কবিতাৰ সৈতে মোৰ সম্পৰ্ক

চেনীৰাম গগৈ

Issue: Vol. IV, No. 2, August-October, 2025

চেনীৰাম গগৈ

দুই-এটা কবিতা লিখা মানুহ হিচাপে এই বিষয়ে মোৰ প্ৰণালীবদ্ধ পঢ়া-শুনা থাকিব লাগিছিল, কিন্তু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ওঠৰ বছৰ বয়সতে চাহ-বাগিচাত চাকৰি কৰিবলৈ ওলাই গৈ কবিতা আৰু পঢ়া-শুনা বাদ দিয়া হৈছিল। পিছপৰা গাঁও, কিতাপ-পত্ৰ বিচাৰি নোপোৱা পৰিৱেশত কবিতাৰ প্ৰণালীবদ্ধ অধ্যয়নৰ পৰা বঞ্চিত হোৱাৰ বাবেই মোৰ কবিতাৰ উদ্গতি নহ’ল। পলমকৈ কলেজত পঢ়িবলৈ আহি দুজনমানৰ হাতৰ পৰা থপিয়াই লৈ দুই-এখন কিতাপ পঢ়িছিলোঁ। বিখ্যাত কবিসকলে ইংৰাজী ভাষাত লিখা বিশ্বমানৰ কবিতাবোৰৰ গভীৰলৈ গৈ অৱগাহন কৰিব পৰাকৈ ইংৰাজীৰ জ্ঞান মোৰ নাই, গতিকে আমাৰ ভাষালৈ অনুবাদ হোৱা কবিতাবোৰকে পঢ়িছিলোঁ। অনুবাদত কবিতাটোৰ অৰ্থ থাকে, কবিতা নাথাকে। আন বহুতো অসমীয়া কবিৰ দৰে ময়ো বাংলা ভাষাৰ কবিতা পঢ়ি কবিতা বিচাৰি ফুৰিছিলোঁ। জীৱনানন্দ, নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, সুভাষ মুখ্যোপাধ্যায়, বীৰেন চট্টোপাধ্যায়, শংখ ঘোষ, শক্তি চট্টোপাধ্যায় আদি কবিসকলৰ লিখন পদ্ধতি চাই বৰ ভাল লাগিছিল।

অসমীয়া কবিতাৰ পুৰণি-নতুন বিখ্যাত কবিতাবোৰ বাৰে বাৰে পঢ়া হৈছিল। শংকৰদেৱ-মাধৱদেৱৰ দিনৰ পৰা অজিৎ-নৱকান্ত বৰুৱাৰ দিনলৈকে অসমীয়া কবিতাৰ জয়জয়-ময়ময় বিকাশ হৈছিল। দীঘলীয়া দিনৰ ভ্ৰমণ সামৰি ঘৰলৈ উভতি অহা পৰিব্ৰাজকৰ দৰে ময়ো বাৰে বাৰে এইবোৰ কবিতাৰ কাষলৈকে উভতি আহোঁ। জানো যে আন বহু অসমীয়া কবিয়ে পঢ়ি শেষ কৰা নেৰুডা, য়েটছ, এলিয়ট আদি কবিসকলৰ কবিতাবোৰ মূল ইংৰাজীত পঢ়ি গদগদ কবি হোৱাৰ সৌভাগ্য হয়তো কোনো দিনেই আৰু নহ’ব, সেইমতে যথাৰ্থ পৰিৱেশ-বঞ্চিত এই নিঃকিনে নিজকে অন্ততঃ অধ্যয়নশীল কবি বোলাৰ ধৃষ্টতা প্ৰদৰ্শন কৰাও উচিত নহ’ব।

অসমীয়া ভাষাৰ কবিতা ভালপোৱা এজন হিচাপে অসমীয়া কবিতা পঢ়া আৰু পাৰিলে দুটি মান পংক্তি লিখাতে মই সীমাবদ্ধ হৈ আছোঁ।

চেনীৰাম গগৈ এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক। ঘৰগোনা বলধৰ কবিতা তেওঁৰ শেহতীয়া কবিতা-সংকলন।