই ঘূৰি অহালৈকে বাঁহীটো সামৰি থ’ব লাগে বুলি কোৱা প্ৰসংগটোৱে পৰী, কবি আৰু তেওঁলোকৰ আৱেগিক অৱস্থাৰ মাজত মধ্যস্থতাকাৰী হিচাপে যোগসূত্ৰ স্থাপন কৰিছে৷ পৰীগৰাকীয়ে ক্ষন্তেকীয়া সমাধান বা দুখৰ পৰা সকাহ দিব খোজা নাই; বৰঞ্চ তাই দুখৰ সৈতে একাত্ম হৈ থাকিব পৰা এটা ‘বাঁহী’ প্ৰদান কৰিছে৷
পৰীগৰাকীয়ে বিদায়বেলা সুধিছে ‘‘মই আকৌ নহালৈকে সামৰি থ’বা নে?’’ ই সময়ৰ গতি আৰু আৱেগক নিয়ন্ত্ৰণ কৰাৰ প্ৰক্ৰিয়াটোত ধৈৰ্যৰ প্ৰয়োজনীয়তাৰ ইংগিত দিছে৷ অপেক্ষাৰ ধাৰণাটোৱে বুজায় যে পৰীজনী পুনৰ ঘূৰি অহালৈকে কবিয়ে দুখৰ ভৰ সহ্য কৰিব লাগিব, যিটো ভৱিষ্যতে সন্মুখীন হ’বলগীয়া আৱেগিক মুহূৰ্তৰ প্ৰতীকো হ’ব পাৰে৷ পৰীগৰাকীৰ উপস্থিতি কবিৰ বাবে সান্ত্বনাদায়ক হ’লেও তাৎক্ষণিক সকাহৰ কোনো প্ৰতিশ্ৰুতি পোৱা নাই, বৰঞ্চ ইয়াৰ পৰা বুজা যায় যে দুখ এনেকুৱা এটা বস্তু যিটো সময়ৰ লগে লগে উদ্ভৱ হয় আৰু মাৰো যায়৷
দুখ কবিতাটোৰ প্ৰধান বৈশিষ্ট্য৷ যিটো একক পৰিঘটনা হিচাপে নহয়, চলি থকা প্ৰক্ৰিয়া হিচাপেহে উপস্থাপন কৰা হৈছে৷ পৰীৰ দুখৰ বাঁহীয়ে এনে এক মাধ্যম হিচাপে কাম কৰে যাৰ জৰিয়তে কবিয়ে দুখানুভূতি অনুভৱ কৰিব পাৰে৷ বাঁহী বজোৱাৰ ক্ৰিয়াই কবিক আৱেগিক যাত্ৰাৰ অংশ হিচাপে “দুখ”ক গ্ৰহণ কৰাটোক প্ৰতিনিধিত্ব কৰিব পাৰে৷ দুখ যুদ্ধ কৰিবলগীয়া শক্তি নহয় বৰঞ্চ স্বীকাৰ কৰিবলগীয়া সম্পদহে; ঠিক অবিৰতভাৱে বজোৱা বাঁহীৰ সুৰটোৰ দৰেই৷
এই ক্ষেত্ৰত কবিতাটোত পৰীগৰাকীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ পূৰ্বতে উল্লেখ কৰিছোঁ যে পৰীয়ে দুখৰ ক্ষন্তেকীয়া সমাধানৰ প্ৰতিশ্ৰুতি দিয়া নাই, বৰঞ্চ কবিক তাৰ সন্মুখীন হ’বলৈ উৎসাহিত কৰিছে আৰু পুনৰ ঘূৰি নহা পৰ্যন্ত বাঁহীটো বজাই থাকিবলৈ পৰামৰ্শ দিছে৷
সামৰণিত ক’ব পাৰি ‘‘পৰীৰ বাঁহী’’ কবিতাটোক প্ৰতীক, চিত্ৰকল্প আৰু অতিবাস্তৱতাৰ সমাহাৰে ৰসোত্তীৰ্ণ কৰি তুলিছে৷ পৰী আৰু কবিৰ কথোপকথনৰ মাজেৰে দুখ আৰু আৱেগৰ এক যাত্ৰাৰ সন্ধান দিছে৷
পৰীৰ বাঁহী
ৰাতি বৰষুণ সৰিছিল৷
টিপ্ টিপ্ শব্দ,
খিৰিকীত টুক্ টুক্
কোন?
বাৰাণ্ডাত কাপোৰৰ খচ্ খচ্
ক’তে মৰোঁ মই–
এজনী পৰী৷
বগা ডেউকাত পানীৰ কণিকাৰ
জিল্মিল্
কুঁৱলীৰ দৰে শৰীৰত
পাতল পোহৰৰ সাজ…
অলপ লাজ
অলপ ভয়েৰে
পৰীয়ে মোলৈ চালে
‘তোমাৰ ডেউকা নাই৷’
তাই সুধিলে৷
মই মূৰ জোঁকাৰিলোঁ
আকৌ সুধিলে–
‘উৰা কেনেকৈ?’
তাৰ পিছত লাহেকৈ বুকুৰ পৰা
উলিয়ালে এটা সোণালী বাঁহী
‘এইটো দুখৰ বাঁহী
মই আকৌ নহালৈকে
সামৰি থ’বা নে?’
মোৰ বিস্মিত মুখলৈ চাই
তাই হাঁহি মাৰি ক’লে–
‘ৰাখাচোন, মই নহালৈকে
তোমাৰ বুকুতে
বাঁহীটো বাজি থাকক৷’