অনিৰ্বাণ দত্ত
Issue: Vol. IV, No. 2, August-October, 2025

বৰ্তমান পাৰফৰ্মিং আৰ্ট বা পৰিৱেশ্য কলাত ‘আবৃত্তি’য়ে মৰ্যাদাপূৰ্ণ স্থান লাভ কৰিছে৷ কেৱল কবিতা আবৃত্তিৰ প্ৰতিযোগিতাবোৰতে ই সীমাবদ্ধ হৈ থকা নাই; যিকোনো এটা সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ যাওঁতে আজি শিল্পীসকলে আবৃত্তিক এৰি অলপো আগবাঢ়িব নোৱাৰা হৈছে৷ আবৃত্তি ক্ৰমে জীৱন-শিল্পলৈ ৰূপান্তৰিত হৈছে৷ সংগীত শিল্পীৰ বাবে গান-বাজানা কৰা যি দৰে একমাত্ৰ জীৱিকাৰ মাধ্যম, আবৃত্তিয়ে ঠিক সেই স্তৰ স্পৰ্শ কৰাগৈ নাই যদিও তালৈ আৰু বেছি দূৰ নাই৷ ইতিমধ্যেই আবৃত্তি এক পেছা হিচাপে স্বীকৃত হৈ পৰিছে৷
আবৃত্তি কলাৰ উৎপত্তি আৰু বিকাশৰ চমু ইতিহাস
আমাৰ দেশত অতি প্ৰাচীন কালত, অৰ্থাৎ আজিৰ পৰা কমেও তিনিহাজাৰ বছৰ পূৰ্বে অতি উন্নত আৰু প্ৰভাৱশালী সাহিত্য সৃষ্টি হৈছিল৷ সেইবোৰ সাহিত্য আমাৰ আধ্যাত্মিক জ্ঞানৰ চৰম প্ৰকাশ বুলি আজিও পৰিগণিত৷ সেইসমূহ হ’ল ঋগ্বেদ আৰু অন্যান্য বৈদিক গ্ৰন্থ৷ যি কালত বৈদিক সাহিত্যৰাজিৰ সৃষ্টি হৈছিল, সেই কালত লিখাৰ পদ্ধতি আৱিষ্কাৰ হোৱাই নাছিল৷ বৈদিক ঋষি কবিসকলে সাহিত্য ৰচনা কৰিছিল মুখে মুখে, আৰু সেই ৰচনাবোৰ কাগজত লিখি ৰখাৰ দৰে ধৰিও ৰাখিছিল মুখে মুখে — অৰ্থাৎ আবৃত্তিৰ যোগেদি৷ গতিকে দেখা যায়, আজি যি কাম লিখা আৰু ছপাকৰ্মৰ দ্বাৰা সাধিত, সেই কাম সেইকালত একমাত্ৰ আবৃত্তিৰ দ্বাৰা সাধন হৈছিল৷ লিখাৰ পদ্ধতি সূচনা হোৱাৰ বহুকাল পিছলৈকে ঋক্বেদৰ কবিতাবোৰ লিপিবদ্ধ হোৱা নাছিল, বৰং আবৃত্তিতহে অধিক গুৰুত্ব দিছিল৷ ইয়াৰ অন্যতম কাৰণ আছিল লিখা-পঢ়াতকৈও আবৃত্তিৰ উৎকৰ্ষ সাধন কৰা৷ আজি আবৃত্তিৰ যি ৰূপ আমি প্ৰত্যক্ষ কৰোঁ, সি নিঃসন্দেহে লিখিত সাহিত্য-নিৰ্ভৰ৷ প্ৰাচীন যুগত মিছৰ, গ্ৰীচ, মধ্য এছিয়াত যিবোৰ সাহিত্যৰ সৃষ্টি হৈছিল সেইবোৰ সাহিত্যৰ আদি উৎসও আছিল মৌখিক সাহিত্য৷ প্ৰায় সকলো প্ৰাচীন ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত কথাটো একেই৷ গতিকে, যিসময়ত কেৱল মৌখিক সাহিত্যৰ প্ৰচলন আছিল তেতিয়া সেই ধাৰাক প্ৰৱহমান কৰি ৰখাৰ একমাত্ৰ উপায় আছিল আবৃত্তি আৰু সংগীত৷ আদিকবিৰ প্ৰথম শ্লোক মুখনিঃসৃত, লেখা মুখনিঃসৃত নহয়৷ ইয়াতেই নিশ্চয় আবৃত্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হয়৷ মহাকবি হোমাৰে ইলিয়াড, ওডিছিক গানৰ ৰূপত গাই গ্ৰীকসকলক শুনাইছিল৷ পণ্ডিতসকলৰ মতে, প্ৰাচীন চীনদেশত লাউৎজে (Laozi) আৰু তেওঁৰ শিষ্য কনফুচিয়াছৰ দৰ্শনশাস্ত্ৰও শ্ৰুতি স্মৃতিৰ দ্বাৰা সুৰক্ষিত হৈ আছিল৷ সেইসমূহ এক বিশেষ শৈলীত আবৃত্তি কৰা হৈছিল৷ মূল আৰৱী বা ফাৰ্চী ভাষাত আল-কোৰাণ কিম্বা আল হাদিছৰ সূত্ৰবোৰো জলমৃদু ধ্বনিৰে সু-সমন্বিত সুৰাৰোপ কৰি আবৃত্তি কৰা হয়৷ পুৱাৰ সুৰীয়া আজানৰ যি শৈলী — সিও উপযুক্তভাৱে কৰা আবৃত্তি অনুশীলনৰ ফল৷ খ্ৰীষ্ট জন্মৰ পাঁচৰ পৰা সাত হাজাৰ বছৰৰ আগেয়ে প্ৰাচীন মিছৰত একধৰণৰ storyteller আছিল৷ তেওঁলোকে সাধাৰণতে হাট-বজাৰৰ আশেপাশে কোনো স্থানত গৈ গল্প-কথন আৰম্ভ কৰিছিল৷ কিনা বেচা শেষ কৰাৰ পাছত গল্প শুনাৰ লোভত বজাৰৰ মানুহবোৰে তেওঁলোকক আগুৰি ধৰিছিলগৈ৷ মানুহবোৰে সামান্য অৰিহণাৰ বিনিময়ত গল্প শুনাৰ সুযোগ পাইছিল৷ আকৰ্ষণীয় কথনভংগি, সুললিত আৰু গুৰুগম্ভীৰ কণ্ঠস্বৰ আৰু নিপুণ মুখভংগিৰে গল্পকথকসকলে নানা ধৰণৰ উপকথা, ৰূপকথা, অতিকথা, লোককথা পৰিৱেশন কৰিছিল৷ আজি আমি কথাই কথাই যি mass-communication বা গণ-সংযোগ মাধ্যমৰ কথা কওঁ প্ৰাচীন কালত আবৃত্তিয়েই আছিল প্ৰকৃত গণ-সংযোগ মাধ্যম৷ প্ৰাচীন কবিকণ্ঠ বৈশম্পায়নৰ মহাভাৰত পাঠ অথবা বাল্মীকিৰ ৰামায়ণ পাঠে হাজাৰ হাজাৰ শ্ৰোতাক পৰম আহ্লাদিত কৰিছিল৷ ইতিহাসৰ পাত লুটিয়ালে দেখিম যে, আমাৰ দেশত অতি প্ৰাচীন কালৰ পৰাই বিদ্বৎ সমাজে আনকি ৰজা-মহাৰজাসকলেও আবৃত্তিৰ পৃষ্ঠপোষকতা কৰিছিল৷ ৰজা হৰ্ষবৰ্ধন (৬০০-৬৪৭ খ্ৰীষ্টাব্দ), গুপ্ত সম্ৰাট সমুদ্ৰগুপ্ত (৩৩৫-৩৭৫ খ্ৰীষ্টাব্দ) তথা মহাকবি কালিদাসৰ কালতো আবৃত্তিক জনপ্ৰিয় শিল্পৰ মূল্য প্ৰদান কৰা হৈছিল৷ ষষ্ঠদশ শতিকাৰ শেষৰ ফালে ৰোম নগৰত অৰেটৰি অব্ ছেণ্ট ফিলিপ নেৰি (Oratory of Saint Philip Neri) নামে এক খ্ৰীষ্টান প্ৰতিষ্ঠানে বাইবেলৰ বক্তৃতামূলক গদ্য-পদ্যৰ অংশ লৈ সমবেত কণ্ঠত আবৃত্তিৰ পাঠ শিকাইছিল৷ সেইসময়ৰ পৰাই কাব্যপাঠ বা কাব্য আবৃত্তিৰ বুৰঞ্জী লিপিবদ্ধ হৈছে বুলি বহুতে ক’ব বিচাৰে৷ যি হওক, আমাৰ ৰাজ্যত পঞ্চদশ শতিকাৰ পৰা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত যি ভক্তি আন্দোলনৰ সূচনা হৈছিল তেতিয়াৰ পৰাই তেৰাসৱৰ সাহিত্যৰ তত্ত্ববোৰ সৰ্বসাধাৰণ ৰাইজৰ ওচৰলৈ চপাই লৈ যোৱাৰ ফলপ্ৰসূ মাধ্যম বুলি আবৃত্তিকে গণ্য কৰা হৈ আহিছে৷ তেওঁলোকে তেতিয়াই আবৃত্তিক গণসংযোগৰ শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰি ভাল ফল পাইছিল৷ শংকৰ-মাধৱে নিজে কীৰ্তন, দশম, নামঘোষা, ভক্তি ৰত্নাৱলী আদি স্ব-ৰচিত গ্ৰন্থৰ কবিতাসমূহ সুললিত কণ্ঠেৰে আবৃত্তি কৰি ৰাইজক মোহগ্ৰস্ত কৰি ৰাখিছিল৷ কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত (১৫৫২ চনত) মহাপুৰুষ শংকৰদেৱে এৰাতিৰ ভিতৰত গুণমালা নামৰ মূল্যবান কবিতাপুথিখন ৰচনা কৰি পিছদিনা নিজে আবৃত্তি কৰি ৰাজসভাত ৰজাৰ লগতে সভাসদসকলৰ শ্ৰদ্ধা-ভক্তিৰ পাত্ৰ হোৱা ঘটনাটো আমাৰ সকলোৰে জ্ঞাত৷ মহাপুৰুষ দুজনাৰ কালৰ পৰা আজি পৰ্যন্ত শংকৰী সাহিত্যসমূহৰ একক বা ৰাজহুৱা আবৃত্তি আমাৰ সমাজত জনপ্ৰিয় অনুষ্ঠান হিচাপে আয়োজন হৈ আছে৷ “শ্ৰৱণ-কীৰ্তন কৰি বৈকুণ্ঠক যায়…” বুলি কৈ শংকৰী শাস্ত্ৰসমূহ আবৃত্তি আৰু শুনিবলৈ অনুগামীসকলক মহাপুৰুষ দুজনাই উৎসাহিত কৰিছিল৷ তেওঁলোকে কীৰ্তন শব্দটোক তেতিয়া আবৃত্তিৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিছিল৷ কীৰ্তন কৰা মানে ঈশ্বৰৰ গুণ বা লীলাক প্ৰশংসা কৰি ৰচনা কৰা কবিতাবোৰৰ ৰুচিপূৰ্ণ পাঠ৷ যেনে, কীৰ্তন পাঠ, ভাগৱত পাঠ, ঘোষা পাঠ, চৰিত পাঠ আদি৷ কীৰ্তন পুথিৰ কবিতাবোৰ হাতচাপৰি আৰু তাল বাদ্য সংগত কৰি সংগীতৰ দৰেও (নামগোৱা) পৰিৱেশন কৰা হয় যদিও সেয়া সংগীত বুলি স্বীকৃত নহয়৷ সেয়াও বিশেষ শৈলীত কৰা ৰাজহুৱা আবৃত্তিহে৷ ভাওনাৰ বচন বা সংলাপবোৰো বিশেষ শৈলীত আবৃত্তি কৰা হয়৷ সংক্ষেপে ক’ব পাৰি যে, অংকীয়া নাট আৰু বৰগীতসমূহক বাদ দি শংকৰী সাহিত্যৰ অন্যান্য সমলবোৰক পৰিৱেশন কৰাৰ একমাত্ৰ মাধ্যম হৈছে আবৃত্তি৷
ঊনৈছ শতিকাৰ প্ৰথমাৰ্ধত কলিকতাৰ তৰুণ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত অতি কলাসুলভভাৱে কবিতা আবৃত্তি কৰি যিসকল প্ৰখ্যাত শিক্ষক অধ্যাপকে আবৃত্তিৰ জনপ্ৰিয়তা পুনৰ বঢ়াই তুলিছিল সেইসকলৰ ভিতৰত অন্যতম আছিল হেন্ৰি ল’ৱিজ ভিভিয়ান ডিৰোজিঅ (১৮০৯-১৮৩১), যিগৰাকী প্ৰতিভাশালী কবি আৰু আবৃত্তিকাৰ মাত্ৰ বাইছটি বছৰহে জীয়াই আছিল৷ তেওঁৰ দ্বাৰা অতিকৈ প্ৰভাৱিত হৈছিল মধুসূদন দত্ত৷ আন এজন প্ৰখ্যাত আবৃত্তিকাৰ আছিল অধ্যাপক ডি এল ৰিচাৰ্ডছন৷ ৰিচাৰ্ডছনে শ্বেইক্সপীয়েৰৰ নাটকৰ সংলাপ আৰু কাব্য অংশৰ অসাধাৰণ আবৃত্তি কৰিব পাৰিছিল৷ তেওঁৰ আবৃত্তি শুনি ব্ৰিটিছ প্ৰশাসক মেকলে চাহাবে ভাৰতৰ সকলোবোৰ কথা পাহৰি গ’লেও তেওঁৰ আবৃত্তি কেতিয়াও পাহৰিব নোৱাৰিম বুলি কৈ পেলাইছিল৷ ব্ৰিটিছ ঔপনিৱেশিক কালত কলিকতা আৰু অসমত আবৃত্তি কলাৰ যথেষ্টখিনি চৰ্চা হৈছিল বুলিব পাৰি৷ বংগত ৰবীন্দ্ৰনাথ ঠাকুৰ, নজৰুল ইছলাম, শিশিৰ কুমাৰ ভাদুৰী আৰু অসমত অম্বিকাগিৰী ৰায়চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আদিয়ে আবৃত্তিক জনজাগৰণৰ মুখ্য মাধ্যম হিচাপে প্ৰয়োগ কৰিছিল৷ স্বাধীনতা সংগ্ৰাম, ছাত্ৰ আন্দোলন, বা ভাষা আন্দোলনৰ কালত জ্যোতিপ্ৰসাদৰ কবিতাৰ শক্তিশালী আবৃত্তিয়ে হাজাৰ হাজাৰ জনতাক সংগ্ৰামত জঁপিয়াই পৰিবলৈ উদ্বুদ্ধ কৰাৰ কথা আমি জানো৷ ভাৰতীয় গণনাট্য সংঘৰ কৰ্মী হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা আদি শিল্পী-সাহিত্যিকে ৰাজ্যৰ গাৱেঁ-ভূঞে ঘূৰি সভা-সমিতি পাতি সংগীত আৰু কবিতা আবৃত্তিৰে সৰ্বসাধাৰণ জনতাক শোষকৰ বিৰুদ্ধে গণ-সংগ্ৰামত চামিল হ’বলৈ উদ্বুদ্ধ কৰিছিল৷ জনতাক উদ্বুদ্ধ কৰিবলৈ হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ পংক্তিবোৰকো দল-সংগঠনবোৰে ব্যৱহাৰ কৰে৷ আনহাতে, আদিবাসী বা জনজাতীয় সমাজবোৰতো পৰম্পৰাগত ৰীতি অনুসৰি নানান ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত শব্দ-ধ্বনি-সংগীতময় আবৃত্তিৰ বহু বিচিত্ৰ প্ৰয়োগ আৱহমান কালৰ পৰাই চলি আছে৷ আমাৰ উত্তৰপূবৰ ৰাজ্যবোৰত তেনেকুৱা আবৃত্তি আৰু নৃত্যৰ ব্যাপক প্ৰচলন আমি দেখা পাওঁ৷
আবৃত্তিৰ অৰ্থ আৰু সংজ্ঞা
আমাৰ প্ৰাচীন নাট্যশাস্ত্ৰত যি চৌষষ্ঠি কলাৰ কথা উল্লেখ আছে, তাৰ মাজত দুটা হ’ল— সংপাঠ্য আৰু মানসিক কাব্যক্ৰিয়া৷ সংপাঠ্য মানে হ’ল, এনে শৈলীত পাঠ কৰা যাক পোণপটীয়াকৈ বৰ্তমানৰ আবৃত্তি বা recitation-ৰ সমাৰ্থক বুলি অভিহিত কৰিব পাৰি৷ আনহাতে কাব্যক্ৰিয়া মানে হ’ল, উত্তম কাব্য পাঠ৷ পণ্ডিতসকলৰ ব্যাখ্যা মতে— মাত্ৰা, সন্ধি, সংযোগ, অসংযোগ, ছন্দ, বিন্যাস আদি সঠিকভাৱে অনুসৰণ কৰি পাঠ কৰাই কাব্যক্ৰিয়া৷ মধ্যযুগত ইংৰাজী ভাষাত প্ৰথম “ৰি-চাইটেন” শব্দটো পোৱা যায়৷ ইয়াৰ অৰ্থ আছিল “বহলাই কোৱা”৷ মধ্যযুগত ফৰাচী ভাষাত ব্যৱহৃত ইয়াৰ সমাৰ্থক শব্দটো আছিল “ৰি-চাইটেৰ”৷ এই শব্দৰ মূল লেটিন শব্দ “ৰি-চাইটাৰে”৷ ইয়াৰ অৰ্থ হ’ল— মন বা স্মৃতিৰ পৰা কোৱা৷ ইটালী ভাষাত “ৰিচাইটেটিভ” ইয়াৰ সমাৰ্থক শব্দ৷ গতিকে, দেখা যায় যে, ইংৰাজী বিশেষ্য পদ “ৰিচাইটেশ্যন” আৰু ধাতুৰূপ “ৰিচাইট” কেইবাশ বছৰৰ পূৰ্বৰ পৰাই চলি আছে, যাৰ অৰ্থ হ’ল স্মৃতিনিৰ্ভৰ পাঠ বা উচ্চাৰণ৷ অক্সফ’ৰ্ড অভিধানৰ মতে, Recitation মানে, to repeat or utter aloud (something previously composed, heard or learned by heart)৷ ততোধিক সুনিৰ্দিষ্ট অৰ্থত— “to repeat to an audience (a piece of verse or other composition) from memory and in an appropriate manner.” অৰ্থাৎ, পূৰ্বৰচিত, পূৰ্বশ্ৰুত, বা পূৰ্বজ্ঞাত কোনো কবিতা বা অন্য কোনো ৰচনাৰ উপযুক্ত পদ্ধতিত উচ্চ কণ্ঠে কৰা পুনৰাবৃত্তি৷
আবৃত্তি এটা জটিল ধাৰণা, সেয়েহে ইয়াক সহজে সংজ্ঞায়িত কৰাটো কঠিন। এই ক্ষেত্ৰত সাধাৰণভাৱে ক’ব পাৰি যে— আবৃত্তি হ’ল কোনো সাহিত্যিক ৰচনাৰ কোনো অংশ— সেয়া কবিতা হওক বা গদ্যই হওক, শ্ৰোতা-দৰ্শকৰ সন্মুখত আকৰ্ষণীয়ভাৱে প্ৰকাশ বা উপস্থাপন কৰা কলা৷ ইয়াক আজিকালি সংগীত আৰু নাটকৰ দৰে পৰিৱেশ্য কলা বুলি গণ্য কৰা হৈছে৷ দৰাচলতে, ই এক প্ৰয়োগ-বিজ্ঞান৷
কলা হিচাপে আবৃত্তিৰ বৈশিষ্ট্য
সকলো কলাৰ দৰে আবৃত্তিও এক সৃষ্টিশীল কলা৷ এই কলাৰ মূল বৈশিষ্ট্যবোৰ হ’ল—
১. লিখনৰ দ্বাৰা ভাষাৰ সকলো অংশ আবদ্ধ কৰি ৰাখিব নোৱাৰি— সেয়া লাগিলে কণ্ঠস্বৰ হওক বা সুৰৰ তান (pitch), বা উচ্চাৰণ (accent) হওক৷ কিন্তু আবৃত্তিত এই সকলোবোৰ যথাযথ বৰ্তাই ৰাখিব পাৰি৷
২. শিল্প-কলা বা জীৱন-কলা সাধনৰ এটা বিশিষ্ট অংগ আবৃত্তি৷ আবৃত্তিৰ কেইবাটাও ৰীতি আছে— পদপাঠ, ক্ৰমপাঠ, আৰু জটাপাঠ৷
৩. আবৃত্তিত বাচিক (কথ্য) আৰু কায়িক (আংগিক)—এই দুই ধৰণৰ অভিনয় প্ৰদৰ্শন হয়৷ অৱশ্যে, বাচিক দিশটোহে মুখ্য৷
৪. আবৃত্তিয়ে প্ৰজ্ঞা আৰু সাধাৰণ মানুহৰ চিত্ত বিনোদন দুয়োটা দিশকে চৰিতাৰ্থ কৰে৷
৫. আবৃত্তি এক স্মৃতিনিৰ্ভৰ কলা৷ শুদ্ধ আৰু সুললিত আবৃত্তিৰ বাবে পাঠটো মুখস্থ থকা জৰুৰী৷
৬. আবৃত্তিতহে কবিতাই প্ৰাণ পাই উঠে৷ আবৃত্তিকাৰে কবিতাটোক পুনৰ নিৰ্মাণ কৰে৷
৭. পাঠ এটাৰ শব্দবোৰ উচ্চাৰণ কৰিলেই আবৃত্তি নহয়৷ আবৃত্তিকাৰে সংশ্লিষ্ট ভাষাটোৰ উচ্চাৰণ বৈশিষ্ট্য ভালকৈ জনা থাকিব লাগিব৷ আবৃত্তিত ভাব সঞ্চাৰ হ’ব লাগিব৷ ইয়াৰ বাবে যথাৰ্থ ৰূপত ধ্বনি প্ৰয়োগ কৰিব লাগিব৷
৮. আবৃত্তি এক বাক-শিল্প ৷ আবৃত্তিত অংগি-ভংগি বা হাত-পদৰ সঞ্চালন গুৰুত্বপূৰ্ণ নহয়, কিন্তু, মুখৰ অভিব্যক্তি (expression) গুৰুত্বপূৰ্ণ৷ বাদ্যযন্ত্ৰৰ ব্যৱহাৰ, ৰূপসজ্জা, মঞ্চসজ্জাৰ ইয়াত প্ৰয়োজন নাই বুলিয়ে ক’ব পাৰি৷
৯. আবৃত্তিৰ জৰিয়তেহে আচলতে কবিতা এটাৰ প্ৰকৃত অৰ্থ মুকলি হয়। সেয়েহে “আবৃত্তি সৰ্ব্বশাস্ত্ৰাণাং বোধাদপি গৰিয়সী” বুলি কোৱা হয়৷ অৰ্থাৎ শাস্ত্ৰসমূহ বুজি পোৱাতকৈ আবৃত্তিক শ্ৰেষ্ঠ বুলি কোৱা হয়৷ যিকোনো শাস্ত্ৰ আবৃত্তি কৰি পঢ়িলে সেই শাস্ত্ৰৰ ৰূপবস্তু আৰু ভাববস্তুৰ ওপৰত ভাল জ্ঞান হয়৷
১০. আবৃত্তি গণ-সংযোগৰ এক শক্তিশালী মাধ্যম৷ ভাল আবৃত্তিকাৰ হ’বলৈ প্ৰণালীবদ্ধ অনুশীলনৰ দৰকাৰ৷
১১. চিত্ৰশিল্প, কণ্ঠ সংগীত, নাট্যশিল্পৰ দৰেই আবৃত্তি এক স্বতন্ত্ৰ শিল্প৷ আবৃত্তিয়ে কণ্ঠ সংগীত আৰু নাট্য শিল্পক সহায় কৰিব পাৰে৷
১২. আবৃত্তি এক জীৱন কলা৷ দৈনন্দিন পতা কথাবাৰ্তাবোৰৰ পুষ্টি সাধন কৰি ই আমাৰ ব্যক্তিত্বক আকৰ্ষণীয় কৰি তোলে৷
আবৃত্তিকাৰৰ গুণাৱলী
যিকোনো লোকেই কবিতা পাঠ কৰিব পাৰে, কিন্তু আবৃত্তিকাৰ হ’ব নোৱাৰে৷ আবৃত্তিকাৰৰ ব্যক্তিত্বত বিশেষ কিছুমান গুণ বা দক্ষতা থাকিবই লাগিব—
১. ধ্বনি উচ্চাৰণত শুদ্ধতা আৰু স্পষ্টতা
২. ৰস অনুযায়ী শব্দ নিক্ষেপণৰ দক্ষতা
৩.সুৰ লহৰ আৰু সুৰ লহৰৰ সূচী ৰক্ষা কৰি কৰা পঠন কৌশল
৪. যতি ছন্দ লয়ৰ ধাৰণাৰ লগতে কণ্ঠস্বৰৰ মড’লেশ্বন (স্বৰ উঠা-নমা কৰা) ৰ দক্ষতা৷
৫. ৰস সম্বন্ধে বোধ
৬. এটা স্পষ্ট আৰু শক্তিশালী কণ্ঠ,
৭. এটা ইতিবাচক মন৷
৮. আবৃত্তিৰ প্ৰণালীবদ্ধ অনুশীলন, ইত্যাদি৷
কবিতা বোধগম্য আৰু জনপ্ৰিয় কৰাত আবৃত্তিৰ ভূমিকা
কবিতাক বোধগম্য আৰু জনপ্ৰিয় কৰাত আবৃত্তিৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ কাজেই আবৃত্তিকাৰসকল অত্যন্ত সজাগ হ’বই লাগিব৷ আবৃত্তিক অভিৰুচি (hobby) হিচাপে গ্ৰহণ কৰা সকলৰ উপৰি বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত সাহিত্য পঢ়ুওৱা শিক্ষক-অধ্যাপকসকলে আবৃত্তিৰ বিষয়ত যথেষ্টখিনি জানি-বুজি লোৱা প্ৰয়োজন৷ অন্ততঃ পাঠ্যক্ৰমৰ কবিতাকেইটাকে শুদ্ধ ৰুপত আবৃত্তি কৰি পাঠদান কৰিব নাজানিলে প্ৰজন্মৰ পাছত প্ৰজন্মই সাহিত্য পঢ়ি গৈ থাকিব যদিও কালজয়ী কবিতাবোৰৰ ভাব, অৰ্থ একো বুজিব নোৱাৰিব৷ কবিতাৰ প্ৰতিও ছাত্ৰ-ছাত্ৰীসকলৰ ইতিবাচক মনোভাব ঠন ধৰি নুঠিব৷ আবৃত্তিৰ অৰ্থ হ’ল পুনৰাবিৰ্ভাৱ৷ কবিতাৰ বিষয়বস্তু, ৰসবস্তু আৰু কবি হৃদয়ৰ অনুভৱ(ভাববস্তু)ক অবিকল উপলব্ধি কৰি আবৃত্তিকাৰে যেতিয়া ভাষা-বিজ্ঞানৰ নীতি ৰক্ষা কৰি কবিতা এটা আকৰ্ষণীয় শৈলীত আবৃত্তি কৰে তেতিয়া কবিতাটিৰ পুনৰ্জন্ম হয়৷ আবৃত্তিকাৰসকলে এনেধৰণৰ মান ৰক্ষা কৰি ভাল কবিতাবোৰ ৰাজহুৱা স্থানত পৰিৱেশন কৰি গ’লে ৰাইজে কবিতা ভালকৈ বুজিব আৰু কবিতালৈ আগ্ৰহ বাঢ়িব৷ আবৃত্তিকাৰৰ ব্যক্তিগত গুণাৱলী আৰু ভাল কবিতা নিৰ্বাচনৰ দক্ষতা থকা অত্যন্ত দৰকাৰ৷ লগতে কি পৰিৱেশত বা কেনেধৰণৰ শ্ৰোতাৰ সন্মুখত কেনেধৰণৰ কবিতা আবৃত্তি কৰা উপযোগী— তেনে বিচাৰ-বিবেচনা থকাও জৰুৰী৷
কোৱা হয়, পাঠেইহে কবিতাৰ প্ৰাণ৷ ছপা ৰূপত থকা কবিতাই পাঠকক কিবা বুজাই, সেয়া হয়৷ কিন্তু সেই পাঠ যদি আবৃত্তি হয় তেন্তে সি একে সময়তে হাজাৰ হাজাৰ মানুহক উপলব্ধি কৰাব পাৰে, উদ্দীপ্ত কৰাব পাৰে আৰু গণজীৱনক সালসলনি কৰি দিব পাৰে৷ কিন্তু, আবৃত্তি সকলোৱে কৰিব নোৱাৰে৷ আবৃত্তিৰ দক্ষতা নথকা লোকে ভুল আবৃত্তি কৰি ৰাইজক শুনালে “ইন্দ্ৰ হন্তা নহৈ ইন্দ্ৰই হন্তা” হোৱাৰ দৰে কবিতাৰ অৰ্থ বিকৃত হ’ব আৰু সি সমাজত বিৰূপ প্ৰভাৱ পেলাব৷ ঋষি যাজ্ঞবল্ক্যই কৈছিল যে যাৰ মুখ ভয়ংকৰ, ওঁঠ ডাঙৰ, স্বৰ অনুনাসিক, কণ্ঠস্বৰ গদগদ বা অস্পষ্ট, যাৰ জিভা জড় — তেওঁৰ বৰ্ণ উচ্চাৰণ কেতিয়াও শুদ্ধ হ’ব নোৱাৰে৷ গতিকে, তেওঁৰ বেদ পাঠত অধিকাৰ নাই৷ তদনুৰূপে, আজিও যিকোনো লোকেই যিকোনো কবিতা আবৃত্তিৰ বাবে নোলোৱা ভাল৷ আনহাতে, পাণিনিয়ে আগবাঢ়োৱা পাঠ বা আবৃত্তিৰ ছটা গুণৰ প্ৰতি মনোযোগ দি আবৃত্তি কৰিলে আবৃত্তিৰ মান ৰক্ষা হ’ব বুলি ঠাৱৰ কৰিব পাৰি৷ সেইসমূহ হ’ল— মধুৰকণ্ঠে পাঠ, প্ৰত্যেক আখৰৰ সুস্পষ্ট উচ্চাৰণ, পদচ্ছেদ বা পদ ভাগ কৰি পাঠ, উদাত্ত-অনুদাত্ত বা স্বৰিত ৰীতি অনুসৰি পাঠ, ধৈৰ্যশীল পাঠ, আৰু লয়যুক্ত বা সামঞ্জস্যপূৰ্ণ পাঠ৷
আবৃত্তিৰ মূল উপাদানসমূহৰ বিষয়ে থকা আগতীয়া জ্ঞান আৰু আবৃত্তিকাৰৰ বাৰম্বাৰ অনুশীলনে কবিতাক জনতাৰ সন্মুখত জীৱন্ত কৰি তুলি ধৰিব পাৰে৷ বিষয়বস্তুৰ জ্ঞান, মানবিশিষ্ট উচ্চাৰণ, পঢ়াৰ সাৱলীল গতি, স্পষ্টতা, আবৃত্তিৰ মাজত যথাযথ উশাহ লোৱা, কণ্ঠ নিক্ষেপ বা ভয়েচ প্ৰজেকছন, আবৃত্তিৰ মাজত অৰ্থপূৰ্ণ বিৰতি, আৱেগ-অনুভৱ-উপলব্ধি আদিৰ চিত্ৰায়ণ, কণ্ঠৰ বৈচিত্ৰ্য ৰক্ষা, সঠিক ধ্বনি, তাল আৰু লয় ইত্যাদিৰ মান ৰক্ষা কৰি কবিতা আবৃত্তি কৰিলে শ্ৰোতাৰ বাবে কবিতা হৈ পৰে প্ৰাণ-প্ৰাচুৰ্যৰে ভৰা এটা ৰসাল বিষয়৷ আবৃত্তিকাৰসকলে কিছু আন্তৰিক প্ৰচেষ্টা কৰি কবিতাৰ প্ৰতি থকা অহেতুক ভয়-শংকা পাঠক-শ্ৰোতাৰ মনৰ পৰা সহজে আঁতৰ কৰিব পাৰে৷ এইক্ষেত্ৰত ৰাজহুৱা সভাৰ জনপ্ৰিয় বক্তা, কবি-সাহিত্যিক, শিল্পী আৰু জাতীয়তাবাদী নেতাসকলে তেওঁলোকৰ গণ-সংযোগৰ কাৰ্যসূচীবোৰক সুযোগ হিচাপে গ্ৰহণ কৰি আবৃত্তিৰ লগতে কবিতাৰ জনপ্ৰিয়তা বৃদ্ধিত অৰিহণা যোগাব পাৰে৷ সমান্তৰালভাৱে বিদ্যালয়-মহাবিদ্যালয়, কবি সংগঠন, সাহিত্য সভা, প্ৰকাশন গোষ্ঠী আৰু সাহিত্য অকাডেমী, অসম প্ৰকাশন পৰিষদ, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ দৰে দায়িত্বশীল অনুষ্ঠান আৰু সংস্থাবোৰে আবৃত্তি কলাৰ কৰ্মশালা পাতিব পাৰে৷ কবি সন্মিলনবোৰৰ ঠাইত আবৃত্তি সন্মিলন অনুষ্ঠিত কৰি কবিতা জনপ্ৰিয়কৰণত সকলো পক্ষই হাত উজান দিব পাৰে৷ আধুনিক প্ৰযুক্তিবিজ্ঞানৰ ন ন সঁজুলি আৰু জনপ্ৰিয় যোগাযোগ মাধ্যমবোৰক ব্যৱহাৰ কৰি আবৃত্তি কলাক আগবঢ়াই নিয়াৰ লগতে কবিতাকো জনতাৰ কাষলৈ লৈ যোৱাৰ অনেক সুযোগ সুবিধা এতিয়া আমাৰ হাততে আছে৷
আবৃত্তি উপযোগী কবিতাৰ বৈশিষ্ট্য
পাঠেই কবিতাৰ প্ৰাণ বুলি কোৱা হয় যদিও, সকলো কবিতা আবৃত্তিৰ বাবে উপযুক্ত নহয়৷ একেদৰে, সকলো ধৰণৰ কবিতা সকলো স্থানতে বা সকলো বয়সৰ শ্ৰোতাৰ সন্মুখতে আবৃত্তি কৰা অনুচিত৷ শিশুসকলে বা শিশুসকলৰ সন্মুখত আবৃত্তি কৰা কবিতাৰ প্ৰকৃতি অৱধাৰিতভাবেই পৃথক৷ আনহাতে, সকলো কবিতা পুৰুষ বা নাৰী কণ্ঠেৰে আবৃত্তি কৰিবলৈও উপযুক্ত নহয়৷ উদাহৰণস্বৰূপে. জ্যোতিপ্ৰসাদৰ “অসমীয়া ডেকাৰ উক্তি” নামৰ কবিতাটো পুৰুষ কণ্ঠই আবৃত্তি কৰাহে যথাৰ্থ৷ আনহাতে, ভাববস্তু অনুযায়ী কবিতাবোৰ একে নহয় আৰু সেই অনুযায়ী ৰসবস্তুৰো বিভিন্নতা থাকে৷ শোক, হাস্য, ক্ৰোধ আদি ভাবত কবিতাবোৰ ৰচিত হোৱাৰ দৰে তাত কৰুণ, হাস্য, ৰৌদ্ৰ, বীৰ আদি বিভিন্ন ৰস সংপৃক্ত হৈ থাকে৷ কিছুমান কবিতাত একাধিক ভাব আৰু ৰসৰ সমাৱেশ ঘটে৷ কবিতাবোৰ ছন্দ আৰু লয়ৰ দিশেৰেও ভিন্ন ভিন্ন হয়৷ কিছুমান কবিতা দ্ৰুত লয়ত, কিছুমান মধ্য লয়ত আৰু আন কিছুমান বিলম্বিত লয়ত আবৃত্তি কৰিব লগা হয়৷ গতিকে, ক’ত কি কবিতা আবৃত্তি কৰা যথোপযুক্ত সেয়া প্ৰধানকৈ নিৰ্ণয় কৰিব লাগে আবৃত্তিকাৰজনে৷ আবৃত্তিকাৰে বিবেচনা কৰিলে যিকোনো কবিতাই আবৃত্তিৰ উপযুক্ত বুলি পৰিগণিত হ’ব৷ যি নহওক, আবৃত্তিযোগ্য কবিতাৰ সাধাৰণ বৈশিষ্ট্য আৰু গুণ হিচাপে তলৰ দিশবোৰ বিবেচনা কৰিব পাৰোঁ—
১. কালোত্তীৰ্ণ : সকলো ভাষাতে কিছুমান কালোত্তীৰ্ণ কবিতা থাকে৷ অতীত, বৰ্তমান আৰু ভৱিষ্যত — সকলো সময়তে পৰিৱেশন কৰিব পৰা তেনে কবিতাবোৰ আবৃত্তিযোগ্য কবিতা বুলি পৰিগণিত৷ যেনে— নামঘোষাৰ কবিতাবোৰ৷
২. আবৃত্তিযোগ্য কবিতাবোৰ সমালোচকৰ দ্বাৰা উচ্চপ্ৰশংসিত হয়৷ প্ৰতিটো ভাষাতে তেনেকুৱা নিৰ্বাচিত একাধিক কবিতা আছে৷
৩. তেনে কবিতা গভীৰ ভাববস্তুসমৃদ্ধ৷
৪. নতুন চিন্তা চেতনাৰ উন্মেষকাৰক৷
৫. সময়োপযোগী বা সমকালৰ নিৰ্মোহ প্ৰতিচ্ছবি অংকিত হয়৷
৬. তেনে কবিতাবোৰ মানৱীয় প্ৰমূল্য তথা সাৰ্বজনিক চিন্তা-চেতনাৰে সমৃদ্ধ হয়৷
৭. নিটোল আংগিক, মেদহীন পাঠ, অযথা উপমা-অলংকাৰ বৰ্জিত পোনপটীয়া প্ৰকাশ, স্পষ্ট ভাব আৰু ৰসৰ সু-সংহত কবিতাবোৰ আবৃত্তিৰ উপযুক্ত৷
৮. সমাজ পৰিৱৰ্তনৰ ইতিবাচক বাৰ্তা থকা কবিতাবোৰ আবৃত্তিৰ উপযুক্ত৷
৯. কৃত্ৰিম জটিলতা পৰিত্যাগ কৰি ৰচনা কৰা আৰু সৰ্বসাধাৰণ পাঠক-শ্ৰোতাকো ৰস দান কৰিব পৰা কবিতাবোৰেই আবৃত্তিৰ উপযুক্ত কবিতা৷
১০. সহজে মুখস্থ কৰিব পৰা, সৰস পাঠৰ কবিতাবোৰ আবৃত্তিৰ বাবে উপযুক্ত৷
১১. দেশপ্ৰেম, প্ৰতিবাদী, বা বিদ্ৰোহ ভাবৰ কবিতাবোৰ আবৃত্তি কৰিলে সহজে শ্ৰোতাৰ মনোযোগ লাভ কৰিব পাৰি৷
১২. সংগীতৰ দৰে শ্ৰুতিমধুৰ সুৰ লয় সমৃদ্ধ আৰু, শব্দ আৰু ভাব ব্যঞ্জনাৰে পৰিপূৰ্ণ কবিতাবোৰো আবৃত্তিৰ উপযুক্ত৷
সামৰণি
যি হওক, কবিতা সৃষ্টিৰ সীমা সংখ্যাহীন প্ৰচেষ্টা চলি থকাৰ মাজতে আমাৰ ভাষাত বহু শক্তিশালী কবিতাও যে ৰচিত হৈছে সেয়া অনস্বীকাৰ্য৷ সমকালৰ প্ৰখ্যাত কাব্য সমালোচক পণ্ডিতসকলে নতুন কবিৰ বহু ভাল কবিতা বিচাৰি আনি যথাস্থানত ৰাখিছে আৰু সুস্থ সমালোচনাৰে কাব্য অনুৰাগীসকলৰ কাষলৈ আগুৱাই আছে৷ কিন্তু নিৰ্বাচিত ভাল কবিতাবোৰ গৈ সৰ্বস্তৰৰ ৰাইজৰ কাষ পাবলৈ এতিয়াও বহু দূৰ বাকী আছে৷ মাজে মাজে কোনো কবি আৰু কবিতাপুথিয়ে লাভ কৰা বিশেষ বঁটা-বাহনৰ যহত কিছুমান কবিতা সাধাৰণ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰে৷ কেতিয়াবা কবিৰ কবি-প্ৰতিভা, কবিৰ সামগ্ৰিক ব্যক্তিত্বৰ মজবুত ভেটিয়ে তেওঁ লিখা যিকোনো কবিতা জনপ্ৰিয় হোৱাত সহায় কৰে৷ যি হওক, জ্যোতিপ্ৰসাদে আশা কৰিছিল যদিও, সৰ্বসাধাৰণ ৰাইজৰ জীৱনকৰ্ম আৰু শিল্পীসত্তাক কবিতাৰে উদ্বুদ্ধ কৰি তুলিব পৰা পৰিৱেশ এটা আমি আজিও গঢ়ি তুলিব পৰা নাই৷ সেইখিনি সোনকালেই সম্ভৱ হৈ উঠিলে কেৱল কবিতাৰে নহয় সমাজৰো কল্যাণ হ’ব৷ ইয়াৰ বাবে আবৃত্তিকলাৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰত আমি নিতান্তই গুৰুত্ব দান কৰা উচিত৷
……………….
সহায়ক গ্ৰন্থ
১. বাংলা আবৃত্তি সমীক্ষা : তত্ত্ব-তথ্য-প্ৰয়োগ, বাংলা একাডেমী, ঢাকা, ১৯৭১৷
২. বিষয় আবৃত্তি, অমিয় চট্টোপাধ্যায় (স.), দে’জ পাবলিশিং, কলকাতা ৭০০০৭৩
৩. বাক্-শিল্প : আবৃত্তি আৰু সংলাপ, ভূপেন চক্ৰৱৰ্তী৷
৪. আবৃত্তি অন্বেষণ, শান্তিছায়া শইকীয়া৷
অনিৰ্বাণ দত্ত এগৰাকী কবি আৰু নিবন্ধকাৰ। গছ আৰু অন্য কবিতা তেওঁৰ শেহতীয়া কবিতা-সংকলন।