কবি জুবিন গাৰ্গ

ড° বিৰিঞ্চি কুমাৰ দাস

Issue: Vol. IV, No. 3, November-January, 2025-26

জুবিন গাৰ্গ

গীতিকবি হিচাপে জুবিন গাৰ্গে অসমীয়া সাহিত্য আৰু সংগীত-জগতত সুদৃঢ় পৰিচিতি অৰ্জন কৰিছে যদিও তেওঁ গীতিকবিতাৰ আওতাৰ বাহিৰতো কিছু সংখ্যক কবিতা ৰচনা কৰিছিল, যিবোৰ কেৱল পঠনৰ বাবেহে, যিবোৰক সাধাৰণতে সুৰ লগাই গোৱাৰ কথা ভবা নহয়। যদিও গীতিকাৰ বা গীতিকবিসকলো কবিয়েই, তথাপি জুবিন গাৰ্গক কবি বুলি অভিহিত কৰোঁতে আলোচনাৰ সুবিধাৰ বাবে ‘কবি’ শব্দটো আমি কেৱল সেইবোৰ কবিতাৰ কথা মনত ৰাখি ব্যৱহাৰ কৰিম, যিবোৰক সচৰাচৰ ‘গীত’ বুলি ধৰা নহয়, যদিও এইবোৰৰ কিছুমানত গীতিধৰ্মিতাৰ উপস্থিতি থকাটো অসম্ভৱ নহয়৷ উল্লেখনীয় যে অতীতত চন্দ্ৰধৰ বৰুৱা, হিতেশ্বৰ বৰবৰুৱা, পাছৰ যুগত কেশৱ মহন্ত, ড° নিৰ্মলপ্ৰভা বৰদলৈ, হীৰেন ভট্টাচাৰ্য আদিয়ে নিজৰ ‘কবি’ পৰিচয় সম্মুখত ৰাখিয়েই গীতো ৰচনা কৰিছিল; তেনেদৰে ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদিয়ে ‘গীতিকাৰ’ পৰিচয়েৰে জনাজাত হোৱাৰ কাষে কাষে সৰুকৈ হ’লেও নিজৰ বাবে ‘কবি’ৰ পৰিচয়ো আদায় কৰি লৈছিল কিছুসংখ্যক কবিতা ৰচনা কৰি। কবি হিচাপে জুবিন গাৰ্গক একেবাৰে উলাই কৰিব নোৱৰা পৰিচিতি আনি দিছে এতিয়ালৈকে প্ৰকাশিত তেওঁৰ দুখন কবিতা সংকলনে। তাৰে প্ৰথমখন হৈছে ২০০৯ চনত প্ৰকাশিত শব্দ অনুভূতি। ইয়াৰ পাছত ২০১৮ চনত প্ৰকাশিত হৈছে জুবিন গাৰ্গৰ কাব্যগ্ৰন্থ জুবিনৰ পদ্য, যাৰ দ্বিতীয় সংস্কৰণ ২০২০ চনত ওলাইছে।

 অস্বীকাৰ কৰিব নোৱাৰি যে এই কবিতাবোৰে জুবিন গাৰ্গৰ ‘কবি’ পৰিচয়ক বহু বেছি দূৰলৈ লৈ যোৱা নাই, অন্ততঃ তেওঁৰ ‘গীতিকাৰ’ হিচাপে থকা খ্যাতিৰ তুলনাত; অসমৰ খ্যাতিসম্পন্ন কবিৰ কথা মনত পেলালে জুবিন গাৰ্গৰ নাম পোনচাটেই মনলৈ নাহে। কিন্তু এইটোও সঁচা যে তেওঁ কবিতাবোৰ বৰ চিৰিয়াছ ধৰণেৰেই লিখিছিল, আৰু এইবোৰে কবি হিচাপে তেওঁক নিজাকৈ এটা স্থান উলিয়াই দিছিল, যাক অস্বীকাৰ কৰা নাযায়৷ এইটো নহয় যে জুবিন গাৰ্গ এগৰাকী অত্যন্ত জনপ্ৰিয় ব্যক্তি হোৱা কাৰণেই তেওঁ লিখা কবিতাবোৰক গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁৰ কবিতাবোৰে সাহিত্যৰ পথাৰত গুৰুত্ব লাভ কৰিছে এইবোৰৰ নিজা কিছু গুণৰ বাবেহে।

এতিয়া প্ৰশ্ন হয়, মূলতঃ কলা-সংস্কৃতিৰ সৈতেই ঘনিষ্ঠভাবে জড়িত হৈ থকা জুবিন গাৰ্গে কবিতানো লিখিছিল কিয়? ঠিক বিষ্ণুপ্ৰসাদ ৰাভাই কৰাৰ দৰেই বহুমুখী প্ৰতিভাসম্পন্ন জুবিন গাৰ্গে গীত গোৱা, গীত লিখা, সুৰ দিয়া, চলচ্চিত্ৰ প্ৰযোজনা-পৰিচালনা কৰা, অভিনয় কৰা আদি তেওঁৰ মূল ক্ষেত্ৰ অৰ্থাৎ সাংস্কৃতিক কৰ্মৰাজিৰ বাহিৰেও কিছুমান কাম মাজে সময়ে কৰিছিল, কৰি ভাল পাইছিল; উদাহৰণ স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰেই তেওঁ কেতিয়াবা ফুটবলৰ পথাৰতো খেলুৱৈৰ ভূমিকাৰে অৱতীৰ্ণ হৈছিল৷ কবিতা লিখা কামটোও তেওঁ ফুটবল খেলাৰ দৰেই কেৱল চখতে কৰা কাম আছিল নেকি? তেওঁ লিখা কবিতাবোৰ পঢ়িলে তেনেকুৱা ভাব মনলৈ নাহে। বৰং ক’ব পাৰি যে তেওঁ কবিতা লিখিছিল, কাৰণ তেওঁৰ কবিতাৰে ক’বলগীয়া কিছু কথা আছিল।

জুবিন গাৰ্গে ৰচনা কৰা কবিতাবোৰৰ এক স্বকীয় স্থিতি আছিল বাবেই এইবোৰক কোনোপধ্যেই তেওঁৰ গীতসমূহৰেই সম্প্ৰসাৰণ বুলি ক’ব নোৱাৰি। বৰং স্বতন্ত্ৰ সৃষ্টি হিচাপে তেওঁৰ কবিতাবোৰত কেতবোৰ এনে বৈশিষ্ট্য বিদ্যমান, যিবোৰে এই কবিতাবোৰক তেওঁৰ গীতসমূহৰপৰা পৃথক কৰিছে৷ গমি চালে মন কৰিব পাৰি যে তেওঁৰ গীত আৰু কবিতা লিখাৰ উদ্দেশ্যৰ মাজত স্পষ্ট পাৰ্থক্য আছে; তেনেদৰে ৰচনাশৈলী আৰু প্ৰকাশভংগীৰ ক্ষেত্ৰতো তেওঁৰ গীত আৰু কবিতাৰ মাজত বিশেষ চকুত লগা সাদৃশ্য নাই। ধাৰণা কৰিব পৰা যায় যে জুবিন গাৰ্গে তেওঁৰ কবিতাবোৰত সেইবোৰ কথা প্ৰকাশ কৰিবলৈ যত্ন কৰিছিল, যিবোৰ গীতত প্ৰকাশ কৰাটো সুবিধাজনক বুলি তেওঁ অনুভৱ কৰা নাছিল। নিজৰ ব্যক্তিসত্ত্বাৰ লগতে সামাজিক চেতনাক প্ৰকাশ কৰাৰ তাড়না জুবিন গাৰ্গৰ কবিতাবোৰত স্পষ্টভাৱে পৰিলক্ষিত হৈছে।  

এইগৰাকী কবিৰ কবিতাসমূহ পঢ়িলে পোনচাটেই দুটা কথা মনলৈ আহে। প্ৰথম কথা, সাম্প্ৰতিক কবিতাৰ জগতত সক্ৰিয় হৈ থকা গুৰুত্বপূৰ্ণ কাব্যিক ধাৰাসমূহক, এই ধাৰাবোৰৰ অন্তৰ্গত কাব্যশৈলী আদিক অনুসৰণ কৰিবলৈ তেওঁ বৰকৈ আগ্ৰহী নাছিল। বৰং তেওঁ কবিতাত নিজৰ বক্তব্যক পোনপটীয়াকৈ প্ৰকাশ কৰা কথাটোত অধিক জোৰ দিছিল। কবিতাৰ আংগিকতকৈ তেওঁৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছিল কবিতাৰ বিষয়বস্তু, আৰু তাকে কৰিবলৈ তেওঁ কেতিয়াবা পৰম্পৰাগত দৃষ্টিভংগীৰে অকাব্যিক প্ৰকাশভংগীৰো আশ্ৰয় লৈছিল৷ প্ৰতীক, চিত্ৰকল্প আৰু ব্যঞ্জনা তেওঁৰ কবিতাত একেবাৰে অনুপস্থিত আছিল বুলি ক’ব নোৱাৰি, কিন্তু তেওঁৰ বেছিভাগ কবিতাই গঢ় লৈছিল প্ৰধানতঃ সৰল আৰু পোনপটীয়া কথনভংগীবিশিষ্ট ভাষাৰ জৰিয়তে৷ উদাহৰণ স্বৰূপে,

“দিলোঁহেঁতেন আৰু এযুৰি High-Power চকু
যাৰ মাজেদি সকলো
সঁচা বস্তু দৃশ্যমান
দিলোঁহেঁতেন দুখন Extra কাণ
শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ
হুমুনিয়াহ, হতাশা আৰু সময়ৰ পদধ্বনি…” (‘মেটামৰফ’ছিছ’)

জুবিন গাৰ্গৰ কবিতাৰ প্ৰসংগত মনলৈ অহা দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হৈছে তেওঁৰ গীতসমূহৰ দৰেই জুবিন গাৰ্গে কবিতাৰ ক্ষেত্ৰতো কোনো নিৰ্দিষ্ট আদৰ্শবাদৰ পোনপটীয়া প্ৰকাশৰপৰা বিৰত আছিল; কিন্তু জীৱন আৰু সমাজ সম্পৰ্কে তেওঁৰ কেতবোৰ নিৰ্দিষ্ট সুস্পষ্ট দৃষ্টিভংগী অথবা বীক্ষা আছিল, আৰু সেই দৃষ্টিভংগী অথবা বীক্ষাই তেওঁৰ গীত আৰু কবিতা উভয়কে যে বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল তাক অস্বীকাৰ কৰা নাযায়। আচলতে পোনপটীয়া প্ৰকাশ নাথাকিলেও তেওঁৰ সৃষ্টিৰাজি আদৰ্শবাদৰপৰা বৰ বেছি দূৰত অৱস্থান কৰা নাছিল, আৰু বিশালতৰ পটভূমিত এই আদৰ্শবাদে ‘মানৱতাবাদ’ৰেই ওচৰ চাপিছিল। কবিতা তেওঁৰ বাবে কোনোপধ্যেই বৌদ্ধিক কৰ্ম নাছিল; নাছিল শব্দক লৈ কৰা বিলাসিতাও। ই আছিল প্ৰকৃতাৰ্থত তেওঁৰ হৃদয়বৃত্তিৰ বাহক। আমেৰিকান কবি আড্ৰে ল’ৰ্ডে ১৯৮৫ চনত ৰচনা কৰা ‘Poetry is not a Luxury’ ৰচনাখনৰ শিৰোনামতেই লেখকে ঘোষণা কৰা ‘কবিতা এক বিলাসিতা নহয়’ কথাষাৰলৈ এই প্ৰসংগতে মনত পৰে।

জুবিন গাৰ্গে ভিন ভিন বিষয়ক লৈ কবিতা ৰচনা কৰিছে, কিন্তু প্ৰতিটো কবিতাৰ মাজত তেওঁৰ গীতসমূহত থকাৰ দৰেই এক ধৰণৰ সাৰল্য আৰু কোমল মানৱীয় অনুভূতিৰ প্ৰতি কবিৰ আগ্ৰহৰ প্ৰকাশ ঘটিছে। পুঁজিবাদী সমাজ ব্যৱস্থাৰে পৰিচালিত সাম্প্ৰতিক অসমীয়া সমাজৰ সংকটসমূহৰ বিষয়ে তেওঁ বাৰুকৈয়ে সচেতন, আৰু এই সচেতনতাৰ প্ৰকাশ ঘটিছে তেওঁৰ বহুকেইটা কবিতাত। লগতে সাম্প্ৰতিক সময়ৰ জটিলতাই অহৰহ আঘাত হানি থকা চিৰন্তন মানৱীয় অনুভুতিসমূহৰ ওপৰতো যে কবিৰ গভীৰ আস্থা নোহোৱা হৈ যোৱা নাই, সেয়াও তেওঁৰ বিভিন্ন কবিতাত পৰিস্ফুট হৈছে।

জুবিন গাৰ্গৰ বহুচৰ্চিত ‘মেটামৰফ’ছিছ’ কবিতাটিৰ কথাই এই প্ৰসংগতে আলোচনা কৰিব পাৰি। কবিতাটিৰ শিৰোনামত থকা ‘মেটামৰফ’ছিছ’ (ৰূপান্তৰ) শব্দটোৱে স্বাভাৱিকতেই জাৰ্মান সাহিত্যিক ফ্ৰাঞ্জ কাফকাৰ একে নামৰ বিশ্ববিখ্যাত গল্পটোলৈ মনত পেলাই দিয়ে, যদিও কাফকাৰ গল্পটোৱে প্ৰকাশ কৰা সাম্প্ৰতিক সময়ৰ জটিল মানৱীয় সংকট আৰু ই আনি দিয়া বিচ্ছিন্নতাবোধ, অস্তিত্বৰ উদ্ভটতা (absurdity) আদিৰ বিপৰীতে জুবিনৰ কবিতাটিয়ে সাম্প্ৰতিক সমাজৰ সকলোৱে দেখি থকা স্খলনৰ কথা সৰল ভাষাত উপস্থাপন কৰিছে। দীঘলীয়া এই কবিতাটিৰ কাব্যিক গাঁথনি কিছু শিথিল। কাফকাই গল্পটোত তেওঁৰ নায়ক এটা বৃহৎ পোকলৈ ৰূপান্তৰিত হোৱাৰ এক উদ্ভট (absurd) পৰিস্থিতিৰ কথা বৰ্ণনা কৰিছে। আনহাতে জুবিনৰ কবিতাটিৰ ‘ৰূপান্তৰ’ৰ ধাৰণাটোৱে আনি দিছে কবিতাটিৰ কথকৰ ঈশ্বৰলৈ ৰূপান্তৰিত হোৱাৰ প্ৰবল ইচ্ছাৰ কথা। কথকৰ এই ইচ্ছাটোও আপাতদৃষ্টিত এক উদ্ভট চিন্তাই, কিন্তু এই চিন্তা কবিৰ সৰল বাস্তৱবাদৰপৰা আঁতৰত নহয়। নিজকে ঈশ্বৰলৈ ৰূপান্তৰিত কৰিব বিচৰা বাস্তৱবাদী কথকে জানে যে এই ৰূপান্তৰ সম্ভৱ নহয়; তেওঁ বুজি পায় যে “নিজৰ মাজত, জীৱনৰ দীনতাৰ মাজত” থকা তেওঁৰ নিজৰেই মানৱীয় সীমাৱদ্ধতাৰ বাবে ঈশ্বৰ হ’বলৈ তেওঁৰ “সময় নাই”৷ ঈশ্বৰ হোৱাৰ ইচ্ছা তেওঁৰ মনত জাগ্ৰত হৈছে কেৱল এই উপলব্ধিৰপৰা যে সাম্প্ৰতিক সমাজত চিৰন্তন মানৱীয় প্ৰমূল্যবোৰ নোহোৱা হৈ গৈছে, মিথ্যাচাৰ, অমানৱীয়তা, কপটতা, দুষ্কৃতিৰে সমাজ ভৰি পৰিছে, আৰু এই অৱস্থাৰপৰা পৰিত্ৰাণ পোৱাটো সহজ নহয়৷ এনে এক প্ৰেক্ষাপটত কবিয়ে কল্পনা কৰিছে যে তেওঁ যদি ঈশ্বৰ হ’লহেঁতেন, তেওঁ মানুহৰ সৃষ্টি বন্ধ কৰি এনে এক মানুহ-সদৃশ প্ৰাণীৰ সৃষ্টি কৰিলেহেঁতেন, যাৰ মাজত মানুহৰ সকলো মানৱীয় সজ গুণ বিদ্যমান। সমাজত নতুনকৈ সহস্ৰ বুদ্ধৰ পুনৰাৱিৰ্ভাৱ কামনা কৰা কবিয়ে “সুন্দৰ বসন্ত” আৰু “অযুত সপোন”ৰ মাধ্যমেৰে এক সুন্দৰ ভৱিষ্যতৰ কল্পনা কৰিছে, যাৰ প্ৰকাশ ঘটিছে কবিতাটিৰ শাৰীবোৰৰ মাজত। এই কল্পনাই বহন কৰা আশাবাদৰ মাজেৰে অৱশ্যে কবিতাটিৰ সামৰণি পৰা নাই, কাৰণ তেওঁৰ এই কল্পনা সাকাৰ হোৱাটো যে সম্ভৱ নহয়, তাৰ ইংগিত কবিতাটিত তেওঁ নিদিয়াকৈ থকা নাই। কিন্তু ভৱিষ্যতৰ সুন্দৰ সমাজ এখনৰ কেনে ধৰণৰ ৰূপ কবিয়ে কল্পনা কৰে, তাৰ স্পষ্ট ছবি এখন কবিতাটিত দাঙি ধৰা হৈছে। কবিতাটিৰ সামৰণি মৰা হৈছে ইয়াৰ কথকৰ (কবিৰ!) নিজৰ সীমাবদ্ধতাৰ বাবে কৰা ক্ষমা প্ৰাৰ্থনাৰ (“মোক বেয়া নাপাবা”) মাজেৰে।

কবি জুবিন গাৰ্গে যে কবিতাক নিজৰ গভীৰ সামাজিক দায়বদ্ধতা প্ৰকাশৰ এক মাধ্যম হিচাপে লৈছিল, তাৰ উদাহৰণ হিচাপে আমি আৰু কেৱল দুটি কবিতালৈ আঙুলিয়ালেই যথেষ্ট হ’ব। তাৰে প্ৰথমটি কবিতা হৈছে ‘বান্দৰ হোৱাৰ পথত আমি’, যিটি তেওঁ ৰচনা কৰিছিল ২০০৭ চনৰ ২৪ নৱেম্বৰত গুৱাহাটীৰ বেলতলাত আদিবাসী লোকে কৰা আন্দোলনৰ মাজত লক্ষ্মী ওৰাং নামৰ আদিবাসী ছোৱালী এজনীক নগ্ন কৰাৰ লজ্জাজনক ঘটনা মনত পেলাই। সমাজ সচেতন কবিয়ে ঘটনাটোৰ নিন্দা কৰিছে দ্ব্যৰ্থহীন ভাষাৰে; ঘটনাটোক তেওঁ আদিমতালৈ মানুহৰ ওভতনি যাত্ৰাৰ নিদৰ্শন হিচাপে ধৰি লৈছে, আৰু এই প্ৰসংগতে তেওঁ জীৱনৰ শাশ্বত সত্যবোৰৰ সন্ধান কৰাৰো প্ৰয়াস কৰিছে।

“মানুহে মানুহক জন্ম দিয়ে
মানুহে মানুহক নাশে চিৰকাল
ই অৱধাৰিত, কিন্তু মনৰ পৰা মনলৈ
প্ৰাণৰ পৰা প্ৰাণলৈ
মগজুৰ পৰা মগজুলৈ
মাজত এডাল সূতা আছে
যিয়ে বান্ধি ৰাখে পৃথিৱীৰ ভৱিষ্যৎ
সূতাডাল চুব পাৰিলে
আমি ভগৱান, চুব নোৱাৰিলে চয়তান”

সমসাময়িক ঘটনাপ্ৰৱাহৰ প্ৰতি সজাগ দৃষ্টি ৰখা জুবিন গাৰ্গৰ সমাজ সচেতনতাৰ প্ৰসংগত আমি উল্লেখ কৰিব খোজা আনটি কবিতা হৈছে ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ বিৰুদ্ধে লিখা ‘হুংকাৰ’ কবিতাটি। সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এই জঘণ্য ঘটনাক জুবিন গাৰ্গে তীব্ৰ ভাষাৰে কেৱল গৰিহণা দিয়াই নহয়, এই কাৰ্যৰ আঁৰত থকা ঘৃণাৰ ৰাজনীতি, হিংস্ৰতা আৰু অমানৱীয়তাক তেওঁ প্ৰত্যাহ্বানো জনাইছে স্পষ্ট ভাষাৰে।

“তই মোক যিমানে নাশিবি
মই তোক সিমানে বধিম
তই মোক যিমানে হানিবি
মই তোক সিমানে হানিম”

নিজৰ বিপ্লৱী ৰূপটোক তুলি ধৰা কবিয়ে আমাৰ সমাজৰ কিছুমান তথাকথিত বিপ্লৱীৰ হঠকাৰী কাৰ্যৰ বিৰুদ্ধে নিজৰ স্পষ্ট অভিমত দাঙি ধৰিছে এই কবিতাটিৰ বাহিৰেও ‘বিপ্লৱ আজি অভিশাপ’ শীৰ্ষক আন এটি কবিতাত। আনটি কবিতাত তেওঁ লিখিছে,

“তোমাৰ বিপ্লৱৰ মাদকতাত
শত শত প্ৰেতাত্মাৰ অভিশাপ বিৰাজমান”

কবি হীৰেন ভট্টাচাৰ্যক লৈ জুবিন গাৰ্গে ৰচনা কৰা ‘ফাংগাছ’ কবিতাটিৰ বক্তব্য ওপৰত উল্লেখ কৰা কবিতাকেইটিৰ বক্তব্যৰ দৰে ইমান পোনপটীয়া নহয়। বক্তব্যৰ পাৰ্থক্যই কবিতাকেইটিৰ মাজলৈ ৰচনাশৈলীৰ পাৰ্থক্যও আনি দিছে। এইখিনিতে উল্লেখনীয় যে আধুনিক অসমীয়া কবিতাৰ জগৎখনৰ আটাইতকৈ জনপ্ৰিয় কবিসকলৰ অন্যতম হীৰেন ভট্টাচাৰ্যৰ প্ৰতি জুবিন গাৰ্গৰ গভীৰ শ্ৰদ্ধা আছিল, আৰু সেইবাবেই তেওঁ সংগীতৰ জগতত তেওঁৰ পদাৰ্পণৰ একেবাৰে প্ৰাৰম্ভিক স্তৰত উলিওৱা অনামিকা এলবামত সন্নিৱিষ্ট কৰিছিল হীৰেন ভট্টাচাৰ্যৰ “গানে কি আনে” গীতটি, যাৰ সুৰাৰোপ আৰু কণ্ঠ জুবিন গাৰ্গৰ নিজা আছিল। ‘মেটামৰফ’ছিছ’ কবিতাটিৰ পোনপটীয়া কথন আৰু শিথিল বন্ধনৰ বিপৰীতে ‘ফাংগাছ’ কবিতাটিৰ প্ৰকাশভংগীত আহি পৰিছে প্ৰতীক, ব্যঞ্জনা আৰু কাব্যিক সংযম। কবিতাটিৰ শিৰোনাম ‘ফাংগাছ’ শব্দটিৰ মাজতেই এক প্ৰতীকী তাৎপৰ্য নিহিত আছে। “হাজাৰ ৰাতি মৰি যায় হীৰুদাৰ দুখত” বাক্যশাৰীৰে আৰম্ভ কৰা কবিতাটিত কবিয়ে আকৌ লিখিছে,

“যি সুৰত সুৰ নাই
যি কবিতাত কথা নাই
তাৰ মাজত জীয়াই থাকে
মোৰ দেউতা
মোৰ হীৰুদা”

কবিতাটিত ‘দেউতা’ শব্দটোৱেও এক প্ৰতীকী তাৎপৰ্য বহন কৰি আছে৷ ইয়াত কবিয়ে হীৰেন ভট্টাচাৰ্যক এক পিতৃ-সত্তাৰ সৈতে মিলাই দিছে। কবিতাটিৰ একেবাৰে সামৰণিৰ “মোৰ সাগৰ শেলুৱৈ হীৰুদা” শাৰীটোত শুনা যায় হীৰেন ভট্টাচাৰ্যৰ কবিতাৰেই অনুৰণন।  

হীৰেন ভট্টাচাৰ্যৰ প্ৰতি থকা অন্তহীন শ্ৰদ্ধাই জুবিন গাৰ্গক আন এটি স্তুতিমূলক কবিতা (panegyric) লিখিবলৈ উৎসাহিত কৰিছে বৰেণ্য কবিগৰাকীক লৈ। ‘তুমি’ শীৰ্ষক এই কবিতাটিত হীৰেন ভট্টাচাৰ্যৰ মহত্ত্বক তেওঁ ব্যাখ্যা কৰিছে এই শব্দকেইটাৰ জৰিয়তে,

“তুমি শাশ্বত
তুমি ভাস্বত
পৃথিৱীৰ য’ত শেষ
তাতেই তোমাৰ আৰম্ভণি”

বিভিন্ন কাম-কাজ আৰু সামাজিক আচৰণৰ মাধ্যমেৰে নিজকে অপ্ৰথানুৱৰ্তী বা non-conformist ৰূপে প্ৰতিষ্ঠা কৰা জুবিন গাৰ্গৰ এই দৃষ্টিভংগীৰ প্ৰকাশ ঘটিছে তেওঁৰ ‘ডাষ্টবিন’ কবিতাটিত, য’ত পুনৰ শিৰোনামটো আহিছে এক প্ৰতীকৰ ৰূপতেই। সমাজৰ প্ৰচলিত অন্তঃসাৰশূন্য কেতবোৰ চিন্তা আৰু প্ৰথাক অনবৰতে প্ৰশ্নৰ সম্মুখীন কৰাৰ উপৰি সময়ে সময়ে এইবোৰত পোনপটীয়াকৈ আঘাত হানিবলৈ দ্বিধা নকৰা জুবিনে এই কবিতাটিত পৰম্পৰাগত মধ্যবিত্তীয় জীৱনবোধৰপৰা আঁতৰি অহাৰো ইংগিত দিছে।

“মানুহে গালি পাৰে
মই বোলে ডেনড্ৰাইট খাওঁ
আৰে!
বেলেগে মদ খায়
ভাং খায়
কোকেইন খায়
পইচা আছে
আমি কি খাম?”

এই কথাখিনিৰ জৰিয়তে কবিয়ে পুঁজিবাদী সমাজ-ব্যৱস্থাৰ অৱশ্যম্ভাৱী পৰিণতি হিচাপে প্ৰকট হৈ উঠা আৰ্থ-সামাজিক বৈষম্যৰ ছবিও অংকন কৰিছে৷ এই কবিতাটিত কবিয়ে কথকৰ পৰা নিজকে বিচ্ছিন্ন কৰি সমাজৰ পংকিলতাৰ এক বস্তুনিষ্ঠ নিৰীক্ষক হিচাপে উপস্থাপন কৰিবলৈ যত্ন কৰিছে। সেয়ে তেওঁ লিখিছে, “এদিন জুবিন গাৰ্গক লৈ গৈছিলোঁ তাইক দেখুৱাবলৈ”৷ কথকৰ মাধ্যমেৰে কবিৰ আত্মসচেতনতা অধিক ঘনীভূত হৈছে তলত উল্লেখ কৰা শাৰীকেইটাত, য’ত কবিৰ আত্মানুসন্ধানৰ প্ৰয়াসো আছে,

“মোৰ এতিয়া আঠ বছৰ
তাইৰ চৈধ্য বছৰ
বয়সৰো কথা আছে নহয়!
নাজানো আৰু ডাঙৰ হ’লে কি হওঁ
কিন্তু চাফা কৰি যাম
মই চেলিম…”

কবিতাটিৰ শেষৰ “চাফা কৰি যাম” কথাখিনিৰ মাজত কবিৰ সামাজিক দায়বদ্ধতাৰ উপলব্ধি পুনৰ প্ৰকাশিত হৈছে৷

সমাজৰ অসূয়াসমূহৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈ থকা জুবিন গাৰ্গে তেওঁৰ এই প্ৰতিবাদী সত্তাক উপস্থাপন কৰিছে ‘Water’ শীৰ্ষক  কবিতাটিত—

“মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি
তহঁতে বুজি নাপাবি”

‘ডাষ্টবিন’ কবিতাটিত ডাষ্টবিনৰ ক্ষেত্ৰত কৰাৰ দৰেই এই কবিতাটিতো ‘পানী’ৰ ওপৰত ব্যক্তিত্ব আৰোপ (personification) কৰা হৈছে। জীৱনৰ সমস্ত কঠিনতাৰ বিপৰীতে সাধাৰণ মানুহৰ অবিৰত  জীৱন সংগ্ৰামৰ প্ৰতি ইংগিত দি কবিয়ে কৈছে,

“খোজ কাঢ়িব পাৰ যদি আহিবি
মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত”

কবিতাটি কবিয়ে  শেষ কৰিছে শিৰোনামটোৰ দৰেই ইংৰাজীতে লিখা দুটা শাৰীৰে, য’ত কবিৰ জীৱন দৰ্শন স্পষ্টভাৱে প্ৰকাশিত হৈছে।

“Be water
Be shapeless…”

‘সাগৰ’ শব্দটিৰ প্ৰতি যে কবিৰ মোহ আছে, সেয়া ‘ফাংগাছ’ আৰু ‘Water’ কবিতাটিৰ উপৰি আন কেইবাটাও কবিতাত প্ৰকাশিত হৈছে। ‘Water’ কবিতাটিত ‘সাগৰ’ হৈছে বিশালতাৰ সূচক, যি বিশালতাৰ পিনে ধাবমান হোৱাটো কবিৰ এক অন্তহীন আকাংক্ষা। কিন্তু একে সময়তে কবিয়ে নিজৰ মানৱীয় ক্ষুদ্ৰত্বকো অস্বীকাৰ কৰা নাই, আৰু এই ক্ষুদ্ৰত্বক তেওঁ গ্ৰহণ কৰি লৈছে বাবেই তেওঁ নদীলৈ উভতি অহাৰ ইংগিতো দিছে। একেদৰে ‘ভিতৰে বাহিৰে’ কবিতাটিত সাগৰৰ মাজত নিহিত দুৰ্বোধ্য ৰহস্যময়তাৰ কথা ক’বলৈ ‘এন্ধাৰ’ৰ (“সাগৰ দেখিছা? তাত বৰ এন্ধাৰ”) কথা অৱতাৰণা কৰা কবিয়ে পুনৰ সাগৰৰ তুলনাত নদীৰ প্ৰতি তেওঁৰ আগ্ৰহৰ আধিক্যৰ কথা কৈছে। নদীৰ চিৰ প্ৰৱহমানতাক তেওঁ  জীৱনৰ দুৰ্বাৰ গতিৰ সৈতে মিলাই দিছে। জুবিনৰ আন কেইবাটাও কবিতাৰ দৰেই আত্মানুসন্ধানৰ প্ৰয়াস এই কবিতাটিৰো বিষয়বস্তুৰ এটা উল্লেখনীয় বৈশিষ্ট্য। কবিতাটিৰ আৰম্ভণিয়ে দেৱকান্ত বৰুৱাৰ ‘সাগৰ দেখিছা’লৈ মনত পেলাই দিলেও কবিতাটিত জুবিন গাৰ্গৰ বক্তব্য দেৱকান্ত বৰুৱাৰ বক্তব্যৰপৰা সম্পূৰ্ণ পৃথক।

আধুনিক সভ্যতাই আনি দিয়া ‘প্ৰকৃতি/সংস্কৃতি’ দ্বৈতক (binary) সম্পূৰ্ণ ৰূপে নাকচ কৰি কবিয়ে নিজকে ‘প্ৰকৃতিৰ সন্তান’ বুলি ঘোষণা কৰিছে ‘বুহুম’ কবিতাটিত। অকল সেয়াই নহয়, প্ৰকৃতিৰ সৈতে সম্পৰ্কৰ ভিত্তিতেই তেওঁ জীৱনৰ এন্ধাৰখিনি আঁতৰি যোৱাৰো আশা কৰিছে (“মা, এই এন্ধাৰখিনি কেতিয়া শেষ হ’ব?”) কবিৰ মৃত্যু চেতনা বৰ স্পষ্টভাবে প্ৰকাশিত হৈছে ‘মৃত্যু’ শীৰ্ষক কবিতাটিত। মৃত্যুৱে কঢ়িয়াই অনা শূন্যতাৰ কথা কৈয়ো কবিয়ে জীৱনৰ মাজতো নিহিত থকা শূন্যতাৰ কথা পাহৰা নাই। অস্তিত্ববাদী চিন্তাৰ প্ৰকাশ ঘটোৱা কবিয়ে সেয়ে মৃত্যুৰ পাছৰ অৱস্থাটো কল্পনা কৰি লিখিছে,

“এনেদৰেই এদিন মই শূন্য হৈ যাম
শূন্যৰ পিছৰ শূন্যতা”

কবিতা সম্পৰ্কে, কবি সম্পৰ্কে জুবিন গাৰ্গৰ ধাৰণা কি? ‘কবি’ শীৰ্ষক কবিতাটিত তেওঁ এই কথাটোকে দাঙি ধৰিছে।

“কবি মই চিৰন্তন
অবাক অৱধাৰিত গুঞ্জন
অন্তহীন স্ফুৰণ,
অস্থিৰ, উন্মাদ
পাৰ কৰি চেতন, অৱচেতন….”

জুবিন গাৰ্গৰ কবিতাৰ বিস্তৃত অধ্যয়নে নিশ্চিতভাৱে তেওঁৰ কবিতাৰ আন বহুতো দিশ পোহৰলৈ আনিব। কবি হিচাপে জুবিন গাৰ্গ কিমান সফল আছিল, সেই প্ৰশ্নটো নিলগাই থৈ আমি যদি কবিতাৰ মাজেৰে তেওঁ প্ৰকাশ কৰিব খোজা কথাখিনিক গুৰুত্ব প্ৰদান কৰোঁ, তেনেহ’লে আমি দেখিম যে এই কবিতাবোৰ কবিৰ এক সুস্পষ্ট জীৱনবোধৰ বাহক, যি জীৱনবোধ প্ৰোথিত হৈ আছে প্ৰেম আৰু প্ৰকৃতি সম্পৰ্কে তেওঁৰ উপলব্ধিৰ মাজত, সমাজ আৰু মানৱতা সম্পৰ্কে তেওঁৰ দৃষ্টিভংগীৰ মাজত।

 বিৰিঞ্চি কুমাৰ দাস এগৰাকী লেখক, সমালোচক, অনুবাদক আৰু বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ।