প্ৰকল্প ৰঞ্জন ভাগৱতী
Issue: Vol. IV, No. 3, November-January, 2025-26
সকলো কলাৰূপৰ দৰে কবিতাৰো এক ভৌতিক মাধ্যম (physical medium) আৰু এক বস্তুগত শৰীৰ (material body) থাকে, যি তাৰ অ-বস্তুগত অৰ্থ কঢ়িয়ায়৷ এই মাধ্যম কাগজত লিখা বা ছপা হোৱা পাঠটো নহয়৷ আমেৰিকাৰ প্ৰখ্যাত সাহিত্য সমালোচক এম. এইচ. আব্ৰামছৰ মতে কবিতাৰ ভৌতিক মাধ্যম হ’ল মানুহৰ কণ্ঠৰ উচ্চাৰণ কাৰ্য, যি কবিতাই বহন কৰা বাক-ধ্বনিবোৰ উৎপন্ন কৰে৷ মানুহে সেই ধ্বনিবোৰ হৃৎযন্ত্ৰত চাপৰ সালসলনি কৰি, বাকযন্ত্ৰত কম্পন অথবা স্পন্দন তুলি, গলা আৰু মুখৰ আকৃতি সলনি কৰি, আৰু জিভা আৰু ওঁঠৰ সুনিৰ্দিষ্ট সঞ্চালন কৰি উৎপন্ন কৰে৷ আব্ৰামছে কৈছে যে কবিতা এটাৰ ভৌতিক উৎপাদন হৃৎপিণ্ডৰ ওচৰত আৰম্ভ হয় আৰু মগজুৰ ওচৰত গৈ শেষ হয়৷ সেই বাবেই কবিতাক কলাসমূহৰ ভিতৰত আটাইতকৈ বেছি অন্তৰংগ ( intimate) যেন অনুভৱ হয়৷

কবিতাৰ এই বস্তুগত মাত্ৰা(Material Dimension)ক আব্ৰামছে কবিতা এটাৰ চতুৰ্থ মাত্ৰা বুলি কৈছে৷ তেওঁ ‘দ্য ফৰ্থ ডাইমেনছন অৱ এ প’য়েম’ শীৰ্ষক বক্তৃতাটিত কবিতাৰ চতুৰ্থ মাত্ৰাটিৰ বিষয়ে সবিস্তাৰে আলোচনা কৰিছে৷ কবিসকলে সাধাৰণতে, জানিয়েই হওক অথবা অজানিতেই হওক ভাষাৰ ভৌতিক দিশটোৰ লাভ উঠাই আহিছে৷ ভাষাৰ ভৌতিক দিশটো হ’ল উচ্চাৰণ কাৰ্য৷ অৰ্থাৎ কবি এজনে কবিতা এটা লিখাৰ সময়ত তাৰ উচ্চাৰণৰ প্ৰতি জ্ঞাতে বা অজ্ঞাতে চকু দিয়ে৷ জীৱনজোৰা আৰু নিৰন্তৰ ভাৱে ভাষা ব্যৱহাৰ কৰাৰ অভ্যাসৰ ফলত কবিতা এটাক অস্তিত্ব প্ৰদান কৰা মৌখিক কাৰ্যকলাপবোৰৰ প্ৰতি আমি অন্যমনস্ক হৈ পৰিছোঁ৷ কেৱল শব্দবোৰে বহন কৰা অৰ্থকহে সদায় গুৰুত্ব দি আহিছোঁ। কবিতা এটাক বাস্তৱিক অস্তিত্ব প্ৰদান কৰা দৈহিক ইন্দ্ৰিয়ানুভূতি আৰু ভংগিমাবোৰৰ প্ৰতি উদাসীনতাৰ অৰ্থ হ’ল কবিতা এটাক শৰীৰহীন কৰি তোলা৷ বস্তুগত মাধ্যমটোৰ স্পৰ্শসাধ্যতাৰ ওপৰত জোৰ দি কবিতা এটা ফুটাই পঢ়াৰ গুৰুত্বপূৰ্ণ লাভটো হ’ল ই কবিতাটোক পুনৰ শৰীৰী ৰূপ পোৱাত সহায় কৰে৷
বক্তৃতাটোত সমালোচকগৰাকীয়ে কবিতা এটাৰ চাৰিটা মাত্ৰা থাকে বুলি কৈছে৷ চাৰিওটা মাত্ৰাই কাম কৰিলেহে কবিতা পাঠৰ অভীষ্ট ফল সিদ্ধি হয়৷ কবিতাৰ প্ৰথম মাত্ৰাটো হ’ল তাৰ দৃশ্যগত দিশটো– লিখিত বা ছপা পাঠটো, যিটো চাই আমি গম পাওঁ যে ই গদ্য নহয়; ই এটা কবিতা৷ ছপা বা লিখিত পাঠটোত কিছুমান দৃশ্যগত সংকেত থাকে, যিবোৰ চাই আমি পঠনত দিবলগীয়া বেগ, বিৰতি, যতি আৰু সুৰৰ বিষয়ে গম পাওঁ৷
কবিতা এটাৰ দ্বিতীয় মাত্ৰাটো হ’ল কবিতাটো পাঠ কৰোতে শব্দবোৰৰপৰা উৎপন্ন হোৱা ধ্বনিবোৰ৷ আমি চকুৰে নীৰৱে পঢ়িলেও শব্দবোৰৰ পৰা উৎপন্ন হোৱা ধ্বনিবোৰ কল্পনা কৰি ল’ব পাৰোঁ৷ ধ্বনিবোৰ শুনিলে আমি গম পাওঁ যে এইটো এটা কবিতা, কোনো সভাত দিয়া বক্তৃতাৰ ধ্বনি নহয়।
কবিতাৰ তৃতীয় মাত্ৰাটো হ’ল পঢ়া বা শুনা শব্দবোৰৰ অৰ্থ৷ তৃতীয় মাত্ৰাটো কবিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাত্ৰা৷ কবিতাৰ আত্মাটো অৰ্থৰ মাজতে লুকাই থাকে৷ পাঠক-সমালোচকসকলে কবিতাৰ আলোচনাত তৃতীয় মাত্ৰাটোকে আটাইতকৈ বেছি গুৰুত্ব দি আহিছে।
আব্ৰামছৰ মতে কবিতাৰ চতুৰ্থ মাত্ৰাটোৰ কথা কবিতা বিষয়ক আলোচনাবোৰত সম্পূৰ্ণকৈ অৱহেলা কৰা হয়৷ উচ্চাৰণৰ কাৰ্যকলাপে শব্দবোৰে বহন কৰা অৰ্থ আৰু অনুভৱক সমৃদ্ধ কৰি তোলে৷ তেওঁ এই কথাও কৈছে যে কবিতা ফুটাই পঢ়াৰ কোনো নিৰ্দিষ্ট পদ্ধতি নাই৷ দক্ষ পাঠকে পাঠলৈ বৈচিত্ৰ্য আনিব পাৰে৷ কবিতা ফুটাই পঢ়াৰ নিৰ্দিষ্ট পদ্ধতি নথকাৰ বাবে একেজন পাঠকে দ্বিতীয়বাৰ পাঠ কৰোতে পাঠে ভিন্ন ৰূপ ল’ব পাৰে৷
আব্ৰামছে বক্তৃতাটিত ছজন কবিৰ ছটা বিখ্যাত কবিতাৰ আলোচনাৰ সহায়ত কবিতাৰ চতুৰ্থ মাত্ৰাৰ বিষয়ে এক ধাৰণা দিবলৈ চেষ্টা কৰিছে৷ তেওঁ আলোচনাৰ বাবে বাছি লোৱা কবিতাকেইটা হ’ল: ১) ডব্লিউ. এইচ. অডেনৰ ‘অন ডিছ আইলেণ্ড’ (১৯৩৬), ২) এমিলি ডিকিনছনৰ ‘এ বাৰ্ড কে’ম ডাউন দ্য ৱাক’ (১৮৬২), ৩) ৱিলিয়াম ৱৰ্ডছৱৰ্থৰ ‘ছাৰ্প্ৰাইজড বাই জই’ (১৮১৫), ৪) আলফ্ৰেড লৰ্ড টেনিছনৰ ‘নাউ স্লীপ দ্য ক্ৰিমছন পেটল’ (১৮৪৭), ৫) আৰ্নেষ্ট ডাউছনৰ ‘চিনাৰা’ (১৮৯১) আৰু ৬) এ. আৰ. এমনছৰ ‘মেনছন’ (১৯৬৩)৷ আব্ৰামছে উক্ত কবিতাকেইটাত কবিতাৰ আটাইকেইটা মাত্ৰাৰে আলোচনা কৰিছে যদিও তেওঁ মূলতঃ চতুৰ্থ মাত্ৰাটিৰ আলোচনাতহে অধিক গুৰুত্ব দিছে৷ বিশেষকৈ কবিতাকেইটাত থকা শব্দবোৰে বহন কৰা অৰ্থ আৰু মানসিক অৱস্থাক বৈচিত্ৰ্যপূৰ্ণ কৰি তোলাত উচ্চাৰণগত কাৰ্যকলাপে কিদৰে সহায় কৰিছে সেই বিষয়ে তেওঁ আলোচনা কৰিছে৷
আব্ৰামছে আগবঢ়োৱা কবিতা এটাৰ চতুৰ্থ মাত্ৰা বিষয়ক আলোচনাই আবৃত্তি শিল্পৰ কথা আমাক মনত পেলাই দিয়ে, যদিও তেওঁ আলোচনাটোত Recitation বা আবৃত্তি শব্দটো ব্যৱহাৰ কৰা নাই৷ কেৱল বাৰে বাৰে Read বা পঠন শব্দহে ব্যৱহাৰ কৰিছে৷ আবৃত্তি এক কলা হিচাপে নাটকৰ অধিক ওচৰ চপা৷ আবৃত্তিকাৰসকলে সাধাৰণতে কাহিনীধৰ্মী আৰু নাটকীয় গুণসম্বলিত কবিতা আবৃত্তিৰ বাবে বাছি লয়৷ বাকযন্ত্ৰৰ কম্পন বা স্পন্দন(Voice modulation)ৰ জৰিয়তে আবৃত্তিকাৰসকলে কবিতাত নাটকীয় ভাবাৱেগৰ সৃষ্টি কৰে৷ কবিতাৰ জনপ্ৰিয়কৰণত আবৃত্তি শিল্পৰ ভূমিকা আছে৷ আকৰ্ষণীয়ভাৱে কৰা আবৃত্তিয়ে কবিতাৰ অৰ্থক সমৃদ্ধ কৰিব পাৰে আৰু কেতিয়াবা দক্ষ আবৃত্তিকাৰৰ কণ্ঠত কবিতাই নতুন ব্যাখ্যা আৰু অৰ্থও লাভ কৰিব পাৰে। কবিতাৰ এই দিশটোৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে সমালোচক আব্ৰামছ ধন্যবাদৰ পাত্ৰ।