পাৰ্ছী বীছ্ শ্বেলী
অনু : বিবেকানন্দ চৌধুৰী
(প্ৰথম পৰ্ব)
যুক্তি আৰু কল্পনা বোলা এই দুই ধৰণৰ মানসিক কৰ্ম বিচাৰৰ এটা উপায় হ’ল, প্ৰথমটোক আমি এটা চিন্তাক আন এটা চিন্তালৈ সংযোগী সূতাৰ ধাৰাটোক, যি ধৰণেই নহওক কিয়, ব্যাখ্যা কৰা মনটো বুলি ক’ব পাৰোঁ, আৰু পাছৰটোক সেই চিন্তাখিনিক ভিত্তি কৰি মনটোৱে নিজে বুজা ধৰণে সজাই লৈ তাৰ মৌলিকতাখিনিৰ পৰা, বা তাৰ লগত জড়িত আন চিন্তাসমূহ, যিবোৰে ইয়াৰ সৈতে জড়িত নীতিগত সত্তাখিনি ধৰি ৰাখে। তাৰে এটা হ’ল সংশ্লেষণৰ নীতি আৰু ইয়াৰ অন্তৰ্নিহিত বস্তুখিনিৰ বাবে সেই ৰূপবোৰ যিবোৰ প্ৰকৃতিগতভাৱে আৰু স্থিতিগত ভাৱে সাৰ্বজনীন। আনটো হ’ল বিশ্লেষণৰ নীতি আৰু এই কামটোৱে বস্তুবোৰৰ মাজৰ সম্পৰ্কক মাথোঁ সম্পৰ্ক হিচাপেই গণ্য কৰে; চিন্তাক ইয়াৰ সংহত এককত নেচাই, কিছুমান সাধাৰণ ফলাফল ওলোৱা হিচাপত বীজগণিতীয় চিত্ৰণ হিচাপেহে চায়। কাৰণ হ’ল ইতিমধ্যে জনা কিছু গুণৰ হিচাপ-নিকাচ; কল্পনা হ’ল সেই গুণবোৰৰ মূল্যৰ ধাৰণা, দুয়োটা পৃথকভাৱে আৰু সামগ্ৰিকভাৱে। কাৰণবোৰে পাৰ্থক্যক সন্মান কৰে, আৰু কল্পনাই বস্তুবোৰৰ ভিতৰৰ মিলখিনিক। কাৰণ যেনেদৰে কল্পনাৰ সৈতে জড়িত কৰিব পাৰি, সঁজুলিক কাৰকৰ সৈতে, যেনেদৰে শৰীৰক আত্মাৰ সৈতে তেনেদৰে ছাঁক পদাৰ্থৰ সৈতে।
কবিতা, সাধাৰণ অৰ্থত, ‘কল্পনাৰ প্ৰকাশ বুলি সংজ্ঞা দিব পাৰি’, আৰু কবিতা মানৱজাতিৰ আবিৰ্ভাৱৰ সৈতেই সংপৃক্ত। মানৱ হ’ল একধৰণৰ সঁজুলি যাৰ ওপৰত কিছু বহিঃ আৰু অন্তঃ ধাৰণা সুমুৱাই দিয়া হয়, ঠিক এওলিয়ান লাইৰ(Æolian lyre)ৰ ওপৰেৰে পাৰ হৈ যোৱা সঘনাই পৰিৱৰ্তিত কৰা বায়ুৰ দৰেই, যিয়ে সততে সলনি হোৱা সুৰৰ ঝংকাৰৰ সৈতে ইয়াৰ গতিপথ পৰিৱৰ্তন কৰে। কিন্তু মানৱৰ ভিতৰত একধৰণৰ নীতি বিদ্যমান, আৰু হয়তো সকলো সংবেদনশীল জীৱতে বিদ্যমান, আৰু ই কেৱল সুৰেই নহয় কিন্তু সমলয়ো সৃষ্টি কৰে শব্দবোৰৰ বা গতিৰ একধৰণৰ আভ্যন্তৰীণ ব্যৱস্থাপনাৰ জৰিয়তে উদ্দীপনাৰ কাৰকবোৰৰ ইয়াৰ ওপৰত হোৱা প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি। এয়া এনেকুৱা যেন বীণ (Æolian lyre) খনিয়ে ইয়াৰ স্বৰবোৰ ইয়াক কৰ্ডবোৰক আঘাত কৰা গতিৰ সৈতে খাপ খুৱাব পাৰে শব্দৰ নিৰ্দিষ্ট অনুপাতত; যি ক্ষেত্ৰত সংগীতজ্ঞজনে বীণখনিয়ে সৃষ্টি কৰা সুৰৰ সৈতে নিজক মিলাই ল’বৰ প্ৰয়াস কৰিব পাৰে। এজন শিশুৱে নিজৰ মতে খেলি থাকোতে নিজৰ মাত আৰু গতিবিধিৰ দ্বাৰা নিজৰ আনন্দ প্ৰকাশ কৰিব; আৰু কথাৰ সুৰৰ প্ৰতিটো পৰিৱৰ্তন আৰু অংগীভংগীৰে তেওঁৰ মনত জাগ্ৰত কৰা সেই আনন্দদায়ক অনুভৱৰ সম্পৰ্কিত পূৰ্বছায়া হ’ব; এয়া হ’ব সেই অনুভৱৰ এক প্ৰতিফলিত প্ৰতিচ্ছবি; আৰু বতাহখিনি মাৰ যোৱাৰ পাছত বীণখনিৰ কঁপনিয়ে সৃষ্টি কৰা শব্দবোৰ; শিশুক আনন্দিত কৰা বস্তুবোৰৰ দৰেই এই প্ৰকাশভংগীবোৰেই কবিতাক এক উচ্চ মানসম্পন্ন কৰি তোলে।
পূৰ্বৰ খণ্ড : পাৰ্ছী বীছ্ শ্বেলীৰ ‘কবিতাৰ সপক্ষে’
বিবেকানন্দ চৌধুৰী এগৰাকী অনুবাদক আৰু লেখক৷ বৃত্তিত এগৰাকী অভিযন্তা চৌধুৰীয়ে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে অনুবাদ কৰিছে৷