কুশল দত্ত
এলিয়টে কবিয়ে কবিতা কিয় লিখেৰ প্ৰসংগত এবাৰ কৈছিল— ‘‘কিছুমান মানসিক অৱস্থাৰ শব্দগত তুল্য পাবৰ কাৰণে৷’’* এয়া নিঃসন্দেহে কবিয়ে কিয় লিখেৰ এক গুৰুত্বপূৰ্ণ উত্তৰ৷ কিন্তু কবিয়ে কবিতা লিখাৰ কাৰণ কেৱল এটাইনে?
এগৰাকী কাব্যচৰ্চাকাৰী হিচাপে কবিতা মই কিয় লিখোঁ— এই জিজ্ঞাসাৰ ‘মই’ক ‘আমি’লৈ সলাই চাব পাৰি৷ সলাই চাব পাৰি কবিতাৰপৰা আঁতৰি অন্য বিধা (genre)ৰ আধাৰত, সামগ্ৰিকভাৱে সাহিত্য আমি কিয় ৰচনা কৰোঁ তাৰ পৰিপ্ৰেক্ষিতত৷ ইতিমধ্যে আমাৰ ভাষাৰ সাহিত্য বা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষাৰ খ্যাত-অখ্যাত, গুণী-অগুণী অনেক অনেক লেখকে তেওঁলোকে কিয় লিখে— এই প্ৰসংগত অসংখ্যবাৰ ভিন্ন দৃষ্টিকোণেৰে উত্তৰ সন্ধানৰ চেষ্টা চলাইছে৷ এই জিজ্ঞাসা-যাত্ৰাত দেখা যায় যে কবিতা যেনেকৈ কাহানিও এটা সংজ্ঞাতে আবদ্ধ নহয়— সাহিত্যৰ ‘কিয় লিখোঁ’ৰ সত্যানুসন্ধানো তেনেকৈ ভিন্ন দৃষ্টিকোণৰপৰা প্ৰায়েই ভিন্ন হোৱা দেখা যায়৷ ইয়াৰ প্ৰধান কাৰণ— সাহিত্যৰ সত্য বিজ্ঞানৰ দুয়ে দুয়ে চাৰিৰ দৰে ধ্ৰুৱক নহয়৷ কেতিয়াবা বিৰল মুহূৰ্তত সেয়া সম্পন্ন যেন লাগিলেও প্ৰায়েই দুয়ে দুয়ে তিনি-দুই-এক-শূন্য বা বিপৰীতে পাঁচ-ছয়-সাত আদিহে হোৱা দেখা যায়৷
সাহিত্যৰ সত্য— অন্যাৰ্থত সাহিত্যৰ ৰসোপলব্ধি লেখক বা পঢ়ুৱৈ মাত্ৰে যিদৰে ভিন্ন, লেখকে কিয় লিখে জিজ্ঞাসাৰ স্বৰূপানুসন্ধানো সেয়ে লেখক মাত্ৰেই ভিন্ন হোৱা দেখা যায়৷ ভিন্ন হোৱাৰ কাৰণস্বৰূপে লেখকগৰাকীৰ মনৰ জগতখনৰ ৰূপান্তৰণ-বিৱৰ্তন (কালিক)ৰ উপৰি আঞ্চলিক (স্থানিক) বাস্তৱতায়ো গুৰু কাৰক হিচাপে ক্ৰিয়া কৰে৷ আমাৰ হাতৰ চাপ যিদৰে অনন্য, পৃথিৱীৰ প্ৰতিজন লেখকৰে ‘কিয় লিখোঁ’ৰ ব্যাখ্যাও সেইদৰে স্বকীয় হ’ব পাৰে৷ কাৰণ সহজ— ‘‘ভিন্ন জন ভিন্ন মন’’ (‘‘ধানটোৱে প্ৰতি…’’)৷ আনহাতে, এক মনৰো ভিন্ন প্ৰেক্ষাপট, ভিন্ন দৃষ্টিকোণৰ ভিন্ন প্ৰকাশ থাকিব পাৰে৷ ধাৰণা হয়— এই ভিন্ন দৃষ্টিকোণৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ দৰ্শন-মনোবৈজ্ঞানিক আৰু সমাজ-ভাষাতাত্ত্বিক৷
অভাজনে নিজকে লেখক বুলি নাভাবিলেও মাথোঁ জিজ্ঞাসা নিৰসনাৰ্থে ‘লেখকে কিয় লিখে’ৰ প্ৰসংগত সামান্যভাৱে হ’লেও উপৰ্যুক্ত দৃষ্টিকোণকে ধৰি একাধিকবাৰ ভিন্ন দৃষ্টিকোণৰ উত্তৰানুসন্ধানৰ প্ৰয়াস কৰিছে; গতিকে সিবোৰ আৰু ইয়াত চৰ্বিত-চৰ্বণ কৰিব খোজা নাই৷ এনেবোৰ ব্যাখ্যাৰ লগে লগে এই মুহূৰ্তত মোৰ আন এটা জনপ্ৰিয় ব্যাখ্যা মনলে’ আহিছে৷ সেয়া হ’ল ভাষাৰ ব্যৱহাৰত প্ৰাণ পাই উঠা অৰ্থ আৰু তাৎপৰ্য্যৰ বিপুল ঐশ্বৰ্য্য-সম্ভাৱনা৷ প্ৰিয় কবি হেমাংগ কুমাৰ দত্তৰ কবিতাৰ এটি স্তৱকেৰে পোনপটীয়াভাৱে তাৰ উদাহৰণ দিব পাৰি—
‘‘ৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য্য
কিন্তু ৰাতিৰ কবিতাই পাৰে’’
কবিতা মোৰ বাবে ‘কল্পবৃক্ষ’৷ কল্পবৃক্ষ আন একো নহয়— পূৰ্ণ প্ৰাপ্তিৰ কল্পনা, যি নিৰ্বিশেষ, সমগ্ৰ বস্তু (macro); আনহাতে, কল্পবৃক্ষৰ কল্পনাকাৰী হিচাপে অভাজন বিশেষ (micro), লক্ষ্মীনাথৰ ‘ধূলিৰো তলৰে ধূলি’৷ এটা কবিতাৰে আমি ‘কবিয়ে কিয় লিখে’ৰ মানসিক অৱস্থাৰ শব্দগত তুল্য ৰূপ পাবৰ সামান্য যত্ন এফেৰি কৰিছিলোঁ এনেদৰে—
কবিতা
প্ৰতীকেৰে তেওঁ
কাহিনী এটা কৈছিল এদিন
এজোপা কল্পবৃক্ষৰ
শৃংখল নে শৃংখলা
ভাবি পাৰ নোপোৱাৰ পৰতে
কলপটুৱাৰ বাকলি গুচোৱাৰ দৰে
এখনৰ পাছত এখনকৈ উৰণি আঁতৰাই
দেখা গ’ল— গছজোপা আন কোনো নহয়
তেওঁ নিজেই
অন্য এদিন দেখা গ’ল
অন্তহীন ফল দিব খোজা গছজোপাৰ পাতবোৰ
এফালৰপৰা কুটি কুটি খাই শেষ কৰি আনিছে
দুটামান ৰূপক, উপমা আৰু ব্যঞ্জনাই
মই আকৌ এবাৰ পাতাল খান্দি
অৰ্থোদ্ধাৰ কৰি থকাৰ পৰতে দেখিলোঁ
বসন্তলৈ আৰু বেছি দিন নাই
অন্তহীন শীতৰ এই একেটা সময়তে
সৰাপাতৰ অৰণ্যানীত তেৱোঁ বাৰু
কুঁহিপাতৰ কথাই ভাবিছিলনে
নে ব্যস্ত আছিল অন্য এটা
কাহিনী খননত
কাহিনীবোৰ যেন শব্দ-শৃংখলৰ
সাময়িক বিশৃংখলা-শৃংখলা
অৰ্থোদ্ধাৰৰ আগলৈকে
প্ৰতীক-চিত্ৰকল্প-ব্যঞ্জনা সকলো
তাৰ পাছত অন্য এক পাকঘূৰণিৰে
আকৌ অন্য এক যাত্ৰা
বাৰীৰ সীমাৰ সিপাৰে
নৈৰ দাঁতিৰপৰা পাহাৰতলিলৈকে বিস্তাৰিত
ঘন জোপোহা বননিখনৰ মাজে মাজে
অজানা-অদেখা-অশ্ৰুত-অপৰূপ
কল্পচিত্ৰ বুটলি বুটলি তেওঁ
কুঁৱলীত তিতা এমুখ ৰ’দ
ভৰিত কাঁইটীয়া বনৰ আঁচোৰ সহিও
সৰাপাত ঠাল-ঠেঙুলিৰ মাজে মাজে কুঁহিপাতলৈ
নিয়ৰ-তেজৰ প্ৰতীক-পাঠ নিৰ্মাণত ব্যস্ত
মোৰ বৃক্ষকল্প...
কিন্তু মই জানো— ‘বিশেষ’ হিচাপে প্ৰত্যেক কবিৰে দেশ আৰু কালৰ প্ৰেক্ষাপটত ভূমিকা আৰু অভিজ্ঞতা যিদৰে আংশিক, কাব্যৰূপত আমাৰ এই ব্যাখ্যাও অংশ-ব্যাখ্যাহে৷
…………………
টোকা : এলিয়টৰ এই বাক্যাংশৰ অনুবাদ কবি অজিৎ বৰুৱাৰ৷ মূল বাক্যাংশ হ’ল— “The poets… they were, at best, engaged in the task of trying to find the verbal equivalent for states of mind and feeling.” উৎস : Review of Metaphysical Lyrics and Poems of the Seventeenth Century: Donne to Butler (Article), 1921