Issue: Vol. IV, No. 2, August-October, 2025
আকাশত নদী আছে
আকাশত নদী আছে।
আকাশত নদী থাকে।
সহস্ৰাব্দ প্ৰাচীন
এটোপাল পানীৰ বাবে
উন্মুখ মই
এটোপাল চকুলো
এচমকা ডাৱৰ
এছাটি বৰষুণ
এখনি নদী
এখন মহাসাগৰ
পানীয়ে কাহিনী কয় সহস্ৰাব্দৰ
কাহিনী কয় মানুহ আৰু সভ্য্তাৰ
নদী থাকে আকাশত
নদী আছে আকাশত।